ফটাঢোল

আই লাভ ইউ -অৰুণাভ পাপ-অফ-মহন্ত

২০০২ চনৰ ঘটনা, অসমৰ বাহিৰত পঢ়ি আছোঁ, হোষ্টেলত থাকোঁ। তেতিয়াই এজন ব্যতিক্ৰমী অসমীয়া চিনিয়ৰৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল- কাৰ্তিক শৰ্মা দা। কাৰ্তিক মানে সঁচাকৈয়ে কাৰ্তিক, তাতে আকৌ দুৰ্দান্ত প্ৰেমিক। খুব কম সময়ৰ ভিতৰতেই অনেক লেখত লবলগীয়া বিফল প্ৰেম কাহানীৰ নায়ক হৈ পৰিছিল তেখেত। তেখেতে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে প্ৰেম কৰি যায়, বেছিভাগেই ৱান-চাইডেদ যদিও কৰি যায়৷ (প্ৰেম মানে প্ৰথম দৰ্শনতেই পৰিয়াল পৰিকল্পনালৈকে ভাবি দিয়ে)। দেখনীয়াৰ আৰু স্মাৰ্ট হোৱা স্বত্বেও কিয়নো বাৰে বাৰে বিফল হৈ থাকিছিল আমিও ভাবি নাপাইছিলোঁ।

সেই সময়ত দূৰণিৰ লোকৰ লগত মনৰ ভাব আদান-প্ৰদান কৰাৰ প্ৰধান উপায় আছিল চিঠি। সেই সময়ত তেখেতৰ এটা মধুৰ সম্পৰ্ক চলি আছিল (তেখেতে কোৱা মতে) গুৱাহাটী নিবাসী কোনোবা পল্লৱীৰ লগত, তেখেতৰ মৰমৰ ‘পল্লু’। পল্লুৰ চিঠি আহিলে তেখেতৰ মুখৰ জ্যোতি আৰু উজ্জ্বলতাত আমাৰ চকু চাট মাৰি ধৰে, বেছি মুড ভালে থাকিলে মাজে মাজে সৰু-সুৰাকৈ এটা পাৰ্টিও পোৱা যায়। তেখেতৰ অনুপস্থিতিত এদিন হোষ্টেলৰ তলাবন্ধ পোষ্টবক্সৰ ভিতৰত পল্লুৰ চিঠি এখন দেখিলোঁ। প্ৰেকটিকেলত ভেকুলি কটা-চিঙা কৰিবলৈ থোৱা চেপনা এখনেৰে অনেক কষ্টৰ মূৰত চিঠিখন উলিয়ালোঁ। ধীমান দাৰ ৰূমলৈ গৈ খুব সাৱধানেৰে বেজী এটাৰ সহায় লৈ লেফাফাটোৰ এটা ফাল খুলি চিঠিখন উলিয়াই পঢ়িলোঁ। নিৰাশ হ’লোঁ, কাৰণ আশাকৰা মতে চিঠিখনত ৰসাল, গৰম, বিতৰ্কিত একো নাই, সাধাৰণ হাই-হেল্লো টাইপৰ চিঠি। ধীমান দাই এটা প্ৰস্তাব দিলে- চিঠিখন ৰসাল বনোৱা যাওক! মানি ল’লোঁ- শুভকামত দেৰি কিহৰ?

চাৰি পাঁচটা ডট পেন চেষ্টা কৰা হ’ল চিঠিৰ লগত Shade মিলাবলৈ৷ চিঠিখনৰ শেষৰ শাৰীটো আৰু ‘ইতি’ৰ মাজত থকা খালী ঠাইখিনিত ধীমান দাই আমিৰ খানৰ দৰে পাৰ্ফেকচনেৰে ইংৰাজীৰ ব্লক লেটাৰত লিখি দিলে- আই লাভ ইউ। তাৰ পাছত চিঠিখন আকৌ আঠা লগাই আগৰদৰে কৰি পোষ্টবক্সত ভৰোৱা হ’ল। তাৰ পাছত আমি গোটেইবোৰে পোষ্টবক্সটোৰ সমুখৰ বাৰান্দাখনত বহি এটা দীঘলীয়া আড্ডা দিলোঁ- মাজতে কাৰ্তিক দাই হাতত চেপনাডাল লৈ তিনিবাৰমান আহি গ’ল- সুযোগ নাপালে চিঠিখন উলিওৱাৰ, তলা খুলি দিবলৈ ৱাৰ্ডেনো আহি পোৱা নাই। আমাক বাৰে বাৰে কয়-

“অই আজি তহঁতৰ বেলেগ কাম-কাজ নাই নেকি?”

অৱশেষত অধৈৰ্য্য হৈ আমাৰ সমুখতেই উলিয়াবলৈ ল’লে৷ পৰিকল্পনামতেই আমিও ব্ৰহ্মকামোৰ দিলোঁ। আমাকো দেখুৱাব লাগিব পল্লুৰ চিঠি৷ এজনে ক’লে চিঠিখন সি খুলিব যিহেতু লেটাৰবক্সত প্ৰথম সি দেখিছিলে (কাৰণ আছিল কাৰ্তিকদাই চিঠিখন আগতে খোলা বুলি গম নাপায় যাতে)৷ এটা উৎসৱমুখৰ পৰিবেশত চিঠিখন ফ’ৰ্মেলি পঢ়া হ’ল। “আই লাভ ইউ”টো দেখি আনন্দিত হোৱাতকৈ বেছি আচৰিত হোৱা যেন লাগিল তেখেতক। লগে লগে সিদ্ধান্ত৷ ৰাতি এটা ডগৰা পাৰ্টি হ’ব। কিন্তু আমি তিনিজনমানে ডিমাণ্ড কৰিলোঁ, সৰুকৈ দিনতেই এটা ফ্ৰূট জুচ পাৰ্টি কৰা যাওক। কথামতেই কাম, জুচ খাই থাকোঁতে তেখেতৰ এটা বাক্যই মোক চৰ্চৰনী খাবলৈ বাধ্য কৰিলে,

“অৱশেষত ছোৱালীয়ে সাহস দেখুৱাই দিলে ন’? কিমান দিন নোকোৱাকৈ থাকিব?”

ৰাতিৰ হাই-প্ৰফাইল পাৰ্টিটোৰ পাছত কাৰ্তিকদা ওলাল ওচৰৰ পিচিওটোৰ পিনে৷ পিছে পিছে মই আৰু ধীমানদা। চিনাকি পিচিওটোৰ মালিকজনৰ লগত আমাৰ দুজনৰ ভাল বন্ধুত্ব আছিল। ডাবল-লাইন পিচিওটোৰ প্ৰধান ফোনটোৰপৰা কাৰ্তিকদাৰ ফোনটোৰ কথোপকথনখিনি শুনাবলৈ অনুৰোধ কৰিলোঁঁ৷ কাৰণটোও বুজাই ক’লোঁ। মালিকজনে ৰস পালে, আৰু মানি ল’লে। ৰিচিভাৰটোৰ মুখ ঢাকি কাৰ্তিকদাই ইতিমধ্যে আৰম্ভ কৰি দিয়া বাৰ্তালাপ মন দি শুনিবলৈ ল’লোঁ।

কাৰ্তিকদা : হমম… কি লিখিছা চিঠিত?

পল্লু : কিনো লিখিলোঁ?

কাৰ্তিকদা : এই যে শেষৰপিনে লিখিছিলা?

পল্লু : কি?

কাৰ্তিকদা : আই লাভ ইউ লিখিলা যে….

পল্লু : পাগল হ’লা নে কি?

কাৰ্তিকদা : বুজিছোঁ…ওচৰত কোনোবা আছে ন’?

পল্লু : আকৌ মদ খাইছা?

কাৰ্তিক দা : একো নাই দিয়া, লাজ অকৌ কিয় কৰিছা?

পল্লু : ননচেন্স… ফোন নকৰিবা আৰু…

আৰু নোৱাৰিলোঁ শুনিব, ওলাই আহিলোঁ। ভয় লাগিল, ফাঁকি মাৰি ৰাম খাৱন দিলোঁ, পেট বেয়া নহয়তো!এতিয়া কেতিয়াবা ভাবোঁ, আমি এইবোৰ নকৰিলে ভৱিষ্যতে এটা প্ৰেমকাহানীৰ জন্ম হ’লহেঁতেন নেকি বাৰু?

☆ ★ ☆ ★ ☆

2 Comments

  • চন্দন গগৈ

    নাপায় দেই….

    Reply
  • অভিজিত কলিতা

    পাপ অফ মহন্ত! মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published.