ফটাঢোল

এৰেঞ্জড মেৰেজ – বিকাশ শইকীয়া, গুৱাহাটী

এৰেঞ্জড মেৰেজ হ’ল এনেকুৱা এটা অনুষ্ঠান য’ত সাঁতুৰিব নজনা মানুহ এজনক বোৱতী নৈ এখনলৈ দলিয়াই দিয়া হয় আৰু এই মহান কামটো কৰে আত্মীয়-স্বজনে……যাক বুলিব পাৰি এন’নিমাছ (anonymous)

খণ্ড-১

এন’নিমাছে যিয়েই নকওঁক, এদিন নহয় এদিন নদীত জাপ দিবই লাগিব।

সকলোতকৈ টান কাম আছিল মম্মী কো কনভিন্স কৰ্না…….

মম্মীৰো বহুত লেঠা, সদায় মোক দুধ পিতা বচ্চা বুলিয়েই ভাবে৷ ভোদাফোনৰ কানেকচন এটা লৈ দিছিলো, দিনটোত চাৰিবাৰমান ফোন কৰে, ভাত খাইছ নে, গা-পা ধুলিনে, শুলিনে ………

কিন্ত যেতিয়াই মই কওঁ যে আজি দিনত ধেৰ কাম হ’ল, ভাত ৰান্ধিবলৈ একেবাৰে মন যোৱা নাই, তেতিয়া তপৰাই কয়, “একো নাই দে, ৰাতি লঘোণ দিব লাগে, তোৰ পেটটো কমিব, বাই এজনী ৰাখি ল, ভাত-চাত ৰান্ধিবলৈ৷”

মুঠতে মম্মী একেবাৰে নন্-ৰিয়েকটিভ৷ মই প্ৰায়েই মোৰ লগৰ বিয়া-বাৰু কৰাই চেটেল্ কৰাকেইটাৰ কথা উলিয়াও, কিন্ত তেতিয়াই মম্মীয়ে টপিক বদলাই পেলায়৷

গুৱাহাটী গ’লেই লগৰ কেইটাক ভাত খাবলৈ মাতো…..”ভাই যেন-তেন মম্মীক কনভিন্স কৰ”…. “চিকেন-মাটন যি লাগে খুৱাম”……. কিন্ত সব ফেইল।

অৱশেষত স্কুলৰ ক্লাছমেট পুৰণি বন্ধু ডাক্তৰ গিৰিৰাজ চাকুচাৰুক ভাত খাবলৈ মাতিলো, চাকুচাৰুৱে মেডিকেল টাৰ্মত মম্মীক কনভিন্স কৰিলে, আচলতে মম্মীক ভয় খুৱাই দিলে যে সময়ৰ কাম সময়ত নহ’লে………পিছত কম্প্লিকেচি আহিব।

মম্মীৰ টেনচন হৈ গ’ল, “এনেকুৱা কথা নেকি!”

চাকুচাৰুৱে ক’লে, “হয় আণ্টি, আমি কিমান এনেকুৱা কেচ পাওঁ৷ ”

চাকুচাৰুক পাছদিনা কে.এফ.চি ত চিকেন খুৱাই দিলো………ফিলিং হেপী!

খণ্ড– ২

মম্মীয়ে দেউতা-ককা-আইতা-মামা-মামী-খুড়া-খুড়ী-পেহা-পেহী-ভাইটি-ভণ্টি-ওচৰৰ বঙালী আণ্টি, দেউতাৰ বন্ধু, সবাৰে অপিনিয়নবোৰ ললে……… (মোক কিন্ত সোধাৰ প্ৰয়োজনবোধ নকৰিলে! ! ! )

প্ৰচেচ চলি থাকিল৷ এগালমান ক্ৰাইটেৰিয়া ছেট হ’ল৷ এই ক্ৰাইটেৰিয়াৰ চালনিৰে চেকি চেকি দুগৰাকী বাছনিত উঠিল৷ এগৰাকী এম.এ পঢ়ি আছে, দ্বিতীয় গৰাকী এম.বি.বি. এছ৷

মম্মীয়ে ফোন কৰি জনাই দিলে, মই গৈ চাই আহিব লাগে……… ফিলিং এক্সাইটেড!

খণ্ড-৩

ঘৰলৈ ছোৱালী চাবলৈ যোৱাটো মোৰ মতে ঠিক নহয়৷ গতিকে সিদ্ধান্ত হ’ল, সময়-সুবিধা অনুসৰি কোনোবা ৰেষ্টুৰেণ্টত লগ কৰিম, মুকলিমুৰীয়াকৈ কথা-বতৰা হব, পছন্দ-অপছন্দ দুয়োজনৰ মতেই হ’ব৷

এজ্ ইউজুৱেল দীৰুদা আৰু চন্দনদাৰ পৰা এডভাইচ ললো, তেওঁলোক এই বিষয়ৰ বিশেষজ্ঞ বুলি কলেও ভুল নহ’ব৷

নৰ্মেলি মই একেবাৰে ষ্ট্ৰেইট ফৰৱাৰ্ড, অৱশ্য অলপ ইণ্ট্ৰোভাৰ্টো, মোৰ মতে মানুহ আৰামত থাকিব লাগে, টেনচন ফ্ৰী হ’ব লাগে…. অৱশ্যে এইবাৰ অলপ টেনচন ফিল কৰিলোঁ…..ফিলিং টেন্সড!

খণ্ড-৪(ক)

মম্মীৰ মতে দিশা দেখাই-শুনাই বহুত ভাল, সাদৰী, সংস্কৃতিবান, ছিম্প’ল ছোৱালী (আৰু কেইটামান বিশেষণ কৈছিল, এতিয়া ঠিক মনত পেলাব পৰা নাই।)

এলফ্ৰাচক’ ৰেষ্টোৰাঁত লগ কৰাটো ঠিক হল I দীৰুদা আৰু চন্দনদাই ৰাতিপুৱাই ফোন কৰি টিপছ্ কেইটামান দিলে৷

সময়ৰ পাঁচ মিনিট আগতেই দিশা আহিল, আকাশী নীলা চুৰিদাৰ৷ ফিদা হৈ গ’লো৷ তাই লাজ-লাজকৈ হাঁহি এটা দিলে, ময়ো স্মাইল কৰিলো। কিমান মাৰ্জিত, কিমান ছিম্প’ল……..!

দিশাৰ সৈতে সৌজন্যসুচক কথা-বতৰা চলিল….. হ’বি, পঢ়া-শুনা, চিনেমা ইত্যাদি।

ৱেটাৰ এজন আহিল।

দিশাই কলে, “মোৰ বাবে এগিলাচ নেমু পানী হ’লেই হ’ব, আজি গুৰুজনাৰ তিথি৷ “

মা-কচম্, আজিৰ দুনীয়াতো গুৰুজনাৰ তিথি মানে! দিল বাগ-বাগ হৈ গ’ল৷

সেই সময়তে দীৰুদা আৰু তাৰপাছত চন্দনদাৰ পৰা মিছকল আহিল৷

চন্দনদাৰ টিপছ্কেইটা মনত পেলাই অলপ ছিৰিয়াচ হৈ কলো

“এক্সুৱেলি মই অলপ অপেন মাইণ্ডৰ মানুহ, কৰ্প’ৰেট ছেক্টৰৰ, পাৰ্টী-চাৰ্টী চলিয়েই থাকে, বেছি ছিম্পল হ’লেও দিগদাৰ হয়, তাতে মই মাজে মাজে সিবিধ ধৰো, কেতিয়াবা একচেচ হৈ যায়, গতিকে বুজিছাইতো, মানুহ অলপ মডাৰ্ন হ’ব লাগে।

চন্দনদাই কোৱাৰ দৰেই এটা ফ্লাৰ্টি টাইপৰ এক্সপ্ৰেছন দিলোঁ।

তাৰ পাছত কথা-বতৰা চলিল, কিছুসময় পাছত গম পালো যে ‘দিচা’ৰো (নট দিশা) থিংকিং মোৰ দৰেই……..একেবাৰে অ’পেন, পুৰা অ’পেন, ৰোমানভ্তকৈ স্কটছ্ বেছি ভাল, চিমান্তক তাই ভালকৈ চিনি পায়, পলাচক তাতকৈও ভালকৈ।

(সীমান্ত আৰু পলাশ নামৰ বেহুদা আইটেম দুটাক ময়ো ভালকৈয়ে চিনি পাওঁ।)

মই মোৰ বাবে অৰ্ডাৰ দিয়া তন্দুৰী চিকেনৰ লেগ পিচ এটাত কামোৰ দি দিশাই কলে, “লাইফ ইজ ফৰ এনজয়মেণ্ট, আই ৱাণ্ট টু এনজয় ইন লাইফ, ট’টেল মস্তি৷”

দিশাৰ হাতত থকা লেগ পিচটো চালো…… মইয়েই নহয়তো! ! ! ……….ফিলিং কনফিউজড্!

খণ্ড-৪(খ)

এক’ৰডিং টু মম্মী, হৰ্ষিতা দেখাই-শুনাই বহুত ভাল, কালচাৰ্ড, অ’ আৰু এটা কথা লগাই দিলে যে চোকা, ষ্টেণ্ড কৰা, এম.বি.বি.এছ পাছ কৰা ইত্যাদি ইত্যাদি।

আবেলি চাৰি বজাত জালুকবাৰীৰ হাইৱেৰ ধাবা ডেলিকেচিত হৰ্ষিতাক লগ ধৰিলোঁ।

ইনিছিয়েল চা-চিনাকি হ’ল৷

“আপোনাৰ আৰু মোৰ মাজত একো লুক-ঢাক থাকিব নালাগে, আপোনাৰ যদি কিবা ক্ৰাইটেৰিয়া আছে জনাব পাৰে।” হৰ্ষিতাই ক’লে।

তাৰ পাছতেই ছিৰিয়াচ কাম, ফ্লাৰ্টি এক্সপ্ৰেছনৰে অ’পেন মাইণ্ডৰ ডায়লগ মাৰিলো।

“আপুনি যি কৰে মোৰ তাত একো ক’বলগীয়া নাই, কিন্ত মই ইমান অ’পেন নহয়, আৰু হোৱাৰ ইচ্ছাও নাই।” হৰ্ষিতাই ক’লে।

“হ’ব, ইন ফিউচাৰ মই তুমি ভাল নোপোৱা বস্তুবোৰ বাদ দিম।” মই ক’লো।

“অ’কে…….!” হৰ্ষিতাই হাঁহিলে।

“আচ্ছা, এম.বি.বি.এছ হ’ল, নেক্সট কিবা প্লেন আছে নেকি?”

“পিজি কৰিম, তাৰ পাছত এফ.আৰ.চি.এছ, কেৰিয়াৰত গ্ৰ’ কৰিবলৈ ছুপাৰ স্পেচিয়েলাইজেচন কৰিবই লাগিব, জেনেৰেল এম.বি.বি.এছ.ৰ আজিকালি ডিমাণ্ড নাই, কেৰিয়াৰ ইজ ভেৰি ইম্পৰটেণ্ট।”

মই আঙুলিৰ মুৰত গন্তি কৰিলোঁ৷ এবছৰ ক’চিং, দুবছৰ পিজি, তিনিবছৰ মেণ্ডেট’ৰী ছাৰ্ভিচ, দুবছৰ ছুপাৰ স্পেচিলাইজেচন….আঠ বছৰ….তেতিয়ালৈ ময়ো চাগৈ….ছুপাৰ স্পেচিয়েলিষ্ট….! ! ! ! ! ! !

– এগেইন ফিলিং কনফিউজড্…!

খণ্ড-৫

সন্ধিয়া ঘৰ সোমালোঁ। মম্মীয়ে টুৱেল্ভ কোৱাৰ্টাৰ স্মাইল দি সুধিলে, “কি হ’ল?”

মই এইবাৰ ছিৰিয়াচ মুডত কলো, “তুমি এতিয়াই হেডেক ল’ব নালাগে, আৰু দুবছৰমান যাওঁক, গিৰিৰাজ ডাক্তৰেও কৈছে, একো কমপ্লিকেচি নাহে৷”

জব্ তক্ হে ছিংগল, তব্ তক্ টেনচন ফ্ৰী…মিংগল …..ফিলিং ৰিলিভড্ !

■■

6 Comments

  • উৎপল বৰা

    গিলি পেলালো ……. ফিলিং চেটিচফাইড্ ! 🙂

    Reply
  • খুৱ ভাল লাগিল শইকীয়া ৷ আপোনাৰ লিখনিৰ ফেন আছিলোৱেই ৷ এইটো পঢ়ি জবৰা ফেন হৈ গলো ৷ ফটাঢোলৰ যাত্ৰাত লগত থকাৰ কামনা কৰিলো ৷

    Reply
  • Rintumoni Dutta

    এক কথাত, সাংঘাতিক। গোগ্ৰাসে গিলিলো। আগলৈও ই-আলোচনীখনত আপোনাৰ লেখ্নী পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • হা হা — দিশা, হৰ্ষিতাতে সমাপ্ত হ’লে কেনেকৈ হ’ব।
    বৰ ৰস পালোঁ। এইবাৰ চালনিৰ লগতে তুলাচনী এখনো লৈ যাবা।
    মজ্জা দেই।

    Reply
  • Manash saikia

    দ্বিতীয়বাৰৰ বাবে পঢ়িলো ।এৰেঞ্জ মেৰেজৰ সংজ্ঞাটো ভাল লাগিল ।

    Reply
  • Gitika Saikia

    এইটো একে বহাতে শেষ হোৱাত ফিলিং নট ছেটিচফাইড। বেয়া কথা। এৰেঞ্জ মেৰেজত দিশা, হৰ্ষিতাতে শেষ হোৱা উচিত নহয়। আফটাৰ অল এৰেঞ্জ মেৰেজ ভাই!
    বোলে ট’সাংঘাটিক ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.