ফটাঢোল

এনেকৈয়ে আমি – মাহমুদা বেগম

ঘটনা এক

ভাত পানী খাই উঠি টিভিৰ আগত বহিছোঁ৷ এনেতে দুৱাৰৰ ফাঁকেৰে কঠালগুটীয়া নিগনি এটা লৰ মাৰিলে৷ গৃহস্থই একেথৰে সেইফালে চাই আছে৷ মই ক’লো, “নিগনিৰ উৎপাত বাঢ়িছো আকৌ৷”

গৃহস্থই লগে লগে ক’লে, “তাক ওচৰত পালে দুই চৰ লগাই দিলোহেঁতেন৷”

মই চক খাই উঠিলো৷ নিগনিটোক পালে চৰ দিব! কেনেকুৱা কথা!

মই সুধিলো, “হেৰা! নিগনিক চৰ দিবা! কেনেকুৱা কথা!”

তেওঁ মোলৈ চাই ক’লে, “নহয়হে! পাইপৰ মিস্ত্ৰীটোৰ কথা কৈছোঁ৷ ফোনতে কি নাচাবা তাৰ দম! নিগনিৰ কথা কি কৈ আছিলা তুমি?”

বুজিলো, যি বুজিব লাগে৷

ঘটনা দুই

একেই আমি৷ ৰাতি৷ বেলকনিত থিয় হৈ আছোঁ৷ আকাশত পূৰ্ণিমাৰ জোন৷ ডাৱৰত জোনাকে খেলা কৰিছে৷ জোনাক আহি গছবোৰত পৰি গোটেই পৰিৱেশটো মায়াময় কৰি তুলিছে৷ এজাক ঠাণ্ডা বতাহ আহি গাত লাগিছে৷ মুঠতে ৰোমাণ্টিক পৰিৱেশ৷

মই ক’লো, “চোৱাচোন জোনটো আজি ইমান ধুনীয়া লাগিছে৷”

“তিনি লাখমান পৰিব বোলে।” তেওঁৰ নিৰুদ্বেগ উত্তৰ৷

আচৰিত হৈ মোৰ মুখৰপৰা ওলাল “কি? জোনটোৰ দাম তিনি লাখ টকা?”

মোৰ চাৱনি দেখি তেওঁ অপ্ৰস্তুত হৈ ক’লে, “নহয়! এই বড়োৰ গেৰেজত কম্প্ৰেচৰ এটা হৈ আছে৷ চেকেণ্ড হেন্দ৷ কিন্তু কণ্ডিচন ভাল৷ তিনি লাখমান পৰিব বোলে৷ লৈ লওঁ নেকি?”

মই উচাৎ মাৰি ভিতৰলৈ গুচি আহিলো৷ তাৰ পিছৰখিনি কি হ’ব পাৰে আপোনালোকে কল্পনা কৰি লওক আৰু!

ঘটনা তিনি

ছোৱালী দুজনীৰে সৈতে আমি আটাইকেইটা ভাতৰ টেবুলত বহিলে জগতৰ কথাৰ আলোচনা হয়৷ এদিন ওলাল ড’নাল্ড ট্ৰাম্পৰ কথা৷ দুয়োজনীয়ে ড’নাল্ড ট্ৰাম্পৰ চেহেৰাৰপৰা আমেৰিকাৰ ৰাজনৈতিক পৰিৱেশলৈকে কথাৰ পাতনি মেলিছে৷ ময়ো সিহঁতৰ কথাত ভাগ লৈছোঁ৷ এওঁ ভাতৰ গৰাহটো মুখত লৈয়েই মোৰ ফালে চাই ক’লে,

“হেৰা! তাৰ তাত বোলে বৰ ভাল কে আৰ টি চাউল পায়৷ আনিব লাগিব ৰ’বা৷”

ছোৱালীহঁত অবাক হোৱাৰ পাল৷ “ড’নাল্ড ট্ৰাম্পৰ তাত কে আৰ টি চাউল পায়! তুমি কেনেকে গম পালা আবা?”

সিহঁত হাঁহিত ফাটি পৰিল৷ মোৰ পেন্দোৱা চকুলৈ চাই আৰু ছোৱালীহঁতৰ প্ৰতিক্ৰিয়া দেখি তেওঁ সেমেনা সেমেনিকৈ ক’লে, “মই বৰ্মন দোকানীৰ কথা কৈছিলোঁ৷ সি পৰহি কৈছিল তাৰ দোকানত বোলে এক নম্বৰ কে আৰ টি চাউল আছে৷”

চাৰি, পাঁচ, ছয়…. আৰু এনে বহুত ঘটনা আছে৷

কেতিয়াবা হাঁহি উঠে, কেতিয়াবা খং উঠে, দুখ লাগে, অভিমানো হয়৷ এদিন এনেকুৱা এটা ঘটনাৰ পৰিণতিতেই চকুৰ পানী টুকি, নাকৰ শেঙুন উজাই উজাই ফেচ ফেচকে কান্দি ক’লো, বোলো লোকৰ গিৰিয়েকে ঘৈণীয়েকৰ কাৰণে কবিতা লিখে, চাৰপ্ৰাইজ দিয়ে, বেলকনিত বহি একেলগে ৰাতিৰ আকাশ চায় আৰু আমাৰবোৰলে চোৱা৷ গড়ৰ ছাল৷ কেতিয়াবা খং উঠিব, আপোনঘাতী হ’ম৷ মৰি থাকিম৷ এনেয়ো ছোৱালী ডাঙৰ হৈছে৷ মই নাথাকিলেও সিহঁত চলিব পাৰিব৷

বেচেৰা মানুহটো! ভয়তে বিতত হ’ল হ’বলা! লৰালৰিকে ক’লে, “হেৰা! তুমি মৰাৰ কথা নক’বা দেই! তুমি মৰিলে মোৰ কি হ’ব জানানে?”

মই গেজেৰা মাৰি সুধিলো, “কি হ’ব?”

“তুমি মৰিলে মই বিধৱা হ’ম৷”

সৰুজনীয়ে কথাবোৰ শুনি আছিল হ’বলা৷ তাই নিজৰ ৰুমৰপৰাই চিঞৰ মাৰি ক’লে, “অ’ আবা৷ ঘৈণীয়েক মৰিলে গিৰিয়েক বিধৱা নহয়৷ বৰলাহে হয়৷ আমাৰ কিতাপত আছে৷”

ডাঙৰজনীয়ে খিক খিককে হাঁহি বাপেকক ক’লে, “আবা, তুমি যে এই উল্টা পুল্টা কথাবোৰ কোৱা, সেইকাৰণেই মাৰ খং উঠে৷ আমি পিছে বিৰাট enjoy কৰোঁ৷”

গল হেকাৰি এটা মাৰি এওঁ ক’লে, “এইটো কিন্তু মোৰ জিভা পিছলা কথা নহয়৷ তহঁতৰ মাৰ মৰিলে মই সঁচাই ‘বিধৱা’ হ’ম৷”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.