ফটাঢোল

ওজন – দীপাংকৰ ভট্টাচাৰ্য

ৰাতিপুৱা ন বাজি পোন্ধৰ মিনিটত যাবলগীয়া মাজগাওঁ-ফাঁচীবজাৰ জাহাজ “এম ভি পানচৈ” সগৌৰৱে শৰাইঘাট দলংমুৱা হৈ ৰৈ আছে। আমি সাধাৰণতে এইখন জাহাজৰ নিয়মীয়া যাত্ৰী। কিন্তু আজি আচৰিত হৈছোঁ ইমান মানুহ দেখি। বাইক, মানুহৰে এই জাহাজখন সাধাৰণতেই ভৰ্তি হৈ থাকে ‌কিন্তু আজি যাত্ৰীৰ সংখ্যা অলপ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা যেন লাগিল।

“ঐ আজি শৰাইঘাটৰ‌ এখন ব্ৰীজ বন্ধ কৰি দিছে,” হোমেনে বৰ কষ্টৰে প্ৰায় বিশৃঙ্খলভাৱে থৈ দিয়া বাইকবোৰৰ মাজেৰে আমি থিয় দি থকা “এম.ভি পানচৈ”ৰ বাওঁফালৰ অংশটোৰ ফালে আহি ক’বলৈ ধৰিলে।

“আবে আজি আৰু মানুহ হ’ব। ব্ৰীজত তামাম ট্ৰেফিক জাম। বাইক, মানুহ সকলো আমিনগাঁৱৰপৰা আমাৰ ঘাটৰ ফালে আহিব ধৰিছে। জাহাজ over load হ’ব যেনেই লাগিছে”।

ন বাজি পোন্ধৰ মিনিট হ’বলৈ এতিয়াও প্ৰায় ৪-৩ মিনিটমান বাকী, কিন্তু যাত্ৰী আৰু বাইকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িয়েই আছে। এনেকুৱা পৰিস্থিতি সাধাৰণতে নহয়, কিন্তু এখন ব্ৰীজ বন্ধ কৰি দিয়াৰ তাৎক্ষণিক সিদ্ধান্তই উত্তৰ পাৰৰপৰা গুৱাহাটী অভিমুখী যাত্ৰীসকলৰ মাজত হাঁহাকাৰৰ সৃষ্টি কৰিছে। পদযাত্ৰী আৰু বাইক জাহাজখনত উঠিয়েই আছে, যিসকলে পাৰিছে টিকট কাটিছে যিসকলে পৰা নাই কাটি খাইছে (মানে সুবিধা লৈছে)। কৰ্তৃপক্ষৰ হাততো উপায়হীন এটা অৱস্থা। জাহাজৰ কৰ্তৃপক্ষই কেৱল জাহাজখনৰ‌ বহন ক্ষমতাকলৈ উৎকণ্ঠিত হৈ আছে আৰু সেই সম্পৰ্কে বিভিন্ন মহললৈ ফোন কৰি আছে।

হঠাৎ আমি অনুভৱ কৰিলোঁ জাহাজখনৰ বাওঁফালটো অলপ হেলনীয়া হৈ গৈছে। লগে-লগে যাত্ৰীসকলৰ মাজত চিঞৰ বাখৰ, হুলস্থুলৰ সৃষ্টি হ’ল। আমাৰ মাজৰ লোকেল হিৰ’ হোমেনে ওপৰৰ চালক কক্ষৰ ফালে চাই চিঞৰিলে “আবে আনলোকেলবোৰক নমাই দে কে…. সিহঁতৰ কাৰণে আমি মৰিব নোৱাৰো”।

ন বাজি পাঁচ মিনিট ইতিমধ্যে হৈছেই। এতিয়াও জাহাজখনৰ দুৱাৰ মুখত কমেও দহ-পোন্ধৰখন বাইক আৰু সমসংখ্যক মানুহৰ হেতা‌ ওপৰা, মুঠতে কেনেবাকৈ জেগা উলিয়াই জাহাজখনত উঠিব পাৰিলেই ৰক্ষা।

এনেতে হঠাৎ জাহাজ কৰ্তৃপক্ষৰপৰা এক অনাকাংক্ষিত ঘোষণা আহিল “আমি আজিৰ এই খেপটো পাঁচ মিনিট আগতেই এৰিব বাধ্য। কাৰণ জাহাজখনৰ বহন ক্ষমতাই ইতিমধ্যে চৰম সীমাত ভৰি দিছে আৰু অতি কমেও ৩০০ গ্ৰাম ওজন যদি জাহাজখনত পৰে বা উঠে জাহাজখন পানীত ডুবি যাব।” যাত্ৰীৰ সুৰক্ষাৰ কথা ভাবি কৰ্তৃপক্ষই ইতিমধ্যে ন বাজি পোন্ধৰ মিনিটত ৰাওনা হ’বলগীয়া মাজগাওঁ (উত্তৰ গুৱাহাটী)- গুৱাহাটী (ফাঁচী বজাৰ) অভিমুখী যাত্ৰীবাহী “এম. দি.পানচৈ” মাজগাওঁ ঘাটৰপৰা ন বাজি দহ মিনিটত এৰি দিলে। আমিও স্বঃস্তিৰ নিশ্বাস এৰি কেইজনমানে মা কামাখ্যামুৱা হৈ আৰু কেইজনমানে অশ্বক্লান্ত দেৱালয়ৰ ফালে প্ৰণাম কৰিলোঁ।

ইতিমধ্যে যাত্ৰী সুৰক্ষা বাহিনীৰ সম্পাদক অশোক দত্তই বিভাগীয় কৰ্তৃপক্ষলৈ ফোন যোগে যোগাযোগ কৰি কনৰ্ফাম হ’ল যে সঁচাকৈয়ে এম.ভি.পানচৈ বহন ক্ষমতাৰ চৰম সীমাত থকি যাত্ৰা আৰম্ভ কৰিছে। এই কথাটো গম পায় আমি যাত্ৰীসকলে ভীষণ অনিশ্চয়তা আৰু সংশয়ৰ মাজেদি যাত্ৰা‌ আৰম্ভ কৰিলোঁ। কাৰণ যোৱা বছৰৰ ৫ চেপ্তেম্বৰৰ নাও দুৰ্ঘটনা এতিয়াও উত্তৰ গুৱাহাটীৰ মানুহৰ মনত সজীৱ হৈ আছিল। জাহাজখন ইতিমধ্যে নিজৰ ছয়- সাত মিনিটৰ যাত্ৰা শেষ কৰি গুৱাহাটী অভিমুখে একেবাৰে মন্থৰ গতিত যাত্ৰা কৰি আছে। অশ্বক্লান্ত পাহাৰ আৰু আৰ পৰ্বতৰ মাজত উত্তৰ গুৱাহাটীৰ ৰাইজৰ বাবে এক পানী যোগান আঁচনিৰ কাম চলি আছে য’ত ২০১৮ চনত সেই দুৰ্ভগীয়া নাও দুৰ্ঘটনাটো সংঘটিত হৈছিল। সেই আঁচনিটো আৰম্ভ হোৱাৰ পাছৰ পৰাই আঁৰ পৰ্বতত আগৰ নিচিনা বগলী নপৰা হ’ল। যদিও এক ভয় উৎকণ্ঠাৰ মাজত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, সেই উৎকণ্ঠা কিছু প্ৰশমিত কৰাৰ উদ্দেশ্যে আমাৰ জাহাজৰ নিয়মীয়া জেষ্ঠ্য সহযাত্ৰী ভৱদাই এই বিষয়টোক লৈ এক আলোচনা আৰম্ভ কৰিলো৷ যিহেতু সুৰক্ষাৰ খাতিৰত জাহাজখন লেহেমীয়া গতিৰে আৰম্ভ কৰিছিল গতিকে আমিও আলোচনাত ভাগ ল’লো। জাহাজখনে ইতিমধ্যে ১০ মিনিটৰ যাত্ৰা শেষ কৰিছিল। হঠাৎ দেখিলোঁ এজাক শৰালী হাঁহ আমাৰ জাহাজখনৰ ওপৰে ওপৰে চক্ৰাকাৰে উৰিবলৈ ধৰিছে, আমি এক ৰহস্যৰ গোন্ধ পালো। কিন্তু হঠাৎ এইয়া কি? চৰাই এজনী আমাৰ জাহাজৰ ঠিক উত্তৰ কোণত ধপকৈ সৰি পৰিল।

কিছু সময়ৰ কাৰণে আমি পাহৰিয়েই পেলাইছিলো জাহাজ কৰ্তৃপক্ষৰ সেই বিপদজনক ঘোষণা,
“অতি কমেও তিনিশ গ্ৰাম ওজন জাহজত বৃদ্ধি হ’লেই জাহাজ ডুবাতো নিশ্চিত”। সহযাত্ৰী পাচলি বেপাৰী এজনৰ পাল্লাত চৰাইটোৰ ওজন জোখা হ’ল, ছশ গ্ৰাম। যাত্ৰীসকলৰ মাজত মানে আমাৰ মাজত এক বুজাব নোৱাৰা পৰিবেশৰ সৃষ্টি হ’ল। মৃত্যু ভয়ৰ আৰ্তনাদত প্ৰায় তিনিশ উত্তৰপৰীয় জাহাজ যাত্ৰী। পাঁচ চেপ্তেম্বৰৰ সমগ্ৰ ঘটনা চকুৰ আগত। কাৰো মুখত মাতবোল নাই। কৰ্তৃপক্ষ কিংকৰ্তব্য বিমূঢ়। এনেকৈয়ে ২-৩ মিনিট পাৰ হ’ল।

“আবে জাহাজ ঠিকে চলি আছে দেখোন” লোকেল হিৰ’ হোমেনে আকৌ চিঞৰি উঠিল। হয়তো! চৰাইটো জাহাজত পৰা প্ৰায় পাঁচ মিনিটৰ বেছি হ’ল, কৰ্তৃপক্ষৰ এক্সপাৰ্টৰ মতে জাহাজখনত অতি কমেও ৩০০ গ্ৰাম ওজন বৃদ্ধি হ’লেই নিশ্চিত বিপদ, কিন্তু জাহাজত তাতকৈ দুগুণ ওজন যোগ হ’ল, কিন্তু জাহাজখন সুকলমে গতি কৰি আছে। “আচৰিত দেখোন” ভৱদাৰ মাতত আমিও অলপ আচৰিত দৃষ্টিৰে ইটোৱে সিটোৰ চকুলৈ চালো।

“আৱে ধদুৱাহঁতে টুপী দিছে” হোমেন হিৰ’ই আকৌ চিঞৰি উঠিল।

ভয় আৰু উৎকণ্ঠাৰ মাজেদি আমি জাহাজখনৰ সৈতে ফাঁচী বজাৰ ঘাট সুকলমে পালোহি, কিন্তু সকলোৰে উৎকণ্ঠাৰ শেষ নহ’ল। IWTD expert ৰ মতে “আৰু যদি তিনিশ গ্ৰাম ওজন জাহাজত যুক্ত হয় জাহাজখন নিশ্চিতভাৱে ডুবিব” কিন্তু এইটোও আমাৰ মাজত সত্য হিচাবে দেখা দিলে যে জাহাজখনত ছশ গ্ৰাম ওজন যুক্ত চৰাই এটা পৰাৰ পাছতো সুকলমে নিজৰ গন্তব্য স্থান পালেহি।

“কেছ কি বে?”

হোমেন হিৰ’ৰ নেতৃত্বত এই ৰহস্যৰ ভেদ বিচাৰি আমি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’লো। জল পৰিবহনো কনফিউজড। কিন্তু তেওঁলোক এটা কথা স্পষ্ট কৰি লে যে জাহাজখনৰ যাত্ৰাৰ আৰম্ভণিতে কৰা ঘোষণা বৈজ্ঞানিকভাৱে একেবাৰে সত্য।

কিন্তু জাহাজখন নুডুবিল।

কিয়?

বেলেগ একো নহয়, ভয়তে ৰাইজে পাইকাৰী হাৰত বায়ু এৰি দিবলৈ আৰম্ভ কৰিছিল৷ কল্পনা কৰক দৃশ্যটো, ৮০% মানুহৰ দেহৰ ওজন যদি কমি যায়, জাহাজখনৰ ওপৰত গোটেই চৰাইৰ জাকটো আহি বহিলেও একো নহ’লহেঁতেন৷ যিয়েই নহওক পৰিবেশ প্ৰদূষিত হ’লেও প্ৰাণটো কোনোমতে ৰক্ষা পৰিছিল৷

☆ ★ ☆ ★ ☆

One comment

  • Anonymous

    সুন্দৰ, সেইবাবেই গেছ এৰাটো স্বাস্থ্যসন্মত আৰু মংগলজনক।

    Reply

Leave a Reply

Your email address will not be published.