ফটাঢোল

আঘোণৰ পথাৰত ধান চোৰ – মৃদুলা গগৈ

কাউৰীয়ে কা নকৰোতেই শেৱালি শোৱাপাটিৰপৰা উঠি আহিল। নিজে বিচনাৰপৰা উঠি আহোঁতেই গিৰীয়েক বীৰেণকো ঠেলা এটা মাৰি থৈ আহিছে। হ’লেও বীৰেণ এটা ঠেলাতে উঠা মানুহ নহয়। চাৰি পাঁচবাৰ চিঞৰিলেহে উঠি আহে। শেৱালি উঠা গম পাই জায়েক মালতীও বিচনাৰপৰা উঠি আহিল। এইকেইটা দিনত শেৱালিহঁতৰ গাত তত নাই। পথাৰত ধানে ভৰ পক দিছে। সোনকালে ধানখিনি পথাৰৰপৰা ঘৰ সোমোৱাবহি লাগে। কেনেবাকৈ বতৰ বেয়া হ’ব লাগিলেও কমখন পয়মাল হ’বনে? এইকেইদিনত শেৱালিহঁতৰ ঘৰখন বুলিয়ে নহয় গাঁওখনৰ সকলোৰে চিন্তা পথাৰৰ ধানখিনি আনি ভঁৰালত সোমোৱাটো। সকলো আঘোণৰ সোণগুটিখিনিক লৈ ব্যস্ত হৈ পৰিছে। কাৰোবাৰ চোতালত ৰাতিপুৱাই মৰণা মাৰিবলৈ বুলি ধান মেলিছে কোনোবাই গোবৰমাটিৰে চোতালখন মচিছে, কোনোবাই আকৌ আগদিনাই মাৰি থোৱা মৰণাটোৰ ধানখিনি মেলিছে।

মালতীয়ে বাঢ়নীকোচালৈ চোতালখন সাৰিবলৈ লাগিল। বাহি চোতাল ঘৰ সাৰিয়ে মালতীয়ে গা পা ধূই ভাতৰ চৰুত জুই ধৰে। সকলোৱে ভাতকেইটা খাই পথাৰলৈ ওলাই যায়। ল’ৰা ছোৱালীকেইটাৰো স্কুল থাকে। শেৱালিয়েও হাঁহৰ গঁৰালৰপৰা কণীকেইটা উলিয়াই আনি দানাৰ চৰুত জুই ধৰিলগৈ। মালতীৰ গিৰিয়েক হৰেনে শুই উঠিয়ে গেছতে ৰঙা চাহ বনাইছে। চৰকাৰৰ ফালৰপৰা পোৱা গেছটোতে হামিয়াই হিকটিয়াই চাহৰ কেটলিটো পাতি দিছে। চাহকণ নোখোৱালৈকে হৰেণে কোনো কামতে নধৰে। মালতীয়ে গিৰিয়েকক কানিয়া নামেই দিছে। খুব কম কথা কোৱা হৰেণে মাইকী মানুহৰ কাম কৰিহে ভাল পায়। কথা কম কোৱাৰ লগতে হৰেণৰ ভয়টোও মানিবলগীয়া। গধূলিতে যি ঘৰ সোমাল, ৰাতি বাহিৰলৈ যাবলৈ হ’লে মালতী লগত যাবই লাগে। পেচাৱ কৰিবলৈও অকলে নাযায়।

শেৱালিয়ে দানাখিনি বনাই গাহৰি আৰু গৰুকেইটালৈ বেলেগে ভাগ কৰি থ’লে।
“বেলি আহি মূৰৰ ওপৰ পালেহি। এই মানুহটো উঠিবৰ হোৱাই নাই নে?” শোৱা ৰুমৰ খিৰিকীখনৰ কাষলৈ গৈ বীৰেণক উদ্দেশ্যি চিঞৰি উঠিল আহিল।
শেৱালিৰ মুখখন আৰু মেল খোৱাৰ আগতেই বীৰেণ খৰখেদাকৈ বিচনাৰ পৰা উঠি আহিল। এঙাৰ এডোখৰ হাততলৈ হাঁহৰ গঁৰালটো খুলি হাঁহকেইটাক কাষৰ পুখুৰীটোৰ ফালে খেদা এটা মাৰি লৈ গ’ল। পুখুৰী পাৰতে মুখখনো ধুই আহিব বীৰেণে। হাঁহকেইটা খেদি নিওঁতে মুখেৰে চিঞৰিও গৈ থাকিল
“ঐ বন্ধন চুহ্ চুহ্…..”
বীৰেণৰ এই চিঞৰ বাখৰবোৰত ওচৰ পাজৰৰ সকলোৱে বৰ ৰস পায়। শেৱালিহঁতে বন্ধনৰ কিস্তি দিবলৈ মাজে সময়ে হাঁহ বিক্ৰী কৰে। সেইকাৰণে বীৰেণে হাঁহকেইটাৰ নামেই বন্ধন দি থ’লে।
দানাখিনি বনাই শেৱালিয়ে চোতালত মাৰি থাোৱা মৰণাটোৰ ধান কেইটাও মেলি দিলে। আঘোণ মাহৰ ভিতৰতে ন খাব লাগিব।

শেৱালিৰ সৰু ল’ৰাটোৱে স্কুললৈ নাযাওঁ বুলি পেঁচ ধৰিছে। শুই উঠাৰপৰা পেট বিষাইছে বুলি কৈ আছে। শেৱালিয়ে ভালকৈ বুজি পাইছে তাৰ পেটৰ বিষ নহয়। স্কুললৈ নগৈ মাকৰ লগত পথাৰলৈ গৈ চেঁচু খন্দাৰ মন তাৰ। শে‍ৱালিয়ে এচাৰি এডাল হাতত লৈ স্কুলৰ ফালে তাক লৈ গ’ল। মাকৰ হাতত এচাৰি দেখি দেখি উচুপি উচুপি স্কুললৈ গৈ থাকিল। যোৱা বছৰ পথাৰত চেঁচু খান্দিবলৈ গৈ মহেশৰ ল’ৰাটোৰ মূৰত হাঁতোৱাৰে যিটো ঘাপ দিছিল ভাগ্য ভাল আছিল বুলিহে ল’ৰাটো বাচিছে। চেঁচুটো খান্দি হাতেৰে বুটলিবলৈ নাপাওঁতেই মহেশেৰ পুতেকে তপককৈ ধৰি মচক মচক কৈ খাই পেলায়। বাৰে বাৰে কৈ থাকোঁতেও নুশুনিলত হাঁতোৱাৰখনেৰে মূৰতে ঘাপ মাৰি দিছিল। ওচৰত থকা কোনোবা এটাই সাঁতোৰাখন ঠাপ মাৰি ধৰিল বুলিহে।

ভাত পানী খাই আজৰি হৈ দুয়োজনী খৰখেদাকৈ পথাৰলৈ বুলি ওলাই গ’ল। ঘৰখনৰ চোৱাচিতাৰ দায়িত্ব হৰেণক দি বীৰেণো বিৰিয়াডাল কান্ধত লৈ পথাৰলৈ ওলাল।

“…..আহ ঐ আহ খেতি কৰবাক লগি
কান্ধত বিৰিয়া লৈ…..”

ৰাস্তাটোত চিঞৰি চিঞৰি পথাৰৰ ফালে গৈ থাকিল বীৰেণ। নিয়ৰত জেপজেপিয়া হৈ থকা আগদিনা কাটি থোৱা ধানৰ মুঠিবোৰ লুটিয়াই বাগৰাই দিলে দুপৰীয়ালৈ ঘৰলৈ আনিব পাৰিব। এইকেইটা দিনত ঘৰত এনেও মন নবহে। পথাৰতে চিঞৰ বাখৰ কৰিয়ে ভাল লাগে। কেতিয়াও টেঙা নোখোৱা বীৰেণে পথাৰত দাৱনীলৈ বুলি য’ৰ ত’ৰপৰা ৰবাব টেঙা গোটাই দিয়েহি। ওচৰতে থকা দাৱনীবোৰো টেঙা দেখা পালেই দৌৰি আহে। বীৰেনো কম নেকি, টেঙাকেইটা লৈ ভাওনাত প্ৰৱেশ কৰাৰ দৰে যি নৃত্য কৰি চিঞৰিব গোটেইবোৰকে। পথাৰৰ মাজতে ঘূৰণীয়া হৈ বহি লোৱা দাৱনীজাকৰ মাজতে বহি লয় বীৰেণ।

তিনিদিন পেনপেনকৈ দি থকা বৰষুণজাকে পথাৰৰ কাটি থোৱা মুঠিবোৰ তেনেই তিয়ালে। পুখুৰী পাৰতে দা এডাল বান্ধি ধানবোৰ শুকুৱাৰ ব্যৱস্থা কৰি ল’লে। অলপ দিনৰ পৰা গাঁওখনত চোৰৰ উপদ্ৰবো বাঢ়িছে। ধানৰ মুঠিবোৰো চুৰ কৰি নিয়া হৈছে। তাতে বৰা আৰু জহা ধানৰ মুঠি। ৰাতি সাৰ পালে বীৰেণে এপাক ধানখিনি চাই যায়। আঘোণমহীয়া মাজৰাতিৰ ঠেটুৱৈ ধৰা জাৰকো আওকাণ কৰি ধানকেইটাৰ বাবেই বীৰেণ বাহিৰলৈ ওলাই আহে।

মাজৰাতি খকমককৈ উঠি আহি ধানৰ মুঠিকেইটাৰ ওচৰত মানুহ এটা দেখি লাঠি এডাল লৈ খেদা মাৰি গ’ল বীৰেণ। ৰাতিখন বৰকৈ চিঞৰ বাখৰ কৰিবলৈও মন নগ’ল। চোৰটোৱে বীৰেণৰ খেদাৰ কোবত দুপদুপকৈ দৌৰিবলৈ লাগিল। পিছে পিছে খেদি গ’ল যদিও আন্ধাৰত চোৰটো কেনি পলাল বীৰেণে উৱাদিহেই নাপালে। অলপ সময় ইফালে সিফালে চাই দেখা নাপালত ঘৰৰ ভিতৰলৈ সোমাই আহিল বীৰেণ। ৰাতিখন কাৰো টোপনি নাভাঙক বুলিয়ে মনে মনে শুই থাকিল।

ৰাতিপুৱা সোনকালে উঠিয়ে চিঞৰ বাখৰ কৰি চুবুৰীৰ মানুহৰ আগত ৰাতি চোৰ অহা কথাটো আলোচনা কৰাত লাগিল। চোৰৰ কথা শুনি ইজন সিজনকৈ কেইবাজনো গোট খালেহি। সকলোৰে এষাৰ এষাৰ কথা,
“হেৰ’ তই ফৰ্ম্মুটি মাৰি বগৰাই দিব নোৱাৰিলি।”

“তইনো চোৰ চোৰ বুলি চিঞৰি নিদিলি কিয়?”

“অ’ চিঞৰিব নোৱাৰিলি? আমি গোটেইসোপা আহি দগৰা পিটন দিলো হয়।”

মুঠতে অনেকৰ অনেকটা কথা। ওচৰতে সকলোৰে কথা শুনি থকা হৰেণে মাতো নামাতোকৈ মাত লগালে,
“চিঞৰ বাখৰ কৰি মৰিছ কিয়নো? ক’ৰ চোৰডাল আহিব ধানৰ মুঠিকেইটা নিবলৈ। মইহে বৰষুণ দিয়াৰ দৰে শুনি ধানখিনি ঢাকি দিবলৈ উঠিছিলোঁ। যিডাল লাঠি লৈ আহিলি মাৰি দিয়হি বুলি দৌৰ মাৰি পিছফালৰ দুৱাৰেদি ঘৰৰ ভিতৰ সোমালোহি। ৰাতিখন কথা বহলাই থাকিবলৈ মন নগ’ল।”

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.