ফটাঢোল

উকুলি মুকুলি-মাধুৰীমা ঘৰফলীয়া

-বা

ফোনটো ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মৃদুৱে মাত লগালে। অৰ্নিৰ সৈতে অনলাইন ক্লাছত বহি থকা মাতুৱে লেপটপৰ স্ক্ৰীণ আৰু অৰ্নিৰ ওপৰত চকু ৰাখিয়ে সুধিলে,

-ক

-মই বৰ ডাঙৰ বিপদত পৰিছোঁ বা।

বিপদ আৰু মৃদু! মাতুৰ চেলাউৰি কোঁচ খাই গ’ল।

-হেৰৌ এটাৰ লগত অনলাইন ক্লাছ কৰি কৰি ইতিমধ্যেই এই পৃথিৱীৰ পৰা বিদায় লওঁ যেন লাগিছে, তই আকৌ ক’ৰ পৰা বিপদ চপাই ল’লি?

-বা মই বিয়া পাতিবলৈ লৈছোঁ!

-বিয়া? ছোৱালী নে ল’ৰাক? তোলৈ কোনোবা ছোৱালী আহিব জানো? ল’ৰাই হ’ব চাগে ।

মাতুৱে তাক জোকাই চালে।

-বা মই সঁচাকৈয়ে বিয়া পাতিবলৈ লৈছোঁ!

এইবাৰ মৃদুৰ গহীন মাতষাৰ শুনি মাতুৰ হাঁহি ৰৈ গ’ল। সঁচাকৈয়ে মানে! সি সঁচাকৈয়ে বিয়া পাতিব? সেই ঘটনাটো হৈ যোৱা কিমান দিননো হৈছে! এবছৰমান হৈ গৈছেহে চাগে। সিয়ে ফোন কৰি তাইক ঘৰলৈ মাতি নিছিল। ঘৰ পায়ে মামীয়েকৰ গহীন মুখখনৰ সৈতে সন্মুখীন হৈছিল। সৰুতেই মাক দেউতাকক হেৰুৱাই মামাকৰ ঘৰত ডাঙৰ হোৱা মাতুৰ বাবে সেইখন চিনাকী মুখ আছিল। মামীয়েকে সেইটো ৰূপ ধৰিলে মামাক আৰু তেওঁলোকৰ একমাত্ৰ সন্তান মৃদু আহি তাইৰ শৰণাপন্ন হয়। তাইৰ বাহিৰে কোনেও সেই সময়ত তেওঁক শান্ত কৰিব নোৱাৰে। মৃদুৰ মতেটো মাতুহে আচলতে তেওঁৰ সন্তান, মৃদু তোলনীয়াহে হেনো। মাতুৱে হাঁহে। গোটেই ঘৰখন চম্ভালি থকা বৰগছৰ দৰে মানুহজনীক তাই বুজি পায় বাবেই তেওঁৰ আদৰৰ তাই।

-ই হেনো বিয়া পাতে!

মাতুক চাহকাপ দি মামীয়েকে মুখ খুলিছিল।

-বৰ ভাল কথাচোন মামী। বয়সো হৈছে নহয় তাৰ।

-কেৱল বয়স হলেই নহ’ব নহয়, মূৰত দায়িত্ববোধ বোলা কিবা এটাও থাকিব লাগিব।

-বিয়াৰ পাছত চিজিল লাগি যাব মামী।

-মোমায়েৰক চিজিল লগা দেখিলি জানো? আৰু মই নিবিচাৰোঁ ছোৱালী এজনী আহি প্ৰেমৰ নামত এনেকুৱা অলগৰ্ধ এটাৰ সৈতে সাঙুৰ খাওক।

মামীয়েকে অৱশ্যে মিছা কোৱা নাছিল। প্ৰেম বিবাহ হৈছিল তেওঁলোকৰ। সেই প্ৰেম চাগে অলপদিনহে থাকিল, তাৰ পাছত মোমায়েকৰ ধোদ স্বভাৱৰ বাবে পৰিয়ালৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সকলো ভাৰ যেতিয়া তেওঁ অকলেই কান্ধ পাতি ল’ব লগা হ’ল; প্ৰেম পলাই ফাঁট মাৰিল। মৃদুও দেউতাকৰ দৰেই হ’ল। সংসাৰৰ দায়িত্বৰ প্ৰতি সামান্য গুৰুত্বও নাই। তথাপিও সি তাইৰ মৰমৰ ভায়েক, গতিকে আৰু এবাৰ চেষ্টা কৰি চালে।

-মামী অতবোৰ সম্পত্তি আছে তাৰ, তিনি পুৰুষে কাম নকৰিলেও ভালকৈ খাব পাৰিবচোন।

-সেইবোৰ তাৰ ককাক আৰু মই গোটোৱা সম্পতি। তাৰ নহয়।

-এনেকৈ আকোৰগোঁজ হৈ থাকিলে বংশ নোহোৱা হ’বগৈচোন।

-কিয় অৰ্নি আছে নহয়।

অৰ্নিক কোলাত লৈ মামীয়েক আঁতৰি গৈছিল। দুৱাৰ চুকৰ পৰা সকলো শুনি থকা মৃদুৱে হতাশ চাৱনিৰে মাতুলৈ চাইছিল। তাই ইংগিতেৰে কৈছিল ৰহ ধৈৰ্য ধৰ। মৃদুৱে ধৈৰ্য ধৰিছিল আৰু মাতুৰ বুজনিৰ পাছত সঁচাকৈয়ে দুদিন পাছত মামীয়েক সন্মত হৈছিল। কিন্তু ছোৱালীৰ ঘৰলৈ ছোৱালী খুজিবলৈ যাবলৈ বুলি সন্মত নহ’ল।

ছোৱালী ওচৰৰে আছিল। মৃদুক লগত লৈ মাতু নিজে গ’ল। গৃহস্থই সিহঁতক দেখি আলহ-উদহ কৰি বহুৱালে। চাহৰ পৰ্ব আৰম্ভ হওঁতেই মাতুৱে লাহেকৈ কথাষাৰ উলিয়ালে। ঘৰখন লগালগ ঠাণ্ডা হৈ গ’ল। অলপ সময়ৰ পাছত ছোৱালীৰ দেউতাকে লাহে লাহে মাত লগালে – বুজিছা মাজনী, তোমালোকক আমি সৰুৰে পৰা দেখি আহিছোঁ। তোমাৰ আৰু বৰুৱানীৰ প্ৰতি মোৰে নহয় আমাৰ অঞ্চলৰ সকলোৰে ভাল ভাব আছে। কেতিয়াবা দোকানৰ গাদীত, কেতিয়াবা হোটেলৰ গাদীত বহি থকা বৰুৱানীক দেখিলে যেনেকৈ শ্ৰদ্ধা ভাব ওপজে তাৰ ঠিক বিপৰীত ভাব ওপজে দিনৰ দিনটো ঘৰৰ বাৰাণ্ডাৰ ঝুলনাখন শুই বহি কিতাপ পঢ়ি বা আড্ডা পিটি থকা বৰুৱাক দেখিলে। এতিয়া তুমিয়ে কোৱা, টকা পইচা থাকিল বুলিয়ে তেনেকুৱা এজন ধোদৰ উত্তৰাধিকাৰীলৈ আমাৰ ছোৱালীক কেনেকৈ বিয়া দিম!

একদম জোকৰ মুখত চূণ পৰাৰ দৰে অৱস্থা হৈ সিহঁত দুটা উভতি আহিছিল। মাতুৱে গোটেই বাটছোৱা মৃদুক বকি আহিছিল – এতিয়াৰ পৰা মামীৰ সৈতে কাম কৰিবলৈ নল’লে মোক আৰু বেলেগ ছোৱালী খুজিবলৈ নামাতিবি।

-ৰহচোন বা ইমান খং নকৰিবি। এইবাৰ মই এইতকৈ ভাল ছোৱালী পতাম চাবি।

বেপৰোৱা ভাবত কথা কোৱা মৃদুলৈ চাই মাতুৰ বকনি আৰু বাঢ়ি গৈছিল। ঘৰ আহি পোৱাৰ লগে লগে মামীয়েকে একো নোসোধাকৈয়ে চাহ একাপ দি কৈছিল – আদা দিয়া চাহ। মূৰৰ বিষৰ বাবে ভাল!

 আৰু আজি সেইটো মৃদুৱে আকৌ বিয়াৰ কথা কৈছে!

-বা এইবাৰ তই সহায় নকৰিলে মই বৰলা হৈয়ে মৰিব লাগিব!

-পুৱাই পুৱাই মূৰটো চোবাই নেপেলাবিচোন। সেইজনী ক’ৰ ছোৱালী তোলৈ আহিম বুলি কৈছে?

-আমাৰ ইয়াৰে। তাই আক’  মনে মনে বিয়া পাতিবলৈ ভয় কৰিছে, কিজানি ঘৰৰ মানুহে পাছত আকোঁৱালি নলয়!

– মনে মনে মানে?

-আমি আজিয়ে মন্দিৰত বিয়া পাতিম বুলি ভাবিছোঁ। মাত্ৰ তোৰ সহায় লাগে। তোৰ বাহিৰে মোৰনো কোন আছে ক।

মাতুৱে কিবা না নুই কৰিলে মৃদুৱে সদায়ে শেষত আবেগৰ শেল পাত এৰে আৰু সেই শেলত মাতু সদায় অৱশ হৈ পৰে। আজিয়ো তাৰ বিপৰীত নহ’ল।

-তই সঁচাকৈ কৈছতো?

-অৰ্নিৰ শপত।

-মই কি কৰিব লাগে? পইচা লাগে নেকি?

-টকা অলপ দিলে বেয়া নাপাওঁ। একাউণ্টত ট্ৰান্সফাৰ কৰি দে। কিন্তু আচল কথাটো হ’ল, এই মোক বিশ্বাস কৰা নাই যে বিয়াৰ পাছত মা আৰু সিহঁতৰ ঘৰখনক মই সন্মত কৰাব পাৰিম। তই ক’লে বিশ্বাস কৰিব।

-মই ক’লে কিয় বিশ্বাস কৰিব?

-আৰে আমাৰ মাৰ দৰে মানুহক ভুলাই ৰাখিব পৰা মানুহ তই, তোৰ কথা সবেই শুনিব।

মৃদুৰ কথা শুনি মাতুৰ আকৌ হাঁহি উঠি গ’ল। বুজিলে আচলতে এই সময়ত দুয়োটাকে কাৰোবাৰ সমৰ্থন লাগে, তাকে খুলি নকৈ এইবোৰ কৈ আছে। যিয়ে নহওক ভায়েকৰ বিয়াখন অন্তত হ’বগৈ সেইটো সকলোতকৈ ডাঙৰ কথা।

-তাইক ফোনটো দেচোন।

মাতুৰ কথাষাৰ শুনাৰ লগে লগে সিফালৰ পৰা কান্দি থকা মাতেৰে হেল্ল’ বুলি শব্দ এটা ভাঁহি আহিল। মাতষাৰ শুনি মাতুৰ মনটো একেবাৰে কুমলি গ’ল।

-তোমালোকে ভয় নকৰিবা, মই সকলোবোৰ চম্ভালি ল’ম। তোমালোকে মাথো ইটোৱে সিটোৰ ওপৰত বিশ্বাস ৰাখা। বুজিলা নে?

ছোৱালীজনীয়ে একো নকৈ মাত্ৰ কান্দি থাকিল। তাকে দেখি মৃদুৱে ফোনটো ল’লে চাগে–

-বা থেংকিউ। এতিয়া ফোন অফ কৰোঁ একেবাৰে বিয়া পাতিহে ফোন কৰিম দেই।

-ঐ দুয়োটাৰে ফটো এখন দেচোন…

মাতুৰ কথাষাৰ শুনাৰ আগতেই মৃদুৱে ফোনটো কাটি দিলে। হ’ব একেবাৰে বিয়াৰ ফটোকে চাম বুলি ভাবি তাই নেট বেংকিং খুলি তালৈ টকা পঠাবলৈ ল’লে।

টকা গ’ল। ফোন লগাই চালে অফ। বিয়াখন হোৱাটো নিশ্চিত নোহোৱালৈকে কাকোৱে ক’ব নোৱাৰে আনকি অৰ্নিৰ দেউতাক পলকো। তাইৰ ঘৰৰ মানুহবোৰেও মৃদুৰ ধদুৱা পিটি ঘূৰি ফুৰা ৰূপটো বৰ ভাল নাপায়। পলে মাজতে কিবা কিবি বুজাবলৈ চেষ্টা কৰিছিল যদিও সি গুৰুত্ব নিদিয়া দেখি তেওঁও বাদ দিলে। গতিকে বিয়াৰ কথাটো নিশ্চিত নোহোৱালৈকে তাই কাকোৱে ক’ব নুখুজিলে।

কিন্তু কিমান সময়!  

আনদিনাতকৈ সোনকালে অফিচৰ অহা মানুহজনক চাহ কাপ দি কাষতে বহি কথাষাৰ কওঁ বোলোতেই তেওঁৰ ফোনটো বাজিল। ফোনটো ধৰা পাছতেই পলৰ মুখখন ৰঙা চিঙা পৰি আহিল। বিচনাৰ ফালে ফোনটো দলিয়াই ধপকৈ বহি পৰিল।

-কি হ’ল পল? কাৰোবাৰ কিবা হ’ল?

মানুহজনৰ অৱস্থা দেখি মাতুৰ ভয় লাগি গ’ল।

-ভণ্টিৰ লগৰ এজনীয়ে হোষ্টেলৰ পৰা ফোন কৰিছে ভণ্টিয়ে হেনো বিয়া পাতিলে।

-কি! ভণ্টিৰ দৰে ইমান জনা বুজা ছোৱালী এজনীয়ে এনেকুৱা কাম কৰিলে? মাক কেনেকৈ ক’ম এতিয়া?

-জনা বুজাবোৰে এনেকুৱা ভুলবোৰ বেছিকৈ কৰে।

মূৰে কপালে হাত দি বহি পৰা মানুহজনৰ কাষত বহি চুলিত হাত বুলাই সান্তনা দিবলৈকে মাতুৱে লাহেকৈ মাত লগালে – ভুল সকলোৰে হয় অ’ পল। বুজন সকলৰো, অলগৰ্ধসকলৰো। আজিৰ কথাটোকে শুনা, মৃদুৱে ফোন কৰি ক’লে সি হেনো…

-বিয়া পাতিলে।

-তুমি কেনেকৈ জানিলা? তোমাকো ক’লে নেকি সি?

-নাজানিম কেনেকৈ, ভণ্টিয়ে তাৰ সৈতেটো বিয়া হ’ল!

-কি!!…….

 

তাৰপাছত… তাৰ পাছত আৰু কি মাতুৰ কাণ, মূৰ সকলোতে বেণ্ড পাৰ্টীৰ শব্দ বাজি উঠিল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.