ফটাঢোল

এটা সপোনৰ মৃত্যু – অভিজিত কলিতা

ৰ’ব হে, মোৰ দুখেভৰা জীৱনৰ আন এটা মৰ্মান্তিক কাহিনী পঢ়িবলৈ ওলাইছোঁ বুলি চিৰিয়াচ হৈ নেযাব। অসমীয়া ভাষাত এইটোৱেই সমস্যা, কওঁ কিবা এটা ৰাইজে বুজে কিবা আন এটা। মোৰ কোনো শৈশৱৰ, যৌৱনৰ সপোনৰ মৃত্যু হোৱা নাই, আচলতে সপোনতে মোৰহে মৃত্যু হ’ল। মানে ‘ডেথ অৱ এ ড্ৰীম’ নহয়, ‘ডেথ ইন মাই ড্ৰীম’ হে! সেয়া চাওক, ইংৰাজীত কোৱাৰ লগে লগে পটকৈ বুজি পালে।

আচলতে হ’ল কি, যোৱাকালি মোৰ সপোনত মোৰ মৃত্যু হ’ল। কি হ’ল কি নহ’ল ভালকে বুজি নেপালোঁ, কিন্তু মই হঠাৎ উপলব্ধি কৰিলোঁ, মই মৃত। একো বিষ- কোঁপ অনুভৱ কৰা নাই, কোনেও মোক কোৱাও নাই, কিন্তু মই কিবাকৈ নিশ্চিত হ’লোঁ যে মই মৰিলোঁ।

সৰুতে চোৱা ঘ’ষ্ট নামৰ চিনেমাখনৰে প্ৰভাৱ হ’বলা, মোৰ এনে লাগিল মই হঠাৎ একেবাৰে পাতল হৈ গ’লোঁ, মনটোও ইউফ’ৰিক লাগিল। ভৌতিক জীৱনৰ টেনচন, দ্বায়িত্ব, এল আই চি প্ৰিমিয়াম, সকলো গায়ব। উৰি ফুৰিব পাৰি। মজা লাগি গ’ল মোৰ। মৰাটো ইমান মজাৰ কথা বুলি মোৰ অনুমানেই নাছিল। এবাৰ হঊঊচকৈ আকাশ পালোঁগৈ, আগতে বহুদিন এৰোপ্লেনেৰে যাওঁতে দেখা ডাৱৰৰ দলিচাবোৰত ভৰি দিলোঁ, ওপৰত একদম তাজা ৰ’দ। বিজ্ঞানৰ নিয়মমতে ডাৱৰত ভৰি দিয়াৰ লগে লগে ধুমকৈ মই তলত পৰিবগৈ লাগিছিল। কিন্তু নপৰিলোঁ, বুজি পালোঁ মই ইতিমধ্যে ভূত হৈ পৰিছোঁ। গতিকে বিজ্ঞানৰ নিয়ম মোৰ গাত নাখাটে। অলপ দেৰি ডাৱৰত খেল ধেমালি কৰি থকাৰ পাছত এইবাৰ সাগৰৰ তলিলৈ যাবলৈ মন গ’ল, ভৱা মানেই হোৱা, মই মুহূৰ্ততে গৈ মেৰিয়ানা খাতৰ তলত। কি যে অদ্ভূত জগত ঔ, কি কি ৰকম ৰকম প্ৰাণী ঘূৰি ফুৰিছে, গছবোৰৰ ৰং। আজিলেকে ডিস্কভাৰী, নেট জিয়’ ক’তো দেখা নাই। তেনেতে হেমাৰ হেড এটা মোৰ ফালে সোঁ-সোঁৱাই অহাত মই ভয় খাই গ’লোঁ, কিন্তু মই কিবা প্ৰতিক্ৰিয়া কৰাৰ আগতেই সি বেটা মোৰ গাৰ মাজেৰে গৈ সিফালে জায়েণ্ট পেচিফিক অক্টোপাছ এটাক গিলি পেলালে। বুকুখন ধাৰামকৈ মাৰিলে, কিন্তু তেনেতে মনত পৰিল, অহ, মই আকৌ কিয় ভয় কৰিব লাগে, মই ভূত হে। মোক কোনে কিডাল কৰিব। মই এইবাৰ তীব্ৰ গতিত গৈ হেমাৰহে’ডটোৰ নাকত ‘চী ৱীড’ এডাল সুমুৱাই সুৰসুৰাই দিলোঁ। বেটাই এনে ভয় খালে নহয়, তিৰ -তিৰাই পলাল।

প্ৰশান্ত মহাসাগৰৰ তলত খেল ধেমালি কৰি থাকোঁতেই মোৰ মনত পৰিল, মোৰ জীৱনৰ অপূৰ্ণ আশা এটা থাকি গ’ল, এভাৰেষ্টত উঠা। য়েচ! মনত পৰিবলেহে পালে, কি কম, সাগৰৰ অটল তলিৰ চাবমেৰিনৰ পৰা মৰা মিছাইলৰ দৰে ফোঁফোঁৱাই ওলাই আহিলোঁ, কি ফোঁৱাৰ উঠিল কি কম আপোনাক। আৰু তাৰ পিছত চুপাৰমেনৰ দৰে এখন হাত মুঠি মাৰি উত্তৰ পশ্চিম দিশে আগুৱাই দিলোঁ। বচ, চেকেণ্ডত তিতা কাপোৰেৰেই মাউণ্ট এভাৰেষ্টৰ ওপৰত। অফ চিজন, এভাৰেষ্টত কোনো অভিযাত্ৰী নাই। বৌদ্ধ ধৰ্মী পতাকাবোৰো বৰফত পোত খাই গৈছে। ঘণ্টাত ২৮০ কিমি বেগেৰে দুৰ্বাৰ মিয়েণ্ডাৰ ধুমুহা বৈ আছে, কোনোবা অভিযাত্ৰী আহিলে উৰুৱাই কোনোবা ধুবুৰী পোৱালেগৈহেঁতেন। মোৰ পিচে একো নহ’ল, মই ভূত যে। কেনে মস্তি লাগিল আপোনাক কৈ বুজাব নোৱাৰোঁ‌।

তেনেতে মোৰ মনলৈ আইডিয়া আহিল, ভূত হ’লে টাইম ট্ৰেভেলো কৰিব পাৰি নেকি? যদি পাৰি ২১০০ চন মানৰ অসমৰ মুখ্যমন্ত্ৰীজনক চাই আহিব পাৰিলে কেনে মজা হ’ব। বা চেংগিজ খানৰ অভিযানত কিবা গন্দগোল লগাই দিব পাৰিলে, কলম্বাছৰ চাণ্টা মেৰিনাক ডুবাই দিব পাৰিলে, পৃথিৱীৰ ইতিহাসেই সলনি হৈ যাবচোন। চেষ্টা কৰি চোৱা যাওকচোন, কি হয়?

পিচে মোৰ সেই আনন্দময়তা বেছি সময় নিটিকিল। হঠাত অনুভৱ কৰিলোঁ, কোনোবাই মোক এফালে চোচোৰাই লৈ গৈছে, কোনে টানিছে মই দেখা নাই। কিন্তু ক্ৰমাৎ মোৰ গতি বাঢ়ি গৈছে। এসময়ত মই জলক তবক দেখিলোঁ, কেৱল তীব্ৰ গতি। এটা পোহৰৰ সুৰংগৰ মাজেৰে মই তীব্ৰ গতিত গৈ আছোঁ, গৈয়েই আছোঁ, গতি ক্ষণে ক্ষণে বাঢ়ি গৈছে।

কিমান দেৰি এনেকৈ গৈ আছিলোঁ মই গম নেপালোঁ। হঠাৎ মোৰ গতি কমি গ’ল, প্ৰায় ৰৈয়েই গ’লোঁ। চাৰিওকাষে এক অদ্ভূত শান্তি, অলপ চেঁচা চেঁচা লাগিল।

অলপ দেৰি তভক মাৰি ৰৈ থকাৰ পাছত মই বুজিলোঁ; অ, এয়াই চাগে সৰগ বা নৰক। ইয়াতেই চাগে মোৰ পাপ-পূণ্যৰ বিচাৰ হ’ব। অহ, মই আকৌ এইবোৰ মিছা, মীথ বুলিহে ভাৱি আছিলোঁ। চাওঁচোন কি হয়। নৰক পালেও কোনো কথা নাই, কাৰণ মই বুজি গৈছোঁ, এই ভূত অৱস্থাত মোক কোনেও একোডাল কৰিব নোৱাৰে। নৰকৰ গৰম তেলত ভাজিলেও মোৰ একো নহয়। দুই মিনিটৰ আগতে মই ডিচেম্বৰ মাহত এভাৰেষ্টৰ ওপৰত বহি আছিলোঁ। মই ইতিমধ্যে, গৰম, ঠাণ্ডা, শাৰিৰীক কষ্ট এইবোৰৰ উৰ্দ্ধত। যমদূতে যিমানেই শাস্তি নিদিয়ক মোৰ একোডাল নহয়। কথাটো ভাৱি ভাল লাগিল। এইটো আইডিয়া জীয়াই থাকোঁতেই অহা হ’লে পৃথিৱীত বহুত পাপ কৰিব পাৰিলোহেঁতেন। সৰুতে দেখা নৰকৰ শাস্তিৰ কেলেণ্ডাৰখনত গৰম তেলত দিয়া, শূলত দিয়া, তক্ষকেৰে কামোৰোৱা আদি দেখি এনেই ভয় খাই বহু কৰোঁ বুলি ভবা কাম নকৰিলোঁ। সাপে কামুৰি মোৰ কিডাল কৰিব? মই দেখোন মৰিলোৱে। চাল্লা, মোক খুটিবলে আহিলে এইবাৰ ময়ো চকৰি ফেঁটিডালক কামুৰি দিম; সি বেটাই গম পাই যাব, আজিলেকে যে ইমান মানুহক খুঁটিলে, নিজে খোঁট খালে কেনে লাগে!

সেইবোৰ ভাবি থাকোঁতেই মনেই নকৰিলোঁ, মোৰ চাৰিওফালে দেখোন এগালমান মানুহ। আৰে মোৰ চিনাকি মানুহো আছে এসোপা। এইবোৰ সকলো মৰিল নেকি? কি হ’ল কেচটো? খান চাহাবে ফ্ৰাষ্ট্ৰেচনতে নিউক্লীয়েৰ মাৰি দিলে নেকি? নে ৰাষ্ট্ৰসংঘই এই জেনোফবিকবিলাকৰ জীয়াই থকাৰ অধিকাৰ নাই বুলি শান্তি ৰক্ষী ফৌজ নমাই আমাক একেবাৰে এথনিক ক্লিনজিং কৰি দিলে? কিন্তু আচৰিত কথা মোৰ প্ৰশ্নটোৰ উত্তৰ বিছাৰিবলৈ ইমান মনো নগ’ল। শেষ কথা ‘আই এম ডে’দ এণ্ড এঞ্জয়িং’। কেনেকৈ মৰিলোঁ, কিয় মৰিলোঁ, সেইটো প্ৰশ্নৰ কোনো গুৰুত্ব নাই বৰ্তমান।

মই মোৰ চিনাকি মুখবোৰলৈ এবাৰ চালোঁ, দূৰৰ পৰা। সিহঁত কিন্তু মোৰ ফালে দৌৰি অহা নাই, বা মোক দেখি কোনো প্ৰতিক্ৰিয়াও কৰা নাই। মোৰো আচৰিত ভাবে তেওঁলোকৰ ওচৰলৈ যাবলৈ মন যোৱা নাই। মৰ্ত্যৰ সম্পৰ্কবোৰৰ চাগে ইয়াত কোনো মূল্য নাই, আবেগবোৰৰো নাই। আপোন নাই, পৰ নাই, জাতি নাই, মাটি নাই, কেৱল মুক্তি! কেৱল কাঞ্চনজংঘা চাৰিওফালে। অৱশ্যে ধৰ্ম নাই বুলি এতিয়াও গেৰাণ্টি দি ক’ব পৰা নাই, আলেখ লেখ চাই লওঁচোন।

চাৰিওফালৰ ধুৱলী কুঁ‌ৱলী পৰিবেশটো অলপ মুকলি হ’ল। আচৰিত, মই ভবাৰ দৰে এই ঠাইখন আকাশৰ ওপৰৰ শূণ্যস্থান নহয়। আচলতে ঠাইখন এটা বজাৰৰ চকৰ দৰে। মাজতে এটা অত্যাধুনিক অফিচ ঘৰ। অফিচ ঘৰটোৰ পৰা এক ফাৰ্লং মান দূৰত সোঁ আৰু বাঁওফালে দুখন প্ৰকাণ্ড দেৱাল, দূৰ্গৰ দৰে। দুইখন দেৱালৰে মাজত একোখনকৈ লোহাৰ শাল মৰা কাঠৰ দুৱাৰ। দুৱাৰৰ ওপৰতে একোখনকৈ গ্ল’ চাইন ফলক। তাত কি লিখা আছে মোৰ পঢ়িবৰ মন গ’ল কিন্তু চেষ্টা নকৰিলোঁ। মাইনাছ সাত পাৱাৰৰ চকুৰে এক ফাৰ্লং দূৰৰ চাইনবৰ্ড পঢ়াৰ চেষ্টা নকৰোঁ। তথাপিও এনেই চকু গ’ল এবাৰ! আৰে, লিখাবোৰ দেখোন ফটফটীয়াকৈ জিলিকি উঠিল। মানে ভূত হ’লে চকুৰ বেমাৰ ঠিক হৈ যায় নেকি? ধুত তেৰিকি, ইমান মজাৰ লাইফ বুলি জনাহেঁতেন মই কেতিয়াবাই মৰিলোঁহেঁতেন। বহুত লোকচান হৈ গ’ল, নাই বুলিও এজোৰ চচমাত তিনিহেজাৰকে ধৰিলে; আধা লাখ মান টকা মোৰ চকুৰ লগতে নষ্ট হ’ল।

বাৰু সি যি কি নহওক, চাইনবৰ্ডৰ লিখাখিনিলৈ চকু দিলোঁ। বিভিন্ন ভাষাত লিখা আছে, অসমীয়াত প্ৰথমতেই আছে, এফালে লিখা আছে ‘স্বৰ্গ’ আৰু আনফালে ‘নৰক’। অহ্‌ আচ্ছা, সৰুতে শুনা সাধুবোৰ তাৰমানে মিছা নাছিল। স্বৰ্গ বুলি লিখা চাইনবৰ্ডখনতে আৰৱীত লিখা আছে জন্নত, ইংৰাজীত লিখা আছে হেভেন, চাইনীজত লিখা আছে 天堂 । মই সেইবোৰ ভাষা কেনেকে বুজি পালোঁ মোক নুসুধিব, মুঠতে পালোঁ আৰু, আৰু শুদ্ধকৈয়ে বুজিলোঁ। ইফালৰ চাইনবৰ্ডতো একেটাই কথা, নৰক, الجحيم, Hell, 地狱, לעזאזל…….
তাৰমানে এই গোটেইসোপা একেই। পৃথিৱীত ইমানবোৰ ধৰ্ম আছে, তাকে লৈ আমি ইমান কটা মৰা কৰি মৰোঁ, ইহঁতে নো ইয়াত মানুহখিনিক অলপ বেলেগকৈ ৰখাৰো ব্যৱস্থা কৰিব নোৱাৰেনে? সৱ একেই, ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰিবৰ মন নাই। জন্নত আৰু হেভেন একেলগতে! আৰু তাকে বেলেগ কৰিবলৈ আমি তলত কিমান কষ্ট কৰি জিহাদ, ক্ৰুছেদ কৰি আছোঁ, ধৰ্মযুদ্ধত প্ৰাণ আহুতি দিছোঁ, ঘৰ-ৱাপচি কৰাইছোঁ; আৰু এই দগধা সোপাই একে ঠাইতে সকলো মিহলাই খিছিৰি কৰি পেলাইছে। পেথেটিক!!!

কিন্তু আচৰিত ভাৱে মোৰ বিশেষ খং নুঠিল। আজি জীয়াই থকা হ’লে এইটো নিউজেৰে ফেচবুক কঁ‌পাই দিলোঁহেঁতেন। মৰাৰ পাছৰ কে’চটো অলপ বেলেগ হয়তো, মৰিছোঁহে আজি। আৰু কেইদিন মান হ’লে কথাবোৰ অলপ সহজে ল’ব পাৰিমগৈ চাগে।

এইবোৰ ভাৱি গুণি থাকোঁতেই মোক আকৌ কোনোবাই টানি নিয়াযেন লাগিল, এইবাৰ মই সমুখৰ ধুনীয়া অফিচটোলৈ সোমাই গ’লোঁ। আৰে বাপৰে!! তেনেই থাইলেণ্ড ‘ভিজা অন এৰাইভেল’ৰ অফিচটোহে যেন। কেৱল তাতকৈ হেজাৰ গুণ ডাঙৰ। থাইলেণ্ডলৈ গৈয়ো নৰকৰ শাস্তিৰ ভয়ত ঠোঁট মুখ চেলেকি ঘূৰি অহাৰ দুখটোৱে আকৌ এবাৰ উকালে বুকুত। নিজৰ বুৰ্বকামিৰ কাৰণেই কি কি হেৰুৱালোঁ জীৱনত!!

অফিচটোলৈ চকু ফুৰালোঁ! শাৰী শাৰীকৈ কাউণ্টাৰ, কাউণ্টাৰৰ সমুখত আইনা, সিফালে একোজনলৈ সুসজ্জিত কৰ্মচাৰী। প্ৰত্যেক কাউণ্টাৰৰ সমুখত একোখনকৈ চকী। কিছুমান খালি, কিছুমানত একোজনকৈ মানুহ বহি কৰ্মচাৰীজনৰ সৈতে কথা পাতি আছে। কিন্তু সকলো নিশব্দ। একেবাৰে চিষ্টেমেটিক অত্যাধুনিক অফিচ।

মই দুৱাৰখন গৈ পোৱাৰ লগে লগে এজন দাৰোৱান আহি মেটেল ডিটেক্টৰেৰে মোৰ সৰ্বশৰীৰ পৰীক্ষা কৰিলে। মোৰ কথাটো অলপ আচৰিত লাগিল, পিচে একো নুশুধিলোঁ। আনৰ ঠাইত বেছি হাল্লা নকৰাই ভাল, গুৱাহাটী হ’লে বেলেগ কথা আছিল। কিন্তু এইটো চিত্ৰগুপ্তৰ অফিচ, ইয়াত নিয়ম কানুন আমাৰ দৰে নহ’ব চাগে। চাই লওঁচোন। অহ, আপোনাক ক’বলৈকে থাকিল, অফিচটোৰ আগতেই লিখা আছিল,

“ইমিগ্ৰেচন অফিচ অফ হেভেন এণ্ড হেল। প্লীজ ডণ্ট ব্ৰাইব এনি অফিচাৰ, ইফ এনি অফিচাৰ আস্কচ ফৰ মানি, প্লীজ কণ্টেক্ট মি. চিত্ৰগুপ্ত, aka চেণ্ট পিটাৰ, aka….হেড অৱ ৱিং।”

ইয়াত কিন্তু আন ভাষাত লিখা নেদেখিলোঁ। মানে কেচটো একেই, স্থানীয় ভাষাবোৰ অকল দেখুৱাবলেহে, সকলো কাম ইংৰাজীতে হয় আচলতে। ইংৰাজী নেজানিলে ইয়াতো মিছা।

তেনেতে এজন কোট টাই পৰিহিত মানুহ মোৰ ফালে আগুৱাই আহিল। তেওঁ ভদ্ৰভাৱে মোৰ ডিঙিত ওলমি থকা কাৰ্ড এখন চালে। এইখন কাৰ্ড মোৰ ডিঙিত কোনে, কেতিয়া আঁ‌ৰিলে মই গমেই নেপালোঁচোন। অহ, মনত পৰিছে, মই ভূত হোৱাৰ পৰাই এইখন মোৰ ডিঙিত ওলমি আছে, মইহে মন কৰা নাছিলোঁ, কিন্তু কিবা এটা অসুবিধা পাই থকা যেন লাগিছিল।

সি যি কি নহওক, মোৰ কাৰ্ডখন পঢ়ি মানুহজন অলপ সচকিত হৈ পৰিল। জান নেজান এক বিশেষ ধৰণৰ হাঁ‌হি এটাও যেন তেওঁৰ ওঁ‌ঠত জিলিকি উঠিল।

: অ! অসমৰ আপুনি? অসমীয়া জানেনে? আদাৰৱাইজ ৱি কেন টক ইন ইংলিছ। হিন্দী ভি চলেগা।

মানুহজনে কৈ উঠিল।

: হে। অ’, উমম, য়েচ! ন’! ঠিক হেঁ‌! মই পিচে অসমীয়াত ক’লেই ভাল পাম, ইংৰাজীত মই বৰ দুৰ্বল। হিন্দীত তাতকৈয়ো বেছি দুৰ্বল।

মই খপজপাই ক’লোঁ।

: একো নাই ছাৰ। মই অসমীয়া জানো, আমি পৃথিৱীৰ সকলো ভাষাই জানো, যাতে কোনো ঠাইৰে সদ্যমৃত কাৰো অসুবিধা নহয়। অসমৰ পৰা অহা বহু ভূতে আকৌ অসমীয়াত কথা ক’বলৈ লাজ কৰে। আমিও তেওঁলোকক লাজ দিবলৈ বেয়া পাওঁ, তেওঁলোকে ইংৰাজী নোৱাৰিলে, হিন্দীকে কয়। আই হ’প ইউ আণ্ডাৰষ্টেণ্ড। এইফালে আহক ছাৰ। অসমীয়াৰ চেকচনটো অলপ দূৰত। অসমৰ কে’চবিলাক অলপ কমপ্লিকেটেড হয় যে, সেয়ে আমাৰ চিনিয়ৰ ষ্টাফেহে হেণ্ডল কৰে। আহক ছাৰ। চাহ, কফি, ঠাণ্ডা কিবা খাব নেকি?

: হ’ব নেলাগে। সিবিধ পালে এঢোক মাৰিলোঁহেঁতেন। বৰ ভাগৰ লাগি আছে৷

সুবিধা পাই মই ক’লোঁ।

: নাই নাই ছাৰ। ইয়াত সেইবোৰ নিষিদ্ধ। আহক ছাৰ!

মানুহজনে কৈ কৈ মোক আগবঢ়াই লৈ গ’ল। মই মনতে ভাৱিলোঁ- সুৰা নিষিদ্ধ!! কি কথা! বিহাৰতহে সুৰা পোৱা নেযায়!! তেনে এইখন বিহাৰেই নেকি? বিহাৰেই আচলতে স্বৰ্গ নেকি? নে গুজৰাট? চাই লওঁ, দুদিন মান থাকিবলে পালে যোগাৰ উলিায়ই লম। ‘মদখোৱা’, ‘আই মীন খাৰখোৱা’ অসমীয়াহে মই!

সি যিকি নহওক, চাৰিওফালে চাই চাই মই তেওঁৰ লগে লগে আগবাঢ়িলোঁ। মানিব লাগিব, কি সুন্দৰ অফিছ। মাজে মাজে ভগৱান, আল্লা, গড, আহুৰা মাজদা, মোজেছ, যীশুখ্ৰীষ্টৰ ছবি আছে। ডনি প’ল’ও এঠাইত দেখিলোঁ, ফটোত সকলোৰে ডিপ্লমেটিক হাঁহি ভৰা মুখ। কাৰবাৰবোৰ আমাৰ ইহলোকৰ দৰেইচোন।

অফিচটোৰ একেবাৰে সিমুৰলৈ অলপ আচুতীয়াকৈ কিছুমান অফিচ ‘কিয়স্ক’ আছে, আগতে দেখাবোৰতকৈ অলপ ডাঙৰ। মানুহজনে মোক নি এটা কাউণ্টাৰৰ সমুখৰ চকী এখনত বহাই দিলে। সিফালে কম চুলিৰ এজন বয়সস্থ লোক, তেওঁ মোক গুৰুত্বই দিয়া নাই। এইবোৰ তেওঁলোকে সদায় কৰা কাম, ময়ো একো স্পেচিয়েল মানুহ নহয়। মোক লৈ যোৱা মানুহজনে কাউণ্টাৰৰ মানুহজনৰ কাণত ফুচফুচাই কিবা ক’লে, মানুহজনে গম্ভীৰ ভাৱে মূৰ দুপিয়ালে।

মোৰ চকু কাষৰ ‘কিয়স্ক’টোলৈ গ’ল। আৰে তাত দেখোন মধ্যবয়সীয়া সুন্দৰী মহিলা এগৰাকী, ৰঙা শাৰী আৰু সামান্য মেক আপেৰে বৰ আকৰ্ষণীয় মানুহগৰাকী। তেওঁৰ আগৰ চকীখনো খালি। মোক দেখোন তাতে বহুৱাব পাৰিলেহেঁতেন। মহিলা পালে মই মোৰ চাৰ্ম অলপ ব্যৱহাৰ কৰি কিবা সুবিধা কৰিব পাৰিলোঁহেঁতেন। ধেত চাল্লা, মোৰ নাৰীভাগ্য সদায় বেয়া। ভূত হোৱাৰ পাছতো দুৰ্ভাগ্যই মোৰ পিছ এৰা নাই। কি কৰিম, জীৱিত কালত মই উঠা নাইট চুপাৰো মহিলা শূণ্য হোৱাৰ কথা মনত পৰিল।

: আপুনি অসমৰ?

সিফালৰ মানুহজনে গলগলীয়া মাতেৰে মোক সুধিলে।

: হয় চাৰ। একদম মেইন মেট্ৰো গুৱাহাটীৰ। আধা-আধুৰা অসমৰ নহয়। মোৰ ঘৰ অনিল নগৰত।

মই ভাবিলোঁ, ইমান শুদ্ধ অসমীয়া কোৱা মানুহজন নিশ্চয় অসমীয়াই হব! গুৱাহাটীৰ অৰিজিনেল বুলি গম পালে অলপ দৰ কৰিব।

মানুহজনে কিন্তু একো প্ৰতিক্ৰিয়া নেদেখুৱলে। বৰঞ্চ নিৰ্লিপ্ত ভাৱে আইনাৰ ফুটাটোৰে ফিংগাৰ প্ৰিণ্ট মেচিনৰ দৰে সৰু মেচিন এটা আগবঢ়াই দিলে, ময়ো অভ্যাসবশত মোৰ সোঁহাতৰ তৰ্জনী আঙুলিটো তাত হেঁচা মাৰি ধৰিলোঁ। এইবাৰ মানুহজনে বহু সময় ধৰি নিজৰ কম্পিউটাৰ মণিটৰত কিবা চালে, কী বৰ্ড- মাউচ একেৰাহে চলিল। ময়ো সুবিধাতে কাষৰ ‘কিয়স্ক’ৰ মহিলাগৰাকীলৈ চকু দিলোঁ‌। মেইণ্টেইন কৰিছে দেই এই বয়সতো। ব্লাউজটো অলপ বেছি ডীপ কাট যেন লাগিল। তেওঁ হাতৰ মোবাইলটো একান্ত মনে চাই আছে। তেওঁৰ মুখখনো দেখোন চিনাকি যেনেই লাগিছে। মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত আছেই নেকি আকৌ কেনেবাকৈ?

মহিলাগৰাকীয়েও মোৰ ফালে এবাৰ চালে। এহ, সেইটো ছীট পালে সঁচাকৈয়ে বৰ ভাল লাগিলহেঁতেন দেই।

: অকে। শুনক৷

কম্পিউটাৰৰ পৰা মুখ তুলি মোলৈ চাই ক’লে। ময়ো বাস্তৱলৈ উভটি আহিলোঁ।

: আজিকালি আমাৰ নিয়মবোৰ সলনি হ’ল, আগৰ পুৰণিকলীয়া পাপ পূণ্যৰ হিচাপবোৰ নাই আজিকালি। মই আপোনাৰ ইণ্টাৰ্ভিউ ল’ম, এই ইণ্টাৰভিউৰ ফলাফলৰ ওপৰতে আপুনি স্বৰ্গ পাব নে নৰক পাব সেইটো সিদ্ধান্ত হ’ব। গতিকে ভাৱি চিন্তি উত্তৰ দিব। বুজিছেতো।

মোৰ মনৰ পৰা ইতিমধ্যেই নৰকৰ শাস্তিৰ ভয় নোহোৱা হৈছিলেই, স্বৰ্গ পালেতো কথাই নাই। কি সোধে সোধক, বিন্দাছ উত্তৰ দিম, যি হয় হব।

সাংঘাটিক আত্মবিশ্বাসী অনুভৱ কৰিলোঁ মই।

: তাৰ আগতে মই আৰু দুটামান কথা কওঁ আপোনাক। ইণ্টাৰভিউ আৰম্ভ কৰাৰ আগতে আপুনি এইকেইটা কথা জানি লোৱা উচিত। আমি সকলোকে ফেয়াৰ চান্স দিয়াটো নিশ্চিত কৰিব লাগে। আমিও আজিকালি ISO 9001 মানি চলোঁ, ওপৰৰ অৰ্ডাৰ।

: কওক ছাৰ। মই সাজু।

: অকে। ভেৰি গুড। মই আপোনাক তেনে মুকলিকৈয়ে কওঁঁ। আপোনালোক অসমৰ মানুহবোৰৰ বাবেই আমি আমাৰ আগৰ পাপ পূণ্যৰ ষ্টেণ্ডাৰ্ড অলপ সলনি কৰিব লগা হ’ল। আৰু তাৰ কাৰণেই আমি অসমৰ বাবে এই বিশেষ শাখাটো খুলিছোঁ। অসমত ক্ষেত্ৰত কোন পাপী, কোন পূণ্যবান ধৰা বৰ কঠিনম। আপোনালোকৰ ফেচবুক আপডেট দেখিলে এনেকুৱা লাগে যেন আপোনালোক সকলোৱেই মহৎ পূণ্যবান লোক। আকৌ আপোনাৰ বিপক্ষৰ এজনৰ আপডেট দেখিলে লাগে তেওঁহে পূণ্যবান, মানৱ সেৱাত তেওঁৰ জীৱন উচৰ্গিত। আমি কনফিউজ হৈ যাওঁ। সেয়ে আমাৰ ওপৰৱালা সকলে ঠিক কৰিছে, আমি অসমীয়া মানুহৰ ক্ষেত্ৰত তেওঁৰ ৰাজনৈতিক আদৰ্শৰ ওপৰতে তেওঁৰ স্বৰ্গ বা নৰক বাস ঠিক কৰিম। কোনোটো পাৰ্টিৰ চাপৰ্টাৰ হ’লে স্বৰ্গ, কোনটোৰ হ’লে নৰক, সেইটো মই এতিয়াই নকওঁ। আপুনি বুদ্ধিমান মানুহ, নিজেই বুজি পাব।

মই একান্ত মনে শুনি থাকিলোঁ, কথাবোৰ অলপ জটিল হৈ পৰিছেচোন। চাওঁচোন কি হয় আগলৈ।

: তেনে আৰম্ভ কৰোঁ, ঠিক আছে?

মানুহজনে আকৌ ক’লে

: হয় ছাৰ কৰক।

: চ মাই ফাৰ্ষ্ট কুয়েচন ইজ, যোৱাবাৰ নিৰ্বাচনত আপুনি কাক ভোট দিছিলে?

মই অলপ দেৰি তভক মাৰি ল’লোঁ। খেলটো অলপ ক্ৰিটিকেল। স্বৰ্গৰ বৰ্তমান শাসনাধিস্থ দলটোৰ কোন জানিলে ভাল আছিল, সেইটো দলৰে তৃণমূল কৰ্মী বুলি কৈ কে’চ ফিটিঙেই কৰি দিলোঁহেঁতেন। গুগল মাৰি চাবলৈয়ো মোবাইলটো নাই হাতত। কেনেবাকৈ বিৰোধী দলটোৰ নাম মুখত ওলালে বেয়াও পাব পাৰে; এইজন ইমান ওপৰৰ অফিচাৰ হৈছে যেতিয়া শাসনাধিস্থ দলৰেই মানুহ হ’ব। কি কওঁ? মই চিন্তাত পৰিলোঁ।

তেনেতে আকৌ মনত পৰিল, আৰে মইতো ভূতহে, মোৰ আকৌ কি চিন্তা, স্বৰ্গ নৰক মোৰ বাবে একেই, গতিকে সঁচা কথাই কৈ দিওঁ যাঃ। বৰ আত্মবিশ্বাসী অনুভৱ কৰিলোঁ।

: ছাৰ, সঁচা কথা কওঁ। মই কাকো ভোট দিয়া নাই এইবাৰ। এইবাৰ নহয় কেতিয়াও দিয়েই পোৱা নাই।

: কিয় দিয়া নাই?

: বহুত কাৰণ আছে ছাৰ, এফালৰ পৰা কৈ যাওঁঁ নে?

: কওকচোন। আপোনাৰ ৰাজনৈতিক আদৰ্শৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিছে।

: ছাৰ! সঁচা কথা ক’বলে গ’লে আমাৰ চৰকাৰবোৰেও আমি ভোট দিয়াতো নিবিছাৰে। দিলেও একো হীন দেৰি নহয়। নিৰ্বাচনত কোন জিকিব সেইটো সিদ্ধান্ত কৰিবলৈ আমাৰ দেশত আমদানিকৃত ভোটাৰ আছে। তেওঁলোকেই সকলো কৰে। তেওঁলোকে সদায় একে ঠাইতে মাৰে ভোটটো, ভোট দিবৰ বাবে এসপ্তাহ কাম কাজ খতি কৰে। দিনটো গেলা গৰমত ভোটকেন্দ্ৰত ঠিয় হৈ থাকে। আমি সিমান কষ্ট কৰিব নোৱাৰোঁ দেই। তাতে আমি ভোট দি কাকো হৰুৱাবও নোৱাৰোঁ, জিকাবও নোৱাৰোঁ, গতিকে ইমান কষ্ট কৰি কি লাভ?

: হমম! কৈ যাওক।

: আৰু এটা কথা আছে ছাৰ। যদি দলটো পচন্দ হয়, প্ৰাৰ্থীজন ভাল নেলাগে; আকৌ প্ৰাৰ্থীজন ভাল হ’লে এনে এটা অবাইচ দলৰ পৰা উঠে, তেওঁক জিকায়ো লাভ নাই। নোটা বুলি এটা বস্তু আছে, সেইটো কেতিয়াও নিজিকে। চমুকৈ ক’বলৈ গ’লে মোৰ ভোটৰ কোনো কাম নাই, গতিকে নিদিওঁ। তাৰ পাছত আকৌ ভোটত জিকি যিখন চৰকাৰ হয়, সেইখনেও আমাক পাত্তা নিদিয়ে, যি দলৰেই নহওক কিয়? তেওঁলোকে কেৱল ভোট বেংককেইটা আৰু নিজৰ বাবেহে কৰিব পৰাখিনি কৰে, আমাৰ পৰা কেৱল ইনকাম টেক্স লয়। আচলতে ছাৰ, আয়কৰ দিয়াৰ বাদে দেশখনত মোৰ দৰে মানুহৰ কোনো কাম নাই, চৰকাৰেও আমি আছোঁ বুলি গম নেপায়। মৰ গৰমত, ঘণ্টা ধৰি, ভোকে লঘোণে ঠিয় হৈ থাকি চৰকাৰ এখন নিৰ্বাচন কৰি মোৰনো কি লাভ হ’ব। গতিকে ভোটৰ দিনা বন্ধ উপভোগ কৰাই উচিত বুলি ভাবিলোঁ মই, মানে জীয়াই থাকোঁতে ভাৱিছিলোঁ। এতিয়া যি কৰে কৰক আৰু, মোৰ ৰাজনীতিৰ সৈতে একো লেনা দেনা নাই। সকলো একেই, বহুত দেখিলোঁ জীয়াই থাকোঁতে।

একেৰাহে কথাখিনি কৈ মই উশাহ সলালোঁ। বুকুখন পাতল লাগিল, সঁচা কথা বহুদিন কৈয়েই পোৱা নাছিলোঁ, আজি কৈ বৰ ভাল লাগিল। আজিৰ পৰা মাজে মাজে সঁচা কথা কোৱাৰ অভ্যাস কৰিব লাগিব, ভাল লাগেচোন।

মোৰ বিপৰীতে বহি থকা অফিচাৰজন কিন্তু গম্ভীৰ হৈ পৰিল। চেলাউৰী কোঁচ খালে। তেওঁ এইবাৰ কাষৰ মানুহগৰাকীৰ ওচৰলৈ গৈ কিবা এখন কাগজ দেখুৱালে। মানুহগৰাকীয়েও গম্ভীৰ ভাৱে মোলৈ চালে, মই মিচিকিয়া হাঁহি এটা মাৰি পঠিয়ালোঁ, বৰফ গলে যদি গলকচোন।

মানুহজন আকৌ মোৰ ওচৰলৈ আহিল,

: আপোনাৰ কেচটো অলপ কমপ্লিকেটেড হৈ গ’ল। আপুনি একেবাৰে অৰাজনৈতিক মানুহ৷ সদ্যহতে আমাৰ অৰাজনৈতিক মানুহৰ বাবে কোনো পলিচি নাই। আমি আচলতে অসমত অৰাজনৈতিক মানুহ থাকিব পাৰে বুলি ভৱাই নাছিলোঁ। মই গুপ্তচৰৰ সৈতে কথা পাতিব লাগিব। আপুনি অলপ বহক, সেইফালে কেণ্টিন আছে, চাহ-তামোল খাই যদি খাই লওক। কেৱল তামোল খাই য’তে ত’তে পিক নেপেলাব।

হয় অলপ ভোকো নলগা নহয়, কেণ্টিনলৈকে যাওঁ, মাছ-ভাত পালে এসাজ খাই ল’ব লাগিব, স্বৰ্গ বা নৰকত আকৌ খোৱাৰ ব্যৱস্থা কেনে কি ঠিক? মাহ প্ৰসাদ খায়ে জীৱন কটাব লগা হ’লে বৰ বিপদ হ’ব।

কেণ্টিনত পিচে মাছ ভাত নেপালোঁঁ৷ এয়াৰপৰ্টৰ কেণ্টিনৰ দৰে, হটডগ, ক’কা কোলা, ছেণ্ডুইছ আদিহে পায়। চাহো নাই, কেৱল কফী। তথাপি তাৰে নাম নজনা কিবা দুপদ মান খালোঁ। কেণ্টিনৰ পিছফালে এন্ধাৰ কৰিডোৰটোত মানুহ এজনীয়ে তামোল ছিগাৰেটৰ দোকান দিছে, অবৈধ বোধহয়। কিন্তু তাতহে মানুহ ভিৰ। পিক পেলাবলৈ ফুলৰ টাব এটাও আছে, তাতে এজোপা এৰিকা পাম, মানুহে গছৰ ৰং ৰঙা কৰি দিছে।

এঘণ্টামান অফিচৰ আলেখ লেখ চাই কটালোঁ, সুন্দৰী মানুহগৰাকীৰ সমুখেৰে কেইবাপাকো মাৰিলোঁ। কিছু সময়ৰ পাছত মোক এক অদৃশ্য শক্তিয়ে টানি নি আকৌ আগৰ অফিচাৰজনৰ সমুখত বহালেগৈ।

: মই ছাৰৰ সৈতে কথা পাতিলোঁ।

গভীৰ নিশ্বাস এটা পেলাই মানুহজনে ক’লে

: কি ক’লে তেওঁ?

: অকে, লেট মি পুট ইট ষ্ট্ৰেইট। আপোনাৰ অৰাজনৈতিকতাই আপোনাৰ সমস্যা। অসম দেশত কোনো লোক অৰাজনৈতিক হৈ থাকিব নোৱাৰে বুলিয়েই আমাৰ বিশ্বাস। অসমৰত সকলো কথাই ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাৰ নিয়ম আজি কেইবাদশকো ধৰি চলি আহিছে। ছাত্ৰ, কৃষক, শিক্ষক, ভিখাৰী, ব্যৱসায়ী, আমদানিকৃত নাগৰিক, সকলোৱেই ৰাজনীতি কৰে, নকৰিলে জীয়াই থাকিব নোৱাৰি। গতিকে তাৰ মাজতে আপুনি কেনেকৈ থাকিল সেয়া আমাৰ বাবে আশ্চৰ্য। ছাৰে আপোনাৰ কেচটো ৰিভিউ কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ সমিতি নিৰ্বাচন কৰি দিছে। সমিতিয়ে এবছৰৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিব।

: তেনে মই কি কৰিম? এবছৰ ইয়াতে হটডগ আৰু কফী খাই থাকিব লগা হ’লে মই মৰি যাম, আই মীন মই মৰিলোঁৱেই, কিন্তু মৰাতকৈয়ো ডাঙৰ বিপদ হ’ব মোৰ। কিবা এটা কৰক, লাগিলে স্বৰ্গ নৰকৰ এই চাৰি আলিটোতে কিবা ভাৰাঘৰ এটা চাই দিয়ক। পুৱা গধূলি ভাত খাবলৈ নেপালে মোৰ গাটো ৰাই-জাই কৰে।

: নাই এনেকৈ ইয়াত থাকিবলৈ দিয়াৰ কোনো নিয়ম নাই। যিহেতু বৰ্তমানলৈ আপোনাৰ না স্বৰ্গত স্থান আছে, না নৰকত, গতিকে আপোনাৰ বাবে আমি এক বিশেষ ব্যৱস্থা কৰিছোঁ। আপুনি মৰ্তলৈ ঘূৰি যাওক, এবছৰৰ ভিতৰত যদি কিবা উপায় ওলায়, আপুনি আকৌ মৰিব। নোলালে তাতে থাকিব লাগিব। আপোনাৰ দৰে মানুহৰ ইয়াত স্থান নাই। যাওক, আৰু সোনকালেই কোনোবা এটা ৰাজনৈতিক দলৰ সদস্য হৈ লওক, নিজৰ ভোটতো দিয়কেই, পাৰিলৈ আনৰ হৈয়ো প্ৰক্সি ভোট দিয়ক। তেনেহ’ল আমাৰো সমস্যা কমে, আপুনিও সুকলমে মৰিব পাৰে। এতিয়া যাওক, লাইফ এঞ্জয় কৰকগৈ….

: না না না, ছাৰ তেনেকুৱা নকৰিব। মোৰ আকৌ জীবলৈ মন নাই, মৰি ভূত হৈয়ে থাকিবলৈ দিয়ক মোক, ইমান মজা মই জীয়াই থাকোঁতে কেতিয়াও কৰা নাই….প্লীজ ছাৰ, আকৌ এল আই চি, প্ৰমোচন, বজাৰ-সমাৰ এইবোৰ জঞ্জালত মোৰ সোমাবলৈ মন নাই। মই মেৰিয়ানা খাতত নামিম, মই টাইম ট্ৰেভৈল কৰিম৷ প্লীজ ছাৰ…..ছাৰ…ছাৰ…চা…..আ…..আ…..ৰ….ৰ…. ৰ….৷

☆ ★ ☆ ★ ☆

19 Comments

  • Rintumoni Dutta

    সৰ্বাংগসুন্দৰ ব্যংগ, হেটচ অফ দাদা

    Reply
  • ছয়নিকা বৈশ্য

    মোৰ এতিয়া মৰিবহে মন গৈছে কাহিনী টো পঢ়ি .. ধুনীয়া লাগিল

    Reply
  • Chandan Gogoi

    ব্যংগ হ’লে এনে হ’ব লাগে….
    ভাল লাগিল…

    Reply
  • Mitali

    “শেষ কথা ‘আই এম ডে’দ এণ্ড এঞ্জয়িং” …. হা হা খুব বেছি ভাল পালোঁ 😂

    Reply
  • HEMANTA KAKATI

    বহুদিনৰ মূৰত ভাল গল্প এটা পঢ়িলো৷ তামাম!

    Reply
  • Nilanjana Kashyap

    হেটচ অফ দাদা, বহুত ভাল লাগিল পঢ়ি

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ

    Reply
  • Rimjhim Borthakur

    সাংঘাতিক

    Reply
  • Kamal Das

    অতি সুন্দৰ ৷ সচাকৈয়ে গল্পটো পঢ়ি ভাল লাগিল ৷ লগতে সুন্দৰ বাৰ্তাও প্ৰেৰণ কৰিছে ৷

    Reply
  • Anonymous

    ইম্মান ভাল লাগিল যে বুজাব নোৱাৰো। উশাহ নসলোৱাকৈ গোটেইটো পঢ়িলোঁ।

    Reply
  • Anonymous

    বৰ খতৰনাক সপোন দেই দাদা। ৰাষ্ট্ৰসংঘৰ পৰা থাইলেণ্ড হৈ খাৰ খোৱা অসমীয়াত হে এৰিছে। ভাল লাগিল।

    Reply
  • deepjyoti handique

    অনন্য । খুব ভাল লাগিল ।

    Reply
  • Jyoti Moni Borah

    আফটাৰ “ডেথ ইন মাই ড্ৰিম” ত কাৰ নাকত চেৰেকণি ডাল ভৰাই সৰসুৰাই দি তিৰ তিৰাই দৌৰাম ভাৱি হাঁহি আছো ।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Nava Jyoti Medhi

    Beautiful…
    Hats off..

    Reply
  • কাবেৰী মহন্ত

    বৰ ভাল লাগিল৷ গোটেই সমাজ ব্যৱস্থাটো দেখুৱাই দিলে

    Reply
  • Anamika

    লিখনি খুব ভাল হৈছে, ব্যংগাত্মক দিশটো সুন্দৰকৈ প্ৰকাশ পাইছে |

    Reply
  • Nilakshi Devi Deka

    ক্ষুৰধাৰ ব্যঙ্গ। ভীষণ ভাল লাগিল দাদা।

    Reply
  • Gayatri Sahu

    কি সুন্দৰ ব্যঙ্গ । খুব ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.