ফটাঢোল

একপি চেল্ফিৰে শ্রদ্ধাঞ্জলী – ৰিমঝিম বৰঠাকুৰ

মহেন্দ্ৰ দত্ত। মানুহজন এই অঞ্চলটোতে জনপ্ৰিয় এজন ব্যক্তি। বয়সীয়ালৰ পৰা কণমানিটোলৈকে মানুহজনক ভালপায়। ভালপোৱাৰে বাৰু কথা। এই মানুহজনে সমাজৰ হিতে কম কাম কৰে নেকি! আৰু আটাইতকৈ ভাল গুণটো হ’ল তেওঁ সকলো বয়সৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে মিলি যায়।

পেছাত এজন হাইস্কুলৰ শিক্ষক আছিল মহেন্দ্ৰ দত্ত। আজি কিছুবছৰৰ আগতে অৱসৰ লৈ এতিয়া গোটেই সময়খিনি সমাজৰ নামত দিছে। তেওঁ জড়িত নাথাকে ক’ত? অঞ্চলটোৰ সৰু-ডাঙৰ সকলোবোৰ অনুষ্ঠানতে ভাগ লোৱাৰ উপৰিও দুৰ্গা পূজা, বিহু কমিটী, স্কুল-কলেজৰ প্ৰত্যেকখন কমিটীৰে এজন বিশিষ্ট সদস্য দত্ত। মানে একেষাৰতে তেখেত এগৰাকী সমাজহিতৈষী, সৰবৰহী পুৰুষ। ৰাজনীতিৰ লগত পোনপটীয়াকৈ জড়িত নাথাকিলেও মহেন্দ্ৰ ডাঙৰীয়া এই সৰু অঞ্চলটোৰ বিধায়ক সদৃশ। সকলোৱে সকলোবোৰ সমস্যা আনি তেওঁৰ আগতহে কয়হি। তেওঁ আকৌ গাঁওখনৰ মুখ্য ব্যক্তি হিচাপে সেইবোৰ ফৰৱাৰ্ড কৰিব লাগে বিধায়কলৈ। মুঠতে তেওঁ সকলোতে সৰ্বেসৰ্বা।

দুখৰ বিষয় যে এনে এজন সৰবৰহী ব্যক্তি কেইবাদিনৰো অধিক শয্যাগত হৈ আছিল। বয়স হৈছে যদিও এনেদৰে শয্যা ল’ব লগা হোৱা নাছিল। মানুহজনক দেখাতো নালাগে, স্বাস্থ্য-পাতি সুন্দৰ। কিন্তু হঠাৎ এনেকৈ….

কালি ৰাতি ভাতকেইটা খাই থাকোঁতেই শুনিবলৈ পালোঁ তেওঁ আৰু এইখন সংসাৰত নাই। খবৰটো পাইয়ে কাঁহীৰ ভাত কাঁহীতে এৰি লৰালৰিকৈ হাতখন ধুই তামোলখন মুখত ভৰাই দত্তৰ ঘৰ পালোহি। তেতিয়ালৈ এজন দুজনকৈ ওচৰৰ মানুহবোৰ গোট খাইছেই। মাইকী মানুহ দুগাৰকীমানো আহি দত্তৰ পৰিবাৰক চম্ভালাত লাগিছে। দত্তৰ পৰিয়াল বুলিবলৈ তেওঁৰ লগত তেখেতৰ পৰিবাৰহে আছিল। দূৰে দূৰে থকা দুই পুত্ৰ-বোৱাৰী আৰু জিয়ৰী-জোঁৱাই দেউতাকৰ বেমাৰৰ খবৰ ল’বলৈ আহিছিল যদিও চাকৰিৰ তাগিদাত দুদিন থাকিয়েই গুচি যাব লগা হ’ল।

: হেৰি নহয় ইহঁতক মানে ল’ৰা-বোৱাৰী, ছোৱালী-জোঁৱাইক খবৰ দিয়া হ’ল নহয় ন?

খৰখেদাকৈ ভিতৰৰ পৰা ওলাই অহা মনোৰম বোলা ল’ৰাজনক দেখি (দত্তৰ ঘৰৰে বুলি ক’ব পাৰি। ঘৰৰ সকলোবোৰ সিয়েই চোৱা-চিতা কৰে।) সুধিলোঁ।

: সকলোকে খবৰ দিয়া হৈ গৈছে। ইতিমধ্যে সিহঁতে ঘৰৰ পৰা ওলাইছেই। পুৱাভাগতে পাবহি। এতিয়া আপুনি এইফালে আহিবচোন অলপ কিবাকিবি দেখুৱাই দিব।

– বুলি মোৰ হাতখনত ধৰি টানি লৈয়ে গ’ল। মোহাৰিবলৈ সাজু কৰি ৰখা চাধাই-চূণে হাতৰ মুঠিতে ৰ’ল। ময়ো একো ক’বলৈ চাঞ্চ নাপালোৱেই। সুবিধা বুজি চাধাপালি মলি ভৰাই ল’ব লাগিব বুলি তাৰ লগে লগে খোজ দিলোঁ।

সকলোবোৰ যোগাৰ-পাতি হয় মানে ৰাতি দুটামান বাজিলেই। মৃতদেহটোকো বাহিৰলৈ অনা হৈছে। এতিয়া মাত্ৰ ল’ৰা-ছোৱালীকেইটা আহি পালেহিয়েই বাকী কামবোৰ কৰিব পৰা যাব। কামবোৰ দেখুৱাই মেলি দি আগফালে চোতাল পাওঁহি মানে দেখিলোঁ সকলোৰে হাতে হাতে মোবাইল লৈ ফটো তোলাত ব্যস্ত। কোনোবাই কোনোবাই গৈ মৃতদেহৰ লগত চেল্ফিও উঠিছে। কিছুমানে আকৌ বৰ ভাল মানুহ এজন গুচি গ’ল বুলি মোবাইলটো বেলেগ এজনক দি চকুকেইটা অলপ চলচলীয়া কৰি দত্তৰ মৃতদেহৰ কাষত বহি থকা পত্নীৰ ওচৰত গৈ পজ এটা দিলে।

এইবোৰ চাই থাকোঁতে এবাৰ পিছলৈ ঘূৰোঁতেই দেখিলোঁ কেমেৰামেন লৈ সাংবাদিক এজন উপস্থিত হৈছেহি। ইহঁতক কোনে খবৰ দিলে! আচলতে দত্তক সকলোৱে চিনি পাই যে সেইকাৰণে হয়তো আহিব পাৰে নিউজ কৰিবলৈ। এইকেইটাক দেখি গাটো শিৰশিৰাই আহিছিলেই। বপুৰাই আকৌ আহিয়েই মোকে লগ পাই স্পীকাৰটো মোলৈ টোঁৱাই সুধিলে,

: আপুনি মহেন্দ্ৰ দত্তক কেনেদৰে চিনি পাইছিল? তেওঁৰ বিষয়ে দুআষাৰ কৈ আপোনাৰ অনুভৱ প্ৰকাশ কৰক৷

ধেই এইবোৰ মানে বুলি টিঙিচকৈ খঙটো উঠোঁতেই হাজৰিকা আহি ভাল ৰক্ষা কৰিলেহি।

: সাংবাদিক ভাইটি এইফালে আহা, মইহে খবৰ দিছিলোঁ তোমালোকক, আহা আহা।

বুলি হাজৰিকাই সিহঁতক মাতি লৈ গ’ল। ৰক্ষা পালোঁ দেও। হাজৰিকাই সিহঁতক মাতি নি ফুলি আমোলমোলাই থকা শেৱালিজোপাৰ ওচৰলৈ লৈ গ’ল। শেৱালিজোপাক বেকগ্ৰাউণ্ড কৰি তেওঁ দহমিনিটমান কেমেৰাৰ সন্মুখত কি ক’লে নুশুনিলোঁ। খালী কুৰ্তাৰ জেপৰ পৰা বাৰে বাৰে ৰূমালখন উলিয়াই চকুগুৰি মুচাহে দেখিলোঁ। কিবা এটা কামত তেওঁৰ কাষেৰে পাৰ হৈ যাওঁতে সাংবাদিকজনক কৈ থকা শুনিলোঁ, “মোৰ এই শ্বটকেইটা নাকাটিবা। লগত শেৱালিজোপা ৰাখিছা নহয়। মানে পূজা পূজা ফিল এটা আহিব লাগিবতো। পাৰিলে মুখাগ্নি সময়খিনি ধুনীয়াকৈ লাইভ কৰিবা তাত মই শেষলৈকে থাকিম।” কথাবোৰ শুনি গাটো কিবা বিজবিজাই আহিল।

ইতিমধ্যে ল’ৰা-বোৱাৰী, জিয়ৰী-জোঁৱাই আহি পাইছেহি। আকৌ কান্দোনৰ ৰোল উঠিছে ঘৰখনত। যেই মাক, ল’ৰা-ছোৱালীয়ে কন্দাত লাগিল হাজৰিকাৰ ইংগিতমতে সাংবাদিকে ৰেকৰ্ডিং কৰাত লাগিল। তেওঁ আকৌ সিহঁতক বুজোৱাৰ চলেৰে কেমেৰাৰ আগত আকৌ পজ দিয়াত লাগিল। অলপ সময়ৰ পিছত সকলোৰে বুজনিত পৰিৱেশটো অলপ ঠাণ্ডা হ’ল। ল’ৰাকেইজনেও ধূতি পিন্ধি ওলাই আহিল। মানে মৃতদেহ সৎকাৰৰ কাৰণে নিব পৰা হৈছেগৈ। গোট খোৱা মানুহকেইজনৰ লগত কথা পাতি পুত্ৰদ্বয়ৰ ওচৰলৈ গৈ দেখিলোঁ এতিয়াও ফটোপৰ্ব শেষ হোৱাই নাই। দত্তৰ পত্নী, বোৱাৰী, জিয়ৰীক লগত লৈ মৃতদেহৰ আগফালে এজন এজনকৈ ফটো উঠাত লাগিছে। মই বোলো এই কথাই কথা নহয়। লগৰ দুজনমানক অলপ টানকৈ কৈ পৰিয়াল স্বজন সকলোকে মৃতদেহক সেৱা জনাবলৈ দি সৎকাৰলৈ নিবলৈ যো-জা চলালোঁ। মনোৰমকো কিবাকিবি দুটামান বুজাই দিলোঁ। সিও দত্তৰ ল’ৰাৰ দৰেই আছিল। গতিকে ধূতি এখন কঁকালতে মেৰিয়াই আহি সিও চিতা দাঙিবলৈ সাজু হৈছেহি।

এইবোৰ কৰি-মেলি আজৰি হওঁ মানে পোহৰ হৈছেই। চৰাই-চিৰিকতিবোৰো কিচিৰ-মিচিৰ কৰি নিজৰ নিজৰ কামত ওলাই আহিছে। ঘড়ীটো চাই দেখোঁ ৫.১৫ হৈছে। সেইসময়তে মোৰ ফোনটো বাজিল। ইমান পুৱাতেই কাৰনো ফোন বুলি পকেটৰ পৰা উলিয়াই দেখোঁ মাজনীয়ে কৰিছে। হোষ্টেলত থকা ছোৱালীৰ ইমান পুৱাতেই ফোনটো দেখি বুকুখন চিৰিংকৈ মাৰিলে।

: অ’ মাজনী কচোন।

বুলি কওঁতেই সিফালৰ পৰা-

: দেউতা দত্ত খুড়া ঢুকাল বোলে।

এইক কোনে ক’লে! মাকৰ কামেই হ’ব! মাকৰো কাম নাই আৰু। দূৰৈত থকা ছোৱালীজনীক ইমান পুৱাতেই বেয়া খবৰটো দিবলৈ।

: অঁ অঁ কালি ৰাতি। তোক কোনে ক’লে অ’?

বুলি সোধোঁতেই তাই যি কাহিনী ক’লে…

মানুহবোৰো যে! এইবোৰে মানে ফটো উঠি তাকে কৰিছে মানে। দুটামান চেঙেলীয়াই বোলে মৃতদেহৰ লগত নিজৰ ফটো ফেচবুকত দিছে, লগতে লিখিছে “RIP Dutta uncle. Already missed you…ফিলিং চেড”৷ দুগৰাকীমান মহিলায়ো দত্তৰ পত্নীৰ লগত ফটো দি কিবাকিবি এসোপা লিখি দিছে “ৰিপ দত্ত দা। য’ত আছে কুশলে থাকক, আমি বৌক চম্ভালিছোঁ। ফিলিং চেড উইথ কমলা শৰ্মা এণ্ড 66 আডাৰছ্।” এইক্ষেত্ৰত হাজৰিকাও পিছ পৰি থকা নাই। তেখেতেও বোলে “বন্ধুৰ বিদায় মুহূৰ্তত” বুলি মৃতদেহক সাৱটি কান্দি থকা ফটো এখন আপলোড কৰিছে।

মাজনীয়ে বোলে গোটেই ৰাতি এচাইনমেণ্ট কৰি শুবলৈ যোৱাৰ আগে আগে ফেচবুকত অলপ চকু ফুৰাওঁতেই এইবোৰ চকুত পৰিল। সেয়ে তেতিয়াই ফোন নকৰি, ৰাতিটো পুৱালেই মোলৈ ফোন কৰিম বুলি অলপ সময় ৰৈ দি ফোন কৰিলে। তাইৰ লগত কথা পাতি ফোনটো থৈ মানুহবোৰৰ আদৱ-কায়দাবোৰ দেখি অলপ ভাবিব লগাত পৰিলোঁ। মৃতদেহৰ লগত ফটো উঠি ফেচবুক নে সেইডালত আপলোড কৰি কি চৰম সুখ পাইছে! এতিয়া মানে মৃতকৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এপাহি ফুলৰ সলনি, একপি ফটো উঠি ফেচবুকত আপলোড কৰে। এইটো কৰিলেহে দুখবোৰ অলপ পাতলে মানে! কি হৈছে মানে মানুহবোৰৰ! মোবাইল, কেমেৰা, ফেচবুকে দেখোন চবকে কিবা কৰি পেলালে। ফোনটো থৈ চাধা অকণ মোহাৰি মুখত ভৰাবলৈ লওঁতেই কাণৰ কাষত কিবা চিনাকি মাত এটাই ফুচফুচোৱা যেন লাগিল।

: মই নোৱাৰিছোঁ আৰু দেই। কোন ক’ত আছ সোনকালে মোক লৈ যা। ইহঁতৰ ঠেলা-হেঁচাত মৰা মানুহটো আকৌ মৰিব ঔ। কোন ক’ত আছ ঐ লৈ যাহক মোক ইয়াৰ পৰা। অহ্ বন্ধু, তুমিহে মোক মুক্তি দিব পাৰিবা। লৈ যোৱাহে সোনকালে ইয়াৰ পৰা। নহ’লে ইহঁতে মোক মৰিও শান্তিত থাকিবলৈ নিদিব এইবোৰে।

অহ্ এইটো দেখোন দত্তৰ মাত। টোপনিৰ পৰা সাৰ পাই উঠা মানুহৰ দৰে চাৰিওফালে চালোঁ যদিও কাকো নেদেখিলোঁ। মানে মোৰ কাণহে বাজিছে। কাণ বাজিলেও, নাক বাজিলেও এইটো সত্য যে মৃতদেহক অলপ সময়ৰ কাৰণে যমৰাজে কথা ক’বলৈ সুযোগ দিয়া হ’লে দত্ত উঠি আহি এইখিনি কথাকে ক’লেহেঁতেন চাগে। যিখিনি ইতিমধ্যে মোৰ কাণত বাজি গ’ল। কথাষাৰ ভাবি নৰ’লোঁৱেই৷ চাধাকণ তলৰ ওঁঠৰ চেপত ভৰাই দত্তৰ চিতাখন চাৰিজনক দাঙিবলৈ দি শ্মশানৰ ফালে আগবাঢ়িলোঁ। মনতে বোলো “য’তেই আছা বন্ধু কুশলে থাকা।”

☆ ★ ☆ ★ ☆

12 Comments

  • HEMANTA KAKATI

    বৰ ভাল লাগিল ৰিমঝিম৷ এয়া গল্প হলেও সঁচা৷ মই এনে ঘটনা নিজ চকুৰে দেখিছোঁ৷

    তামাম৷

    Reply
  • Anonymous

    ভাল লাগিল। সময়সাপেক্ষ লিখনি

    Reply
  • ডলী তালুকদাৰ

    বৰ্তমানৰ অপ্ৰিয় সত্য

    Reply
  • আজিকালিৰ সমাজখনৰ দুখলগা পৰিস্থিতি।মুঠতে যিকোনো পধ্যেই নিজকে ফকাচ কৰি পপুলাৰ কৰিব বিচাৰে।ভাল লাগিল দেই।

    Reply
  • অভিজিত কলিতা

    বাস্তৱ সত্য নেথাকিলে সফল ব্যংগ নহয়।খুব ভাল লগিল।

    Reply
  • Rintumoni Dutta

    ভাল লাগিল ৰিমঝিম, বৰ্তমান সময়ৰ এক অপ্ৰিয় সত্য

    Reply
  • কাবেৰী মহন্ত

    সঁচাকৈ আজিকালি আৱেগবোৰো কোনে কিমান বেচিব পাৰে তাৰেই প্ৰতিযোগিতা৷
    বঢ়িয়া লাগিল

    Reply
  • Nilakshi Devi Deka

    সুন্দৰ ব্যঙ্গ। ভাল লাগিল ৰিমঝিম।

    Reply
  • Rimjhim Borthakur

    পঢ়ি চোৱা সকলোকে ধন্যবাদ জনালোঁ।

    Reply
  • বাসৱদত্ত দাস

    কাহিনীটো পঢ়ি ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত অনুৰাগীসকলৰ কিছুমানে এনেকুৱাকৈয়ে কৰা কাণ্ড-কাৰখানাবোৰৰ কথা মনলৈ আহিল । হয়, সঁচাকৈয়ে বৰ অবিবেচক আৱেগ এইবোৰ!

    Reply
  • Tishna good Bora

    সুন্দৰ ।কোনো নোহোৱা ঘটনা নহয় ।

    Reply
  • Rimjhim Borthakur

    ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.