ফটাঢোল

এটা যাত্ৰাৰ শেষত-বন্দিতা জৈন

এয়া মোৰ তৃতীয় বাৰৰ বাবে শহুৰৰ ঘৰলৈ যাত্ৰাৰ কথা। যাত্ৰাটোত হোৱা এটা লটিঘটিৰ কথা কওঁ৷ আজিৰ পৰা ৪/৫ বছৰ মানৰ আগৰ। সেই সময়ত মোৰ অসম্ভৱ পেটৰ বিষ এটা আছিল। গেষ্ট্ৰিকৰ সমস্যা। বাচি নাখালে মোৰ ফালে লেঠা লাগেই। বিষ সামান্য একেবাৰে নহয় গোটেই ৰাতি অসহ্য বিষ বমি আৰু বাৰে বাৰে দৌৰিব লগা হয় পিছফালে৷ মাজে মাজে বিষত বেহুঁচ হোৱাৰ দৰেই হৈ যায়। কেতিয়া কি খালে হয় একো ঠিক নাই। এই বেমাৰৰ বাবে কৰ’বাত ফুৰিবলৈ যোৱা মোৰ বন্ধ কৰিছিলোঁ।

সেই সময়তে ৰাজস্থানলৈ যাব লগা হ’ল। পৰিয়ালৰ ডাঙৰ পূজা এভাগৰ বাবে। যিহেতু ঘৰৰ ডাঙৰ বোৱাৰী মই যোৱাটো বাঞ্ছনীয়। এক/ডেৰমাহমান আগতে টিকট কৰা হ’ল ট্ৰেইনত৷ মই ট্ৰেইনৰ যাত্ৰা দুৰণিবটীয়া হ’লে এটা কাৰণতেই বহুত ভাল পাওঁ কাৰণ একো কাম কৰিবলগীয়া নাথাকে৷ খোৱা আৰু শোৱা। ঠিকছে শোও কিন্তু। তাৰ বাবে পতি দেৱক জনাই থওঁ, বিশেষ জৰুৰী যদি নহয় মোক টোপনিৰ পৰা যাতে নজগায়৷ সেই বাবেই এ.চিতে টিকট কাটিলে কিন্তু বিধিৰ বিপাক, যাৰ যি হ’বলৈ আছে সেয়া হোৱাটো খাটাং। আমিনো বাদ পৰিম কিয়; বিধাতাই লিখা ৰাস্তাৰ পৰা। ল’ৰা অসুখত পৰিল নোৱাৰি কোনোমতে। মানুহজনৰ অফিচৰ কিবা সমস্যাও হ’ল। সকলো মিলি টিকট কেনচেল।

ইফালে শহুৰ দেউতা আকোৰগোঁজ। বোলে আহিব লাগিবই। বাবুক ডাক্তৰক দেখুৱাই দৰব পাতি লগত লৈ হ’লেও আহ। গ’লোঁ পূজাৰ এদিন আগত পোৱাকৈ। সেইবাৰ ৰিজাৰ্ভেচন নাই। দুই/তিনি দিনৰ ৰাস্তা ৰিজাৰ্ভেচন নোহোৱাকৈ এটা যাত্ৰা। লগত বেমাৰী। প্লেনৰ টিকটো ইমান সোনকালে নাপায়। উপায় নাই, কিবা এটা কৰিব লাগিব। ভগৱানকে খাতিৰ কৰি গৈছোঁ, চকু এচকুৱাকৈ হ’লেও মেলি চাবা প্ৰভূ!

চালে দেই। ভগৱানে বিশ্বাস দিলে। সেই বাবেই লগ নেৰো। একেবাৰে খাতি বন্ধু মোৰ। পিচে মনঃপুত চিট নাই। বাথৰূমৰ লগতে বাৰ্থটো আমাৰ। ছাইড চিট। অকটা গোন্ধবোৰ বৰ বেয়াকৈ আহে। অশান্তি। মই খাবলৈ বাদ দিলোঁ। নোৱাৰি খাব। ঘৰৰপৰা নিয়া ৰটি, আচাৰ আৰু বহুত কিবাকিবি৷ গোন্ধ আৰু খালি পেটত মোৰো গা বেয়া কৰিবলৈ ধৰিছে। তথাপি ধৈৰ্য্য ধৰি আছোঁ পানী আৰু চালাড আদি ঢাকি ঢাকি খাই আছোঁ। ল’ৰাৰ বেমাৰৰ চিন্তাত নিজৰ ঔষধ ল’বলৈ থাকি গৈছিল।

সেইখিনি সময়ত (এতিয়াও নাই বাৰু বিশেষ)ভাৰতীয় ৰেল বিভাগত 2জি ট্ৰেন আছিল। মানে এতিয়াৰ 4/5 জি নেটৱৰ্ক চলা সময়ত 2জি মবাইল যিদৰে চলে তেনেই আৰু আমাৰ ট্ৰেইনৰ গতি। ৰৈ দিলে ঠেলিব লাগে। কি যে জ্বালা। ইমানতো মোৰ বন্ধুৰ মন নুকুমলিল৷ এইবাৰ আহিল এজন আঁতৰৰ বেপাৰী আৰু এজন চিখৰ, পাণ-তামোল, ৰজনীক লগত লৈ। মোৰ মানুহজন আকৌ ৰজনীৰ ডাঙৰ ফেন। লগত তুলসীও। কোনোবা ষ্টেচনত উঠিছিল, পিছৰ ষ্টেচন পোৱাৰ আগতেই কোনোবা পথাৰৰ মাজত ট্ৰেইন ঠিয় দি আছিল। সিহঁতে নামিব নোৱাৰি গোটেই ট্ৰেইনত মাকো মাৰিছিল চাগে।

বাথৰূমৰ গোন্ধ, চিখৰ-জৰ্ডা, আঁতৰ আদিৰ সকলো গোন্ধ একাকাৰ কৰি এটা আচৰিত গোন্ধৰ সৃষ্টি কৰি মোৰ অৱস্থা বেয়া কৰি দিছে। মোৰ মূৰৰ বিষ, পেটৰ বিষ আৰম্ভ হৈ গ’ল। মনলৈ চিন্তা এটা আহিছিল, আঁতৰ বেপাৰীটোৰ কিবা বেয়া অভিসন্ধি লুকাই থকা নাইতো। কাৰণ সি কথাৰে সকলোকে মুহি পেলাইছিল৷ এওঁক ক’লোঁ, বেপাৰী দুইজনক যাবলৈ ক’বলৈ। তেওঁ গুৰুত্ব নিদিলে। তাৰপিছত আৰম্ভ হৈছিল মোৰ বেমাৰ৷ বাৰে বাৰে বমি হৈ পেটৰ বিষ আৰু বেহুঁচ হৈ পৰিছিলোঁ৷ সেইবাৰ সকলোৱে ভয় খালে। বেচেৰা দুয়োজন বেপাৰীয়ে বেয়াকৈ ভয় খালে। মাৰ খোৱাৰ আগতেই সিহঁত আঁতৰি গ’ল সেইবাৰ। পথাৰৰ মাজত ফাৰ্মাচি, ডাক্তৰ, ট্ৰেইনৰ টি.টি একো পাবলৈ নাই। কোনো এজনে বিচাৰি বিচাৰি এজন টি.টি বিচাৰি খবৰ দিলে, আহি চায়ো গৈছিল হেনো৷ তাৰ পিছতো একো কৰিব নোৱাৰিলে৷

ৰাতি পুৱালৈ গম পালোঁ মোৰ অসহায় আৰু অসুস্থ অবস্থাত কেইজনমান মিলিটেৰী জোৱানে সহায় কৰিছিল। বহুতখিনি মানুহ আহি ভিৰ কৰিছিলহি। টি.টিজনে সহায় নকৰাত ওচৰৰ ডব্বাত যোৱা মিলিটেৰীকেইজনে গম পাই তেওঁলোকৰ লগত থকা দৰব দি ভাল কৰিছিল। তেওঁলোকক লগ নাপালোঁ, কিন্তু আজিও বহুত ধন্যবাদ জনাওঁ আৰু সদায় মংগল কামনা কৰোঁ “কুশলে থাকক  তেওঁলোক।”

পিছত এটা দিন ডব্বাটোত কোনো বেপাৰীক উঠিবলৈ দিয়া হোৱা নাছিল। সকলো সাৱধান হৈ গৈছিল। সেই বেপাৰীকেইজনৰ অৱস্থাৰ কথা ভাবিলে হাঁহি উঠে। বৰ ভয় খালে হেনো দুইটাই।

☆ ★ ☆ ★ ☆

12 Comments

  • Pranita Goswami

    ডাঙৰ অভিঞ্জতা এইবোৰ।

    Reply
    • বন্দিতা জৈন

      ধন্যবাদ জনাইছো

      Reply
  • ডলী

    বহুত লটিঘটি হ’ল মানে। মই আকৌ ট্ৰেইনত বাথৰুমৰ কাষৰ দবা যাতে নপৰে সদায় খাটো।

    Reply
    • বন্দিতা

      হয়, সেইটো অশান্তিকৰ ঠাই। ধন্যবাদ জনাইছো

      Reply
  • কমলা দাস

    ভাল লাগিল। এনেকুৱা বহুত অভিজ্ঞতা পাইছো মইও।

    Reply
    • বন্দিতা

      ধন্যবাদ জনাইছো। আপোনাৰ যাত্ৰাৰ কথাবোৰ ভাললাগে। এইবাৰো লিখিব।

      Reply
  • ভাল লটিঘটি হৈছিল।

    Reply
    • বন্দিতা

      পঢ়া বাবে ধন্যবাদ জনালোঁ। হয়,,,,মনত ৰৈ যোৱাকৈ হৈছিল।

      Reply
  • Moniparna goswami

    ভাল লটি ঘটি হৈছিল দেখোন আপোনাৰ, মিলটেৰীকেইজনেই যাত্ৰা পথত ভগৱান হৈ দেখা দিছিল

    Reply
    • বন্দিতা

      হয়। সেই সময়ত ভগৱানৰ সহায় হৈ আহিছিল। সেয়ে ভগৱান বন্ধু বুলিয়ে ক’লো। ধন্যবাদ জনাইছো।

      Reply
  • বাগ্মিতা

    ট্ৰেইন যাত্ৰা বৰ অশান্তিকৰ ! এবাৰেই কৰিছোঁ,আৰু নকৰো বুলি শপত খাইছোঁ। আমাৰ দৰে চিকচাক মানুহৰ বাবে নহয় এইবোৰ। টয়লেটৰ ওচৰৰ ওচৰৰ ৰুম হলেতো সেপ গিলিবও অসুবিধা😢

    Reply
    • বন্দিতা

      হয় হয়। দীঘলীয়া যাত্ৰা বোৰ অশান্তিকৰ,,,যদিহে মাজৰ ফালে ছিট নাপায়। প্ৰথম দিনটো ভালেৰে যায়। পিছত অশান্তি। পঢ়া বাবে ধন্যবাদ জনাইছো 🙂

      Reply

Leave a Reply

Your email address will not be published.