ফটাঢোল

আই ঘৰৰ সময় : অসীমা দত্ত শইকীয়া

মাৰ ঘৰত অসীমা সাঙুৰ নোখোৱা টপিক নাই৷ চৰকাৰী লেট্ৰিনলৈকে মোৰ নাম। মাজতে মোৰ মবাইল ফটোগ্ৰাফীত বিৰাট চখ হৈছিল। আজিও নিচা সেইটো মোৰ। ঘৰলে গ’লে পুৱাতে চাপৰিৰ কঁহুৱা, ঝাওবনৰ মাজত মই এংগোল মিলাই বহি থিয় হৈ ফটো তোলোঁ৷ দেখোঁ গৰাৰ ওপৰৰ পৰা ওচৰৰ মিচিঙ ককাই দুটামানে চাই থাকে। ওচৰলে আহিলে কেতিয়া আহিলি তাকে সুধি থৈ দিয়ে। সিহঁতি যে তলে তলে মোক লৈ ৰামায়ণ ৰচি থৈছে নেজানো নহয়৷ মাত্ৰ সীতা মাটি ফাটি তললে গৈ, আকৌ ওপৰলে আহি, ৰামে জুপি চাই আছেনে নাই চেকিঙ কৰাখনহে বাকী৷

মাজতে চৰকাৰী লেট্ৰিনৰ কথা লৈ আমাৰ ঘৰত দন।খুৰাৰ নামত আহিছিল কোনোবাই নাম কাটি দিলে হিংসাতে বোলে। দেতাৰ চৰকাৰী পেঞ্চন আছে বাবে নিদিয়ে। মায়ে কয়,

: হ’ব থ তই কি নহগাকে আছ? পকাতেতো হাগিছ। নিদিলে নাই কিহৰ দন কৰগে হগাৰ লগত।

নাই খুৰাই নেমানে,

: মোৰতো চাকৰি নাই। দস্তুৰমত পাব লাগে।

চাইকেল কোবাই খুৰা ব্লক পালেগে। দেতাও লগত যায়েই যুঁজিবলে৷ কেৰিয়াৰত বহি। মাৰ ধমকত ৰ’ল,

: এইহাল ফিৰি মাল বুলিলে মৰি যাব অ’। হগাৰ লগত মাষ্টৰ মানুহটোৱে হৈ-চৈ অবালক মেথা নাইকিয়াটোৰ লগত দনত সহযোগ কৰেগে। দহবছৰে খাইছোঁহে বুলিছোঁ।

পঞ্চায়তত গৈ খুৰাই ক’লে কথাবোৰ যে,

: আমাৰ পকা লেট্ৰিন নাই মোৰ নামত অহাটো দিব লাগে৷ ককাইদেউৰটো বেলেগ কথা, মই পাব লাগে।

তাত থকা মেইনজনে একো ক’বলে নেপালেই কাষতে থিয় হৈ থকা মিচিঙ মানুহজনে বোলে,

: হয় ই পাব লাগে। ইয়াৰ ককায়েকৰো লেট্ৰিন নাই৷ ইহঁতৰ যোহাটলে পৰাজনি ৰাতিপুৱাই নৈৰ মাজৰ চাপৰিত হাগেগে। বহুত দুখ লাগে সঁচাকে। লাজতে এবাৰ বহে এবাৰ উঠে বহুত দুখ লাগে৷

খুৰাই লেট্ৰিন পোৱাটো চিউৰ হ’ল। কিন্তু মোৰ নামত পোৱা কাহিনিটো শুনি মই ধাচকে বহি দিলোঁ। ফটোগ্ৰাফী কৰ মৰতি পা চুতুকাটো। হে ঈশ্বৰ মই নৈৰ মাজত পুৱাই বহোঁগে বুলি গোটেই পঞ্চায়তে যদি জানি গ’ল মোক নাৱে ঘাটে পোৱাবোৰে কি ভাবিব অ’! ‘বানানা’ ঘৰলে যাবাই নেযাবা হেৰৌ।

ব্যৱসায়ী ঘৰখন-১

খুৰা যে আমাৰ, ফুটনিত অসমৰ ভিতৰত ষ্টেণ্ড কৰা টাইপৰ। তাক নিচিনা টোৱে যদি তাৰ কথা শুনে ভাবিব ই হেলিকপ্টাৰ লৈহে বজাৰ সমাৰ কৰে। লেট্ৰিনলে বুলেট লৈ যায় ই। সি আলু খেতি কৰি পায় যদি এবস্তা লোকক ক’ব সাতবস্তা। এনে আঁঠ বস্ততাই বুলিব পাৰি, আঠ বস্তালে তিনিটামান কম বাবে হিচাপত ধৰা নাই আউ। সিফালে দেতা তাৰ বিপৰীত একদম৷ শুকাই কৰ্কৰিয়া মাৰি থাকে বালিত মুতা টাইপত। এবস্তা আলু পোৱা কেচটো যদি দেতাক সুধে চিধাই ক’ব,

: ক’ৰনো আলু পালোঁ। সৱ গেলিল৷ এফালহে পালোঁঁ ভাল। তাকে লাই শাকৰ লগত ভাজি খাই আজৰি। ঘৰত এটাও নাই।

মাক সুধিলে আচল ৰিজাল্টটো পাওঁ৷ দহবছৰে খাইছোহে বুলিছোঁঁ এইজাকৰ লগত। মাকজনি বেৰে হেঁচি সিফলীয়া কৰিল বুলিহে। (শাহুৰ চোক মায়ে এইবয়সতো মনত ৰাখিছে) এবস্তা আলুকে ভাগে ভাগে বৰ্ণনা।

দেতাৰ নো কথা কি ক’ম মাজতে বয়স চল্লিশ পাৰ নহয় হে নহয়। অলপ দিনৰ পৰা ষাঠিত পেটি গজাল মাৰি ৰোৱাদি ৰ’ল। মোৰ ডাঙৰ বায়ে লগ পাবগে এতিয়া দেতাৰ বয়স। শুনিছোঁ দেতা সেই ষাঠীতে ৰৈয়ে আছে। মায়ে ক’ব বাপেৰক পঢ়ুৱা মাষ্টৰ দুবাৰ মৰিও পুনৰ জনম লৈ সৈটো কিজানি পোনাৰামৰ বোৱাৰীয়েকৰ কোলাত কলকলাই আছে সিদিনা জন্মি। বাপেৰ ষাঠীতে ম’হৰ আঠা লগাদি লাগিল।

এবাৰ লাগিল মই থাকোঁতে কাষৰ ঘৰৰ লগত বাৰী ঢাপ লৈ দেতাৰ তুমুল দন। মায়ে কৈছে,

: নিয়ক দিয়ক ঢাপৰ মাটিি আমাক নো কেলেই৷ দেতাই নেমানে।

কোৰৰ নালটোত বহি বলকি আছে,

: মাটি গছত লাগিছে। তই ককায়েৰৰ ঘৰৰ পা আনি দিবি?

মায়ে বোলে,

: হেৰি খৰালি ছমাহে ঢাপটো ওলাই বাৰিষাৰ ছমাহচোন সৱ সমান হৈ থাকে পানীৰে৷ কি হ’বনো ঢাপৰ মাটিকন নিলে।

দেতাই কৈছে,

: ৰাহুৱনী তোৰ পেটটোও ছমাহ পানীৰ তলত সমানকে থবিচোন তেতিয়া সৈটো নেদেখোঁও ভাত গালো নভৰালেও হ’ব। যদি পানীৰ তলত বুৰ গ’ল বুলি নিজৰ বস্তুটো লোকক দিব পাৰি তোৰ পেটটোও ছমাহ পানীৰ তলত থৈ বেলেগক ভাতগাল ভৰাবলে দায়িত্বটো দি দে।

তেনেতে আহক ধনীয়াৰ বেপাৰীটো৷ মায়ে বহিবলে দিলে চোতালতে মুঢ়াটো পাৰি। ধনীয়া বেপাৰীটোৱে বোলে,

: কিৰণ নাই নি? সি কালি এবিঘা মাটীত ধনীয়া কৰিছোঁ বুলি মোক মাতি থৈ আহিছে, বেচিব বুলি।

মা মাটি খেপিয়াই তলতে বহিল। দেতাই গহিনত সুধিছে,

: ধনীয়া নিবলে কি আনিছ?

বেপাৰীজনে পাঁচকেজি ধৰা বেগ এটা দগাপাল্লা জোৰৰ সৈতে উলিয়াই আনিলে। কোৱাইদেউ সৰু হ’বনি।

দেতাই বোলে,

: নহয় তোকো বেগটোতে ধনীয়া কিডালৰ লগত ভৰাই দি চাইকেলত ওলোমাই দিম। কিৰণ গহৰাগজাই পেডেল মাৰি থৈ আহিব তহঁতক। ধনীয়াকে তোকে। ৰহ কিৰনক মাতোঁ সি হে বেচিব।

মায়ে মোলে চাইছে৷ মুখত মাত নাই, চুগাৰ চাগে নীল হওঁ হওঁ মাৰ। তেনেতে খুৰা ওলাই আহি কৈছে,

: ধনীয়া তই নিজে উঘালি ল’বি মই নোৱাৰোঁ, দেখুৱাইহে দিম।

বেপাৰীজনে হ’ব বুলি বেগ লৈ ধনীয়া চিঙিবলে ওলাল। খুৰাই বোলে,

: ক’ত যাৱ। তই বহি থকা ডৰাই ধনীয়া৷

বেপাৰীটোৱে চোতালৰ মূৰৰ ধনীয়াখিনি চাই অবাক। চিকুতি চিঙিলে আধাকেজিও নুলাব। শিল বৰষুণে ঠেকেচি সমান কৰি থৈছে৷

ধনীয়া বেপাৰীটো উঠা ভাগেই ধুপুচকে মুঢ়াতোত বহি দিলে৷ খালি তাৰ টিকাটো মুঢ়াৰ পোনত নপৰি তলৰ মাটিত কঁকাল থেকেঁচা খাই পৰিল। সিফালে মাটিত বহি আছে মা৷ দুচকুত জিলিকিছে দহবছৰে খাইছোহে বুলিছোঁ। এইফালে বহি আছে মাটিত ধনীয়া বেপাৰীটো৷ তাৰ দুচকুত এইখন ঘৰৰ জীৱ দুটাৰ গাত কি আছে অ’ পৰভূ। মাজৰ খালি ঠাইকনত দেতা আৰু খুৰাই ধনীয়া চিকুটি আছে। ৰহ এপোৱা হ’লেও ওলাব।

মই পিন দুটা আনি দিলোঁ দুইটাকে৷ মাটিৰ পা উঘালি টানিবলে ভাল হ’ব ডাঙৰ কিজোপা৷

ব্যৱসায়ী ঘৰখন-২

অৱসৰ লোৱাৰ পিছত দেতাই ব্যৱসায় বাণিজ্যত মন দিলে খুৰাৰ লগত৷ ঘৰৰ নেমু, নাৰিকলৰ পৰা ধৰি মাৰ সৰা চুলিৰ লৈকে নেবেচিবলে নাই৷ মায়ে কেতিয়াবা কয়,

: এইহালে মোকো কেতিয়াবা দগাপাল্লাত উঠাই দিব বেপাৰীৰ।

খুৰা খেতিৰ বিভাগত। মটৰ মাহৰ লগত জইনকে মচুৰমাহো সিঁচে। দেতাই কয় কিৰণৰ লগত মাটিৰ মাহো সিঁচ৷ আজিকালি সৱ দাইল মিক্সকৈও বেচে পাপুৰ ঘৰত দেখিছোঁঁ৷ মায়ে কয়,

: সেয়া পিছতহে মিক্স কৰে হেৰৌ পথাৰত মিক্স নকৰে। কেতিয়াবা তহঁত হালক মিক্সকে মই সিঁচিম চাই থাক। কি দুটাৰ পাল্লাত পৰিলোঁ মই।

দেতাই ব্যৱসায় লাষ্ট চেণ্ডেললৈকে কৰিলে। মাৰ বকনিয়েও নোম নলৰাই৷ গাইছ গাই থাক। তহঁতৰ কামেই সেইটো। মাইকী মানুহৰ বকনিয়েকেইটা মতামানুহৰ উন্নতি কৰিছে।

এবাৰ ৰাতি আমাৰ পিছফালে বনৰীয়া হাতীৰজাক ওলাল। পিছফালৰ পকা ধাননিত মহতিয়াই ফুৰিছে।দুখন গাঁৱৰ মানুহে টিঙ বজাই জুই জ্বলাই হুলস্থূল। টিভি চাই থকা ৰাতি, আমাৰ ঘৰৰ জীৱকেইটাই হঠাৎ শুনিলে। খুৰাই কৈছে,

: অহ! কোম্পানী হৈছে কি এইখন। ৰাতি কিহৰ প্ৰচেচন এইখন জোৰ লৈ।

দেতাই কৈছে,

: হুলস্থূল চাই দুখন গাঁৱৰ যুদ্ধ হৈছে বুইছ কিৰণ।

মায়ে বোলে,

: যাহঁতচোন হেৰৌ। কি ঘৰৰ পৰা পুঙ লৈ আছ আন্দাজত।

খুৰাই কৈছে,

: ককাইদেউ, আমাৰ গাঁৱৰ লগত যুদ্ধ নহয় হ’লে গম পালোঁ হয়। লোকৰ যুদ্ধত ভাগ নলওঁ।

মাৰ ফাই,

: অলগদ্ধ সৱ। আজিৰ যুগত এনেকে যুদ্ধ লাগে? বেলেগ কিবা হুলস্থূল তহঁত নেযাৱ যদি মই সুধোগে।

তেনেতে খুৰা গ’ল মাৰ ভয়ত। অলপ পিছত তিনি লুটি খাই পৰি ধৰি আহি কৈছেহি,

: অ’ দাঙনবৌ পলা।(খুৰাই মাক ডাঙৰনবৌটো চৰ্টকাট কৰি মাতে দাঙনবৌ) মুঠতে চেচ আজি।

মাতো ভূমিকম্প আহিলেই সত্ৰৰ গোঁসাইক চিঞৰি চোতাল তিনিফাল কৰি পুৰস্কাৰ পাই থোৱা মানুহ।তেনেকুৱাত খুৰাৰ কথাত মা মেখেলা কোচাই পলাবলে সাজু। কিন্তু হৈছে কি নেজানে। মাত্ৰ চিঞৰিছে,

: অ’ চেচ্‌ আজি আমি, কিৰণে কৈছে। ৰক্ষা কৰা যাদৱৰায়।

দেতাৰ ধমক,

: হেই ৰহ। হ’ল কি নেজানেই এইজনীৰ চিঞৰ শুন। কিৰণ হৈছে কি তাত।

খুৰাই হেপাই ফোপাই কৈছে৷৺৺ অ মই আন্ধাৰতে গৈ একো নমনি মজলীয়া হাতী এটাৰ গাতে ধৰি সুধিছোগে পোনাৰাম কাইতি কাৰ দন অ। তেনেতে কাণখনে কোবাই দিয়াতহে মনো এজাক হাতী লাইন পাতি পথাৰত। অ মই মৰাৰ পা বাচিছো অ। অ মোৰ ভয়ত হাগিব লাগিছে। দাঙনবৌ ককাইদেউ তহঁত বিছনাৰ তলত সুমা সিহঁত এইপাকে আহিবলে লাইন লৈ আছে।

খুৰাই কথা কৈ কৈ লেট্ৰিনত সুমালগে। অলপ পিছত লেট্ৰিনৰ টিঙৰ দুৱাৰত গধম গধম শব্দ শুনি খুৰা বেহুচ।

: অ’ গনেশ বাবা হাগিছোঁ তোমাৰ ভয়ত৷ মোক একো নকৰিবা অ’। নিবোধ বালক মই। জয় গনেশ বাবা।

সি কান্দি কাটি লেট্ৰিনৰ পিছফালৰ বেৰখনৰ, টিনৰ লগত থকা, ওপৰৰ মস্ত ফাঁকটোৱেদি বগাই বাহিৰ ওলাইছে।

তেনেতে দুৱাৰ মুখত ৰৈ দেতাৰ ধমক,

: ধৈ গোটগৰু তেলা অলগদ্ধটো। মইহে, হাতী নহয় ……ককাইদেউ ……ককাইদেউ। নবৌয়েৰে মইয়ে ওচৰৰ হৰেনহঁতৰ ঘৰলে যাওঁ৷ তই বিছাৰি ফুৰিবি বুলি ক’বলে আহিলোঁ।

সিফালে খুৰা লেট্ৰিনৰ পিছপাকেদি ওপৰেদি বগাই ওলাই লেট্ৰিনৰ দুৱাৰ মুখত থকা হাতীটো চাওঁ বুলি জুপি, হাতীৰ বদলি দেতাক দেখি পিছফালৰ পৰা জোকাৰি কিহ’ল সুধিলে।

সেইকোবত দেতা দে দৌৰ হাতীৰ শুৰে জোকাৰিলে বুলি,

: বানানা মৰিলোঁ। চেচ অ মই৷

খুৰাৰ চিঞৰ,

: ধেই এইটো মইহে৷ কিৰণ অ’ কিৰণ মই।

সিফালে মা হাতীৰ ভয়ত হৰেনৰ ঘৰলে যাবলে দেতালে ৰৈ আছে।

অৱশেষত হাতীজাক চাপৰিলে গুচি গ’ল। পিছদিনা দেতা পুৱাই পকা ধাননীডৰাত কোঁজা হৈ কিবা বুটলি ফুৰিছে। ওচৰৰ এজনে ধান চাবলে আহি ৰিঙিয়ালে,

: অ ককাইদেউ ধানবোৰ দায়েই পেলাইছে নি?

দেতাৰ উত্তৰ,

: নহয় অ’। দুখন গাঁৱৰ চেণ্ডেল গোটাইছোঁ বুটলি।

: পথাৰত চেণ্ডেল কাৰ ভাগৰ অ’ ককাইদেউ?

: ইইই এই অবালচনটো বানানা। অ’ হাতীয়ে পিন্ধা চেণ্ডেল। আজিকালি হাতীয়েও চেণ্ডেল পিন্ধিহে ঘূৰে।অলগদ্ধ কালি হুলস্থূলত এৰা মানুহজাকে। বস্তা এটা দিবিচোন তহঁতৰ। দুদিনমান চেণ্ডেলৰ ব্যৱসায়কে কৰোঁ। ধান নষ্টৰ খৰচটো সেইপাকেৰেই উলিয়াম ভাবিছোঁ। আজি তিনিআলিতে বহিম চেণ্ডেল লৈ কিনিবলে যাবি।

☆ ★ ☆ ★ ☆

10 Comments

  • সদায়ৰ দৰেই বৰ ৰস পালোঁ। উপস্থাপন বৰ মনোমোহা।

    Reply
    • Purnima das

      Parhileo hepah npaly majulir ajni apunfula..suhutiya…manprasha…man pran hari niya…ajanite mikhr para hahi nigri tulib para..pransansal kahinibur….pappu Bai love u

      Reply
  • শৰ্মিষ্ঠা

    সচাই অপূৰ্ব আপোনাৰ লিখনি মুখামুখি কৈলখ পাবৰ ইচ্ছা আছে ক’ত থাকে মনৰ কথাবোৰ….

    Reply
  • Gitarthi Goswami

    সাংঘাতিক জমনি লিখে দেই । হাঁহি হাঁহি ৰ’ব পৰা নাই ।

    Reply
  • কমলা দাস

    বৰকে হাহিলো ঔ

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • anjan sadhanidar

    মজা দেই

    Reply
  • হেমন্ত কাকতি

    এজ ইউজুৱেল, হাঁহি হাঁহি পাগল হৈ গলো

    Reply
  • মানসী বৰা

    মই অকলে অকলে হাঁহি হাঁহি মৰিছো ।আপুনি হঁহোৱাই মানুহ মাৰিব দেই ।

    Reply
  • মানসী বৰা

    মই অকলে অকলে হাঁহি হাঁহি মৰিছো ।আপুনি হঁহোৱাই মানুহ মাৰিব দেই ।

    Reply

Leave a Reply

Your email address will not be published.