ফটাঢোল

আওগৰু – ডাঃ চৈয়দা চেমিন ইছলাম

শাৰী পাতি বিমানখনৰ ভিতৰলৈ সোমাব লৈয়েই মনটো ভাল লাগি গ’ল পখৰু দাইটিৰ। কিবা নেতা নেতা ভাৱ এটা আহি গ’ল মনত! নিৰ্বাচনৰ সময়ত গাঁৱলৈ ভোট খুজিব যোৱা নেতাৰ নিচিনা বহুত ডাঙৰ মানুহ যেন লাগিল নিজকে। ইমান ধুনীয়া ধুনীয়া ছোৱালী কেইজনীয়ে তাৰ দৰে সাধাৰণ মানুহ এজনক এনেদৰে নমস্কাৰ জনোৱাটো কম ডাঙৰ কথানে বাৰু!

“আগৰ জনমত নিশ্চয় কিবা পূণ‍্যৰ কাম কৰিছিলোঁ!”

পিছে ভিতৰত সোমাইহে মূৰটো গৰম হৈ গ’ল পখৰু দাইটিৰ –

“আমাৰ চকৰ বাছৰ নিচিনাই ঠেলা মাৰি দিয়ে দেখোন মোক মানুহ বোৰে! ধেই, এনেকৈ পাৰি নে?”

ক্ষণিকৰ পিছতে অৱশ্যে তেওঁৰ ভুলটো ভাগিল।

ধুনীয়া পৰিচাৰিকা এগৰাকীয়ে আহি কিবাকিবি কৈ তাৰ নিজৰ চিটটোত বহুৱাই থৈ গ’ল তেওঁক।

গপতে গংগাটোপ হৈ পৰিল পখৰু দাইটি!

“ঘৰলৈ উভতি গৈ মানুহ জনীক এইবোৰ ক’লে বিশ্বাসেই নকৰিব চাগৈ তাই!”

কিয় বা কৰিব?

এনেয়ো মানুহৰ ঘৰলৈ গ’লে কাঁথিতে পীৰাত বহি জা-জলপান বাদেই ফিকা চাহ এটুপিৰো যোগ‍্য নহয় তেওঁলোকৰ নিচিনা মানুহে।

বিমানখন চলিবলৈ লোৱাৰ কিছু পৰৰ পিছতে পৰিচাৰিকা এগৰাকীয়ে আহি খোৱাৰ কথা সুধিলে পখৰু দাইটিক।

“আঐ দেহি! ইমান মৰম কৰে!”

পিছে পৰিচাৰিকা গৰাকীয়ে আহি পখৰু দাইটিক সুধিবহে পালে, বোলে –

ডু ইউ ৱাণ্ট টু অৰ্ডাৰ চামথিং?

এনেয়ো ভোকত কলমলাই থকা পখৰু দাইটিয়ে খোৱা বস্তুৰ গোন্ধত ৰ’ব নোৱাৰি সাউতকৈ আটাহ পাৰি কৈ উঠিল –

“অল, অল”

পখৰু দাইটিৰ কাষত বহি থকা জনে কেৰাহীকৈ দাইটিৰ ফালে এবাৰ পোন্দোৱাকৈ চাই আকৌ চকু মুদি শুই থাকিল। মানুহ জনলৈ চাই হাঁহি উঠি গ’ল পখৰু দাইটিৰ –

: কেনে ধৰণৰ মানুহ এইজন? ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ খোৱাৰ কথা সুধিবলৈ আহিছে, পেট ভৰাই ভালকৈ খাই ল’ব লাগে, পিছে, ই দেখোন শুইহে আছে! ই বেটা বুৰ্বকেই নে বেমাৰী বা?

দৰাচলতে সকলোৱে কিবাকিবি নাম বোৰ কৈ খুজি খাই আছে।
পখৰু দাইটিয়েনো এতিয়া ক’ৰ পৰা কি নাম ক’ব সিহঁতক? কোনো দিনে বিমানত উঠি নোপোৱা মানুহ তেওঁ। মহাজন দাইটিৰ অসুখৰ জহতহে এই সৌভাগ্যকন উদয় হ’ল! দৰাচলতে মহাজনৰ আলপৈচান ধৰিবলৈ ৰখীয়া হিচাপে হে মাতি পঠোৱা হৈছিল তেওঁক। সেই বাবেই আজি তেওঁৰ বিমানত উঠাৰ এই সৌভাগ্য! নহ’লেনো তেওঁৰ নিচিনা দুখীয়া পোৰা কপালৰ মানুহৰ ভাগ‍্যত বিমানত উঠাৰ কেতিয়াবা সৌভাগ্য হয়নে বাৰু?

গাঁৱৰ চকটোৰ পঘে দাইটিৰ ‘সুস্বাদু আহাৰ’ নামৰ হোটেলখনত চিঙৰা আৰু গজা খোৱাৰ বাদে অন্য একো এটা খোৱাৰ সৌভাগ্য হোৱা নাই আজিলৈকে তেওঁৰ। ইপিনে ঘৰতো আজি পত্নী বিৰজাই যতনাই দিয়া পন্তা ভাত দুটামানকে খাই তিনি ঘণ্টাৰ যাত্ৰা কৰি বিমানবন্দৰ পাইছিলহি। তেনেকৈ লৰালৰিকৈ ওলাই আহি বিমানবন্দৰত দুঘণ্টা ধৰি ৰৈ থকা পখৰু দাইটিৰ ভোকত অৱস্থা কাহিল হৈ গৈছিল। গতিকে ইমান ধুনীয়া ছোৱালীজনীয়ে এনেদৰে খোৱা বস্তু বিলাই আছে যেতিয়া নাখাইনো পাৰি নে? তাতেই আকৌ যিহে মলমলীয়া গোন্ধ!
গতিকে আকাৰে ঈংগিতেই যি পাৰি বুজাই সকলো আইটেমেই খুজি লৈ উদৰ পূৰাই খাই ল’লে তেওঁ।

“সদায় এনে সৌভাগ্য নাহিবও পাৰে!”

পিচে, অলপ পৰৰ পাছত হে ঘটনাই অন্য ৰূপ ল’লে। পৰিচাৰিকা গৰাকীয়ে খোৱাৰ বিলৰ পইচা খুজি বুজাই হে বুজায়, অঁকৰা পখৰু দাইটিয়ে হ’লে একো বুজি নাপায়।

লাহে লাহে ধুনীয়া পৰিচাৰিকা গৰাকীৰ কঠোৰ হৈ পৰা মুখখন আৰু হুটা মাতেৰে কৰ্কশ শব্দ উচ্চাৰণ কৰি ইংৰাজীতে কোৱা কথাবোৰ বুজি নাপালেও তাইৰ মুখৰ অভিব্যক্তিৰ পৰাই বুজিব পাৰিলে দাইটিয়ে – তাই বিলোৱা খাদ্যবোৰ খায়েই ক’ৰবাত কিবা জোঁট লগাই ল’লে তেওঁ।
কিন্তু, কি জোঁট লগালে তাকে হে বুজি পোৱা নাই পখৰু দাইটিয়ে।

ধুনীয়া ছোৱালীজনীৰ হঠাতে হোৱা এনেকুৱা পৰিৱৰ্তিত ৰূপ দেখি অৱশেষত পখৰু দাইটিৰো অলপ খং উঠিল তাইৰ ওপৰত! মানুহ বোৰেও ঘূৰি ঘূৰি চিৰিয়াখানাৰ চিম্পাঞ্জীটোক চোৱাদি চাবলৈ ধৰিলে তেওঁক। ধৈৰ্য‍্যৰ সীমা চেৰাই যোৱাত ওলোটাই নিজেই চিঞৰি উঠিল তেওঁ –

: তোহনাৰ এইগ্লাখান খাই মই কিনো দায় লুগালো হা? মই কিবা নিজে খাবা খুইজচিলু নেকি? তন্থে হে দেখুন নিজে আহি খাৱাৰ কথা সুইধছিলি মোক!

তন্থে ভাল পাবি বুলি ভাৱিহে খালু, ইতা তন্থেই কেনাই কৰা দেখুন হা?

হঠাতে উচ্চস্বৰত চিঞৰি উঠা পখৰু দাইটিৰ কথাবোৰৰ আওভাও একো বুজিব নোৱাৰি পৰিচাৰিকা গৰাকীয়ে দুখন পাঁচশ টকাৰ নোট দেখুৱাই বুজাবলৈ চেষ্টা কৰিলে পখৰু দাইটিক –

“মাণি, মাণি!”

“ধেই, কি অঁক্ৰা আপী এ!
এম্মান বাহাদুৰি নে এই নাওমেন আপীটোৰ? টাকা জাকৰিবা আইছি মোৰ সন্মুখোত! একো কাম নকৰাকে এনেই টাকা নালগে নহয় মোক! তাকো আকৌ ইমান ধুনীয়া নাওমেনী ছোৱালী মানুহ এটাৰ পে!

এস্! মই কিবা “ভিক্ষাৰী” নেকি?”

“নে “ভিক্ষাৰী” বুলিয়েই ভাৱছি তাই মোক?”

কিন্তু, মই “ভিক্ষাৰী” হোৱা হলি এৰোপ্লেনত উঠপা পাল্লু হৈ নেকি কিবা?

হঠাতে অজান আশংকা এটাত বুকুখন কঁপি উঠিল পখৰু দাইটিৰ –

“বাছ আৰু ৰে’লত থকাৰ দৰে এৰোপ্লেনতো কিজানিবা ভিক্ষাৰী থাকেই!”

ছেঃ!
কাকো সোধা নহ’ল নহয় এই কথাটো!

ছোৱালীজনীয়ে পখৰু দাইটিক “ভিক্ষাৰী” বুলি ভৱা বুলি ভাৱি লাজতে ৰঙা চঙা পৰি গ’ল পখৰু দাইটি।

নিজকে “ভিক্ষাৰী” নহয় বুলি বুজাবলৈ হাত ভৰি সকলো ডাঙি জোকাৰি দেখুৱাবলৈ ধৰিলে দাইটিয়ে ছোৱালী জনীক। পিন্ধি থকা লংপেণ্টটোৰ পকেটত থকা টকা কেইটাও উলিয়াই দেখুৱালে ধুনীয়া ছোৱালীজনীক।

: “ইয়ৰ বিল, ইয়ৰ বিল!”

“বিল” শব্দটো শুনি হে খটলং কৈ মূৰত লাগিল পখৰু দাইটিৰ। অথনিৰে পৰা কৈ থকা ছোৱালীজনীৰ কথাবোৰৰ উৰহী গছৰ ওৰ বিচাৰি পালে দাইটিয়ে।

“ফোনত কথা পাতলি যেনকে ফোনৰ বিল দিবা লাগে, ফিৰিতে ঘৰোত লাইন লগেলিও যেনকে লাইটৰ বিল দিবা লাগে, তাইকো তাৰমানে ইতা খাৱাৰ বিল দিবা লাগে মই।”

এইবাৰ হে খঙে মূৰৰ চুলিৰ আগ পালেগৈ পখৰু দাইটিৰ। চিঞঁৰি উঠিল দাইটি –

: নিজে উপযাচি খাবা দি ইতা বিল, বিল কৰি পইচা সাইধবা আইছা?
ঐ মাই, কি বুলি ভাইৱচা হা মোক?
বুৰ্বক, আওগৰু বুলি ভাইৱচা নেকি হা?
এংকে আওগৰু বুলি নাভেৱবি মোক।

ক‍্যা পৈচা দিম এ মই?
তন্থোৰ ওচৰত নিজে খুজি খাবা যাৱা নাছলু নহয় মই! তই নিজে আহি সুধা কুন্তাৰেহে!

তাকো আধা পেটিকে নাওমেনিহে খাইছিলো মই! সেই খিনি খাৱাঙতেই চাৰিখান পাঁচশ টকাৰ নোট হাতত লৈ মোৰ সন্মুখোত জাকৰিবা আইছা!
ঘৰোত যিংকে খাও সিংকে খাৱা হলি দেখুন গোটেই দেহাটোৱেই আনি জাকেল্লি হৈ মোৰ আগোত!

টাকা গাছোত লাগা নাই মোৰ, আইহাৰে! মোৰ লংপেণ্টটোতো ইমান টাকা নাই। চৱতকে ডাঙাৰ কথা, এই লংপেণ্টটোও মোৰ নহয়! খুলশালী আপীটোৰ পে হে খুজি পিন্ধি আইছু আজি।

দিনে ৰাতিয়ে গামছা পিন্ধি থাকা মানুহ হে আমি!

হঠাতে পখৰু দাইটিৰ এনে ৰুদ্ৰ মূৰ্তি দেখি থৰকাচুটি হেৰুৱাই থিতাতে মূচকঁচ গ’ল বেচেৰী ছোৱালীজনী।

খবৰ অনুসৰি পখৰু দাইটিৰ এনে ব‍্যৱহাৰত (গালি খিনি অৱশ্যে বুজি নাপালে তাই) অনাঅসমীয়া বিমান পৰিচাৰিকা গৰাকীয়ে হেনো আজিও সংজ্ঞা ঘূৰাই পোৱা নাই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.