ফটাঢোল

আত্মবিশ্বাস – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈছিলো বুলুক বিচাৰি বিচাৰি। যোৱা ১৫ বছৰে তাৰ লগত দেখাদেখি হোৱা নাই মোৰ। আজি ইমান বছৰৰ মূৰকত তাক দেখা পালে সি মোক চিনি পাব জানো! কি বা কৰে সি আজিকালি? নানানটা প্ৰশ্ন মনত লৈয়েই বুলুুক বিচাৰি গৈছিলো।

আজিৰপৰা ১৫ বছৰমানৰ আগতে প্ৰথম বুলুক লগ পাইছিলো মই। তেতিয়া ক্ৰিকেট ফুটবল খেলি অনাই বনাই ঘূৰি ফুৰো। য’তে খেল হয় তাতেই কোনোবা ক্লাবৰ হৈ খেলিবলৈ যাওঁ। বুলুও যায়। তাতেই তাক লগ পাওঁ। সি কিন্তু খেলিবলৈ যোৱা নাছিল, খেল চাবলৈহে যায় সি। নহ’লে সিহঁতৰ গাঁৱৰ ক্লাবটোৰ চাপ’ৰ্ট ষ্টাফ হিচাবে খেলুৱৈবোৰৰ জাৰ্চী ভৰাই থোৱা বেগটো দাঙি নিয়াৰ দায়িত্ব সদায় বুলুৰ ওপৰত।

মোতকৈ বয়সত প্ৰায় ১০ বছৰমান সৰু বুলুক মই প্ৰথম লগ পাওঁতে তাৰ বয়স আঠ বছৰমানহে আছিল। পঢ়া শুনা একো নাই। স্কুললৈ নাযায় কেতিয়াও, কথা বতৰাত একো মান সন্মানৰ প্ৰশ্ন নাই, শিখৰ-হৰপলজাতীয় গুটখা চোবাই থাকে অনবৰতে। দুয়োখন হাততে চাইকেলৰ টিউবেৰে বনোৱাৰ দৰে ৰাবাৰ বেণ্ড কেইডালমান। চিনেমাত দেখুওৱা বস্তিৰ ল’ৰাৰ দৰে তাৰ আচৰণ। সকলো কথাতে অশ্লীল শব্দৰ ভৰপুৰ প্ৰয়োগ।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলৱে ষ্টেশ্যনটোৰ মাজতে তাৰ ঘৰ হোৱা কাৰণে গুৱাহাটীত কৰ্মৰত ভিতৰুৱা গাঁৱৰ বহুতো মানুহে তাৰ ঘৰৰ ওচৰে পাজৰে ৰাতিপুৱাই চাইকেল থৈ কৰ্মস্থানলৈ আহে। সেইবোৰ মানুহৰপৰা সি চাইকেল থোৱাৰ বাবদ ভাড়া লয়। কোনোবাই নিদিলে পিছদিনা চাইকেলৰ ছিটকভাৰ, চকা আদি যিবোৰ সি নিজে খুলিব পাৰে সেইবোৰ গায়ব। সেইবোৰ খুলি সি বেলেগত বিক্ৰী কৰে।

যি অলপ অচৰপ ভদ্ৰভাৱে কথা পাতে মোৰ লগতেই পাতে। মোৰ চাইকেল সিহঁতৰ চ’কটোত তলা নমৰাকৈ থ’লেও কোনো চিন্তা নাই। সুৰক্ষাৰ দায়িত্ব বুলুৰ, তাকো বিনা পইচাত। আক তাক সুধি তাৰ ঘৰুৱা অৱস্থাৰ বুজ লৈছিলো। বাপেকে বেলেগ এজনী বিয়া কৰাই সিহঁতক এৰি গুচি গৈছিল। তাক বাদ দি আৰু তিনিটা কণ কণ ল’ৰা ছোৱালীৰ সৈতে চলিবলগীয়া হোৱাত মাকে সিহঁতৰ পঢ়া শুনাৰ দায়িত্ব ল’ব পৰা নাছিল।

আজি সেই বুলুকেই বিচাৰি বিচাৰি মোৰ বিয়াত মাতিবলৈ আহিছোঁ। ১৫ বছৰৰ আগতে দেখা সিহঁতৰ সেই জৰাজীৰ্ণ বস্তিজাতীয় ঘৰটোৰ চেহেৰাই বেলেগ হ’ল দেখোন। বিক্ৰী কৰি ক’ৰবালৈ গুচি গ’ল নেকি বুলু? মোৰ মনত উৎকণ্ঠা। ঘৰৰ গেটখনৰ দুয়োকাষে দুখন প্ৰকাণ্ড লাইফ চাইজৰ হৰ্ডিঙত কোনোবা এজন নেতাই হাত জোকাৰি আছে। চোতালখনতে কেইবাখনো পিক আপ ভেন জাতীয় গাড়ী।ওচৰৰ দোকান এখনত গৈ সুধিলো, বুলুৰ ঘৰ এইটো হয় নে নহয়।

: হৰ্ডিং দেখা নাই নেকি দাদা? বুলু চাৰৰ ঘৰ হয় নে নহয় সুধিছে যে?
কিবা উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰি চিধাই গেটৰ ভিতৰত সোমাই গ’লো। হৰ্ডিঙত দেখা মানুহজন বাৰাণ্ডাতে বহি আছে। আশে পাশে কেইবাজনো মানুহ।

মই চোতাল পাওঁতেই মানুহজন দৌৰি অহাৰ দৰে আহি মোৰ কাষ পালেহি।
: সঞ্জীৱদা, ক’ৰপৰা আহিল আপুনি? ইমান দিনৰ মূৰত মোৰ কথা কেনেকৈ মনত পৰিলহে আপোনাৰ?

হৰ্ডিঙত দেখা মানুহজনে মোক কেনেকৈ চিনি পালে! ময়ো আচৰিত। মই কিবা কোৱাৰ আগতেই নমস্কাৰ জনাই আগন্তুকে হাতত ধৰি ভিতৰলৈ টানি নিলে। বাৰাণ্ডাত বহি থকাকেইজনক মোৰ সৈতে চিনাকী কৰাই দিলে।
: এইয়া মোৰ দাদা, সৰুকালৰ দাদা। মই নিজৰ ভৰিত নিজে থিয় দি মানুহ হোৱাৰ আগৰ কালৰে দাদা। এই বুলুৰ দাদা এইজন।

এইবাৰ মই নিশ্চিত হ’লো যে বুলুৱেই হয় এইজন। লগতে অলপ লজ্জিতও হ’লো যে মই চিনিব নোৱাৰা বুলুৱে একেবাৰতে মোক চিনি পালে।

বিয়াৰ নিমন্ত্ৰণী পত্ৰখন আগবঢ়াই দিলো তাক।

: অহা ১৯ তাৰিখে মোৰ বিয়া। তই যেনেতেনে আহিব লাগিব কিন্তু বুলু।

: বৰ ধুনীয়া চিঠি বনাইছে দাদা। ধুনীয়া লাগিছে দেখি। মইহে একো বুজি পোৱা নাই কি লিখিছে ইয়াত। ঐ ৰাজু, পঢ়ি শুনাচোন এবাৰ দাদাৰ বিয়াৰ চিঠিখন।
কাষতে বহি থকা এজনলৈ চিঠিখন আগবঢ়াই দিলে বুলুৱে।

বেৰত ওলমাই থোৱা কেলেণ্ডাৰখনলৈ চালে এবাৰ বুলুৱে।

: ৰাজু, ১৯ তাৰিখটোৰ ওপৰত শূন্যৰ ৰাউণ্ড তিনিটা দি থ। দাদাৰ বিয়াত যাব লাগিব। আৰু দাদাৰ ফোন নাম্বাৰটো মোৰ মোবাইলত চেভ কৰি দে।

: তিনিটা ৰাউণ্ড কিয় ঐ বুলু?
মই সুধিলো। কেলেণ্ডাৰখনৰ ফালে চালো এবাৰ। ৰাউণ্ড, ক্ৰছ, টিকমাৰ্কৰ বাবে ডেটবোৰ ধৰিবই নোৱাৰি।

: এইবোৰ মোৰ হিচাব দিয়ক দাদা। আপুনি বুজিব নোৱাৰিব।
: কচোন, কিহৰ ৰাউণ্ড, ক্ৰছ চিন এইবোৰ তোৰ কেলেণ্ডাৰখনত?

: দাদা, এটা ৰাউণ্ড মানে গুৱাহাটী, দুটা ৰাউণ্ড বাইহাটা চাৰিআলি, তিনিটা হ’লে ৰঙিয়া, চাৰিটাত নলবাৰী। সেই ডেটটোত সেইবোৰ ঠাইলৈ মোৰ যাবলগীয়া আছে তাৰমানে।

বুজিলো, মোৰ ঘৰৰ লগত মিলাই ১৯ তাৰিখে তিনিটা ৰাউণ্ড।

: বাপৰে! ক্ৰছবোৰ, টিকমাৰ্কবোৰ, সেইবোৰ আকৌ কি?
: ক্ৰছবোৰ হ’ল পলিটিকেল মিটিংবোৰ আৰু টিকমাৰ্কবোৰ মোৰ বেপাৰৰ কাম।

এনেকুৱা আৰু কেইটামান বুলু থাকিলে ডিজিটেল ইণ্ডিয়াৰ যে কি গতি হ’ব নহয়! বুলুৰ কথা শুনি মোৰ ভাব হ’ল।

: দাদা, ফোন নাম্বাৰটো কি বুলি চেভ কৰো?
ৰাজুৱে সুধিলে বুলুক।

: S টো লিখ আৰু তিনিটা ০ দে লগত। তেতিয়াহে বুজিম যে সেইটো ৰঙিয়াৰ সঞ্জীৱদাৰ নাম্বাৰ।
মোৰ মূৰটো লাহে লাহে ঘূৰাবলৈ ধৰা যেন অনুমান কৰিলো। বাপৰে! ফোন নাম্বাৰ চেভ কৰাৰ কি অদ্ভূত ব্যৱস্থা!

: বাৰু বুলু, তোৰ ঘৰ দুৱাৰ দেখি ভালেই লাগিল বহুত। বাহিৰত তোৰ হৰ্ডিঙো দেখিলো। ৰাজনীতিতো জড়িত হ’লি চাগৈ। গাড়ীও দেখোন কেইবাখনো চোতালতে। কি ব্যৱসায় কৰ তই?

: এহ দাদা! যি পাওঁ তাৰেই ব্যৱসায় কৰো আৰু। পাচলি কম দামত কিনিব পাৰিলে পাচলিৰ ব্যৱসায়, ধানৰ দাম কমিলে চাউলৰ ব্যৱসায়, নদীৰপৰা বালিও খান্দো মাজে মাজে। য’তে লাভ হ’ব যেন পাওঁ তাতেই এই বুলু সোমাই যাওঁ আৰু। এনেকৈ কিবা কিবি কৰি চলি আছোঁ দিয়ক আপোনালোকৰ আশীৰ্বাদত। পঢ়া শুনা কৰা নহ’লেই যেতিয়া, কামৰ সৰু ডাঙৰ একো নাচাওঁ, লাভৰ আশা দেখিলেই জপিয়াই দিওঁ। কিবা চাপ্লাই তাপ্লাইৰ কাম থাকিলে ক’বচোন দাদা আপোনালোকৰ অফিচত। চেষ্টা কৰি চাম এবাৰ।

: ভাল, ভাল। বহুত ভাল কাম কৰিছ তই বুলু। ভাল লাগিল তোৰ এনেকুৱা সুদিন দেখি। মই অফিচত খবৰ ল’ম দে, কিবা কাম ওলাই নেকি তোৰ বাবে। বাৰু, তোৰ ব্যৱসায়ৰ হিচাব পাতিবোৰ নিজেই ৰাখ নে কোনোবা মানুহ আছে সেইবোৰ কৰিবলৈ?
: এই ৰাজু বোলাজনক ৰাখিছোঁ অংক পাতিবোৰ কৰিবলৈ। বাকী মোৰ নিজৰ ফৰ্মূলা মতে হিচাব থাকেই মোৰ লগত। হিচাব-নিকাচ, টকা পইচা, এইবোৰনো কি ডাঙৰ বস্তুহে দাদা? মনত দৃঢ়তা, আত্মবিশ্বাস থাকিলে এইবোৰৰ ৰাস্তা নিজে নিজে ওলাই যায়।

: হয় হয়! বাৰু বুলু মই আহোঁ দে। তই বিয়াত আহিবি দেই।

: নিশ্চয় আহিম দাদা।
গেটৰ ওচৰলৈ বুলুৱে আগবঢ়াই দিলে।

: ঐ ৰাজু, শুনচোন। দাদাৰ নামটোৰ লগত টিকমাৰ্কডালো চেভ কৰি থ’বি। দাদাক লগ পালো যেতিয়া কিবা বেপাৰ হ’বও পাৰে দাদাৰ জৰিয়তে।উৎসাহভৰা চিঞৰ বুলুৰ ৰাজুক উদ্দেশ্যি।

গাড়ীখন ষ্টাৰ্ট দিলো যদিও বুলুৰ কথাখিনি মনতে ভাবিলো, কিমান দৃঢ় আৰু আত্মবিশ্বাসী মনৰ হ’লে এজন বিপথগামী কিশোৰ সফল যুৱকলৈ পৰিৱৰ্তিত হ’ব পাৰে।

☆★☆★☆

11 Comments

  • Gitika Saikia

    তোমাৰ লিখাৰ ষ্টাইলটো অত্যন্ত ভাল লাগে সঞ্জীৱ। বাস্তৱৰ ছবি এইবোৰ। বৰ সুন্দৰকৈ অংকন কৰিলা।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ধন্যবাদ বাইদেউ,উৎসাহিত হ’লো।

    Reply
  • অভিজিৎ কাশ্যপ (চিকু)

    বহুত ভাল লাগিল পঢ়ি।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ চিকু।

      Reply
  • Manash Saikia

    আগতে পঢ়িছিলোঁ৷ আকৌ পঢ়িলোঁ৷
    ভাল নহয়, খুৱেই ভাল লাগিল৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ মানস দা।

      Reply
  • শঙ্কৰ জ্যোতি বৰা

    আকৌ পঢ়িলো৷বঢ়িয়া৷

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ দাদা।

      Reply
  • ৰিণ্টু

    দ্বিতীয়বাৰ পঢ়িলো। তোমাৰ লিখনশৈলী বৰ সাৱলীল, ভাল লাগিল পঢ়ি

    Reply
  • তামাম সঞ্জীৱ৷ বুলুৰ কথা শুনি মোৰো দুটামান কাহিনী মনত পৰি গ’ল৷ ভাগ্য কলিতাও তেনে এজন বোলে৷

    Reply
  • অমৰ জো্‌তি তালুকদাৰ

    বিশ্বাসে মিলয় হৰি

    Reply

Leave a Reply

Your email address will not be published.