ফটাঢোল

এয়াৰ বেগ- হিমাংশু ৰাজখোৱা

যোৱা বছৰৰ এপ্ৰিল মাহৰ ঘটনা। নিকট বন্ধু-বান্ধৱসকলে জানে, মোৰ বাওঁ ভৰিখনৰ আঁঠুভাগ তেনেই ‘কৃত্ৰিম’৷ ২০১৩ চনতে হোৱা এটা কালান্তক দুর্ঘটনাৰ বাবে দিল্লী মহানগৰীত এটা দীঘলীয়া অস্ত্ৰোপচাৰ কৰি কিবাকিবি কৃত্ৰিম অংশ লগাই মেলিহে ভৰিখন এতিয়ালৈ সচল কৰি ৰাখিছোঁ।

মাজে মাজে ভৰিখনে আমনি কৰে, তীব্ৰ বিষ হয় আৰু মোৰ খোজ দিবলৈ দিগদাৰ হয়। দিল্লীৰ মোৰ ডাক্তৰে তাৰপৰাই কিবাকিবি প্রেছক্ৰাইব কৰে, খাওঁ, ভাল হয়। এনেকৈয়ে চলি আছিলোঁ। যোৱা বছৰ এপ্ৰিল মাহত ডাক্তৰে পাৰিলে এবাৰ আহি যা দিল্লী বুলি ক’লে।

এনেও দিল্লী মোৰ প্রিয় চহৰ, ভাবিলোঁ এবাৰ ঘূৰি অহাই যাওক।

অকলেই ওলালোঁ যাবলৈ, অৱশ্যে সেইকেইদিন বিষটো অলপ বেছিয়েই আছিল, খোজ দিওঁতে অসুবিধা হোৱা দেখি গুৱাহাটীত এয়াৰ এছিয়াৰ গ্ৰাউণ্ড ষ্টাফে মোক হুইল চেয়াৰ দি দিলে আৰু ক’লে দিল্লীতো মোক ফ্লাইটৰপৰাই হুইল চেয়াৰৰে নমাই লৈ যোৱা হ’ব। মই আগতেও এই সুবিধাটো লৈ থৈছোঁ গতিকে এইবাৰো মান্তি হৈ ফৰ্মখন চহী কৰি দিলোঁ।

গুৱাহাটীত সৱ সুকলমেই হৈ গ’ল, পিচে অথন্তৰ ঘটিল দিল্লীত। ইয়াৰ আগতে মই দিল্লীত হুইল চেয়াৰ লৈ নামিছিলোঁ টাৰ্মিনাল ১ ত, যিটো ইমান বেছি বিশাল নহয় কিন্তু এয়াৰ এছিয়াৰ ফ্লাইট নমিলগৈ টাৰ্মিনাল ৩ ত, যিটো অতি বিয়াগোম আৰু বাহিৰলৈ ওলাই আহিবলৈ বহুত দূৰ আহিব লাগে। মোৰ হুইল চেয়াৰ ঠেলি লৈ অহা ল’ৰাজনে মোক একো চিন্তা কৰিবলৈ মানা কৰি মোক লাগেজ বেল্টৰ ওচৰলৈ লৈ গ’ল আৰু মোৰ বেগটো দেখুৱাই দিবলৈ ক’লে, অলপ সময় ৰোৱাৰ পাছতে মোৰ বেগটো দেখিলোঁ আৰু ল’ৰাজনক দেখুৱাই দিলোঁ। তেনেতে মোৰ বাবে ঠিক কৰি ৰখা কেবখনৰ ড্ৰাইভাৰে ফোন কৰাত মই ফোনত ব্যস্ত হ’লোঁ আৰু ল’ৰাজনেও মোক একেবাৰে টেক্সিৰ পিছৰ ছিটত বহুৱাই বেগটো সন্মুখৰ ছিটত উঠাই দিলে।

এয়াৰ পৰ্টৰপৰা ওলাই দিল্লী মহানগৰীৰ ব্যস্ত ৰাজপথত টেক্সি গৈ প্ৰায় চৰ্দাৰ পেটেল মাৰ্গৰ ‘অসম ভৱন’ৰ ওচৰ পালেগৈ। তেনেতে অচিনাকি নম্বৰৰপৰা এটা ফোন আহিল, ফোন ধৰাত এগৰাকীয়ে ক’লে যে তেওঁ এয়াৰ এছিয়াৰপৰা ফোন কৰিছে। মই প্ৰথমে ভাবিলোঁ কিবা ফিড বেক ল’বলৈ ফোন কৰিছে কিন্তু তেওঁ দেখোন ফোনত কিবা লাগেজ লাগেজহে কৈ আছে। কেইবাবাৰো উৰাই ঘূৰাই সোধাৰ পাছত মই বুজি পোৱা কথাটো হ’ল, মই এয়াৰ এছিয়াৰ একেই ফ্লাইটৰ বেলেগ এজন পেচেঞ্জাৰৰ বেগ এটা লৈ আহিছোঁ গতিকে বেগটো ঘূৰাই দিব লাগে! হাৰে, এইটো কেনেকৈ সম্ভৱ? লগে লগে টেক্সিৰ আগৰ ছিটত থকা বেগটো চাই দেখোঁ, হয়! এইটো সাইলাখ মোৰ এয়াৰ বেগটোৰ নিচিনা কিন্তু অলপ ডাঙৰ বেগ এটা!

হুইল চেয়াৰ ঠেলি অনা ল’ৰাটোৱে হয় টেক্সিত বেলেগ এটা বেগ উঠাই দিলে নতুবা দূৰৰপৰা ময়েই তাক দেখুৱাই দিওঁতে ভুল কৰিলোঁ! কি বিপদ হৈ গ’ল!

এইবাৰ মই সেই নম্বৰটোত কল বেক কৰাত তেওঁলোকে ক’লে, মোৰ নাম হেনো এয়াৰ পৰ্টত কেইবাবাৰো চিঞৰি চিঞৰি নাপাই, পেচেঞ্জাৰ দিটেইলৰপৰা নম্বৰ উলিয়াই ফোন কৰিছে আৰু এতিয়া মোৰ লগত যোগাযোগ হোৱাৰ পাছত যিগৰাকীৰ বেগটো মই লৈ আহিলোঁ তেওঁক মোৰ বেগটো আৰু মোৰ নম্বৰটো দি ‘এৰাইভেল’ত ৰৈ থাকিবলৈ দিছে।

বিষ বেদনাই জৰ্জৰিত কৰা দেহা লৈ পুনৰ বিমান বন্দৰলৈ উভতনি যাত্ৰা কৰিলোঁ। মোৰ টেক্সিৰ ড্ৰাইভাৰো চূড়ান্ত বিৰক্ত! ভাবিছে চাগে, “কেইছা গৱাৰ ক’ উঠা লায়া!” মোৰ মনত অলপ ভয়ো, এতিয়া বেগৰ মালিকে বা কি ৰুদ্ৰমূৰ্তি ধৰে! গৈ যেনিবা তীব্ৰ বিৰক্তি আৰু উৎকণ্ঠাৰে চাই মোলৈ ৰৈ থকা ব্যক্তিগৰাকী বিচাৰি পালোঁগৈ।

অত্যন্ত আধুনিকা এগৰাকী সুন্দৰী ললনাই ক্ৰোধেৰে খেদি আহিল যদিও ওচৰ পাই তেওঁৰ গালিৰ ভয়ত মোৰ ইতিমধ্যে “অভাৰ এক্টিঙেৰে” ভৰপূৰ ৰোগ জৰ্জৰিত দেহা দেখি এষাৰো মাত নিদিয়াকৈ বেগটো সলাই গুচি গ’ল। মোক ‘চৰী’ বুলি কোৱাৰো সময় নিদিলে।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • বন্দিতা

    🤣🤣ভাল লাগিল পঢ়ি

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ এবাৰ মোৰো এইটো কেচ হৈছিল৷ লিখিম ৰবা৷ ভাল লাগিল লটিঘটিটো৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মানে লটিঘটি হ’ল৷

    Reply

Leave a Reply

Your email address will not be published.