ফটাঢোল

আত্মধোৱন – যাজ্ঞ বল্ক্য

এইটো বেছি পুৰণি ঘটনা নহয়। এইবছৰৰে ফেব্ৰুৱাৰী-মার্চ মানত ঘটা। সেইকেইদিনত ব্যক্তিগত কাম এটাৰ কাৰণে ডিষ্ট্রিক্ট লাইব্রেৰীলৈ গৈ থাকিব লগা হৈছিল। মই থকা ঠাইৰ পৰা লাইব্রেৰী পাবলৈ ডেৰঘণ্টামান লাগে। গতিকে ৯.৩০ মানত ওলালে লাইব্রেৰী খুলিবৰ সময়ত পাওঁগৈ। ইমান ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস নাই গতিকে প্রায়ে নোখোৱাকৈ যাওঁ। দুপৰীয়াৰ ভাতসাঁজ প্রেছক্লাৱৰ ভিতৰত কার্ত্তিক দাৰ কেণ্টিনত খাওঁ ।

নজনা মানুহৰ কাৰণে কৈ থওঁ প্রেছক্লাৱৰ ভিতৰত কেণ্টিন এখন আছে য’ত এশ টকাত ছাগলী মাংসৰে এসাজ দবাই আহিব পাৰি। অকল মাংস এবাতি আৰু ভাত এথালি দি এশ টকা নলয়। বিভিন্ন ব্যঞ্জন, ভাজি, চালাদ থাকে, বুফে চিষ্টেমত যি খাব পাৰ সৱ খা। কার্ত্তিকদাৰ মতে যিমান পাৰ খা মাত্ৰ নষ্ট নকৰিবি। সেইকাৰণেই বুফে চিষ্টেম। ছাগলীৰ ডাঙৰ ডাঙৰ পাঁচটা পিচ দিয়ে। কটকটীয়া টান মষ্ট হাঁড় থকা পিচ নহয়, মাংস থকা। চিকেন, নিৰামিষ, মাছৰ দাম নাজানো, মই খাই পোৱা নাই। মই অকল ছাগলীয়ে দবাও। গতিকে তেনে এখন কেণ্টিনত খাবলৈ মানুহৰ ভিৰ লাগি থাকে। এটাৰ পৰা তিনি বজাৰ ভিতৰত তাত বহি খাবলৈ পাম বুলি আশা কৰা মিছা। সৱেই ঠিয়ৈ ঠিয়ৈ দি দিয়ে। মই বাৰটাৰ আগে আগে উপস্থিত হওঁ। ভালদৰে এপেট দি প্রেছক্লাৱৰ বাৰাণ্ডাত থকা চকী এখনত অলপ জিৰাই আকৌ নিজৰ কামলৈ উভতো।

তেনেকুৱা এটা দিনতে এপেট দি চকীত বহি চকু দুটা মুদি দিলো। সোঁভৰিটো আনি বাঁও উৰুৰ ওপৰত থৈ আৰামী পজিশ্যনত বহি ল’লো। মিহি মিহি বতাহ এজাকত চকু দুটা ধুনীয়াকৈ জাপ খাই আহিল। ভিতৰত কাৰোবাৰ কবিতা আবৃতি চলি আছে। অলপ পিছতে চকীখনত মৃদু জোকাৰণি এটা অনুভৱ কৰি গম পালো মোৰ কাষৰ চকীত কোনোবা বহিছে। বহক, মোৰনো কি যায়। মই চকু মেলা নাই, বতাহৰ আমেজ লৈ শুই আছো। অকণমান পিছতে মোৰ চাৰিওফালে “ছাৰ পালেহি”, “ছাৰ ভালনে”, “ছাৰ আহিলনে” শুনি গম পালো মোৰ কাষত বহাজন কোনোবা ছাৰ। ইমানগাল মানুহৰ আগত এনেকৈ বহি থকাটো বেয়া দেখি কাৰণে লাহেকৈ চকু মেলি ছাৰৰ ফালে চালো। ছাৰেও মোৰ ফালেই চাই আছে। বগা চুলি, গুলপীয়া ছাল, ওখই মোক চেৰ পেলোৱা সুদর্শন ‘ফৰেইনাৰ’ ছাৰ। আমাক ঘেৰি দহ-পোন্ধৰগৰাকী মান যুৱক-যুৱতী। দুই এগৰাকীয়ে মোকো আহিলানে, ভালনে সুধি আছে। সকলোৱে এবাৰ ছাৰলৈ চাই এবাৰ মোলৈ চাই। ছাৰ আৰু মই ইজনে সিজনলৈ চাই আছো। তাত থকা সৱৰে মনত যিখিনি কথা খেলাই আছিল সেইটো মুখ চায়েই ধৰিব পাৰি। ফৰেইনাৰে ভাবি আছে “ই কোন? ভৰি উঠাই গপচত বহি আছে। মানুহবোৰে ইয়াকো মাত দি আছে। ভাল কোনোবাই হ’ব।” যুৱক-যুৱতীয়ে চিন্তা কৰি আছে ফৰেইনাৰৰ লগত মোৰ সম্বন্ধটো কি? কাৰণ এনেকৈ ভৰি উঠাই বহি আছো গতিকে ক্ল’জ কোনোবা হ’ব লাগিব। চেহেৰাত লাগিলেও কাপোৰ-কানি আৰু হাৱ-ভাৱ দেখিয়েই গম পাইছে যে মই ড্রাইভাৰ নহয়। গতিকে মই ছাৰৰ কোনোবা হয় বুলিয়ে মাত দি আছে। আৰু মই চিন্তা কৰি আছো কেনেকৈ উঠি যাওঁ । ঘপকৈ উঠি গুচি যোৱাটো মেনাৰলেচ কাম হ’ব। তেনেতেই ভিতৰৰ পৰা কুর্তা পাইজামা পিন্ধা কবি টাইপ যুৱক এজন উধাতু খাই ওলাই আহি একেবাৰে ফৰেইনাৰৰ ভৰিতে পৰি দি

-“ছাৰ কেতিয়া আহিল? ভালনে আপোনাৰ? মই ভিতৰত ব্যস্ত থকাৰ কাৰণে আপোনাৰ ফালে চকুৱেই পৰা নাছিল।”

বুলি পেনপেনাবলৈ লাগিল। ভাবিছিলো ফৰেইনাৰে ‘থুম ইণ্ডিয়ান লোগ হামাৰে জুথে খ্যে নীচে হি ৰাহেইগ্যা’ টাইপৰ উচ্চাৰণ ভংগীৰে অসমীয়া কথা ক’ব। পিছে মোক অবাক কৰি ফৰেইনাৰে বিশুদ্ধ উচ্চাৰণেৰে অসমীয়াতে

-“পালোহি দিয়া। ভালে আছো আৰু। তোমাৰ ভাল নহয়? অনুষ্ঠান ঠিকে ঠাকেই চলি আছে নহয়?”

বুলি যুৱকক সুধিলে। যুৱকে তাতে থিয় হৈ থকা এজনক অনুৰোধ কৰি ফৰেইনাৰৰ লগত নিজৰ ফটোও তোলাই ললে। ইমানতে ভিতৰত, যাৰ অনুষ্ঠান চলি আছিল তেওঁ নিজে ওলাই আহি ফৰেইনাৰক আগবঢ়াই ভিতৰলৈ লৈ গ’ল। তেওঁৰ লগতে বাকীসকলো গ’ল। মই, যুৱক আৰু দুজনমান বাহিৰত থাকিলো। ফৰেইনাৰে শুদ্ধ অসমীয়া কোৱাৰ চদমাত থকা মোক এইবাৰ যুৱকে আল্টিমেট চদমা দিলে। কাষৰজনক ফুচফুচকৈ সুধিলে,

-“এই নামটো কি আছিল বাৰু মানুহজনৰ?”

সেইদিনা মানুহজনে যুৱকক নামটো কৈছিল যদিও মোৰ কাণত পৰা নাছিল। দুদিনমান আগতে অভিজিত কলিতাদাই প’ষ্ট এটা শ্বেয়াৰ কৰিছিল। প্রফাইলটো ভালকৈ চালো। হয় মোৰ কাষত বহা ফৰেইনাৰ জনেই হয়। ফৰেইনাৰৰ উচ্চাৰণৰ লগতে নামটোও অসমীয়া- ‘হৰেকৃষ্ণ ডেকা’।

★★★★

6 Comments

Leave a Reply

Your email address will not be published.