ফটাঢোল

আন্তৰ্জাতিক খ্যাতিসম্পন্ন গ্ৰাফিক ডিজাইনাৰ অমূল্য বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

এইমাহৰ অতিথি শ্ৰীযুত অমূল্য বৰুৱাৰ জন্ম তৈল নগৰী ডিগবৈত। জন্মগত প্ৰতিভাৰ অধিকাৰী শ্ৰীযুত অমূল্য বৰুৱাই ১৯৭৮ চনত মুম্বাইৰ প্ৰখ্যাত ‘ছাৰ জে জে ইনষ্টিটিউট অৱ এপ্লাইড আৰ্টছ’ৰ পৰা গ্ৰাফিক ডিজাইনিঙৰ ডিগ্ৰী লৈ এগৰাকী পেছাদাৰী ডিজাইনাৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। প্ৰথমে আমেৰিকা আৰু পাছত ইংলেণ্ডক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লোৱা শ্ৰীঅমূল্য বৰুৱা বৰ্তমান পৃথিৱীৰ এজন শ্রেষ্ঠ ডিজাইনাৰ হিচাপে স্বীকৃত আৰু বিশ্ব বন্দিত। দেশ বিদেশৰ অলেখ কৰ্মৰাজিৰ লগতে অসম পৰ্যটনৰ অবিস্মৰণীয় লগ’টোৰ পৰা NRL, Servo, Fevicol আদি বিখ্যাত ভাৰতীয় ব্ৰেণ্ড ডিজাইনিঙৰ কামে তেখেতৰ অদ্বিতীয় সৃষ্টিশীলতাৰ প্ৰমাণ দিয়ে।

লণ্ডনত নিজৰ ‘প্লাছ ওৱান ডিজাইন’ নামেৰে নিজৰ ডিজাইন ষ্টুডিঅ’ৰ লগতে এটা সৰু আৰু সুখী পৰিয়ালৰ অধিকাৰী শ্ৰীঅমূল্য বৰুৱাৰ জীৱন আৰু কৰ্মৰাজি অসমৰ যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণা আৰু আদৰ্শ।

ফটাঢোলৰ হৈ গ্ৰহণ কৰা এই অন-লাইন সাক্ষাৎকাৰটোত শ্ৰীযুত অমূল্য বৰুৱাই তেওঁৰ পাৰ হৈ যোৱা জীৱনৰ ভালেখিনি কথাৰ সাৱলীল বৰ্ণনা দিছে। তেখেতৰ এই অনুপম জীৱন যাত্ৰাৰ কাহিনীয়ে পাঠক সমাজক অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী।

ফটাঢোল : নমস্কাৰ। পোন প্ৰথমে আমাক আপোনাৰ বহুমূলীয়া সময়সূচীৰ অকণমান সময় দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি জানো, আপুনি এগৰাকী অতি ব্যস্ত ব্যক্তি, সেয়েহে অধিক সময় নষ্ট নকৰি পোনে পোনে প্ৰশ্নলৈ আগবাঢ়ি যাওঁ৷ আপোনাৰ শৈশৱৰপৰা আৰম্ভ কৰোঁ। আপোনাৰ জন্মঠাই, আপোনাৰ মা-দেউতা, আপোনাৰ ল’ৰালি কালৰ পঢ়া-শুনাৰ বিষয়ে আমাক কিছু কথা কওকচোন।

অমূল্য বৰুৱা : ধন্যবাদ আপোনালোকলৈও, মোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰা বাবে। মোৰ জন্ম ভাৰতৰ আটাইতকৈ পুৰণি তৈলনগৰী ডিগবৈত। ডিগবৈতেই মোৰ শৈশৱ আৰু কৈশোৰকাল অতিবাহিত হয়।

মোৰ দেউতা পূৰ্ণকান্ত বৰুৱা ‘আচাম অইল কোম্পানী’ৰ এজন ইঞ্জিনীয়াৰ আছিল। মা আছিল এগৰাকী গৃহিণী। মোৰ দৃষ্টিত এগৰাকী দায়িত্বশীল মাতৃ আৰু সু-গৃহিণী। সন্তানৰ তদাৰক কৰাৰপৰা আৰম্ভ কৰি ঘৰৰ সমস্ত কাম মায়ে চোৱা-চিতা কৰিছিল।

তেওঁলোক দুয়োজন এতিয়া এই পৃথিৱীত নাই যদিও তেওঁলোকৰপৰা শিকা জীৱনৰ এটা পাঠ মই সদায় মনত ৰাখিছোঁ আৰু ই মোৰ ব্যক্তিত্বক আজীৱন প্ৰভাৱিত কৰি আহিছে। জীৱনত ‘সন্তুষ্টি’ লাভ কৰাৰ বাবে আৰু ‘লোভ’ক নিয়ন্ত্ৰণ কৰাৰ বাবে মোৰ প্ৰয়াত মা-দেউতাৰপৰা যি পাঠৰ শিক্ষা পাইছিলোঁ, সেয়া হ’ল- “সুখী হ’বলৈ, তুমি যি পাইছা তাকে চোৱা। অসুখী হ’বলৈ, আনৰ যি আছে, যিটো তোমাৰ নাই তাক চোৱা৷” পঢ়া শুনাৰ কথা লৈ আহোঁ, মই ১৯৬৮ চনত ডিগবৈতে হাইস্কুলীয়া জীৱন শেষ কৰিলোঁ আৰু ১৯৭২ চনত সন্মান সহকাৰে বিজ্ঞান শাখাত কটন কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিলোঁ৷ ইয়াৰ পিছৰ, গ্ৰাফিক ডিজাইনিঙৰ শিক্ষাৰ বাবে মই মুম্বাইলৈ যাওঁ আৰু ১৯৭৮ চনত মুম্বাইৰ (সেই সময়ৰ ব’ম্বে) ছাৰ জে.জে.ইনষ্টিটিউট অৱ এপ্লাইড আৰ্টৰ পৰা গ্ৰাফিক ডিজাইনিঙৰ ডিগ্ৰী লওঁ।

ফটাঢোল : পঢ়া শুনাৰ বাহিৰে শৈশৱত আপোনাৰ প্রিয় কাম কি আছিল মনত পৰেনে? আপুনি এজন সৃষ্টিশীল ব্যক্তি, সৃষ্টিশীলতা আপোনাৰ বৰ্তমান পেছা। সৃষ্টিশীল গুণটো সৰুৰেপৰা সকলোৱে আপোনাৰ গাত লক্ষ্য কৰিছিল নে? সৰুতে আপুনি ‘দুষ্ট’ আছিল নে ‘লাজকুৰীয়া’ আছিল?

অমূল্য বৰুৱা : মই ড্ৰয়িং আৰু পেইণ্টিং কৰি সময় কটাই ভাল পাইছিলোঁ। স্কুলত থাকোঁতে অসমভিত্তিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত মই ভালেসংখ্যক পুৰস্কাৰ লাভ কৰিছিলোঁ। তাৰ পিছত কটন কলেজত তাত থকা চাৰিবছৰকাল একেৰাহে মই ‘বেষ্ট আৰ্টিষ্ট’ৰ সন্মান লাভ কৰিছিলোঁ। মোৰ মনত নাই, কিন্তু মোৰ মা-দেউতাই মোক কৈছিল যে মাটিত চুঁচুৰিবপৰা বয়সৰ পৰাই মই হেনো আঁকিবলৈ লৈছিলোঁ। যেতিয়া মোৰ মায়ে পাকঘৰত কিবা ৰান্ধি থাকে (সেইদিনত মাটিৰ চৌকাত খৰিৰ জুইত ৰন্ধা-বঢ়া হৈছিল), মই পাকঘৰৰ বেৰত এঙাৰেৰে আঁকিছিলোঁ৷ প্ৰথমে প্ৰথমে তেওঁ বিৰক্ত হৈছিল আৰু খং কৰিছিল বেৰখন লেতেৰা কৰাৰ বাবে, কিন্তু পিছত তেওঁ লক্ষ্য কৰিছিল যে, মই চৰাই, কুকুৰ, চাইকেল(ঘৰৰ চাৰিওফালে থকা যিকোনো বস্তু) আদি আঁকি আছিলোঁ, যি মোৰ নিচিনা বয়সৰ(২-৩) অন্য ল’ৰা-ছোৱালীয়ে অঁকাতকৈ ভাল আছিল। তেতিয়া তেওঁ মোক ছবি আঁকিবলৈ এখন স্লেট আৰু এডাল চক পেঞ্চিল দিলে। সেয়াই আছিল চিত্ৰশিল্পী হিচাপে মোৰ সৰু আৰম্ভণি, যিটো পৰৱৰ্তী সময়ত মোৰ বাবে এটা আন্তৰ্জাতিক কেৰিয়াৰ হ’লগৈ।

বিভিন্ন পুৰস্কাৰৰ বাদেও, স্কুলত থাকোঁতে মই অঁকা ছবি প্ৰতি সপ্তাহে অসমীয়া বাতৰিকাকত আৰু আলোচনীত (অকণিৰ শিতানত) ছপা হৈ ওলাইছিল।

মই বুজন হৈ উঠাৰ আগতেই, প্ৰায় প্ৰতিদিনে গোটেই অসমৰ বিভিন্ন ঠাইৰ ল’ৰা-ছোৱালীৰপৰা মই বন্ধুৰ চিঠি পাইছিলোঁ আৰু সেয়া মোৰ কাৰণে সঁচাই প্ৰেৰণাদায়ক আছিল। আপোনালোকে সোধাৰ দৰে মই অকণমান দুষ্টও নোহোৱা নহয়৷ যিবোৰ কামত দেউতাৰ অনুমোদন কেতিয়াও নাথাকিলেহেঁতেন, তেনেকুৱা কামবোৰ লুকাই চুৰকৈ নকৰাকৈ থকা নাছিলোঁ। সৰুতে মই চিলা উৰুৱাই ভাল পাইছিলোঁ। দুষ্টামিবোৰ কৰিছিলোঁ যদিও, স্কুলৰ পৰীক্ষাবোৰত সদায় প্ৰথম হোৱাকৈ পঢ়া-শুনা ভালকৈ কৰিছিলোঁ বাবে মই ঘৰত বিশেষ শাস্তি পোৱা নাছিলোঁ।

ফটাঢোল : আমি আপোনাৰ কথাৰ পৰা জানিলোঁ যে, সৃষ্টিশীলতা আপোনাৰ জন্মগত প্ৰতিভা। আমি জানিব খুজিছোঁ, জীৱনৰ কোন সময়ত বা কি ঘটনাই আপোনাক অনাগত কালত এগৰাকী সফল ‘ডিজাইনাৰ’ হোৱাৰ বাবে অনুপ্ৰাণিত কৰিলে। সেই সময়ত অসমত গ্ৰাফিক ডিজাইনিঙক পেছা হিচাপে গ্ৰহণ কৰিব পৰা খুব এটা অনুকূল পৰিবেশ আছিল বুলি মনে নধৰে। তাৰ উপৰিও অভিভাৱকে নিজৰ সন্তানক এজন চিকিৎসক, অভিযন্তা অথবা শিক্ষকৰ  ৰূপত কল্পনা কৰাৰ দিন আছিল সেইবোৰ। আপুনি ব্যতিক্ৰম কেনেকৈ হ’ল?

অমূল্য বৰুৱা : আপোনালোকে বিশ্বাস নকৰিব হয়তো! ‘ডিজাইন’যে পেছা হ’ব পাৰে, কটন কলেজৰ পৰা স্নাতক হোৱাৰ আগলৈকে মই গমেই পোৱা নাছিলোঁ। অথবা মই ‘পেইণ্টিঙক’ পেছা হিচাপে ল’ম বুলি পৰিকল্পনা কৰা নাছিলোঁ কাৰণ মই সেইদিনবিলাকত এই ধৰণৰ পেছাবোৰ যে আৰ্থিক দিশৰ পৰা বৰ সুখকৰ নহয় সেইটো জানিছিলোঁ। মোৰ মা-দেউতাই কেতিয়াও মোক এজন ইঞ্জিনীয়াৰ বা ডাক্তৰ হ’বলৈ হেঁচা দিয়া নাছিল আৰু মই নিজেও জীৱনৰ লক্ষ্য সম্পৰ্কে বৰ এটা সচেতন নাছিলোঁ, কিন্তু এই সকলোবোৰ সলনি হৈছিল যেতিয়া মই স্বৰ্গীয় মুনীন দত্ত বৰুৱাক (দত্ত বৰুৱা কোম্পানীৰ মালিক) লগ পাইছিলোঁ। যিজনে মোক মোম্বাইলৈ গৈ গ্ৰাফিক ডিজাইনিঙ পঢ়িবলৈ উপদেশ দিছিল। তেখেতে মোৰ ছবি আৰু ডিজাইন দেখিছিল আৰু কটন কলেজত লাভ কৰা ‘বেষ্ট আৰ্টিষ্ট’ সন্মানৰ কথা জানিছিল৷ তেখেতে মোৰ সম্ভাৱনীয়তাখিনি সঁচাকৈ জানিছিল।

তেখেতৰ উপদেশ অনুসৰণ কৰিয়ে মই গ্ৰাফিক ডিজাইনৰ পাঁচবছৰীয়া দীঘলীয়া পাঠ্যক্ৰম এটা আৰম্ভ কৰিছিলোঁ আৰু ইয়েই মোক এদিন  এজন ডিজাইনাৰ হ’বলৈ অনুপ্ৰাণিত কৰিলে।

ফটাঢোল: আপোনাৰ জীৱন যাত্ৰা সঁচাকৈয়ে আকৰ্ষণীয়। আমি জানো, আপোনাৰ মূল কৰ্মভূমি বিদেশ। বিদেশলৈ আহি আপোনাৰ সৃষ্টিশীলতাই এক নতুন উচ্চতাক স্পৰ্শ কৰিলে। বিদেশলৈ আপোনাৰ যাত্ৰাৰ বিষয়ে কওকচোন। আপোনাৰ প্ৰতিষ্ঠান ‘প্লাছ ওৱান ডিজাইন’ৰ বিষয়ে জনাব নেকি?

অমূল্য বৰুৱা : বহু বছৰ জুৰি পৃথিৱীৰ ইমূৰ-সিমূৰজুৰি কৰা যাত্ৰা আৰু সংঘাতবোৰৰ দীঘল কাহিনীবোৰ এটা পেৰেগ্ৰাফত শেষ কৰাটো সম্ভৱ নহয়। অতি সংক্ষেপে ক’বলৈ গ’লে, ১৯৭৮ চনত জে জেৰ পৰা স্নাতক হৈয়ে মই মোৰ প্ৰথম  ডিজাইন ষ্টুডিঅ’ ওৱান প্লাচ ওৱান(one+one) মোম্বাইতে আৰম্ভ কৰিছিলোঁ৷ দুবছৰতে ই বৰ ডাঙৰ সফলতা পালে। মই ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰো গ্ৰাহক লাভ কৰিছিলোঁ৷ ইয়েই মোৰ আত্মবিশ্বাস যথেষ্ট বঢ়াই তুলিলে। তাৰপিছত মই আন্তৰ্জাতিক পৰ্যায়ৰ ডিজাইনাৰ হিচাপে সফল হ’বলৈ বিচাৰিলোঁ। সেয়ে ১৯৮১ চনত মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাৰ বাবে দুঃসাহস কৰিলোঁ অৱধাৰিতভাৱে বিদেশত তাকো ইউ.এছৰ দৰে দেশত মই পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লগা হ’ল। এই কামৰ বাবে বহুত ৰিস্ক আৰু ত্যাগ স্বীকাৰ কৰিব লগা হ’ল৷ যেনে-মোম্বাইৰ মোৰ এপাৰ্টমেণ্ট বিক্ৰী কৰিলোঁ, ডিজাইন ষ্টুডিঅ’, গীতাৰকে ধৰি সকলো বিক্ৰী কৰি দিলোঁ। বিদেশলৈ যোৱা বেছিভাগ ভাৰতীয়ই চাকৰিৰ গেৰাণ্টি লৈ যায়, মোৰ কিন্তু কোনো গেৰাণ্টি অথবা চিকিয়ৰিটি নাছিল, কাৰণ মই কোনো চাকৰি বিচাৰি যোৱা নাছিলোঁ বৰঞ্চ নিজাববীয়া এটা ডিজাইন কোম্পানী গঢ়িব খুজিছিলোঁ। আপোনালোকে জানিছেই মোৰ এটা নিৰ্দিষ্ট পৰিমাণৰহে জমাধন আছিল আৰু ব্যৱসায় গঢ়ি তুলিবলৈ সময় লাগে, তাকো বিদেশত গৈ ব্যৱসায়। এইটো আছিল এটা হাই ৰিস্ক অভিযান কিন্তু তাৰপিছতো মই মোৰ লক্ষ্যত উপনীত হ’বলৈ আটাইতকৈ বেয়া পৰিণামো গ্ৰহণ কৰিবলৈ সাজু হৈছিলোঁ। প্ৰথমে মই কিছুদিন মোৰ সম্বন্ধীয় ভাতৃ ৰাতুল দাদা (কেদাৰ ভুঞা)ৰ লগত আছিলোঁ, যি আমেৰিকাত মোৰ গাইড। তাৰপিছত কেইটামান মাহ মই নিউইয়ৰ্ক আৰু চান ফ্ৰান্সিস্ক’ত পাৰ কৰিছিলোঁ। কিন্তু মই আমেৰিকাৰ জীৱনশৈলী ভাল পোৱা নাছিলোঁ৷ সেয়ে মই ইংলেণ্ডলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ য’ত মোৰ এজন ক্লায়েণ্টে মোক পাৰফিউম ডিজাইনিঙৰ কাম দিছিল। তৎক্ষণাত লণ্ডন মোৰ প্ৰিয় হৈ উঠিল আৰু পাৰফিউম ডিজাইনিঙত বহুত ভাল কাম কৰিলোঁ। লণ্ডণতে মই ‘প্লাছ ওৱান ডিজাইন’ আৰম্ভ কৰিলোঁ আৰু গৌৰৱৰ কথা, দহবছৰৰ ভিতৰতে আমাৰ সৃষ্টিশীলতা পঞ্চাশৰো অধিক দেশত বিয়পি পৰিল। তেতিয়াই মই লাহে লাহে অনুভৱ কৰিলোঁ যে মোৰ সপোন বাস্তৱ হ’ল। আন্তৰ্জাতিক ডিজাইনাৰ হিচাপে পোৱা স্বীকৃতি আৰু সফলতা আৰু এজন স্বতন্ত্ৰ ডিজাইনাৰ হিচাপে পোৱা স্বাধীনতাই মোক সুখী কৰিলে।

ফটাঢোল : আমি জানো, অসম পৰ্যটনৰ সেই বিখ্যাত ‘লগ’টো আপুনি ছাত্ৰ অৱস্থাতে ডিজাইন কৰিছিল।

ইয়াৰ বাদেও অসমৰ অন্য কোনো ব্ৰেণ্ডৰ ডিজাইন আপুনি কৰিছে নেকি?

অমূল্য বৰুৱা : ১৯৭৮ চনত মই যেতিয়া মোম্বাই আৰ্ট কলেজৰ ছাত্ৰ আছিলোঁ তেতিয়াই ‘আচাম টুৰিজিম’ ল’গ’ৰ ডিজাইন কৰিছিলোঁ। ২০০১ চনত মই NRL (নুমলীগড় ৰিফেইনেৰী)ৰ ল’গ’ ডিজাইন কৰিছিলোঁ।

মোৰ প্ৰধান ভাৰতীয় এচাইনমেণ্ট আছিল ‘Servo’ (ইণ্ডিয়ান অইল) আৰু ‘Fevicol’ ৰ ব্ৰেণ্ডিং আৰু পেকেজিং ডিজাইনচ। বৰ্তমান দুয়োটা ভাৰতৰ এক নম্বৰ ব্ৰেণ্ড।

ফটাঢোল : লণ্ডনত আপুনি প্ৰায় চাৰি দশকজুৰি বাস কৰি আছে আৰু আপোনাৰ প্ৰধান কৰ্মস্থলী লণ্ডন৷ ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশত আপুনি কাম কৰিছে। এই পৰ্বতসম অভিজ্ঞতাৰ পৰা আপুনি ভাৰতবৰ্ষ আৰু অন্য দেশৰ কৰ্ম সংস্কৃতিৰ মাজত কি ব্যৱধান দেখা পায়?

অমূল্য বৰুৱা : চাবলৈ গ’লে, ভাৰতীয় কৰ্ম-সংস্কৃতিৰ যোৱা দুটা দশকত সাংঘাতিক ধৰণে উন্নতি সাধন হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে, আমাৰ দেশৰ তথ্য-প্ৰযুক্তি ক্ষেত্ৰখন বৰ্ত্তমান Global Leader. ভাৰতত ব্যক্তিগত খণ্ডৰ কোম্পানীবিলাকে ভাল কৰি আছে।অৱশ্যে, চৰকাৰী বিভাগবিলাকৰ কিবা উল্লেখনীয় উন্নতি হৈছে বুলি মই নাভাবোঁ।

ফটাঢোল : অকণমান বেলেগ কথা এটা সোধোঁ। আপুনি খাই ভাল পায়নে? ইমান বছৰে দেশে বিদেশৰ বিভিন্ন খাদ্যৰ জুতি লোৱাৰ পাছত আপোনাৰ প্রিয় খাদ্য কি? আপুনি নিজে ৰন্ধা বঢ়াৰ প্ৰতি আগ্ৰহী নে?

অমূল্য বৰুৱা : সঁচা কথাটো হ’ল, সমগ্ৰ পৃথিৱীৰে খাদ্যৰ জুতি লোৱাৰ পিছত, মই এতিয়াও সাধাৰণ অসমীয়া খাদ্য ভাল পাওঁ। সকলো সময়তে মোৰ প্রিয় খাদ্য হ’ল ‘আলু পিটিকা’ আৰু ‘মাছৰ টেঙা’। অৱশ্যে, মই থাই খাদ্য খায়ো ভাল পাওঁ। মোৰ পত্নীও এগৰাকী সু-ৰান্ধনী। থাইৰ বাদেও, তেওঁ ইণ্ডিয়ান, চাইনীজ, ইটালিয়ান আৰু আন ইউৰোপীয়ান খাদ্যও ৰান্ধিব জানে। মই আগতেও ৰান্ধি ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ। আজিও মই সাধাৰণভাৱে ‘আলু-মতৰ’কে ৰান্ধিছোঁ।

ফটাঢোল : আপোনাৰ পত্নীৰ কথা ওলাল যেতিয়া, আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান কওকচোন।

অমূল্য বৰুৱা : আমি অতি সুখী পৰিয়াল। মোৰ পত্নী লিলি এগৰাকী এংগলো-থাই। লণ্ডনত তেওঁ ‘যোগ’ শিকায়। পৰিয়ালটো চোৱা-চিতা কৰাৰ লগতে আমাৰ ‘কৰ্পৰেট ফাইনেন্স’ৰ সকলো বিষয়ো অতি দক্ষতাৰে তদাৰক কৰে। আমাৰ ল’ৰা জেচপাৰ কমিউনিকেচন ডিজাইনৰ স্নাতক। মোৰ দৰে সিও স্বাধীনতা ভাল পায় আৰু সেয়ে নিজাকৈ ইউ.কেত ব্যৱসায় আৰম্ভ কৰিছে আৰু সকলোৰে সৈতে বন্ধুত্বসুলভ ব্যৱহাৰ কৰা ‘বেলা’ নামৰ এটা বৰ মৰমলগা কুকুৰো আমাৰ পৰিয়ালৰ সদস্য।

ফটাঢোল : জীৱনত হাস্য ব্যংগৰ প্ৰয়োজনীয়তা কিমান আছে বুলি আপুনি ভাৱে?

অমূল্য বৰুৱা : কোৱা হয়, “হাঁহি হৈছে মহৌষধ”৷ যদিও জীৱন সাংঘাতিকভাৱে প্ৰত্যহ্বানমূলক, তাৰ মাজতে আমি নিশ্চয়কৈ একে সময়তে হাঁহি-ধেমালিও কৰিবলৈ শিকিব লাগিব। কাৰণ ভাল সময় আৰু হাঁহিয়ে আমাক ধনাত্মক শক্তি দিয়ে আৰু  মানসিক চাপ-হতাশাবোৰ আঁতৰাই নিয়ে। জীৱনটো চুটি আৰু প্ৰতিটো মুহূৰ্তই হ’ল অমূল্য। সেয়ে আমি সকলোৱে নিজকে সুখী কৰি ৰখাৰ লগতে আমাৰ আশে-পাশে থকা সকলকো সুখত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

ফটাঢোল : আপোনাৰ কৰ্মজীৱন অথবা ব্যক্তিগত জীৱনত যেতিয়া ‘চাপ’ আহে, আপুনি কেনেকৈ ইয়াৰ মোকাবিলা কৰে? চাপমুক্ত জীৱনৰ মন্ত্ৰ কি?

অমূল্য বৰুৱা : মোৰ জীৱনত কোনো চাপ নাই। চাপ হ’ল সাধাৰণতে মনৰ এটা দুৰ্বল অৱস্থা আৰু বিপদৰ বেলিকা নিজে সবল হৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। মই জানো যে, মহাসাগৰৰ ঢৌবোৰৰ দৰেই জীৱনটো অনিশ্চিত। ভিতিগ্ৰস্ত নহৈ কেৱল সুস্থিৰহৈ উত্তাল ঢৌৰ মাজেদি পাল তৰিব পাৰিব লাগিব। আটাইতকৈ বেয়া সময়বোৰত, মই নিজেকে কওঁ যে এতিয়াও মই জীয়াই আছোঁ আৰু সু-স্বাস্থ্যবান হৈ আছোঁ। আন যিকোনো সমস্যাতকৈ এইটোৱেই বেছি গুৰুত্বপূৰ্ণ। মই বিশ্বাস কৰোঁ যে, জীৱনটো যদি এডাল সৰল ৰেখা হ’লহেঁতেন  বৰ আমনিদায়ক হ’লহেঁতেন। মই জীৱনৰ পথটো  পাহাৰৰ ওপৰে যোৱা অসংখ্য ওখ-চাপৰযুক্ত খলা-বমা পথ হোৱাটোহে পচন্দ কৰোঁ৷ মই ডিজাইন কৰি আছোঁ।মোৰ বাবে ই কাম নহয় ই ধেমালি। মই ঘৰত গীতাৰো বজাওঁ। ই মোৰ মনটো আন ক’ৰবালৈ লৈ যায়। মই পেইণ্টিঙো কৰোঁ, কিন্তু মোৰ কম্পিউটাৰত ডিজিটেলীহে কৰোঁ। কেতিয়াবা মই এখন ফটো তোলোঁ আৰু তাৰপিছত পেইনটিঙৰ নিচিনা দেখাকৈ ইয়াক সলনি কৰোঁ। মোৰ অৱসৰ বিনোদনৰ আৰু দুটা আহিলা হ’ল ভ্ৰমণ আৰু ফটোগ্ৰাফী। মই গোটেই পৃথিৱীতে ভ্ৰমণ কৰি ফুৰা মানুহ আৰু বিভিন্ন ঠাইসমূহৰ ফটো লৈ ভাল পাওঁ। ই বৰ আকৰ্ষণীয় আৰু আৰামদায়ক৷ তাৰোপৰি মই চ’ছিয়েল মিডিয়াতো ফটো শ্বেয়াৰ কৰোঁ যাতে আন বহুতে চাই উপভোগ কৰিব পাৰে।

ফটাঢোল : আপোনাৰ পৰিকল্পনাসমূহৰ বিষয়ে জনাব নেকি? অসমলৈ উভতি অহাৰ কিবা সম্ভাৱনা আছে নেকি?

অমূল্য বৰুৱা : যেতিয়াই মন যায় মই অসমলৈ ভ্ৰমণ কৰিবলৈ যাওঁ, ইয়াৰ বাবে মই কাৰো অনুমতি লোৱাতো প্ৰয়োজন নাই। যদিও মই মোৰ জন্ম হোৱা ঠাইখন ভাল পাওঁ, লেতেৰা ৰাজনীতি আৰু দুৰ্নীতিৰে ভৰা এনে এখন ঠাইত থাকিব নোৱাৰোঁ আৰু দেখিছোঁ যে প্ৰতি বছৰে এইবোৰ আৰু অধিক বেয়ালৈহে ঢাল খাই গৈ আছে৷ সকলো মানুহেই নিজৰ আটাইতকৈ ভালটো কৰিবলৈ হ’লে মনত শান্তি বিচাৰে। মই নাভাবোঁ যে আমাৰ অসমত সেয়া আছে। তাৰোপৰি, পৃথিৱীজুৰি মই কম সময়ৰ বাবে আৰু  বাৰে বাৰে  বিভিন্ন এচাইনমেণ্টৰ বাবে ভ্ৰমণ কৰিব লগা হয়৷ মই নাভাবোঁ যে অসমত থাকিলে  মই এইটো কৰিব পাৰিম। প্ৰত্যেকবাৰ অসম ভ্ৰমণতেই, ধৰ্মঘট, পথবন্ধ আদিবোৰ দেখি আহিছোঁ। যাৰ ফলত বিমান বাতিল  হয় আৰু মোৰ ভ্ৰমণসূচীত তাৰ প্ৰভাৱ পৰে।

সেয়ে, যদিও মই অসমত থাকি ভাল পাওঁ, তাত থকাটো মোৰ পেশাটোৰ বাবে বাস্তৱিক সমাধান নহয়। মই অসমৰ কাৰণে সুদূৰপ্ৰসাৰী হোৱা কিবা এটা কৰাৰ ইচ্ছা আছিল। আন্তৰ্জাতিক মানদণ্ডৰ এটা ডিজাইন ইনষ্টিটিউট গঢ়ি তোলাৰ আগ্ৰহী আছিলোঁ। কিন্তু উল্লেখিত বাধাসমূহৰ বাবেই  সামন্তৰালকৈ মই  এই চিন্তা বাদ দিলোঁ। অন্যথা, মই য’তেই থাকোঁ অসম মোৰ হৃদয়ত সদায় মোৰ ঘৰ হৈ থাকিব। যদিও মই নিজে বিশ্বজনীন অনুভৱ কৰোঁ, মোৰ শিপাডালে অসমতহে খামুচি আছে।

ফটাঢোল : শেষত আপুনি আমাৰ পাঠকসকলক উদ্দেশ্যি কি ক’ব?

অমূল্য বৰুৱা : আমাৰ ল’ৰা-ছোৱালীক পিতৃ-মাতৃসকলে সৰুৰে পৰাই নিজৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত উৎসাহ যোগাব লাগে। তেওঁলোকৰ  আচলতে কিহত ৰাপ আছে সেই কথা পিতৃ-মাতৃসকলে নিৰীক্ষণ কৰা উচিত আৰু সেইক্ষেত্ৰত প্ৰয়োজন হোৱা যথাযোগ্য সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগে আৰু সংগীত, নৃত্য, চিত্ৰশিল্প, খেল আৰু পৰ্বতাৰোহণৰ দৰে কিছুমান আসাধাৰণ ক্ষেত্ৰত প্ৰশিক্ষণৰ সুবিধা কৰি দিব লাগে৷ পিতৃ-মাতৃসকলে জীৱিকাৰ বাবে তেওঁলোকৰ সন্তানে কি কৰিব এইক্ষেত্ৰত কেতিয়াও নিজৰ চিন্তাধাৰা জাপি দিব নালাগে। যদিও মই ডিগবৈৰ দৰে অসমৰ এখন সৰু নগৰৰপৰা আহিছোঁ, ক্ৰিয়েটিভ ডিজাইনাৰ হিচাপে সৰ্বোত্তম হ’বলৈ সক্ষম হোৱাৰ একমাত্ৰ কাৰণ হ’ল, মই যি কৰিছিলোঁ মোৰ মা-দেউতাই কেতিয়াও তাত বাধা আৰোপ কৰা নাছিল৷ উৎসাহ পৰিৱৰ্তিত হয় অনুপ্ৰেৰণালৈ আৰু  অনুপ্ৰেৰণাই আমাক শকতি দিয়াৰ লগতে প্ৰতিযোগিতাত জয়ী হ’বলৈ দৃঢ়তা দিয়ে।

ফটাঢোল : আমাৰ ‘ফটাঢোল’ প্ৰধানকৈ হাঁহি বিয়পাবলৈ সংকল্পবদ্ধ। এই সংখ্যাটিৰ বাবে আপোনাক অতিথি হিচাপে পাই আমি আনন্দিত৷ আপুনি আমাৰ গৌৰৱ। অনাগত দিনতো আপুনি ‘আই অসমী’ৰ গৌৰৱ অটুট ৰাখিব বুলি আশা ৰাখিলোঁ।আমাক সহযোগ কৰাৰ বাবে পুণৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

অমূল্য বৰুৱা : আপোনালোক সকলোকে ময়ো মোৰ ফালৰপৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।

 

*”ফটাঢোল টিমৰ হৈ সাক্ষাৎকাৰটো যুগুত কৰিলে মানসী বৰা আৰু হিমাংশু ৰাজখোৱায়ে

 

 

☆ ★ ☆ ★ ☆

8 Comments

  • ৰিণ্টু

    বহুত ভাল লাগিল তেখেতৰ বিষয়ে জানিবলৈ পাই।

    আন্তৰিক ধন্যবাদ তেখেতলৈ

    Reply
  • হিমাংশু

    তেখেতৰ বিষয়ে আগ্ৰহ আগৰ পৰাই আছিল।
    এতিয়া বহু কথা জানিলো।

    Reply
  • Rajkhowa diganta

    His work always inspired me a lot… Whenever we met ,we talk always I want to know new techniques, new ideas from him that i can apply it. He has master eyes and his work always universal. Thank you

    Reply
  • Dil Deka

    Great interview. Mr.Amulya Baruah is so talented , yet so humble. His journey in life will inspire many young students in Assam.
    Best wishes to Mr. Baruah.

    Reply
  • আমি গুৱাহাটীৰ ইমেজত পঢ়োঁতে তেওঁৰ কথা হেমেন কলিতা ছাৰে শিকিবলৈ কৈছিল🙏 অশেষ ধন্যবাদ সাক্ষাৎকাৰটোৰ বাবে

    Reply
  • বন্দিতা

    বৰ ভাল লগা সাক্ষাৎকাৰ। ভাল লাগিল

    Reply
  • Bhaskar dev

    Val lagil maulyada…

    Reply

Leave a Reply

Your email address will not be published.