ফটাঢোল

কণামাকৰী-নয়নমণি দত্ত নেওগ

ৰাতিপুৱা সোনকালে শুই উঠি মন্দিৰাই বেলেগ কোনো কাম নকৰি এহাতত পিন্ধিবলগীয়া কাপোৰকেইটা আৰু আনখন হাতত বাল্টিটো লৈ বাথৰূমত সোমায়। উদ্দেশ্য দ্বীপৰাজক লগ কৰাৰ। আনদিনা হোৱা হ’লে মন্দিৰাই দেওবাৰ দিনটোত ন বজাৰ আগলৈকে শুই উঠাৰ নামকেই নলয়। কিন্তু আজি দিনটো তাইৰ বাবে স্পেচিয়েল। তাইক লগ পাবলৈ যে দ্বীপৰাজে কিমান কুটুৰিব লাগে তাৰ কোনো হিচাপ নাই। ভালপাওঁ বুলি কোৱা এমাহ পাৰ হৈ গ’ল যদিও মন্দিৰাই দ্বীপৰাজৰ আগত এতিয়াও সহজ হ’বলৈ বহুখিনি বাকী। যেতিয়াই তাই দ্বীপৰাজক লগ কৰিবলৈ যায়, তেতিয়াই নেদেখা লাজটোৱে আহি তাইৰ গাত এনেকৈ থিতাপি লয় যে সি এৰি থৈ যোৱাৰ নামকেই নলয়। সেয়ে শেষত তাই কিছুসময় কটাই আহিবলৈ দ্বীপৰাজক তত নাইকিয়া কৰে।

যিয়েই নহওক আজি মন্দিৰাই সম্পূৰ্ণ বিশ দিনৰ মূৰত দ্বীপৰাজক লগ কৰিবলৈ বুলি ৰাতিপুৱাৰে পৰাই প্ৰস্তুতি চলাইছে। ভালকৈ গা-পা ধুই আহি তাই ৰূমমেট পাপৰিক এবাৰ গাটোতে হেঁচুকি উঠিবলৈ কৈ পঢ়াৰ টেবুলৰ আগত বেৰত ওলমি থকা ভগৱানৰ ফটোখনলৈ চাই সেৱা এটা কৰি মন্দিৰাই বিছনাখন ঠিক-থাক কৰাত লাগে।

: ঐ তই যে আজি ইমান সোনকালে শুই উঠিলি, অইন দিনা হোৱা হ’লে তই নটা বজালৈকে উঠাৰ নামকেই নলৱচোন। নে আজি কিবা স্পেচিয়েল আছে।

ৰূমমেট পাপৰিয়ে দুচকু মোহাৰি প্ৰশ্ন কৰি মন্দিৰাৰ উত্তৰলৈ বাট নাচাই হাতত ব্ৰাছডাল লৈ বাহিৰ পায়গৈ।

পুৱা পাঁচ বজাতেই উঠি নিজৰ কামকেইটা কৰি আজৰি হোৱা মন্দিৰাই আকাশ নীলা চুৰিদাৰযোৰ পিন্ধি বুকুৰ অংশলৈকে দেখা পোৱা আইনাখনৰ আগত ৰৈ বাৰে বাৰে নিজকে চাইছে আৰু তাৰ মাজে মাজে আইনাখন অলপ তললৈ হাউলাই ভৰিলৈকে চোৱাৰো চেষ্টা কৰিছে। যাতে ক’তো খুঁত থাকি নাযায়। এবাৰ যদি চুৰ্ণীখনকে ঠিক কৰাত লাগিছে, আকৌ এবাৰ কাণৰ ফুলিযোৰ চুই চাইছে। মুঠতে ওলাই নোযোৱালৈকে তাই বাৰে বাৰে আইনাখনৰ আগত নিজক চোৱাত মগ্ন হৈ পৰিছে।

: ঐ হ’ব আৰু থ, শুই উঠাৰ পৰা তোক আইনাখনৰ আগতেই দেখিছোঁ। কিমান আৰু নাচাৱ নিজকে।

: এহ ৰ’হচোন, হৈছে আৰু। তই পিছফালৰ চুলিখিনি ভালকৈ ফণিয়াই দেচোন।

: তোৰ এই চুলিখিনি মই আৰু কিমান ফণিয়াই থাকিম। যা যা সোনকালে ওলাই যা। মিছাতে সময় নষ্ট কৰাই আছ’ মোৰ।

চেলাউৰি থুপ খুৱাই পাপৰিয়ে মন্দিৰাৰ চুলিখিনি ফণিয়াই বিচনাখনতে পৰি মন্দিৰাৰ কাৰ্য-কলাপ চাই থাকে আৰু মন্দিৰাৰ ইটো-সিটো প্ৰশ্নৰ উত্তৰ দিওঁ-নিদিওঁ ভাৱত কৈ থাকে।

বাৰে বাৰে আইনাখনৰ আগত ৰৈ থকা মন্দিৰাই টেবুলত থকা হাত ঘড়ীটো এপাকত চাই তাই মোবাইলটো হাতত তুলিবলৈ লওঁতেই স্ক্ৰীণত দ্বীপৰাজৰ নামটো দেখি মন্দিৰাই লগালগ কল ৰিচিভ কৰি ওলাই অহাৰ আগতে পুনৰবাৰ আইনাখনৰ আগত নিজক এবাৰ চাই লয়। এইবাৰ তাই নিজকে পাৰফেক্ট যেন দেখি বিছনাৰ তলত থকা হিলযোৰ উলিয়াই ভৰিত সুমুৱাই লয় আৰু হাতত পইচাৰ বেগ, মোবাইল লৈ ওলাই আহিবলৈ লওঁতেও এপাকত ৰূমমেট পাপৰিক সকলো ঠিকেই আছে নে সুধি তাই দ্বীপৰাজক লগ পাবলৈ ওলাই আহে।

নিৰ্দিষ্ট দোকান এখনত ৰৈ থকা মন্দিৰাক দেখি দ্বীপৰাজে লাহেকৈ বাইক ৰখাই চকুৰে ইংগিত দি মন্দিৰাক বহিবলৈ কয় আৰু দুয়ো নিজৰ গন্তব্যৰ দিশে আগবাঢ়ে। বাটত গৈ থকাৰ মাজতে দ্বীপৰাজে ইটো-সিটো প্রশ্ন কৰি যায় যদিও মন্দিৰাই কেৱল হা-না কৰিয়েই চমু উত্তৰ দি যায়। জোখতকৈ অধিক কিবা ক’লেই লাজটোৱে আহি কিজানি তাইক সকলো খেলি-মেলি কৰি পেলাব তেনেকৈ ভাবি মন্দিৰাই কথাবোৰ চমুকৈ সামৰিছে। কিন্তু দ্বীপৰাজে অনৰ্গল কৈ যায়, যেন আজিয়েই তাইৰ লগত সকলো কথা পাতি শেষ কৰিব। কোনোবা সময়ত আমনি পালেও মন্দিৰাই মুখেৰে একো এটা ক’ব নোৱাৰে। একমাত্ৰ নাকত লাগি থকা লাজটোৰ বাবেই। তথাপিও তাই সাজি-কাচি ওলাই আহে একমাত্ৰ দ্বীপৰাজৰ বাবে। যাতে দ্বীপৰাজৰ চকুত সদায় তাই ধুনীয়া হৈ থাকক।

মনৰ মাজতে ইটো-সিটো ভাবি গৈ থকা মন্দিৰাই দ্বীপৰাজৰ পিঠিত অলপ জোৰেৰে বাউসীটোৰে হেঁচা মৰা যেন উমান পাই তাই কিছু অস্তিত্ববোধ কৰে। অতপৰে ইমানেই আনমনা হৈ আহিল যে তাইক দ্বীপৰাজে কিবা কৈ থকাৰ কথাও কাণত নোসোমাল।

: আজি কি নামিবলৈ মনেই নাই নেকি তোমাৰ।

ইমানপৰে লাজে লাজে আহি থকা মন্দিৰা দ্বীপৰাজৰ প্রশ্নত আৰু বেছিকৈহে লাজটোৱে বেৰি ধৰিলেহি। কিবা কাৰণত দ্বীপৰাজৰ আগত ধৰা পৰি নাযাবৰ বাবে মন্দিৰাই কপালৰ আগত আহি থকা চুলিখিনি ঠিক কৰিবলৈ ধৰে।

: এইফালে বহুদিন অহা হোৱা নাছিল। প্ৰায় তিনি বছৰৰ মূৰত আহিছোঁ। আজি দেওবাৰ যেতিয়া ইয়াত মানুহৰ ভিৰ এটা হ’ব।

: উম ময়ো বহু দিনৰ মূৰত আহিছোঁ।

: ব’লা সৌ তালৈ যাওঁ ব’লা। তাতে বহিবলৈ ভাল হ’ব। অলপ ছাঁ পাবা।

বহু বছৰৰ মূৰত চৰাইদেউলৈ বুলি ওলাই অহা দ্বীপৰাজে মন্দিৰালৈ বুলি খাবলৈ দুই-এটা চিপচৰ পেকেট আৰু পানী বটল এটা লৈ উদ্যানৰ ভিতৰলৈ সোমাই যায়। সিহঁত পোৱালৈ লাহে লাহে মানুহৰ ভিৰ হ’বলৈ লৈছিল।অলপ ইফাল-সিফাল ঘূৰি ছাঁ পৰি থকা ঠাই এডোখৰত বহি দুয়ো নিজৰ মনৰ কথা পতাত ব্যস্ত হৈ পৰে যদিও তাৰ মাজতে দ্বীপৰাজে মন্দিৰাৰ ৰূপৰ গুণ বখানিবলৈ ধৰে।

: তোমাক যে মই এই আকাশী নীলা ৰঙটোত খুবেই ধুনীয়া দেখোঁ। কিবা এটা ভাল লাগি যায়।

: তুমি ভাল দেখা বাবেই মোৰো এই ৰঙটো প্রিয় হৈ পৰিল। সেয়ে এইবাৰ বিহুত এই ৰঙৰেই কাপোৰ এযোৰ ল’লোঁ।

দ্বীপৰাজৰ মুখত তাইৰ ৰূপৰ কথা শুনি মন্দিৰাৰ কিমান যে ভাল লাগিছিল তাই নিজেও ক’ব পৰা নাছিল। সি ভাল পাই বাবেই তাই খুব ধুনীয়াকৈ সাজি-কাচি আহিবলৈ চেষ্টা কৰে। আজিও তাই কাপোৰযোৰৰ লগত মিলাই কাণফুলি, চুলিত মৰা ক্লিপডাল মিলাই আহিছিল। আনকি চেণ্ডেলযোৰো মিলাই লৈছিল। যাতে দ্বীপৰাজে সকলো ফালৰ পৰাই তাইক ধুনীয়া দেখা পাওক। ৰাতিপুৱা শুই উঠাৰ পৰা ওলাই অহালৈকে তাই অকণো খুঁত নথকাকৈ সজাই-পৰাই আহিছে নিজকে। তেনে ক্ষেত্ৰত দ্বীপৰাজে তাইক ধুনীয়া নেদেখাৰ প্ৰশ্নই উঠিব নোৱাৰে। নিজৰ মাজতে কথাবোৰ ভাবি থাকোঁতে আপোনা-আপুনি মন্দিৰাৰ ওঁঠেদি হাঁহি এটা ওলমি পৰে।

: এই ৰ’বা ৰ’বা…লৰাই নিদিবাচোন।মই চাফা কৰি দিওঁ ৰ’বা।

হঠাৎ কাণৰ কাষত পিৰপিৰাই উঠাত মন্দিৰাৰ ভাৱনাৰ পৰা বাস্তৱলৈ ঘূৰি আহে আৰু কিনো কৰিছে বুলি মুখ ঘূৰাই চোৱাত দ্বীপৰাজে তাইৰ চূৰ্ণীখনৰ আগটো মিহিকৈ কাণৰ ভিতৰত ভৰাই কাণৰ কণামাকৰী চাফা কৰাত লাগিছে আৰু কাণৰ লেতেৰাখিনি দেখুৱাই তাইক ইটো-সিটো পৰামৰ্শ দি থকাৰ মাজতে মন্দিৰাই হাঁহো-নাহাঁহোকৈ তাই কোনোমতে দ্বীপৰাজৰ কাষত বহি শুই উঠাৰ পৰা কৰা ৰূপসজ্জাৰ কথা মনলৈ আনে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.