ফটাঢোল

ওফৰা জেং – জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

এই মাহত এদিনত গড়ে কিমান টকা খৰচ কৰিব পাৰিম – এটা সপ্তাহত কেইদিন মাছ বা মাংস খাম, সেই পাৰিবাৰিক বাজেটখন প্ৰস্তুত কৰিবলৈ মন মগজু সাজু কৰি ল’লোঁ৷ ঠিক সেইখিনি সময়তে আতংকিত হৈ পগলা কুকুৰে খেদা মানুহৰ দৰে কোঠালৈ লৰি আহিল মোক লৈ সকলো সময়তে অতৃপ্ত মোৰ পত্নী তৃপ্তি৷ উৎকণ্ঠাৰে তাইৰ মুখলৈ চাই থাকিলোঁ৷ তৃপ্তি দৌৰি আহিছে যেতিয়া আতংকবাদী হ’বই নোৱাৰে, কাৰণ পইতাচোঁৰা, বেং বা জোকলৈ ভয় নোহোৱা তৃপ্তিয়ে আতংকবাদীৰ ভূতলৈও ভয় নকৰে – পুলিচৰ জীয়েক তাই৷

“নিশান্তদা আহিছে” – সিন্ধি দিয়া চোৰতকৈও চেঁপা মাত এটা উলিয়াই তৃপ্তিয়ে মোৰ উৎকণ্ঠা আঁতৰালে৷

উস্, কি শুনিলোঁ মই! এইটো সময়ত মোৰ চ’ৰাঘৰত নিশান্তৰ উপস্থিতি কোনো আতংকবাদীতকৈ কম নহয়৷ চান্দা খুজিবলৈ অহা কোনোবা সমিতিৰ মানুহ বুলিলেও চাগে ইমান ভয় নাখালোঁ হয়৷ অগত্যা হিচাপ নিকাচৰ বহীখন তুলিৰ তলত জিৰাবলৈ দি আলনাৰপৰা টান মাৰি ধুই থোৱা নতুন ধৰণৰ চোলা এটা পিন্ধি ল’লোঁ৷ মোৰ কাৰুকাৰ্য দেখি তৃপ্তিৰ মুখত সমস্ত পৃথিৱীৰ অতৃপ্তিয়ে লমালমে উলমি দিলে৷

“ঘৰত থাকোঁতে কিহৰ কাৰণে মই কষ্টেৰে ধুই থোৱা ভাল চোলাটো পিন্ধি ল’লে? নিজেতো নিজৰ হেৰিকেইটাও ধুই নলয়৷ গাৰ গোন্ধত সাতখন বিলৰ মাছে ফাঁচি লয়৷ জাগীৰোডৰ শুকান মাছৰ বজাৰ যেন গোন্ধ নোলোৱালৈকে মোজাকেইপাতো নোধোৱে…”

তৃপ্তিৰ অতৃপ্ত ৰে’লখনৰ প্ৰথম ডবাটো ষ্টেছনৰপৰা ওলাই আহোঁতেই হাত দাঙি ৰ’বলৈ দিলোঁ মই৷ মোৰ কঁপালৰ জোৰত আচৰিত ধৰণে ৰৈয়ো গ’ল৷

“নিশান্তৰ কাৰণে পিন্ধিছোঁ, যাতে মই ক’ৰবালৈ যাবলৈ ৰেডি হৈ আছিলোঁ বুলি ক’লে সি সোনকালে গুচি যায়৷ আৰু শুনা তুমিও চাহ সোনকালে দিয়াহি – সেইটোৱে চাহ একাপ খাবলৈ নাপালে বহা ঠাইতে শিপা গজালৈ ৰৈ থাকিব৷”

তাইক নিৰ্দেশ দি চেণ্ডেল চোঁচৰাই শোৱনি কোঠাৰপৰা লাহেকৈ ওলাই আহিলোঁ মই৷

***

নিশান্ত মোৰ বাল্যবন্ধু। নাকত বৰলৰ টোপ ওলমি থাকিলেও মচিব নজনা দিনৰে৷ এতিয়ালৈকে বন্ধুত্ব  অটুট আছে যদিও আজি প্ৰায় কুৰি দিনৰ আগতে যি ঘটি গ’ল সেই তেতিয়াৰপৰা পলাই ফুৰিছোঁ মই৷ জীৱন বীমা খুলিবলৈ কাছ কামোৰ দিয়া মানুহক না কৰিবলৈ হাজাৰটা কাৰণ প্ৰসৱ কৰিব পৰা ভৰুণ মগজুৰ মানুহ মই – কলিকতীয়া বুদ্ধিৰ ভঁৰাল৷ হ’লে কি হ’ব –  নিশান্তৰ মুখামুখি হ’লে কি ক’ম কি মাতিম সেই স্ক্ৰীপ্টখনকে আজিলৈকে ভালকৈ ভাবি উলিয়াব পৰা নাই৷ অৱশ্যে মই ভবা মতে আজিলৈকে একোৱেই হোৱা নাই – কণা বিধি মই খোজ দিয়া অলিয়ে গলিয়ে গুমটি দোকানৰ দৰে বিৰাজমান৷ ভবা মতে হোৱাহেঁতেন আজিৰ এই পৰিস্থিতিৰ উদ্ভৱেই নহ’লহেঁতেন৷ মোৰ সকলো সংকটকালত শ্ৰীকৃষ্ণৰ ৰূপ লোৱা নিশান্ত আজি নিজেই সংকট হৈ আহিছে যেতিয়া নতশিৰে তাৰ ভেটাভেটি হোৱাৰ বাদে কোনো উপায় নাই৷ এনেই নিশান্ত মানুহটো বহুত ভাল কিন্তু দুৰ্বাসা ঋষিৰ বৈশিষ্ট্য কিছুমান কঢ়িয়াই লৈ ফুৰে বাবে তালৈ মোৰ ভয়৷ এবাৰ যদি খঙত “খুলশালী, ভৌ ভৌ” বুলি আৰম্ভ কৰে সাত শতৰুৱেও পাৱে পৰি হৰি কৈ অস্ত্ৰ সম্বৰণ কৰি  দিয়ে৷ তেনেস্থলত মই কোন কূটা!

মোৰ এই সংকটকালৰ সূত্ৰপাত ঘটিছিল ঘটনাটো ঘটাৰ এসপ্তাহমানৰ আগতে৷ তৃপ্তিৰ মোমায়েকৰ ছোৱালী জুণ্টি আহিল তাইৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ – লগত সখীয়েক মায়া৷ নামটোৰ সৈতে একদম খাপ খাই পৰা ছোৱালী৷ দেহি ঐ এনে মৰমলগা হাঁহি, দেখিলেই গাত বিহু লাগে৷ মোৰেই কপাল বেয়া গাত বিহু কি উৰুকা লাগিবই নাপালে, সিহঁত অাহিবৰ দিনা সন্ধিয়ালৈ মোৰ চ’ৰাঘৰত আবিৰ্ভাৱ হ’ল নিশান্তৰ৷ আহিয়েই মোৰ ম্যাদ উকলিবলৈ লোৱা চেনীৰ টেমা, মিঠৈৰ টিন, গোল্লাৰ ৰস আদি সমস্ত সম্পত্তি উচ্ছেদ কৰি তাৰ নিজৰ সম্পত্তিৰ বজাৰ মায়াৰ আগত মেলি ধৰিলে৷ মোৰ উপায় নোহোৱা হ’ল৷ এনেও মই বিয়াৰ বজাৰৰ ম্যাদ উকলা আইটেম, তাতে আকৌ ক’লীয়া খেতৰ যেন ৰূপ৷ হতাশাৰ পুখুৰীত ককবকাই  জুণ্টিহঁত থকা দুদিন ছুটি ল’ম বুলি ভাবি দুপৰীয়াই লিখি থোৱা দৰ্খাস্তখন দাহ সংস্কাৰ কৰি নিশান্তই হোটেলৰপৰা অনা চিঙৰা গোল্লাৰে ভোজ খালোঁ৷ জুণ্টিহঁত থকা দুদিন ভালেই ভোজ খালোঁ যাৰ সম্পূৰ্ণ  কৰ্তৃত্ব যায় নিশান্তলৈ৷ সেই দুদিন মই অফিচৰপৰা আহি নাপাওঁতে নিশান্ত ভোজৰ ভাৰ ভেটি লৈ মোৰ ঘৰত হাজিৰ হয় – খঙত মোৰ সমস্ত সত্ত্বাজুৰি অসংবিধানিক শব্দৰ আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ উপক্ৰম হয়৷ মন যায় যাদুকৰী কোনোবা বাবাৰপৰা  ভষ্ম কিনি আনি সেইবোৰ ছটিয়াই তাক খুহুলা ভেকুলী বনাই দিম৷ কিন্তু নোৱাৰোঁ, নিশান্ত মোৰ সুখ-দুখৰ বটল৷ দুবাৰকৈ দেৱদাসৰ ৰিহাৰ্চেল কৰি থোৱা নিশান্তৰ প্ৰতি মায়াৰ মায়া-মোহ লাগক বুলি ময়ো ক্ষীণ আশা এটা পালিবলৈ ল’লোঁ৷ এনেও নিশান্তৰ বাবে কইনা এজনী বিচাৰি তাক নাকী লগোৱাৰ দায়িত্ব মাকে এই অভাজনকে দি থৈছে – মাত্ৰ এটা চৰ্ত পূৰণ হ’লেই হ’ল৷ ওপৰৱালাৰ কৃপাত মোৰ আশাই গজালি মেলিলে – মায়া আৰু নিশান্তৰ মাজত প্ৰেমৰ চুক্তি স্বাক্ষৰিত হ’ল৷ আৰু তাৰ ফলস্বৰূপে চুক্তি পত্ৰত চীল মোহৰ লগাবলৈ শুভস্য শীঘ্ৰম বুলি ভাবি যাত্ৰা কৰিলোঁ মায়াৰ মায়ানগৰীলৈ৷

“আহক আহক, বহক” – আদৰি সাদৰি মায়াই আমাক নি ভিতৰত বহুৱালে আৰু নিশান্তৰ হাতৰ চেনেহৰ টোপোলাটো হাত পাতি ল’লে৷ মোৰ চকু গ’ল বেৰত ওলমি থকা ফটো এখনলৈ – পুলিচৰ ইউনিফৰ্ম পিন্ধি গপচত আমালৈ চাই আছে বেছ ওখ-পাখ মানুহ এজনে৷ মোৰ প্ৰশ্নবোধক দৃষ্টিটো ধৰিব পাৰিল হ’বলা মায়াই, তাই লাহেকৈ কৈ উঠিল –

“মোৰ দেউতা। চাকৰি কৰি থকা সময়ৰ ফটো”

দেউতাক অৱসৰ লোৱা মানুহ বুলি জানিছিলোঁ কিন্তু পুলিচ বুলি ভবা নাছিলোঁ৷ নিশান্ত আৰু মই ইটোৱে সিটোৰ কাণৰ কাষলৈকে কোৱাৰী ফাল খাবলৈ ধৰা মুখলৈ চাই ৰ’লোঁ৷ নিশান্তৰ মাকৰ একমাত্ৰ চৰ্তটো আকাশবাণী হৈ আমাৰ কাণত গুজৰি গুমৰি উঠিল – “সব ছোৱালী চলিব, কিন্তু মোৰ বোৱাৰীৰ ৰূপত পুলিচৰ জীয়েক নচলিব”৷ নিশান্তৰ মাকে কিয় জানো এনেকুৱা চৰ্ত ৰাখিছিল কোনোদিন নুবুজিলোঁ। তৃপ্তিক দেখি চাগৈ! কিন্তু সেই সময়ত ভাব হৈছিল প্ৰেমৰ বাটৰ বৈশিষ্ট্যই হ’ল চৰকাৰে শিলগুটি ছটিয়াই দিয়া ৰাস্তাৰ দৰে ওখোৰামোখোৰা হোৱা৷ তথাপিও তেওঁ যিহেতু অৱসৰ লোৱা পুলিচ নিশান্তৰ মাকক সৈমান কৰাব পাৰিম বুলি নিজকে বুজাই বঢ়াই পৰৱৰ্তী কাৰ্য্যসূচী – মায়াৰ পুলিচ বাপেক আৰু মাকক নিশান্তৰ শহুৰ-শাহু হ’বলৈ মান্তি কৰোৱা তাত গুৰুত্ব দিলোঁ৷ আমাৰ ভুল হৈছিল সেইখিনিতে৷ শিলগুটি ছটিয়াই থোৱা ৰাস্তাত পুখুৰীৰ সৃষ্টি হ’ল৷ ইমান পৰে নিশান্তৰ বিয়াৰ যোগৰপৰা ভূতহে খেদি আছিলোঁ, দানৱ এইবাৰহে ওলাল৷ মায়াৰ মাকে জুণ্টিৰ ভিনিহিয়েক যেতিয়া জোঁৱাই বুলি মোকে নিশান্তকে বৰ আথেবেথে আগবঢ়োৱা চাহেৰে কৰ্কৰীয়া হোৱা ডিঙিটো তিয়াবলৈ লৈছিলোঁহে মায়াৰ বাপেকে দিলে এটা চৰ্ত শুনায়৷ বোলে – “ছোৱালী বিয়া দিলে ৰাজনীতি কৰা হাত দীঘল ল’ৰালৈহে দিম, ঘৰখনত পুলিচ, উকীল আৰু ডাক্তৰ আছেই৷ ৰাজনীতিবিদ এজন লাগে৷”

তেতিয়াহে গম পালো মায়াৰ ভিনিহিয়েক দুজনে কেলেংকাৰী আৰু বেমাৰক লৈ জীৱন উদযাপন কৰে৷ তাৰ পিছত আৰু যি যি শুনিব লগা হ’ল কুকুৰ-পিটাৰ সৈতে প্ৰায় সমপৰ্য্যায়ৰ৷ চামনি পৰা চাহ কাপতে এৰি মুখত দুখ অপমানৰ চামনি লৈ ঘৰলৈ বাট ল’লোঁ৷ মায়াৰ চকুত আহিবৰ পৰত নিশান্তৰ প্ৰতি দেখি অহা মায়াৰ দাবীত বাটতে তাক সাহস দিলোঁ৷”চিন্তা নকৰিবি দোস্তি ছোৱালী উঠাই আনিম৷ কি বুলি ভাবিছে বুঢ়াই৷ আৰু শুন তোৰ ঘৰতো যদি তেৰিমেৰি কৰে তই মোৰ ঘৰত থাকিবি৷ মই আছোঁ৷”

সেই যে ক’লোঁ তাৰ পিছৰপৰাই পলাই ফুৰিছোঁ মই৷ অঁকৰা গাহৰি নিশান্তই যদি সঁচাকৈ মোক সাৰথি কৰি মায়াক উঠাবলৈ যায় মই কাৰ কাৰ ৰোষত পৰিম ঠিকনা নাই৷ তাতে শহুৰে এইকেইদিনত কেইবাবাৰো সকিয়াই দিছে – “মায়াৰ দেউতাক মোৰ চিনিয়ৰ আছিল, তুমি এইবাৰ যি কৰিলা কৰিলা, আগলৈ এনেকুৱা কাম নকৰিবা৷ ভুলতো যাতে তোমাৰ বন্ধুৱে বৰুৱা চাহাবৰ ছোৱালীলৈ চকু নিদিয়ে।”

ফোনত শহুৰ দেউতাক ওঁ ওঁ বুলি ন বোৱাৰীৰ দৰে শলাগোঁ যদিও বটল এটা সাৱটি হালিজালি খোজ দিয়া নিশান্তৰ দেৱদাস ৰূপটোৱে মূৰত দৈত্য হৈ জপিয়াই থাকে৷ উপায়ন্তৰ হৈ এই কুৰি দিন দুকুল ৰক্ষা কৰি নিশান্তৰপৰা পলাই ফুৰিছিলোঁ৷ কিন্তু আজি আৰু পলোৱাৰ কোনো ৰাস্তা নাই৷ খুউব ব্যস্ত যেন দেখুৱাই চোলাৰ বুটাম মাৰি মাৰি চ’ৰাঘৰ পালোগৈ মই৷ মই আশংকা কৰা দেৱদাস ৰূপৰ বিপৰীতে ফিটফাট হৈ বহি গুণগুণাই আছে নিশান্তই, লগতে ভাঁজ লাগি থকা আঁঠুৰ ঘিলাত দুই হাতেৰে পাৰে মানে টবলা বজাইছে৷ এপাকত তাৰ মূৰৰ কিবা গণ্ডগোল হ’ল যেনেই ভাব হৈছিল মোৰ৷ কিবা কওঁ নকওঁ ভাবি থাকোঁতেই নিশান্তৰ চকু মোৰ ওপৰত পৰিল৷

“অই দোস্তি, আহ আহ বহুত কথা আছে৷”

ঊনৈছত বা বলাই চিঞৰি উঠিল নিশান্তই৷ মনত সাজু কৰি থকা স্ক্ৰীপ্টখন বাদ দি তাৰ কাষতে বহি পৰিলোঁ – কি কয় শুনি লওঁচোন৷

“ক!”
“লৈ আহিলোঁ।”

“কি?””পুলিচৰ জীয়েকক।”

“কি!”

মোৰ মুখেৰে বাহিৰ হোৱা দুই নম্বৰ “কি”টো ইমানেই ডাঙৰকৈ বাহিৰ হৈছিল যে তৃপ্তিও একে লৰে আমাৰ ওচৰ আহি ওলাল৷ ব্ৰজ পৰা মানুহৰ দৰে ঠাইতে থিয় হৈ তৃপ্তি আৰু নিশান্তই হাঁহি হাঁহি কথা পাতি থকা শুনি থাকিলোঁ৷ মোৰ চকুৰ সন্মুখতে তৃপ্তিয়ে বাহিৰত ৰৈ থকা মায়াক বেগ এটাৰ সহিতে মৰমেৰে ভিতৰলৈ আদৰি লৈ গ’ল৷ এগাড়ীমান পুলিচে আগুৰি ধৰি মাইকেৰে মায়াক ঘৰৰ বাহিৰলৈ উলিয়াই দিবলৈ কৈ থকা দৃশ্য এটা কল্পনা কৰাত ইমান মগ্ন হৈ পৰিলোঁ যে নিশান্তই ঘটালি দিয়াতহে দিঠকলৈ উভতি আহিলোঁ৷

“এতিয়া কি কৰিম বুলি ভাবিছ?”

“তই আছ যেতিয়া কি চিন্তা। এনেও মায়ে আমাক ঘৰত সোমাবলৈ নিদিলে৷”

“তেনেহ’লে কি হ’ব?”

“কি হ’ব! নাতি পুতি এটা হ’লেই চব ঠিক হৈ যাব।”

বেপেৰুৱা হৈ আঠুৰ ঘিলাত টবলা বজাই মোৰ কথাৰ উত্তৰ দিয়া নিশান্তক দেখি অশান্ত হৈ উঠিলোঁ মই৷ এইবাৰ অলপ গম্ভীৰ সুৰেৰে সুধিলোঁ তাক –

“আৰু তেতিয়ালৈ কি ভাবিছ?”

“বিশেষ ভবা নাই যদিও তেতিয়ালৈ মই তোৰ ঘৰতে থাকিম।”

“কি!”এইবাৰ মোৰ “কি”টো চাগৈ মাইকত এনাউন্স হোৱা যেন হ’ল৷ মায়া আৰু তৃপ্তি দুয়োজনী লৰি আহিল৷ তৃপ্তিৰ হাতত মঠিবলৈ লোৱা আটাৰ এটা চৰিয়া৷ একো নোকোৱাকৈ তাইৰ হাতৰপৰা চৰিয়াটো টান মাৰি লৈ ছোফাত বহি ল’লোঁ মই৷ গাৰ সমস্ত বল প্ৰয়োগ কৰি আটা মঠাত লাগি গ’লোঁ৷ মাখনতকৈও কোমল ৰুটি হ’ব লাগিব আজি বুলি কৈ আটাখিনিকে নিশান্ত বুলি ভাবি লৈ মৰিয়াই মৰিয়াই মঠি থাকিলোঁ, যেতিয়ালৈকে মায়াই “হ’ব দিয়ক ভিনদেউ, কিমান মঠে আৰু” বুলি চৰিয়াটো মোৰ হাতৰপৰা কাঢ়ি নিলে৷

☆ ★ ☆ ★ ☆

7 Comments

  • সুকুমাৰ গোস্বামী

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লাগিল৷

    Reply
  • Deepsikha

    আমোদ পালো পঢ়ি।

    Reply
  • মৃন্ময় বৰুৱা

    একে উশাহতে পঢ়িলো। ভাষাৰ সাবলীল প্ৰয়োগ আৰু অথন্তৰৰ বৰ্ণনাই নেছ আমিদ দিলে।

    ধন্যবাদ

    Reply
  • ডলী

    বঢ়িয়া

    Reply
  • ভাল লাগিল

    Reply
  • HEMANTA KAKATI

    তামাম! হেটচ অফ!

    Reply

Leave a Reply

Your email address will not be published.