ফটাঢোল

কঁঠালৰ আঠা- প্ৰণীতা গোস্বামী বৰঠাকুৰ

ৰৈ ৰৈ ৰতি, মইনামতী
তোমালোকৰ ঘৰলৈ….
ৰৈ ৰৈ ৰতি, মইনামতী
সদায় যাব পাৰোঁ মই…
ৰৈ ৰৈ ৰতি, মইনামতী
দিয়া যদি, দিয়া যদি মৰমৰ মাত।

দাড়ি খুৰুৱা ক্ৰীমটো মুখত সানি সানি বৰুৱাই বিহুগীত ফাঁকি গুণগুণাই আছিল।

: হেৰি, হেৰি, শুনিছেনে… ক’ত গ’ল সাউতকৈ এইজন?

বৰুৱানীয়ে পাকঘৰৰ পৰাই বৰুৱাক উদ্দেশ্যি চিঞৰিলে।

: কি হ’ল হে, ইমান কিয় চিঞৰিছা, এইমাত্ৰ পাকঘৰৰ পৰা গৈছোঁহে৷

বৰুৱাই আধা ক্ৰীম সানি ব্ৰাছডাল হাতত লৈয়েই শ্ৰীমতীৰ ওচৰ পালেহি।

: পাকঘৰৰ পৰা ওলাই গৈছোঁ মানে, আপুনি যেনেকৈহে কৈছে যেন ৰন্ধা-বঢ়া সকলো কৰি থৈহে ওলাই গৈছে, উউউহ…

বৰুৱানীয়ে মুখখন ভেঙুচাই উত্তৰটো দিলে।

: বাৰু, কি হ’ল তোমাৰ, ইমান কিয় চিঞৰিলা সেইটো কোৱা৷

বৰুৱাই ব্ৰাছডালেৰে ক্ৰীমখিনি ইখন গালত মিলাই লৈ সুধিলে।

: এই সৰঞ্জামবোৰ কোনে জেগাত থ’বগৈ? কাম এটা কৰি বস্তুবোৰ আগৰ জেগাত থৈ যাব নোৱাৰে নেকি?  এই বান্দীয়ে সদায় আপোনাৰ পাছে পাছে লাগি থাকিব লাগিব! সামান্য কঁঠাল এটা কাটিবলৈ দিলোঁ, দা, কটাৰী, মৈদা, খুন্দনামাৰি সব গোটাই ল’লেহি। কুঠাৰখনো আনি ল’ব লাগিছিল৷

বৰুৱানীয়ে ভোৰভোৰাই উঠিল।

বৰুৱাই মিচিককৈ হাঁহি সেইঠাইৰ পৰা অন্তৰ্ধান হ’ল। ঘৰুৱা কামত বৰুৱা একেবাৰে কেঁচা। তিনিজনী বাই-ভনীৰ মাজত এটা ল’ৰা হোৱাৰ বাবে আগতে ঘৰৰ কূটা এগছো কৰিবলৈ নিদিছিল। জীৱনত পঢ়াৰ বাহিৰে আন কামত তেওঁ এলাইবাদু। ধনে-ধানে নদন বদন ঘৰৰ একমাত্ৰ ল’ৰা আছিল তেওঁ। বাৰীঘৰৰ চোৱা-চিতা কৰা, খেতি-পথাৰ চোৱা আদিৰ বাবে মানুহ আছিলেই। দেউতাকে তেওঁক কেৱল পঢ়ি শুনি ‘ডাঙৰ মানুহ’ হোৱাৰ সপোনহে দেখিবলৈ শিকাইছিল। যিয়ে পাছত তেওঁক চহৰত থাকি চৰকাৰী চাকৰি কৰাৰ সুযোগ আদায় কৰাত সহায় কৰিলে। পৈতৃক সম্পত্তি হিচাপে গাঁৱৰ সেইঘৰখন এতিয়া এৰাবাৰী। কাষৰ খুৰাকৰ ঘৰখনেই আছেগৈ এতিয়া দুয়োখন ঘৰৰ ৰখীয়া হৈ।

আজি ছৌবিছটা বছৰ গৰকা চাকৰি জীৱনত সেইখন ঘৰলৈ কেইবাৰ গৈছে আঙুলীৰ মূৰত লেখিব পৰা। সংসাৰৰ ভিন ভিন লেঠা, কামৰ হেঁচাত সেইবোৰ সব তল পৰি আছিল। মাক দেউতাক থকালৈকেহে  ঘৰখনলৈ মোহ এটা আছিল। পাছলৈ সকলো খুৰাকক চমজাই দিছিল। এনেও তেওঁ কোনোদিনেই খেতি খোলাৰ হিচাপ লৈয়েই নাপালে, তাতকৈ আনেই ভোগ কৰক বুলি সকলো মোহ ত্যাগ কৰিছিল স্বইচ্ছাই। কোনোবাটো বছৰত বিহুত, বা বিয়া- সকামলৈ মাতিলে এতিয়াও গাঁৱলৈ পাক এটা নমৰাকৈ নাথাকে।

দীঘলীয়া কৰ্মজীৱনটো বৰ ব্যস্ততাৰ মাজেৰেই পাৰ হ’ল। ইহঁতহালক ক’ত পঢ়াব, কি পঢ়াব এই লৈয়েই সময়বোৰ কোনফালেদি উৰা মাৰিছিল তলকিবই নোৱাৰিলে। চাকৰিৰো আৰু বেছি বছৰ নাই। দুয়োটাই  পঢ়ি-শুনি খুটি খাব পৰা হ’লেই চিন্তা কমিব। ৰিটায়াৰমেণ্টৰ আগতে ছোৱালীজনীক উলিয়াই দিব পাৰিলেই হ’ল। ল’ৰালৈ ইমান ভবা নাই এতিয়াই। নিজক চম্ভালি লওক আগতে।

হঠাতে যেন এই ধাৰাবাহিকতাত য’তি পৰিল। সমগ্ৰ বিশ্ব সন্ত্ৰাসত পৰিল। কোনোকালে নভবা কথাবোৰ ভাবিবলৈ বাধ্য হৈছে আজি মানৱ জাতি। অনুশোচনাত ভূগিছে, অনাগত ভৱিষ্যতৰ দিনবোৰক লৈ চিন্তিত হৈ পৰিছে। হেৰাই যাব খোজা মানৱীয় গুণবোৰ বিচাৰিবলৈ ধৰিছে, সৰু সৰু অসন্তোষবোৰ এৰাই চলিবলৈ বাধ্য হৈছে, অলপতে সন্তুষ্ট হ’বলৈ শিকিছে, যান্ত্ৰিক মানৱৰ পৰা সৃষ্টিশীল, সহনশীল, পৰোপকাৰী হ’বলৈ শিকিছে। অনিশ্চয়তাৰ মাজতো কিছুমান ভাল কামৰ উদ্ৰেক ঘটিছে।

লকডাউনৰ আজি পোন্ধৰটো দিন। বৰুৱাৰ চাকৰি জীৱনত এনেকৈ ঘৰত সোমাই থকা এয়াই প্ৰথম। দেওবাৰৰ দিনটোৰ বাহিৰে বেলেগে ছুটি লৈ ঘৰত সোমাই থকাৰ কথা মনতেই নাই তেওঁৰ। এইকেইদিন পাৰ্ট টাইম কৰা মালতীও অহা নাই। সেয়ে পত্নীক দুই এটা কামত সহায় কৰাৰ বৃথা চেষ্টা এটা কৰে তেওঁ মাজে মাজে। পত্নী উৰ্মিলাৰ মতে, তেওঁ কাম কৰিলে হেনো কাম বাঢ়েহে। ভালক বুলি কিবা কৰিবলৈ গৈ কিবাহে কৰেগৈ— পত্নী উৰ্মিলাক সন্তোষ লগাকৈ আজিলৈকে তেওঁ একো এটা কৰিয়েই নাপালে। অত বছৰে ঘৰখনৰ প্ৰতিটো কাম নিয়াৰীকৈ  কৰি আহিছে উৰ্মিলাই। কেতিয়াও কোনো কথাতে তেওঁ অসুবিধা পোৱা নাই।

দুদিনৰ আগতে তেঁৱেই  বহুতদিন মাছ- মাংস খোৱা নাই৷ কঁঠালৰ তৰকাৰীকে জুতি লগাই খাম বুলি বেপাৰীৰ পৰা কঁঠালৰ মুচি এটা কিনি আনিছিল। বুঢ়াজনে নিজৰ বাৰীৰ পৰা ছিঙিয়েই বেচিবলৈ আনিছিল বোধহয়। কাৰণ কঁঠালৰ মুচি ৫/৬ টামান, কেঁচাজলকীয়া অলপ আৰু বিলাহী কেইটামান লৈ বহি থকা বুঢ়াজন দেখি তেওঁ পইচা কেইটামান এৱেঁই পাওক বুলি মুচি এটাৰ সৈতে বাকীখিনি পাছলিও লৈ আনিছিল৷ অনাৰ দিনাৰে পৰাই কঁঠালৰ মুচিটো কাটি দিবলৈ উৰ্মিলাই কৈ আছিল। এনেই হোৱা হ’লে মালতীৰ হতুৱাই কটাই ল’লেহেঁতেন। তাই অহা নাই বাবে আজি তেঁৱেই মুচিটো কটাৰ চেষ্টাটো চলাইছিল। কঁঠালৰ মুচি কটাও যে ইমান কঠিন কাম তেওঁৰ আজিহে বোধগম্য হ’ল। মৈদাখনত ভৰিখন থৈ মাইকী মানুহবোৰ কেনেকৈ যে বহে তেওঁ উৱাদিহেই উলিয়াব নোৱাৰিলে। কটাৰিখন হেঁচি হেঁচিও কঁঠালটো তেওঁ ফালিব নোৱাৰিলে। শেষত দাখনেৰে দুঘাপমান দি ৰেপিলতহে ঠাৰিডালৰ ওচৰৰ অংশ কোনোমতে এৰুৱাব পাৰিলে। দাখনতো একেবাৰে ধাৰ নাই। শেষবাৰ কি কামত, কেতিয়া ব্যৱহাৰ হৈছিল তেওঁৰ মনত নাই। ওপৰ অংশ কটাৰ পাছতে দাখন আঠা এঠি হ’ল। সেইদৰেই গাৰ সমস্ত জোৰ লগাই কঁঠালটো চাৰিফাল কৰিলে। উৰ্মিলাৰ নিৰ্দেশ আছিল যে সৰু সৰুকৈ টুকুৰা কৰি ডিল আৰু বাকলিও গুচাই দিব লাগিব। গতিকে এতিয়া কটাৰিৰ পাল। ইতিমধ্যে হাতখন আঠা এঠি হ’লেই। হাতত যে তেল অকণ সানি ল’ব লাগে, সেইটো কথা উৰ্মিলাই আগতে ক’ব নোৱাৰে, কঁঠালৰ আঠাই হাতখন কেটেপা-কেটেপ হোৱাৰ পাছতহে ক’বলৈ সময় পালে…!  কোনোমতে কামফেৰা সমাপ্ত কৰি তেওঁ আজৰি হৈ বাথৰূমত সোমাম বুলি ভাবিছিলহে উৰ্মিলাৰ চিঞৰ শুনিলেই‌।

এতিয়া আকৌ আঠা লগা দা-কটাৰীবোৰ চুবলৈ মন নাই তেওঁৰ। সেয়ে একো নুশুনাৰ দৰে তেওঁ দাড়ি কাটিবলৈ বুলি বেচিনৰ ওচৰ পালেগৈ।

: হেৰি, আপুনি এইকেইখন নিনিলে যে; গোটেই কেইখনত আঠা লাগি আছে। অলপ কেৰাচিন তেল সানি আঠাবোৰ গুচাই ধুই থওক।

উৰ্মিলাই পুনৰ সকিয়ালে তেওঁক।

: ৰ’বাহে, হাতৰ পৰা এই ব্ৰাছডালেই এৰুৱাব পৰা নাই দেখোন৷ ছেঃ!

বৰুৱাৰ আবেগভৰা কণ্ঠ।

: হেঃ হেঃ! “কঁঠাল চোৰৰ আঠাই সাক্ষী”- বুলি এনেই নকয় নহয়৷ হাতখনতো অলপ কেৰাচিন তেল লগাই লওকহি৷

উৰ্মিলাৰ কথাত বৰুৱায়ো ধেকধেকাই হাঁহি উঠিল আৰু ঘৈণীয়েকলৈ চাই তেওঁ আকৌ বিহুগীতটি জুৰিলে,

: ৰৈ ৰৈ ৰতি, মইনামতী…….

☆ ★ ☆ ★ ☆

6 Comments

  • লিপি খাউণ্ড

    বৰ ভাল লাগিল

    Reply
    • Pranita Goswami

      মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।

      Reply
  • লখিমী

    ব্ৰাছডালো লাগি ধৰা অৱস্থা নে! আমাৰ ঘৰৰ কাহিনীকে লিখা যেন লাগিল দেই। কেৰাচিনো নাই আকৌ সানিবলৈ

    Reply
  • মুনমুন

    বৰ ভাল পালোঁ

    Reply
  • Anonymous

    ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    সহজ-সৰল বৰ্ণনাৰে চিনাকি ছবি দাঙি ধৰিলে৷

    Reply

Leave a Reply

Your email address will not be published.