ফটাঢোল

এটা অশ্লীলকাহিনী-অমিতাভ মহন্ত

পিকনিকৰ পৰা আহি বেলতলা পোৱালৈ সাতমানেই বাজিল। গলিৰ মুখতে সঞ্জীৱে অভিজিতক নমাই দিলে। সামান্য থৰক-বৰক খোজেৰে অভিজিত নিজৰ ভাড়াঘৰলৈ আগবাঢ়িল। এক গোলাপী আভাৰে অভিজিত সামান্য ৰোমাণ্টিক হৈ আছে। মাজতে দুয়োখন পকেটেৰে হাত সুমুৱাই কণী দুটা চুই চালে। আছে ঠিকেই আছে। গাড়ীত সঞ্জীৱে যি ঠেলা-হেঁচাকৈ আনিছে। তাৰ সন্দেহেই হৈছিল আজি কণী বাছেনে নাই। আচলতে এই কণী দুটা অভিজিতৰ লগত থাকিলেও দুয়োৰে মালিক বিজয়হে। পিকনিকত স্ফূৰ্তি পানী খোৱাৰ পাছত ৰাতি যে অভিজিতৰ ভাত খাবলৈ মন নাযাব সেয়া অনুভৱ কৰিয়েই জোৰকৈ দুটা হাঁহৰ কণী অভিজিতক দি পঠিয়াইছে। এতিয়া নেমু এচকল আজি কণী দুটা খাই বিছনাত ঢেলপুঙা দিলেই কাম শেষ। পুৱালৈ আকৌ অফিচ! 

অভিজিত যিটো ঘৰত ভাড়া থাকে তাৰ মালিকজন নামকৰা কৰাইছ, মানে সাইলাখ আমাৰ বৰঠাকুৰ। এইহেন ঠাইত মালিকৰ চাৰি মহলীয়া বিল্ডিং। কিন্তু পত্নী আৰু জীয়েকক লৈ থাকে কেৱল এটা ৰুমত। বোধহয় কৃপণালিৰ বাবেই তেওঁলোকে দ্বিতীয় সন্তানৰ বিষয়ে চিন্তা চৰ্চা নকৰিলে। সেই এটা ৰুম নিজলৈ ৰাখি বাকী গোটেইবোৰ ৰুম ভাড়া দি থৈছে। আজিলৈ ভুলতেও মালিকৰ ঘৰলৈ আলহী অহা দেখা নাই। হেৰৌ কৃপণৰ এটা সীমা থকা উচিত। এইহেন গাভৰু ছোৱালীক কোন বাপেকে তেনেকৈ ৰাখে হেৰৌ! 

সীমা। সীমা গোস্বামী, ভাবিলেই ভাল লাগে। মানে আচলতে তাইৰ নাম সীমা পাঠক, কিন্তু বিয়াৰ পাছতটো গোস্বামীয়েই হ’ব। বিয়াৰ পাছত ঘৰভাড়াবোৰ উঠাওতে ভালেখিনি সময় যাব। চাকৰিটো বাদেই দিব লাগিব চাগে অভিজিতে। তাৰ ফালৰপৰা সকলো প্লেন ৰেডী। অপেক্ষা কেৱল তাইৰ সঁহাৰিলৈ। 

প্ৰস্তাৱনা ইয়াতেই শেষ। এতিয়া আচল ঘটনালৈ আহোঁ। 

পিকনিকৰ পৰা আহি অভিজিতে ভাগৰতে বিছনাখনত পৰি আকাশ-পাতাল ভাবি আছিল। পিন্ধনত সামান্য বস্ত্ৰ এপদ। মাঘ বিহুৰ চুটি বাবে গোটেই বিল্ডিঙ খালী। অভিজিতে এইবাৰ চুটী নাপালে বাবে গুৱাহাটীতেই থাকি দিলে। গতিকেই মানুহ বুলিবলৈ কেৱল মালিকৰ ঘৰৰ তিনিজন আৰু সি। এনেই ঘৰটো বিশাল চৌহদৰ বাবে নিস্তব্ধ হৈ থাকে, তাতেই আকৌ এনেকৈ খালী। তাৰ ওপৰত আকৌ এই আবতৰীয়া বৰষুণজাক। কি যে এক পৰিবেশ। ৰাতি দহমান বজাত বৰষুণজাক ডাঙৰ হৈ আহিল। কাৰেণ্টো গ’ল। মমবাতি জ্বলোৱাৰ লগে লগেই দুৱাৰত টক্, টক্, টক্! 

বুকুখন চিৰিঙকৈ উঠিল। এই ৰাতি আকৌ কোনে দুৱাৰত টুকুৰিয়ালে। একে টানে গামোচাখন কঁকালত মেৰিয়াই সি খিৰিকীৰে বাহিৰলৈ চালে। এইবাৰ বুকুখন আৰু বেছিকৈ চিৰিঙকৈ উঠিল। বাহিৰত সীমা। তাৰ সীমা! তিনি চেকেণ্ডত হাফপেণ্ট আৰু টি-চাৰ্টতো পিন্ধি সি দুৱাৰখন খুলি দিলে। তাৰ মাজতেই ফেয়াৰ এণ্ড হেন্দচাম লগাবলৈ পাহৰাৰ প্ৰশ্নই নুঠে। 

ধই! লগত বুঢ়া বাপেকটো! সীমাক পাছলৈ ঠেলি ঘৰৰ মালিক আগুৱাই আহিল। 

– কি খবৰ অভিজিত? আজিকালি আমাৰ খবৰেই নোলোৱা। ভালে আছানে? 

– হয় খুৰা আছোঁ। সময়েই নাপাওঁ আজিকালি। বিৰাট প্ৰেচাৰ পৰিছে অফিচৰ। 

 তাৰ পাচত মালিকে যিটো কথা ক’লে সেইটো শুনি অভিজিতৰ অহা মাহলৈ হ’বলগীয়া নিচাও ফাটি থাকিল।  

– বতৰ দেখিছাই নহয় অভিজিত। বিল্ডিঙো একেবাৰে খালী। তুমি অকলে ভয় কৰিব পাৰা বুলি সীমাক লৈ আহিছোঁ। ৰাতিটো দুয়ো থাকা ইয়াতে। নহ’লে মোৰ তোমাক লৈ চিন্তা হৈ থাকিব। 

ইতনী খুশি! অভিজিতে আনন্দত কান্দিবলৈহে বাকী। মালিকক ধৰি টপৰ-টপৰকৈ দহটা চুমা খাই দিবলৈ মন গ’ল। 

– ময়েই থাকি দিলোঁহেঁতেন বুইছা। পাছে খুৰীয়েৰাই ভয় কৰিব বাবে মই ওপৰতেই থাকিব লাগিব। 

– নাই নাই খুৰা। মই মেনেজ কৰি ল’ম। আপুনি শোৱকগৈ। 

– ভালকৈ থাকিবা দেই বাবা। 

কথাখিনি কৈয়েই মালিকে চকুৰ টিপ এটা মাৰি আঁতৰি গ’ল। কৃষ্ণ এয়া কিহৰ ইংগিত? মানে মালিকেও বিচাৰে সিয়েই জোঁৱাই হোৱা?

অভিজিত আৰু সীমা একেটা কোঠাতেই। সি এই ঠাণ্ডাটো ঘামিছে। সৌৱা তাই আইনাৰ সন্মুখত। ইমান ধুনীয়া! এয়া কি সপোন? স্ফূৰ্তিতে পাঁচটা চিঞৰ দিলে অভিজিতে, কিন্তু নিশব্দে! 

সীমাই মমবাতিডাল আনি টেবুলত ৰাখিলে। মমবাতিৰ পোহৰত তাইক অনন্যা লাগিছে। পিন্ধনত এটা হালধীয়া টপ। যেন সাইলাখ ৰাধিকা আপ্তে! 

খচ্চৰটোৱে ঘৰভাড়া বঢ়োৱাৰ কথা কৈছিল। সোনকালে দিব লাগিব। এনে ভাগ্যৱান মালিক কেইজনে পায় হে ঘেণ্টা! 

– অভিজিত তুমি বিছনাখন ৰেডী কৰা। মই বাথৰুমৰ পৰা ফ্ৰেছ হৈ আহোঁ। 

চেচ! আজি হাৰ্ট এটেক হৈ নমৰিলেহে ৰক্ষা! 

তাই বাথৰুমত থাকোঁতেই অভিজিতে বিছনা সাঁজু কৰি কম্বল লৈ বিছনাত পৰিল। এতিয়া এক মিঠা অপেক্ষা। বাহিৰৰ বৰষুণজাক! এনে বৰষুণত পৃথিৱীৰ প্ৰতিজন বৰলাই নিজৰ বুকুৰ মাজত এজনী পত্নী/প্ৰেয়সীৰ অভাৱ অনুভৱ কৰে। উপায়ো নাথাকে। সকলোৰে ঘৰৰ মালিক তাৰ মালিকৰ দৰে নহয়টো। 

আজি খেলা হ’ব! বেলেগ একো নহ’লেও লুডুৱেই হ’ব। 

তেতিয়াই ফোনটো বাজি উঠিল। ঘৰৰ মালিকৰ ফোন। এইবাৰ বা কি হ’ল! 

– হয় খুৰা। কওক। 

– কি খবৰ অভিজিত। সকলো ঠিকে আছেনে। 

– আছে খুৰা। একদম ঠিকে আছোঁ। 

 

ইয়াৰ পাছত মালিকে যি ক’লে সেয়া শুনি অভিজিত প্ৰায় বেহুচ! 

– আজি দুপৰীয়া হঠাৎ খবৰ পালোঁ মোৰ গাঁৱত থকা দাদাৰ যোৱা-থোৱা। আমি মানে মই, খুৰীয়েৰা আৰু সীমা দুপৰীয়াই দৌৰাদৌৰিকৈ গাঁৱলৈ গুছি আহিলোঁ। এতিয়া দাদাই অলপ ভাল পাইছে বাৰু। এতিয়াহে মনত পৰিল তুমি আজি গোটেই বিল্ডিঙত অকলে, বোলো খবৰ এটা কৰোঁ। ঠিকে আছেনে সকলো। তাতেও বৰষুণ দিছে নেকি বাৰু? ভয় নকৰিবা। আজি ৰাতিটোৰ কথাহে। আমি পুৱাই গৈ পাম। 

গণি গণি দুটা হাৰ্টবিট মিছ! হাতৰ পৰা ফোনটো সৰি পৰিছে। 

ঠিক তেতিয়াই বাথৰুমৰ পৰা সীমা ওলাই আহিল। 

না! সীমা নহয়। হয় ৰাক্ষসী, নহ’লে প্ৰেতাত্মা। বস্তুটো লাহে লাহে অভিজিতৰ ফালে আগুৱাই আহিল। হাতত মমবাতি। মমবাতিৰ হালধীয়া পোহৰত বস্তুটোৰ চকুদুটা জ্বলজ্বল কৰি জ্বলিছে। 

বিকট চিঞৰ এটা মাৰি অভিজিত বিছনাৰ পৰা বাগৰি পৰিল। অজ্ঞান! বেহুচ! চেঞ্চলেছ! 

দুৱাৰত কোনোবাই নক কৰাৰ শব্দত অভিজিতে জ্ঞান ঘূৰাই পালে। বাহিৰত পোহৰত ধৰিব পাৰি যে ইতিমধ্যে ৰাতিপুৱা হৈছে। মূৰত দুটা টেমুনা। 

তাৰ আগৰাতিৰ সকলো কথা মনত পৰিল। বস্তুটো এতিয়াও বিছনাতেই শুই আছে। একেদৌৰে সি দুৱাৰৰ কাষ পালে। সৰ্বনাশ! বাহিৰত ঘৰৰ মালিক। এইটো নিশ্চয় নতুন ভূত! 

দুয়ো মিলি অভিজিতক চাগে আজি মাৰিয়েই পেলাব। হায়ৈ-বিয়ৈ লগালে অভিজিতে। তেনে সময়তে তাৰ ফোন বাজি উঠিল। মালিকৰ ফোন। 

– খুৰা! মোক বচাওক। মোক মাৰি পেলাব। 

– হেই! কি হৈছেহে? দুৱাৰ খোলা। মই বাহিৰত। 

একেদৌৰে দুৱাৰ খুলি দিলে সি। 

– খুৰৰা! আপোনালোক কেতিয়া আহিল? 

– ক’ৰ পৰা? 

– গাঁৱৰ পৰা। গৈছিল যে। 

– নাই নাই, আমি ক’তো যোৱা নাই। ইয়াতে আছোঁ। 

– হে? মানে? 

ৰ’বা কৈ আছোঁ। তুমি শান্ত হোৱা। বুঢ়াৰ মিচিকি মিচিকি হাঁহি। 

– আচলতে কালি বতৰতো ইমান ৰোমাণ্টিক আছিল মোৰ অলপ খুৰীয়েৰাৰ লগত অলপ অকলে টাইম স্পেণ্ট কৰাৰ মন গ’ল। কিন্তু বুজিছাই নহয়, সীমা এতিয়া ডাঙৰ হৈছে। 

– তাতে? 

– সেইবাবে তাইক তোমাৰ তাতে থৈ আহিলোঁ। 

– কি? হোৱাট্? কিন্তু ফোনকলটো? 

– আৰে বুৰ্বক! মই কি বয়সিয়াল বৰলাৰ চৰিত্ৰ নাজানো? তেনেকৈ ফোন নকৰিলে ৰাতি যদি তুমি মোৰ ছোৱালীক কিবা সৰ্বনাশ কৰাৰ চেষ্টা কৰা? আইডিয়াটো পাছে খুৰীয়েৰাৰ আছিল। 

কথা কৈ থাকোঁতেই কাষেৰে সীমা বাহিৰলৈ ওলাই গ’ল। ভণ্ড ৰাক্ষসীজনী চাগে নিজৰ ৰুমলৈ গ’ল। 

লাহৌল বিলা কুৱত! হে প্ৰভু! এয়া কি বিচাৰ! বাৰু একেলগে দুজনক মাৰ্ডাৰ কৰিলে শাস্তি ডাবল হয় নে একেই হয় বাৰু?

☆ ★ ☆ ★ ☆

35 Comments

  • Kaur Utpala

    😂😂😂😂😂

    ধেই!

    Reply
  • Abhijit Goswami

    ধেই দাদা কি তুষাৰ লিখিছে অ 😜😜😜😜বঢ়িয়া লাগিল দা

    Reply
  • Rintumoni Dutta

    এইটো ৰিগাৰ চিৰিজৰ মাল দেখোন।

    তামাম লাগিল অমিতাভ

    Reply
  • হেমন্ত কাকতি

    মানে শব্দটো ইয়াত লিখিব নোৱাৰি বুলি হে৷ তুমি মানুহটো বৰ জেং হে৷

    Reply
  • যাযাবৰ

    ধেই কিবা😂😂

    Reply
  • Anonymous

    ভুত চুই চাবলৈ মন যোৱা হ’লে খুড়া-খুড়ীহে বেহুচ হ’লহেঁতেন।

    Reply
  • Dimpee Buragohain

    হে প্ৰভু! হাৰ্ট এটেক্ হৈ মৰি যোৱা হ’লে। সাংঘাতিক লিখিছে দাদা।

    Reply
  • জয়ন্ত দাস

    সাংঘাতিক লিখিছে৷

    Reply
  • পূৰ্ণময়ী

    ধেৎ তেৰী😂😂

    Reply
  • Rakesh Sarmah

    Ultimate লিখিলে দাদা

    Reply
  • Mukut bhattacharjya

    তামাম লিখিলে দেই

    Reply
  • Deepika Das.

    ইচ ইচ। বুঢ়া ডাল যে কম বস্তু নহয়।

    Reply
  • Sankar Jyoti Bora

    বেচেৰা অভিজিত৷

    Reply
  • চিদানন্দ বৰা

    গোবিন্দ গোবিন্দ !!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লিখিছে৷

    Reply
  • মানস

    দুৰ্ঘটনাৰ ঘটনা

    Reply
  • জ্যোতিৰ্ময় কলিতা

    দাদা হিট 😅😅😅

    Reply
  • বাগ্মিতা

    অভিজিত next ভূত চুত বিশ্বাস নকৰিবা দেই😛
    কি তামাম লিখিছে হে দাদা😂😂

    Reply
  • Anonymous

    কি লিখিলা ঐ !!! ঝাকাচ

    Reply
  • Anonymous

    বঢ়িয়া…..

    Reply
  • লোহিত কুমাৰ গায়ন।

    বৰ ভাল লাগিল।আগলৈও এনে গল্প পাই থাকিম ছাগৈ।

    Reply
  • লোহিত কুমাৰ গায়ন।

    বৰ ভাল লাগিল।আগলৈও এনে গল্প পাই থাকিম ছাগৈ।

    Reply
  • Anonymous

    বঢ়িয়া।আগলৈকো এনে লেখা পাম নিশ্চয়।

    Reply
  • Anonymous

    🤪😁😁😁😆

    Reply
  • Manika sarma

    তামাম লিখন !!

    Reply
  • Shariful Islam

    কি বুদ্ধি খুৰীয়েৰাৰ। তামাম হিট।

    Reply
  • বন্দিতা জৈন

    বিৰাট ভাল লাগিল পঢ়ি গল্প টো।

    Reply
  • মানসী

    কি সাংঘাতিক কিক দিলে…বঢ়িয়া

    Reply
  • সুকুমাৰ গোস্বামী

    মহা মস্কিল

    Reply
  • ৱাহ কি আইডিয়া🔥🔥

    Reply
  • Anonymous

    মজ্জা

    Reply
  • Anonymous

    তামাম হাঁহিলো 😂😂😂😂😂

    Reply
  • Jugal

    😄😄😅😅😅

    Reply

Leave a Reply

Your email address will not be published.