ফটাঢোল

এক্সপ্ৰেছৰ অপেক্ষাত – পাৰ্থপ্ৰতিম চৌধুৰী

অভিজিৎ দাৰ ফটাঢোল এক্সপ্ৰেছৰ যি গতি, নৰয়েই! বৰপেটাৰোড ষ্টেচনত ৰৈ আছোঁ, ইমান ভীৰ …. উঠিবই নোৱাৰি৷ কোনোমতে এটা দবাত উঠিব খোজোঁতে দৰজাৰ মুখত থকা জনে ক’লে,

: ইয়াত নহয়, পিছৰটোলৈ যাওক….

এনেকৈ গৈ গৈ দেখিলোঁ গাৰ্ডৰ কেবিনটোহে বাকী আছেগৈ৷ কোনোমতে তাতেই জপিয়াই উঠিলোঁ৷ দেখোঁ ভিতৰত গাৰ্ড সুকুমাৰ নাই৷ অভিজিৎ দত্তৰ নিচিনা চালক থাকোঁতে গাৰ্ড লাগেনে? সুকুমাৰে সেইভাগেই পূজালৈ গ’ল চাগে৷ গতিকে এই অধমে তাতেই জপিয়াই উঠিলোঁ৷ কেবিনটোৰ ভিতৰত এখন বেন্স, তাতে শকত আবত, অলপ পেটুৱা, ডাঢ়ি-গোফে ভোবোকাৰ মানুহ এজন গেৰুৱা ৰঙৰ হাফপেণ্ট এটা পিন্ধি বহি আছিল৷ কাষত চিলিম, লগত থকা মোবাইলটোত গান বাজি আছিল

जय हो बैद नाथ जय

हो भोले भंडारी

जय हो बैद नाथ जय

हो भोले भंडारी

जय हो बैद नाथ जय

हो भोले भंडारी

बोल बम बम

बम बम भोले

बोल बम बम………

বয়সস্থ মানুহ দেখি লাহেকৈ ক’লোঁ,

: খুৰা, অলপ চাইদ দিয়ক, ময়ো অলপ বহোঁ৷” মোৰ কথা শুনি তেওঁ মুদি থকা চকু দুটা মেলি মোৰ পিনে ট ট কৈ চাবলৈ ধৰিলে, মুখত মাত নাই৷ টিকটিকিয়া ৰঙা চকু দুটা দেখি মোৰো কেনেবা লাগি গৈছে৷ তথাপিও সাহস গোটাই আকৌ এবাৰ ক’লোঁ,

: খুৰা, অলপ চাইদ….

: খুৰা? তই কাক খুৰা বুলি কৈছ?

: আপোনাকে কৈছোঁ খুৰা, আৰুনো কাক কম?

: ইমান অপমান!

অপমান? মানুহজনক খুৰা বুলি কিনো অপমান কৰিলোঁ? তেওঁৰপিনে অলপ ভালকে চাওঁতেই মই বুজি পালোঁ৷ ছেঃ! মইনো ইমান মুৰ্খ নে? (আলহী বহা কোঠাত লগাই থোৱা ডালমিয়া চিমেণ্টৰ কেলেণ্ডাৰখনৰ কথা মনতনো পৰে কেনেকৈ?)৷ লাগে লগেই তেওঁৰ ভৰিত পৰি সেৱা জনাই ক্ষমা মাগিলোঁ-

: বাবা, শিৱ বাবা, প্ৰভু, মোক ক্ষমা কৰি দিয়ক, আপোনাক চিনিবই পৰা নাছিলোঁ৷ এনেকৈনো ফটাঢোল এক্সপ্ৰেছত আপোনাক লগ পাম বুলি কেনেকৈ জানিম৷ মোক ক্ষমা কৰক৷

: হ’ব দে, তয়ো বৰ ওভাৰ এক্টিং কৰ৷ উঠ, মই তোৰ ভক্তিত সন্তুষ্ট হ’লোঁ, আহ মোৰ কাষতে বহ৷

বাবাই মাতিলে যদিও মই তলতে বহি ল’লোঁ৷ অভিজিৎ দাৰ বাবে জীবনত প্ৰথমবাৰ ফটাঢোলত লেখা প্ৰকাশ হৈছে৷ তিনিটা লেখা দিয়াৰ পিছত এই অধমৰ লিখাৰ সামৰ্থ্যও শেষ, ভাণ্ডাৰো নাই৷ আৰু যোৱাবাৰৰ চম্পাসুৰ ৰক্তাভৰ দুৰ্গতিও মনত পৰিল৷ অসমৰ বিখ্যাত গায়ক এগৰাকীক যোগাযোগ  কৰাত তেওঁ “প্ৰশ্ন বনাও, বনাও” বুলিহে কয়, উত্তৰ নিদিয়ে৷ গতিকে এহি চেগতে ভাবিলোঁ যদি মই এইবাৰ দেবাদিদেৱ শিৱৰ সাক্ষাৎকাৰ ল’ব পাৰোঁ তেতিয়াহ’লে অহাবাৰ ফটাঢোলা বাবে মোৰ সমস্যা শেষ৷ গতিকে পলম নকৰি আৰম্ভ কৰিলোঁ৷

: বাবা, আপোনাৰ এই বেশ কিয়? বাঘৰ চাল এৰি গেৰুৱা হাফপেণ্ট?

: নক’বি বাবা, মানেকা গান্ধী আৰু সেই সৰু ছোৱালীজনী যে ‘হাও ডেয়াৰ ইউ, হাও ডেয়াৰ ইউ’ কৰি থাকে, কি নাম আছিল?

: গ্ৰেটা থুনবাৰ্গ

: নহয় ও গ্ৰেটা থুনবৰি, উচ্ছাৰণ নাজান? ইউ টিউব চাবি৷

: চৰি বাবা, পিচে তেওঁলোকে কি কৰিলে?

: কি কৰিব? মই বাঘৰ চাল পিন্ধি পৰিবেশ প্ৰদূষণ কৰা বুলি প্ৰকাশ জাভাড়েকাড়ক অভিযোগ দিলে নহয়৷ প্ৰকাশেও অনুৰোধ কৰিলে– বাবা আপুনি বাঘৰ চাল পৰিত্যাগ কৰক ৷ ময়ো কিবা নতুন সমস্যা নহওক বুলি বাঘৰ চাল বাদ দি এই পেণ্টটো পিন্ধিছোঁ৷ বৰ আৰামহে এইটো পেণ্ট পিন্ধি৷

: পিচে বাবা, এইটো পালে ক’ত?

: গিফ্ট দিলে, বোলবমলৈ যোৱা ভক্ত এজনে৷

বাবাই চিলিমটো লৈ কিছুসময় ব্যস্ত হৈ পৰিল৷ মই এইপিনে অধৈৰ্য্য হৈ গৈছোঁঁ৷ কিন্তু বাবাই গুৰুত্বই নিদিয়ে……

: বাবা, আৰু এটা কনফিউজন আছে, আপোনাৰ ত্ৰিশূলদাল কি হ’ল? লগত নাই যে?

চিলিমত দীঘলকৈ টান এটা মাৰি চকু দুটা মুডিয়েই বাবাই মাত দিলে,

: মূৰ্খ, এই সাধাৰণ কথাটোও নাজান? দুৰ্গা পূজা দেখিছ নে নাই?

: দেখিছোঁ, বাবা৷

: দেখিছ যদি, ক চোন, দুৰ্গাৰ হাতত কি থাকে?

: ওহ! বাবা আপুনি মহান! মই এতিয়াহে বুজি পালোঁ!

: কি বুজিলি?

: বুজিলোঁ যে, নিজৰ লগুণ পৰক দি বামুণ মৰে …..

: সাৱধান! ঠাট্টা কৰিব আহিছ?

: ক্ষমা, বাবা, ক্ষমা….

: আচ্ছা, ঠিক আছে.…

: বাবা আৰু এটা কথা আছিল৷

: কি সংশয়, কোৱা বৎস৷

: বাবা, এইবাৰ ফটাঢোল এক্সপ্ৰেছত নিজৰ প্ৰেম কাহিনী ক’ব লাগিব বুলি, অভিজিত দত্তই নিয়ম বান্ধি দিছে৷ সেইবাবে আপোনাৰ প্ৰেম কাহিনীৰ কথা অলপ ক’ব নেকি?

: কি ক’ম, বোপা.… মনত পৰিলে এতিয়াও বুকুখন বিষাই যায়৷

ব্ৰেকিং নিউজ পালোঁ…. ইপ্পি ইই ই ইই ……

: বহলাই কওক বাবা৷

: কি ক’বা! ব্ৰহ্মা, বিষ্ণু আৰু মই এবাৰ আড্ডা দি আছিলোঁ৷ বিষ্ণুৱে দিলে নহয়, সমুদ্ৰ মণ্ঠনৰ কাহিনীটো উলিয়াই! নাৰদে পিছপিনৰ পৰা গোটেইখিনি শুনি আছিলে৷ দিলে নহয় পাৰ্বতিক কৈ, মোহীনি আৰু মোৰ কথা৷ আই ঔ! কালী ৰূপ ধৰি পাৰ্বতিয়ে বুকুত যিহে গচকিলে এতিয়াও বিষায় থাকেহে মাজে মাজে৷

: ওহ! কথা সেইটোহে! আমি আৰু ছিৰিয়েলবোৰত বেলেগহে কাহিনী দেখোঁ, আপোনালোকৰ! আৰু এটা প্ৰশ্ন বাবা৷ অমিশ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীত আপোনাক দেখো একেবাৰে ফিট বুলি কৈছে? ময়ো ভাবি অছিলোঁ আপোনাৰ ফিগাৰ টাইগাৰ শ্ৰফৰ নিছিনা হ’ব, কিন্তু বাস্তৱত দেখো ওলোটা?

: চিনেমা বুজিছা বৎস চিনেমা! মোৰ আছল চেহেৰা লৈ চিনেমা বনালে মোৰ ৰোলটো সতীশ শ্বাহেহে কৰিব পাৰিব৷ তেতিয়া জানো চিনেমা চিৰিয়েল হিট হ’ব?

: হয় বাবা, আপোনাৰ পৰা আৰু কেইটিমান কথা জানিবলগীয়া আছিল …

: মোৰ সময় নাই বৎস, এতিয়া নদীলৈ যাব লাগে৷

: নদী কিয়? গা ধুব নেকি?

: হেৰ মূৰ্খ! কালি তহঁতে দুৰ্গা বিসৰ্জন দিওঁতে মোৰ ত্ৰিশূলদাল নদীত পেলোৱা নাছিলি? কোনে বিছাৰিব? বিজয়া দশমীৰ পিছদিনা প্ৰতি বছৰে ময়েই বিছাৰিব লাগে৷ তহঁতেতো বিছাৰি নিদিয়!

: প্ৰভু, মই এটা কথা আৰু আপোনাৰ পৰা জানিব বিছাৰিছোঁঁ৷ যাব ৰব! মোৰ আৰু দুটা প্ৰশ্নৰ উত্তৰ দিয়ক অনুগ্ৰহ কৰি….আপোনাৰ ডিঙিত ওলমি থকা সাপদাল…..

হঠাৎ বাবাই খঙত অগ্নিশৰ্মা হৈ কঁপি উঠি চিয়ঁৰিলে

: উত্তৰ লাগে, সাপ লাগে? উঠ ইয়াৰ পৰা!

আৰু মোৰ গালত প্ৰচণ্ড চৰ… ঠাচ….

লগে লগে সাৰ পাই উঠিলোঁ৷ মহৰ উৎপাতত নিজৰ গালত নিজেই চৰিয়ালোঁ৷ প্লেটফৰ্মত বহি ফটাঢোল এক্সপ্ৰেছলৈ ৰৈ থাকোঁতে কেতিয়া টোপনি আহিল গমেই পোৱা নাছিলোঁ৷ ফেচবুকৰ আপডেট চাইহে গম পালোঁ ফটাঢোল এক্সপ্ৰেছ কেতিয়াবাই পাৰ হৈ গ’ল৷

☆ ★ ☆ ★ ☆

16 Comments

  • ৰিণ্টু

    বাপ ৰে, এতিয়ালৈ আলোচনীত পঢ়া এই সংখ্যাৰ এক অন্যতম ভাল লগা লেখা।

    হেটচ অফ

    Reply
    • ৰাজশ্ৰী শৰ্মা

      আকৌ পঢ়িলো। ভাল পালো।

      Reply
  • পাৰ্থপ্ৰতিম

    ধন্যবাদ

    Reply
  • HEMANTA KAKATI

    বঢ়িয়া লাগিল লেখাটো৷ লেখকৰ চেন্স অৱ হিউমাৰৰ গভীৰতা গম পালো৷ লিখি থাকিব৷

    Reply
  • সুকুমাৰ গোস্বামী

    বঢ়িয়া পাৰ্থ ।

    Reply
  • অভিজিত কলিতা

    আজি এইটো গল্পৰেই আৰম্ভ কৰিছো ফটাঢোল। সাহসী, স্পষ্ট আৰু সাৱলীল। লেখকলৈ শুভেচ্ছা জনালো। আৰু বহুত লেখা লাগিব আমাক

    Reply
    • পাৰ্থপ্ৰতিম

      ধন্যবাদ, চেস্টা কৰিম

      Reply
  • পূৰ্ণানন্দ শৰ্মা

    তামাম ! হ’ব লগীয়া সম্পাদক সকলে মন কৰক ৷

    Reply
  • বৰ্ণালী চৌধুৰী

    খুব ভাল লাগিল ।সুন্দৰ লিখা তুমি

    Reply

Leave a Reply

Your email address will not be published.