ফটাঢোল

ইমান চিনাকিও ভাল নহয় – হিমাংশু ৰাজখোৱা

কাহিনী-১

হোটেলখন সম্ভ্ৰান্ত নহয়, কিন্তু অতি জনপ্ৰিয়। মাছকে আদি কৰি আমিষ ব্যঞ্জন খাবলৈ মানুহৰ দুপৰীয়া লাইন লাগি থাকে। বিশেষকৈ মাছৰ ব্যঞ্জনৰ বাবে হোটেলখন বিখ্যাত। দামো ভালেই লয় যদিও মাছো যি টুকুৰা দিয়ে খাওঁ বুলিলে ৩ জনমানে ভাগ কৰি খাব পাৰে। অৱশ্যে মাছ-মাংস নাখালেও তেওঁলোকৰ হোটেলৰ নিৰামিষ থালিও অতি সুস্বাদু। সেই থালিতো ডাঙৰ মাছৰ মূৰেৰে ৰন্ধা এপদ ব্যঞ্জন থাকে।

এদিন দুপৰীয়া খাবলৈ সোমালোঁ, অকলে আছিলোঁ। ভাবিলোঁ ইমান ডাঙৰ মাছ টুকুৰা অকলে খাব নোৱাৰিম, গতিকে নিৰামিষ থালিকেই লওঁ। মাছৰ মুড়িঘণ্টাখনটো থাকিবই। পইচাও বাচিব।

যথা সময়ত টেবুলত বহিলোঁ। হোটেলৰ কৰ্মচাৰী এজনে  প্ৰথমে নিৰামিষ থালিখন দি গ’ল আৰু চিনাকি ল’ৰাজনে “দাদা কি মাছ দিম?” বুলি মাছৰ মস্ত প্লেট এখন লৈ আহিল। হৰেক ৰকমৰ দামৰ হৰেকবিধ মাছ। আহোঁতে-যাওঁতে ল’ৰাটো চিনাকি হৈ গৈছে। মই মাছ নাখাওঁ বুলি ক’লেই লেঠাটো তাতেই শেষ হয়! কিন্তু নহ’ল! বেছি চিনাকি দেখুৱাবলৈ গৈ মই ক’লোঁ-“আজি মাছ নাখাওঁ বৃহস্পতিবাৰ যে!” এইবুলি কৈ ভাতৰ পাতত হাত দিম আৰু! সিও চিলনীয়ে থপিওৱাদি কাঁহীৰ কাষত থকা মাছৰ মূৰৰ ব্যঞ্জনৰ বাতিটো থাপ মাৰি উঠাই নিলে আৰু ক’লে, ” ইচ ৰাম দাদা, আগতেই ক’ব লাগিছিল, ডাঙৰ কথা হ’লহেঁতেন, ইয়াত মাছৰ মূৰ আছিল। ঐ, পোৱালি এইটো লৈ যা!!”

কাহিনী-২

 

চহৰখন সৰু, কিন্তু অসমৰ অতি স্পৰ্শকাতৰ এখন জিলাৰ সদৰ ঠাই হিচাপে অতি গুৰুত্বপূৰ্ণ। সেই ঠাইখনৰে এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ কৰ্মচাৰী হিচাপে মোৰ চিনাকিও বহুত। বিভিন্ন অন্য অফিচৰ বিষয়া কৰ্মচাৰীৰ পৰা ব্যৱসায়ী, দোকানীলৈকে।

সেইদিনা অত্যন্ত ব্যস্ততাৰ বাবে গোটেই দিনটোত আক্ষৰিক অৰ্থতেই খুদকণ এটাও পেটত পৰা নাই।

সন্ধিয়া বিভাগীয় বৰমূৰীয়াগৰাকীয়ে প্ৰায় জোৰ কৰিয়েই মোক এবাৰ বাহিৰৰ পৰা অলপ ফুৰি আহি কিবা এটা খাই আহিবলৈ ক’লে। মই স্কুটিখনলৈ চহৰৰ মাজ মজিয়াৰ এখন ভাল ৰেস্তোৰাঁৰ সন্মুখত ৰলোঁহি। স্কুটিখন ষ্টেণ্ড কৰোঁতেই এজনে মাত লগালে, “ৰাজখোৱা দা, চাহ খায়?”

মই অঁ বুলি কৈ তেওঁক কলোঁ, “আহা চাহ খাওঁ”

তেওঁ কলে, ” আহক, আজি মই খুৱাম” এই বুলি কয়েই ইমান আন্তৰিকতাৰে প্ৰায় হাতত ধৰি টানি নিয়াদি নি বেলেগ এখন চাহৰ হোটেলত সোমোৱালেগৈ যে মই তৰ্কিবই নোৱাৰিলোঁ।

সন্ধিয়া ভোকত কিবা এটা খাম বুলি আহি, কাৰোবাৰ আন্তৰিকতাক নেওচিব নোৱাৰি মইও একাপ হাফ চাহ আৰু গজা এটা লৈ আধা ঘন্টা কথাৰ মহলা মাৰি পুনৰ অফিচলৈ উভতি আহিলোঁ। পেটৰ ভোক, পেটতে থাকিল।

সেইকাৰণে কৈছোঁ, ইমান চিনাকিও বেয়া।

☆ ★ ☆ ★ ☆

16 Comments

  • ৰাজশ্ৰী শৰ্মা

    জমনি দেই, সঁচাই ইমান চিনাকিও ভাল নহয় দাদা।

    Reply
  • অলকেশ ভাগৱতী

    বঢ়িয়া লাগিল৷ গুলি৷

    Reply
  • দিম্পল

    বেয়া বেয়া । ইমান চিনাকি আৰু বেয়া😂😂

    Reply
  • শৰৎ মহন্ত ।। নগাঁও ।।

    এৰা ইমান চিনাকী বোলা বস্তুটো ভাল নহয় ।ময়ো বহুত পইছা ভৰি থৈছো।।
    লেখনি দুয়োটায়েই ভাল হৈছে।।

    Reply
  • আদিত্য

    হয়, একদম সত্য কথা- ইমান চিনাকিও ভাল নহয় ।

    Reply
  • rintumoni dutta

    এইবোৰ কাৰণতে মই মানুহৰ লগত চিনাকিয়েই নহওঁ‌

    বঢ়িয়া লাগিল হিমাংশু

    Reply
  • Anonymous

    বঢ়িয়া লাগিল

    Reply
  • HEMANTA KAKATI

    হেঃ হেঃ মই সেইকাৰনে এইবোৰক কাটিখুৱাই অকলে অকলে খাওঁ৷

    Reply
  • সঞ্জীৱ।

    মজা লাগিল।ইমান চিনাকিও ভাল নহয়।

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ! সচাঁকৈ বেছি চিনাকি ভাল নহয়।

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল পঢ়ি । সচা কথা, ইমান চিনাকিও ভাল নহয় ।

    Reply
  • abhijit goswami

    বঢ়িয়া লাগিল দাদা 😊 😊

    Reply
  • Krishna

    ভাল লাগিল পঢ়ি

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    জমনি কাৰবাৰ! দুয়োটা ক্ষেত্ৰতেই মই নিজক ৰাখি চাইছোঁ‌।
    প্ৰথম দৃশ্য :
    এহ! হ’ব দিয়া। খাই দিওঁ‌ আৰু আজি।
    দ্বিতীয় দৃশ্য :
    অ’ ভাই, তামাম ভোক লাগিছে অ’। চাহ-গজাই নাটানিব। হাঃ হাঃ হাঃ। তুমি খোৱা বাৰু, বাধা নিদিওঁ‌।

    Reply
  • ভাল লাগিল দাদা

    Reply
  • নীলাক্ষি দেৱী ডেকা

    এইটো আগতেও পঢ়িছোঁ এবাৰ। আকৌ পঢ়িলোঁ। বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.