ফটাঢোল

কপাল – প্ৰতিভূ দত্ত

ডেকা ল’ৰা তেতিয়া ইঞ্জিনিয়াৰিঙৰ ফাইনেল ইয়েৰৰ ছাত্ৰ। এদিন দুপৰীয়া চুচুক চামাককৈ সুবৃহৎ লনখন পাৰ হৈ প্ৰকাণ্ড বঙলাটোৰ পৰ্টিকত উপস্থিত হ’ল। হাভানা ছীগাৰ হুপি, লণ্ডনৰ হেৰডছৰ পৰা কিনি অনা হাউচ কোট পিন্ধি থকা মিষ্টাৰ চলিহাই নিজৰ সোনালী ফ্ৰেমৰ চচমাজোৰ ঠিক কৰি লৈ ডেকা ল’ৰাক ভালকৈ তলৰ পৰা ওপৰলৈ কেইবাবাৰো চাই বেছ নাটকীয় ভংগীত সুধিলে,

-“কি লাগে ?”

মিষ্টাৰ চলিহা যে চাহ বাগানৰ মালিক আপোনালোকে বোধহয় অনুমান কৰিব পাৰিছে।

-“মানে মই আৰু মনালিছা একে…”

ডেকা ল’ৰাৰ কথাত আধাতে বাধা দি মিষ্টাৰ চলিহা সুধিলে,

-“একে লগে পঢ়া ?”

মিষ্টাৰ চলিহাৰ কথা কোৱাৰ ইংৰাজ ইংৰাজ ধৰণটোলৈ মন কৰি ডেকা ল’ৰাই লাহেকৈ উত্তৰ দিলে,

-“হয় আংকল।”

মিষ্টাৰ চলিহাই বহি থকা হেলনীয়া চকিখনৰ পৰা উঠি গৈ দেৱালত ওলমাই থোৱা ডবল বেৰেলৰ বন্দুকটো কাষত ঠিয় হৈ সুধিলে,

-“এতিয়া ?”

ডেকা ল’ৰাই মন কৰিলে যে মিষ্টাৰ চলিহাৰ কথাৰ সুৰ বেছ আক্ৰমণাত্মক।

-“আংকল মই মানে মনা মানে মনালিছাৰ….”

ডেকা ল’ৰাই মই আৰু মনালিছা বুলি কোৱাৰ লগে লগেই মিষ্টাৰ চলিহাই দেৱালৰ পৰা দুনলীয়া বন্দুকটো আজুৰি আনি চিঞৰি উঠিল,

-“খবৰদাৰ! ইয়ংমেন ডু নট ডেয়াৰ টু আটাৰ আ চিংগল ৱৰ্ড! হেভ ইউ আন্দাৰষ্টুদ?”

বেঙেমূতা গৰুৰ দৰে ঠাইতে থক্ থক্ কৈ কঁপিবলৈ ধৰা ডেকা ল’ৰাই কোনো মতে মূৰ দুপিয়াই বুজালে যে সি ভালকৈ বুজি পাইছে যে যদি সি আৰু এটা শব্দও উচ্চাৰণ কৰে সি আন এটা সূৰ্যোদয় নেদেখিব।
সেই সময়লৈ ষাঁড় গৰুৰ দৰে ফোপাই থকা মিষ্টাৰ চলিহা অলপ শান্ত হ’ল। তেওঁ ডেকা ল’ৰাৰ কাষলৈ গৈ অলপ নৰম সুৰত ক’লে,

-“চোৱা! দেখিলে ধৰিব পাৰি তুমি ভদ্ৰ ল’ৰা। এই দহ লাখ টকা দিছো লোৱা আৰু মোৰ মনা বেবীৰ জীৱনৰ পৰা আঁতৰি যোৱা।”

দহ লাখ টকা হাতত লৈ বৰ বিষণ্ণ মনে ডেকা ল’ৰা কলেজলৈ বুলি উভটি আহিল। যিমানেই চিন্তা কৰিবলৈ ধৰিলে সিমানে ডেকা ল’ৰা বিমোৰত পৰিবলৈ ধৰিলে। সি চিন্তা কৰিলে,

-“কথাটো উচিত হ’ল জানো? আনিবলৈ গৈছিলো কি আৰু আনিলো কি? মাথো দহ লাখ টকাৰ কাৰণে মই মোৰ ভৱিষ্যতটো বিপণ্ণ কৰিলো নেকি ?”

যেতিয়া ডেকা ল’ৰাই উপলব্ধি কৰিলে যে তাৰ ফাইনেল ছেমিষ্টাৰলৈ মাথো দহ দিন আছে ভয়ত তাৰ অন্তৰ কঁপি উঠিল। তাৰ এনে লাগিল যেন সি গৈ পুনৰ মিষ্টাৰ চলিহাৰ ওচৰত উপস্থিত হৈ ক’ব,

-“আংকল এইয়া লওক আপোনাৰ দহ লাখ। আৰু মোক দিয়ক মনা মানে মনালিছাৰ ওচৰত থকা মোৰ ৰেফ্ৰীজাৰেশ্বনৰ নোটছখিনি। ফাইনেললৈ মাত্ৰ দহ দিন আছে। কেনেকৈ নোটছখিনি নোহোৱাকৈ পঢ়িম?”

শেষত যেনিবা সিদ্ধান্ত ল’লে,

-“দহ লাখ! দিওঁ জানো ওভটাই ?? বেক লাগিলেও লাগক বে দহ লাখ ওভটাই নিদিওঁ ।”

★★★★

6 Comments

Leave a Reply

Your email address will not be published.