ফটাঢোল

এনেকৈয়ে সপোন – অনুৰূপ মহন্ত

কলেজীয়া দিনতেই তাই মোৰ অন্তৰ দখল কৰি পেলাইছিল। তাইক লৈ ভৱিষ্যতৰ সপোন দেখোতে দেখোতেই মোৰ কলেজীয়া জীৱনৰ অন্ত পৰিল৷

কি যে কৰা নাছিলো, তাইৰ হৃদয় জিনিবৰ বাবে!

কিন্তু ‘না’-ৰ পৰা কোনোদিনেই তাইৰ উত্তৰ ‘হা’ কৰাব নোৱাৰিলো।

অৱশ্যে মোৰ যিহে চেহেৰা! কেনেকৈ বাৰু তাইৰ দৰে ধুনীয়া ছোৱালী এজনীয়ে মোৰ লগত ভৱিষ্যতৰ সপোন ৰচিব পাৰে!

গ’ল কথা গ’ল!

কলেজ পাৰ কৰাৰো আজি ১০ বছৰ পাৰ হৈয়ে গ’ল। তথাপিও এই চিঙ্গলৰ লেবেলটো আঁতৰাবই পৰা নাই।

শুই উঠি পেপাৰখনত চকু ফুৰাই আছিলো। হঠাতে এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল।

___ হেল্ল’…কোনে ক’লে?

___ চিনি পাইছানে? (এটা সুমধুৰ নাৰী কণ্ঠ)

মাতটো মনত পেলাবলৈ যত্ন কৰিলো, কিন্তু কোনোপধ্যেই ধৰিব নোৱাৰিলো।

___ক্ষমা কৰিব, মই থিক্ ধৰিব পৰা নাই। কোন বাৰু?

___ হা হা…ক’ত ধৰিব পাৰিবা, ইমানদিনৰ পিছত আজি কথা পাতিছো! মই শিল্পী, সেই যে, কলেজত একেলগে পঢ়িছিলো, মনত পেলোৱা।

শিল্পী….! মনত পেলাবলৈ আকৌ কি আছে, যাক পাবৰ বাবে এসময়ত মই দিন-ৰাতি একাকাৰ কৰিছিলো, তাইক বাৰু কিদৰে পাহৰিম?

__ আৰে শিল্পী…। পাহৰিম কিয়? ভালনে?

বহুত কথা পাতিলো। ভাল-বেয়া, ক’ত আছে ইত্যাদি বহুতো। মোৰ বন্ধু মদনক লগ পাই, তাৰ পৰা হেনো মোৰ নম্বৰটো ল’লে। অৱশেষত বিয়া-বাৰুৰ কথা ওলাল। নাই, তাইও মোৰ দৰে অকলেই আছে। মনটো কিবা লাগি গ’ল। লগতে, বুকুখনো ধিপধিপাই গ’ল। কিবা অলপ আশাৰ ৰেঙনিও দেখা পালো৷

শেষত তাই কৈয়েই দিলে ……

___ ঐ…আজি আবেলি মোক অলপ লগ কৰিব পাৰিবানে? অলপ আৰ্জেণ্ট কথা আছে।

অলপো পলম নকৰাকৈ একেষাৰে পাৰিম বুলি ক’লো।

অলপ ফিটফাট হৈ ওলালো। বডী স্প্ৰেৰ লগতে, ৱাইল্ডষ্ট’ন নাইট ৰাইদাৰ পাৰফিউমো অলপ মাৰি ল’লো। কিবা হয় যদি হওকেইচোন!

অৱশেষত নিৰ্দিষ্ট ৰেষ্টুৰেণ্টখনত, ঠিক কৰা সময়তকৈ মই কিছু আগতেই উপস্থিত হ’লোগৈ।মনত বহুতো ভাৱে বুৰবুৰণি দিবলৈ ধৰিলে৷ তাই বাৰু এতিয়াও আগৰ দৰেই ধুনীয়া হৈ আছেনে? আৰু যদি তাই মোক ভাল পাওঁ বুলি কয় ……তেতিয়া? তেতিয়া আৰু কি? ঘৰত সকলোৱে বিয়াৰ কথা কৈয়েই আছে। আহিনৰ ভিতৰতে কামফেৰা কৰিয়েই পেলাম।

এনেতে তাই ৰিক্সা এখনৰ পৰা নামিল। মোৰ প্ৰিয় ৰঙৰ আকাশী নীলা চুৰিদাৰযোৰে তাইক অপূৰ্ব দেখাইছে। আগতকৈ সামান্য শকত হ’ল। কিন্তু অলপ বেছি ধুনীয়াহে লাগিছে। পৰিৱৰ্তনৰ নামত কেৱল তাইৰ ভেনিটি বেগটো অলপ আগতকৈ ডাঙৰ হ’ল।

তাই আহি মই বহি থকা টেবুলখনতে বহিলেহি। বুকুখন ধিপধিপাই গ’ল।

দুকাপ চাহ আৰু চিঙৰা দুটাৰ অৰ্ডাৰ কৰিলো। দুটা এটা কলেজীয়া দিনৰ কথা পাতি দুয়োটাই হাঁহিত ফাটি পৰিলো।

চাহ আহিল…খালো৷

শেষত তাই কিছু গহীনভাৱত ক’লে

___ তোমাক মই কিয় মাতিছিলো জানানে?

___ নক’লে বাৰু কেনেকৈ জানিম? (মনত অলেখ আশা)

তাই নিজৰ বেগটো খুলিলে আৰু পাৰফিউম, পাউডাৰ, ছেভিং ক্ৰীম আদিকে ধৰি কিছুমান পুৰুষৰ কচমেটিক উলিয়াবলৈ ধৰিলে।

___ জানা! ! আজিকালি মই ‘এমৱে’ত কাম কৰো। ব্যৱসায় বহুত বেয়া চলিছে অ’। তাতে ওপৰৰ পৰা বহুত টাৰ্গেট দিছে। তাতে আকৌ জিএছটি – আজি শেষ দিন। প্লীজ…তুমি টকা ‌‌৩১০০ দিয়া আৰু বস্তুকেইটা কিনা না….

হাঁহিম নে কান্দিম বুজিয়েই নেপালো। পকেটৰ পৰা ৩১০০ টকা উলিয়াই তাইৰ হাতত দি বস্তুকেইপদ ল’লো আৰু হোটেলৰ বিলটোও দি ওলাই আহিলো।

ৰিক্সাত উঠি, হাঁহি এটা মাৰি মোলৈ চাই তাই পুনৰ ক’লে…

__ থেংক ইউ! ! আকৌ লগ পাম দেই মাজে মাজে।এনেকৈ হেল্প কৰি থাকিবা আৰু…

হাতখন দাঙি, তাইক বাই এটা দিবলৈও মোৰ শক্তি নহ’ল।

হে প্ৰভু…এনেদৰে বজাব লাগেনে বাৰু! ইমানকৈ পৰীক্ষা নল’বাহে প্ৰভু!

■■

One comment

Leave a Reply

Your email address will not be published.