ফটাঢোল

ইণ্টাৰভেল-উজ্জ্বল দিপ্লু গগৈ

সেইদিনাখন ঈদৰ বন্ধ আছিল৷ চালমান খানৰ ৰেডী চিনেমাখনে মুক্তি পাইছিল৷ ডেকা ল’ৰাৰ কথা, ভাইজানৰ বডী উলিয়াই মাৰপিট কৰা চিনেমা বুলিলে কেটেং-মেটেং কেইটাৰো বাইচেপৰ নিগনি ডাঙৰ হৈ আহে৷ ৰাতিপুৱাৰপৰাই হোষ্টেলৰ সৱৰে জৌশ; লগৰ আটাইবোৰে একেলগে ভাইজানৰ চিনেমা চাব৷ মেচ মেনেজাৰে বুঢ়া ঠাকুৰক ৰেডী চাবলৈ যাম বুলি ৰাতিপুৱাই ভাত ৰেডী কৰিবলৈ ক’লে৷ ৰাতিপুৱাই হোষ্টেলৰ বাৰাণ্ডাত আড্ডা এটা চলি গ’ল ভাইজানৰ কোনখন চিনেমা কেনেকুৱা হিট হৈছিলৰপৰা আৰম্ভ হৈ নতুন এক্ট্ৰেচ কোন কেইজনী সৰগৰ পৰীৰ অৱতাৰ আৰু তাৰপৰা গৈ অসমীয়া ফাকটি এক্টৰৰ ওপৰত গালিৰ ফল্গুধাৰা বোৱাই দিয়ালৈকে এটা মোটামুটি লেখত ল’বলগীয়া টক শ্ব’ই আৰু৷ মুঠৰ ওপৰত আমি ২৫ টামান ল’ৰা ওলালোঁ ৰেডী চাবলৈ৷

গোটেইবোৰৰ মাজত ‘নাম প্ৰকাশত অনিচ্ছুক’ প্ৰেমিকাহেৰুৱা বন্ধুও ওলাল৷ আমাক ক’লে,

: ৰাতিপুৱাই মানুহজনীক বৈদ্য ফাঁকি এটা মাৰিব লগা হ’ল ঐ, মনটো বেয়াই লাগি আছে৷

আমি ঠাট্টা মাৰিলোঁ,

: হ’ব দে চিনেমা লগৰকেইটাৰ লগতহে যাবি, বেলেগ ছোৱালীৰ লগত যাবি নেকি কিবা?

বন্ধুৱে ক’লে,

: নাই অ’ তাই আজি পাণবজাৰ যাবলৈ মোক লগ ধৰিছিল, কিন্তু তহঁতৰ পাল্লাত পৰি মই লগৰ এটাৰ মোমায়েক জি এম চিত এডমিট হৈছে, খবৰ কৰোঁগৈ বুলি মিছা মাতিছোঁ চাচোন৷

কোনোবা এটাই হাঁহিলে,

: থ’ থ’ ইমান ভয় কৰে নেকি গাৰ্লফ্ৰেণ্ডক৷

প্ৰেমত ঝটকা খোৱা এটাৰপৰা বুদ্ধিজীৱি মন্তব্য এটাও উৰি আহিল,

: এনে প্ৰেম কৰি ফলাবলৈ আহিছ, দুদিনৰ পাছত ৰাতি মোৰ ৰূমৰ দুৱাৰত ‘মদ দে ব্বে মোক’ বুলি মাজৰাতি গুৰিয়াবলৈ নাহিবি৷

বন্ধুৰ গাৰ্লফ্ৰেণ্ডে হেনো সেইদিনা তাক বিনা প্ৰশ্নবাণেৰেই অনুমতি দিলে; তাৰ তাতেই মনটো বেয়া লাগিল, ইমান সৰলমনেৰে তাই পাণবজাৰ যোৱাটো পিছুৱাই তাক জি এম চিলৈ যাবলৈ দিলে৷ আৰু সি……! যি কি নহওক, ফ্লেক চিগাৰেটৰ ধোঁৱা উৰুৱাই অলপ পাছত বিশ্ববিদ্যালয়ৰ মেইন গেটত ছয় নম্বৰ চিটি বাছত আটাইবোৰ উঠিলোঁগৈ৷ প্ৰাগজ্যোতি চিনেমা হলৰ ১১ টা বজাৰ শ্ব’৷ মালিগাঁও পাৰ হোৱাৰ পাছৰেপৰা ট্ৰেফিক জাম আৰম্ভ হ’ল৷ বাছৰ কণ্ডাক্টৰে হেণ্ডিমেন পোৱালিটোক কোৱা শুনিলোঁ,

: আজি ভাইজানৰ ফিলিম লাগচি অ’, গোটাইমাখা গাড়ী গাঁৱৰ চলিক ইতে পাবি, জাম লাগবোই৷

কথাটো সঁচা, প্ৰাগজ্যোতিৰ চৌহদত ভীষণ ভীৰ৷ টিকেট কটা মেলা লৈ ঠেলা-হেঁচা৷ বহুতলোক ইতিমধ্যে সোমাইছিল৷ আমিও টিকেট কাটি হলৰ ভিতৰ পালোঁগৈ৷ দীঘল দুটা লাইন আমাৰ কব্জাত পৰিল৷ চীটৰ খেলিমেলি, কোলাহল, হৈ-হাল্লাৰ মাজতে অলপ সময়ৰ পাছত চিনেমা স্ক্ৰীণত ভাঁহি উঠিল৷ প্ৰথমেই গান আৰম্ভ হ’ল;

ধিংঙ্কা চিকা, ধিংঙ্কা চিকা
ধিংঙ্কা চিকা, ধিংঙ্কা চিকা
ৰে এ এ এ

এ এ এ

১২ মহীনে ম্যে, ১২ তৰীকে চ্যে

তুঝকৌ প্যাৰ জতাঊঁগা ৰে……

এ এ এ

এ এ এ……

লগে লগে ভাইজান বুলি দৰ্শকৰূপী এজাকমান চালমান খানে দলীয় নৃত্য তাতে আৰম্ভ কৰি দিলে৷ চিনেমাই গতি ল’লে, কাহিনী সাধাৰণ কিন্তু দৰ্শক অসাধাৰণ৷ চালমানৰ ডাইলগৰ তালে তালে দৰ্শকৰ হিৰ’মাফিক মচ’ন৷ আমাৰবোৰো পৰি মৰা ভকত নাছিল, এটা এটা ল’ৰাই অকলশৰে বিকেবি অডিটৰিয়াম হিলাই থাকিবপৰা জোখাৰে উৎপাত কৰিব পাৰিছিল৷ অঘোষিত উকি আৰু চিঞৰ প্ৰতিযোগিতা এখন আৰম্ভ হৈ গৈছিল৷ কাপোল হৈ চিনেমা চাবলৈ অহাবোৰে অশান্তি পাইছিল৷ কোনোবা ল’ৰাই যা-তা মাত মতাৰ লগে লগে বয়ফ্ৰেণ্ডবোৰে মূৰটো ঘূৰাই পাছলৈ চাই অস্বস্তি পোৱা যেন দেখাইছিল৷ কিন্তু জাকৰুৱা চিঞৰ আৰু কিবা ক’বি নেকি বেটা আমাক টাইপৰ ডাইলগ দিয়াৰ লগে লগে কাপোলবোৰে তাপ মাৰিছিল৷ ইতিমধ্যে আমাৰ নাম প্ৰকাশত অনিচ্ছুক বন্ধুৱেও উৎপাতৰ মাজত নিজকে বিলীন কৰি দিছিল৷ ছোৱালী জোকোৱাত সি এনেই এক্সপাৰ্টেই আছিল কিন্তু এবাৰ গাৰ্লফ্ৰেণ্ডৰ  লগৰ এজনীক জোকাই ধৰা পৰাৰ পাছত গাৰ্লফ্ৰেণ্ডে তাক তাইৰ মূৰত চোৱাই শপত খোৱাই জীৱনত ছোৱালী নোজোকাই ভাল ল’ৰা হ’বলৈ শিকাইছিল৷ কিন্তু হ’লে কি হ’ব, ‘অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ’ বুলি কথা এষাৰ আছে,প্ৰেমৰ ভাৱনাত চালমানৰ প্ৰেমালাপে ইন্ধন যোগোৱা চিনেমাখনৰ প্ৰেমময় মুহূৰ্তত বন্ধুৰ দুটামান শাৰীৰ আগফালে বহা প্ৰেমিক যুগলৰ মূৰ দুটা এজনৰ আনজনৰ ফালে মুখ কৰি লাহে লাহে ওচৰ চাপি গৈছিল, আন কাৰোবাৰ চকুত পৰাৰ আগতে তাত চকু পৰিলগৈ বন্ধুৰ৷

তাৰ মুখৰপৰা উকি এটা ফাঁটি আহি চিনেমাহল কঁপি উঠিল “লাইভ হিৰ’ হিৰ’ইন ওলালে ঐ ৰাইজ ইয়াত আজি৷” কোনে কাক ব্ৰহ্মাস্ত্ৰপাত দিলে ততভত ৰাইজৰ কোনেও ধৰিব নোৱাৰিলে, কিন্তু আমি মন কৰিলোঁ যেনিয়ে তেনিয়ে বেঁকা হৈ থকা কেইবাযোৰা মূৰ হঠাৎ চিধা হৈ পৰিল স্ক্ৰীণৰ অভিমুখে৷ বন্ধুক আমাৰ লগৰ সৱেই চাব্বাচি দিলে,

“ৱাঃ হিৰ’ ৱাঃ তোৰ চকু কিন্তু মানি গৈছোঁ৷”

বন্ধুৰ অত্যুৎসাহী উত্তৰ

: তহঁতি ৰীল লাইফহে চাৱ, মই ৰীলৰ লগতে ৰিয়েল লাইফটোও চাই ফুৰোঁ, চাই থাক ভৱিষ্যতে চি আই ডিত মোৰ চাকৰি ফিক্সড৷

তেনেসময়তে ইণ্টাৰভেল হ’ল, লাইটবোৰ সৱ জ্বলি উঠিল৷ সাধাৰণতে ইণ্টাৰভেলত কাপোলবিলাকৰ ল’ৰাবোৰ পপকৰ্ণ কিনিবলৈ যায়, ছোৱালীবোৰে তললৈ মূৰ কৰি ম’বাইল পিটিকি থাকে আৰু কেও কিছু নাইকিয়াবোৰে সৰুপানী চুবলৈ টইলেটলৈ দৌৰ দিয়ে৷ টইলেট অভিমুখী যাত্ৰালৈ আমাৰ লগৰকেইটা ৰেডী হৈছিল, বন্ধুৰ চিঞৰত লাজ পোৱা ল’ৰাটোৱে থিয় হৈ পাছফালে চাই অনুমান কৰিবলৈ চেষ্টা কৰিছিল তাক অপমান কৰাটো কোন হ’ব পাৰে৷ বন্ধুৱে আমাৰ দুটামানৰ কাণে কাণে ক’লে,

: বৰ পায়তাৰা দেখুৱাই খাৰা হৈছে দেখোন এইটো, ব’ল ওচৰেদি লেবেল দি যাওঁ৷

তাক বাদ দে বুলি আমি বুজালোঁ কিন্তু সি নুশুনিলে; চাৰ্টৰ কলাৰটো ওপৰলৈ তুলি ক’লে,

: পাব্লিক প্লেচত এইবোৰ কৰি লেবেলত আমাক চাব আৰু ভয় আমি খাম হাঁ! ন’ নেভাৰ ইমান লেবেল সহ্য নহয়৷

ল’ৰাটোৰ চকুত চকু থৈ বন্ধু চীটৰপৰা উঠি গ’ল, কিন্তু…

ল’ৰাটোৰ লগত চাৰি চকুৰ মিলনৰৰপৰা গৈ বন্ধুৰ ছয় চকুৰ মিলন হ’লগৈ৷ আমি টইলেটলৈ গৈ থকাকেইটাই আন এটা চিঞৰ শুনা পালোঁ

“তুমমমমমমমমি….!”

বন্ধু ইতিমধ্যে ধাচকৈ মজিয়াত বহি পৰিছিল আৰু আমিকেইটাই বন্ধুক কি হ’ল বুলি ধৰিবলৈ আহি আমাৰো মুখবোৰ,

“ইয়ে ব্বে কি এইবোৰ?”

বুলি মেল খাই পৰিল। তেতিয়ালৈকে বন্ধুৰ মৰমৰ গাৰ্লফ্ৰেণ্ডজনীয়ে ৰেডী চাবলৈ লগত লৈ অহা ল’ৰাটোক এৰি এক্সিট দুৱাৰখনলৈ ৰেডী ১,২,৩ কৰি দৌৰ দিছিল, আমাৰ লগৰ দুটামানে ল’ৰাটোক ধৰি ৰখাইছিল আৰু নাম প্ৰকাশত অনিচ্ছুক বন্ধুজন…! তাৰ কথানো কি ক’ম আৰু…! পৃথিৱীত হয়তো এনেকুৱা দুখত সান্ত্বনা লভিবলৈ আজিৰ তাৰিখলৈকেও শব্দৰ জন্ম হোৱা নাই৷ সেইদিনা ৰাতি দুই বজাত বন্ধুৱে দুৱাৰ এখনত গোৰ মাৰি কৰুণ বিননি জুৰিছিল,

: মোওওক আৰু মদ দ্দে ব্ব্যে, জীৱনটো বৰব্বাদ হৈ গ’ল ঐ মোৰৰৰৰৰ………৷

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.