ফটাঢোল

আমাৰ চেনেহৰ লেণ্ডলাইন ফোনটো- কমলা দাস

আমি ছোৱালী হৈ থকা সময়ত লেণ্ডলাইন ফোনটো আমাৰ বাবে এক হেঁপাহৰ সম্পদ আছিল। বহুত আনন্দৰ, সুখৰ স্মৃতি জড়িত থকা ফোনটো পিছে সেই সময়ৰ সকলো মানুহৰ বাবে প্ৰয়োজনীয়ও নাছিল আৰু সুলভো নাছিল। এটা অঞ্চলত আঙুলিৰ মূৰত গণিব পৰা কেইঘৰমান মানুহৰ ঘৰত হে ফোন আছিল। যাৰ ঘৰত আছিল, সেইঘৰ মানুহ ধনী বুলিয়েই পৰিগণিত হৈছিল। অৱশ্য তাকে লৈ মানুহঘৰৰ কোনো অহংকাৰ নাছিল। বৰং কোনোবাই ফোন কৰিব আহিলে ভালেই পাইছিল। দূৰৰ পৰা কোনোবাই যদি কাৰোবাক ফোন কৰিম বুলি নিৰ্দিষ্ট সময়ত মাতি দিবলৈ কয়, তেন্তে এমাইল দূৰ বাট গৈ হ’লেও গৃহস্থই খবৰ দি আহিছিল। টানে বিপদে কাৰোবাক খবৰ দিয়া, কাৰোবাৰ অফিচ সম্বন্ধীয় কাম, কাৰোবাৰ দৰাই কইনাক পচন্দ কৰাৰ খবৰ, কাৰোবাৰ ঘৰত কেঁচুৱাৰ জন্ম হোৱা খবৰ, কাৰোবাৰ চাকৰি হোৱা খবৰ, আদি ইত্যাদি কৰি মুঠতে অজস্ৰ  খবৰৰ আদান-প্ৰদান গৃহস্থই নিজে কৰাৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে ফোন থকা মানুহঘৰৰ পৰা সুবিধা লৈছিল।

মুঠতে যেনেদৰে শ্যামন্তক মণিটোৰ অপাৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি, ঠিক তেনেদৰে বিভিন্ন ৰঙী লেণ্ডলাইন ফোনটোৰো কথা কৈ শেষ কৰিব নোৱাৰি। তাৰ মাজৰেই এটা কথা কওঁ।

মোৰ বিয়াৰ পাছত শহুৰৰ ঘৰতো ফোন নাছিল। এই আপুৰুগীয়া বস্তুটো মোৰ বিয়াৰ দুবছৰমান পিছত হে লোৱা হৈছিল। মানে যেতিয়া লৈছিলোঁ, তেতিয়ালৈকে ৰিলায়েঞ্চৰ ফোন কৰিলেও পইচা কটা, আহিলেও পইচা কটা, চিম কাৰ্ড ভৰোৱা, নকীয়া মোবাইল ফোনে আত্মপ্ৰকাশ কৰিছিলেই।

আমাৰ সেই হেঁপাহৰ লেণ্ডলাইন ফোনটো নথকা সময়ৰ কথা। সৰু ননন্দজনীৰ দূৰণিৰ দৰাৰ লগত বিয়া ঠিক হ’ল। আমাৰ তেতিয়া ফোনৰ কাৰবাৰটো বৰজনা দাদাহঁতৰ ঘৰত থকা ফোনটোৰেই চলে। দৰাৰ ঘৰত পিছে ফোন আছিল। আঙুঠি পিন্ধোৱাৰ পাছত ফোন নম্বৰৰো আদান প্ৰদান হৈ গ’ল। আমিও তেতিয়া দাদাহঁতৰ ফোন নম্বৰেই সকলোকে দিওঁ। তেওঁলোককো দিলোঁ। ননন্দৰ আঙুঠি পিন্ধোৱাৰ পাছত বিয়ালৈকে তিনি মাহৰ বিৰতি আছিল। মাজে মাজে হ’ব লগীয়া জোঁৱাইয়ে দাদাহঁতৰ ঘৰত ফোন কৰে। হয়তো তেওঁৰ ভাবী কইনাৰ লগত কথা পাতিবৰ মন থাকে। পিছে যাৰেই ফোন নহওক, ফোন আহিলেই আকৌ সদায় দাদাই ৰিচিভ কৰে। সিফালৰ পৰা ভাবী জোঁৱাইয়ে চিনাকি দিয়াৰ পাছতে দাদাই তেওঁৰ লগত মহা উৎসাহেৰে কথা পাতিব আৰম্ভ কৰে। মাক দেউতাকৰ ভাল বেয়াৰ খবৰ সোধাৰ পৰা একেবাৰে দেশৰ পৰিস্থিতি লৈকে। দাদাৰ সৰুতে গৰু বিচাৰিব যোৱাৰ পৰা, তামোলৰ লগত নতুন চূণ খাই জিভা দেৰদেৰাই যোৱালৈকে সকলো কথা শুনাৰ পাছত জোঁৱাইয়ে লাহেকৈ ফোন থয়। ফোন থৈ আহি দাদাই আমাক এটাও কথা ইফাল সিফাল নোহোৱাকৈ ফোনত পতা কথাখিনি বিৱৰণি দিয়েহি। আকৌ দুদিনমান পাছত জোঁৱাইৰ ফোন আহে। পুনৰ দাদাই ফোন ধৰে। এনেদৰে তিনিদিন মান ফোন অহাৰ পাছত দাদাই কিবা এটা বুজি পালে হ’বলা! পিছৰবাৰ ফোন আহোঁতে বাইদেউক পঠিয়ালে ননন্দজনীক মাতিবলৈ। বাইদেৱে আহি তাইক কোৱাত, মনেৰে দৌৰি যাবৰ মন থাকিলেও লাজতে এখুজি দুখুজি কৈ তাই লাহে লাহে দাদাহঁতৰ ঘৰলৈ যায়। আৰু তাইৰ পিছে পিছে মই, শাহু, ককায়েক, খুড়ী, বাইদেউ আদিয়ে লাইন ধৰোঁ। নতুন হ’বলগীয়া জোঁৱাইয়ে বা কি কয়! কিবা দায়েই লাগিল নেকি! তাই গৈ সৰু ওখ টেবুলখনত বগৰাই থোৱা ফোনটো তুলি কাণত লগাই হেলো বুলি কয় মানে আমি তাইৰ পিছফালে থকা চকীত বহি গোটেই মখাই মুখ বন্ধ কৰি, উৎকৰ্ণ হৈ তাইৰ পিঠিখন চাই আছোঁ! তাই বেচৰীয়ে আৰু লাজতে কি কথা পাতিব ইমান হাল চকুৰ সন্মুখত! ভালে আছোঁ, খবৰ ভাল, আপোনালোকৰ খবৰ ভাল নে আদি জাতীয় দুটামান কথা কৈ মাত বোল নোহোৱাকৈ ফোনটো বহুত সময় কাণত লৈ থাকে। হয়তো সিফালৰ পৰা প্ৰেমৰ দুই এটা আবেগ মিহলি শব্দ ভাহি আহি থাকে! কিন্তু বেচেৰীয়ে তাইৰ পিছফালে থকা ভেনা মাখি জাকৰ আগত কি উত্তৰ দিব! সেই সময়ত ঘৰৰ ডাঙৰ মানুহৰ আগত, গিৰিয়েকৰ লগত বা ঘৈণীয়েকৰ লগত কথা পাতিবলৈও মানুহে লাজ কৰিছিল। তাতে আকৌ হ’বলগীয়া মানুহজন! তাই যিমান সময় ফোন ধৰি থাকিল, আমিও সিমান সময়েই তাইক ৰখি থাকিলোঁ। কিছু সময় পাছত তাই ফোনটো থোৱাৰ লগে লগে গোটেই মখাই তাইৰ ওপৰত উবুৰি খাই পৰি প্ৰশ্ন কৰিব ধৰিলোঁ। কি খবৰ, কিয় ফোন কৰিছিলে, কিবা কৈছে নেকি আদি বিভিন্ন প্ৰশ্ন। তাই লাহেকৈ দুটা এটা প্ৰশ্নৰ উত্তৰ দি ঘৰলৈ দৌৰ মাৰিলে। হয়তো তাই মনে মনে খঙতে আমাক তহঁতৰ মূৰটো বুলি গালিও পাৰিলে!

পিছলৈ যেনিবা সকলোৱে বুজি পোৱা হ’ল আৰু কথাটো। জোঁৱাইৰ ফোন আহিলে দাদাই, ননন্দজনীক মাতিবলৈ বাইদেউক পঠিয়াই নিজে বাহিৰলৈ ওলাই যায়। বাইদেউৱেও তাইক ইঙ্গিতেৰে মাতি ফোন ধৰিবলৈ পঠিয়াই নিজে আমাৰ ঘৰতে ইটো সিটো কথা পাতি থাকে।

তাই ফোন ধৰি অহাৰ পাছত আমি দুইজনী জাঁয়ে লগ হৈ তাইক ৰুমলৈ লৈ গৈ জবৰদস্ত ৰেগিং কৰোঁ।

          ☆ ★ ☆ ★ ☆

2 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ধেই, ইমান অত্যাচাৰ?

    Reply
  • শৰৎ মহন্ত ।।।নগাঁও ।।।।

    আমাৰ ঘৰৰ ফোনটোৰ নামবাৰ এক
    ফালং’ দূৰলৈকে সকলোৰে হাতত
    আছিল।
    2140 বেছি কষ্ট হৈছিল মৃত্যু ৰ খবৰ
    বোৰ নিজে গৈ দিয়াটো ।
    —‘–
    ভাল লাগিল পঢ়ি ।।।

    Reply

Leave a Reply

Your email address will not be published.