ফটাঢোল

আপদীয়া পদ্য – জ্যোতিৰ্ময় গগৈ

১)

শেহতীয়া ৰিভ’লিউশ্যন অনলাইন মাৰ্কেটিং

বিচাৰিলেই পাবা তুমি ইচ এন এভৰিথিং

মনিৰামেই আচল মেটাৰ

সাৱধানে অৰ্ডাৰ দিয়াটো বেটাৰ

বহুজাতিক কোম্পানীৰ ই এটা মস্ত ডাঙৰ ফিটিং।

 

২)

শিৱসাগৰৰপৰা ডিব্ৰুগড় ৯০ কিলোমিটাৰ ২ ঘণ্টাৰ বাট

১০ বজাত গৈ ১২ বজাত পাম ১ বজাত কাম আছে তাত

১০ বজাত গাড়ীৰ চকা ঘূৰিল

গৈ পাই দেখিলোঁ ডেৰ বাজিল

বাটৰ মাজে মাজে গাঁতনে প্ৰভূ, গাঁতৰ মাজে মাজে বাট!

৩)

মিছকল পাই দেৰি নকৰি ষ্টাৰ্ট কৰিলোঁ বাইক

গধুলি ফটো আপল’ড কৰিম টাৰ্গেট এহাজাৰ লাইক

হেলমেট পিন্ধিবলৈ থাকিলোঁ পাহৰি

পুলিচে ধৰিলে হা‌য়ৰে কাগজ বিচাৰি

এঘণ্টা সময় বৰবাদ, কোনে বুজাব তাইক!

☆★☆★☆

Leave a Reply

Your email address will not be published.