ফটাঢোল

ক’লী পৰুৱা – জয়ন্ত গগৈ

পুৱাতেই শইকীয়ানীয়ে কোৱাৰ্টাৰ আগফাল আৰু পিছফালৰ কাপোৰ মেলা তাঁৰ কেইডালত কাপোৰ কেইযোৰ মেলিবলৈহে পালে৷ ক’লনীটোৰ বৰুৱানী, হাজৰিকানী, বৰানী, চুতীয়ানীকে ধৰি গোটেই মখাৰে কৌতূহল৷ প্ৰায়জনীয়ে বাহিৰলৈ ওলাওঁতে বাৰাণ্ডাৰ পৰা, বা গেটৰ সন্মুখত আহি বা ৰাস্তাৰে পাৰ হৈ যাওঁতে প্ৰশ্ন কৰিছে -“শইকীয়ানীৰ কি হ’লনো? ইমান ধুনীয়া ধুনীয়া চকুতলগা কাপোৰ কেইযোৰ নো কিয় ধুলে? নে ক’ৰবাত কিবা ওলাইছে নেকি? ক’তা বিয়া-সকাম আদিলৈওচোন যোৱা গমেই নাপালোঁ, ইস্ ইমান মৰম লাগিছে সেই সৰু সৰুকৈ বুটা-বচা ফুলৰ হাতে বোৱা কাপোৰযোৰ ………..”- এই বাক্য বানবোৰে শইকীয়ানীৰ মনত থুপ খাই থকা খঙবোৰ চুলিৰ আগহে যেন পোৱালেগৈ! বহু ধৈৰ্য্যৰে প্ৰায় কেইজনীকে উত্তৰবোৰ দি যাবলৈ ধৰিলে – “এহ! নক’বা আৰু ওৱাৰ্ডৰৱটোত ক’লী পৰুৱাই বাহ ল’লে৷ আজি কিবা এটা বিচাৰোঁতেহে পৰুৱাৰ কথাটো গম পালোঁ৷ সেয়ে দুযোৰমান একেবাৰে নতুন আৰু নিপিন্ধাকৈ আছিল যদিও গোটেই সোপাকে ধুয়েই দিলোঁ৷”  শইকীয়ানীয়ে উত্তৰবোৰ দিওঁতে শোকত নজনাকৈয়ে দুগুণহে খঙে মূৰ পালেগৈ৷ কোৱাৰ্টাৰৰ ডিজাইন অংকন কৰা ইঞ্জিনিয়াৰজনৰ ওপৰতহে খং উঠিলে৷ কি বাপেকৰ মূৰটো ৰূমৰ ডিজাইন কৰিছে! শোৱনী কোঠাত টয়লেট-বাথৰূম আৰু ওৱাৰ্ডৱৰ দৰ্জা ওচৰা ওচৰিকৈ দিয়ে নেকি? গৃহস্থ কামৰ পৰা আহকচোন, আজি সুদাই এৰা ভকতনী নহয়, শইকীয়ানী৷ ছোৱালীজনীয়ে বাৰেপতি মাকক অলপ ঠাণ্ডা মগজুৱে থাকিবলৈ সকীয়াই দিছে -যাতে ঘটনাটো কলনীত সকলোৱে জানিব নোৱাৰক৷ সেই বুলিহে শইকীয়ানীয়ে চুলিৰ আগত থকা খং, ক্ষোভখিনি দমাই ৰাখিবলৈ বাধ্য হৈছে৷ মাক-জীয়েক দুজনীয়ে থিৰাং কৰিছে – “দেউতাকক আজিৰ পৰা পিছফালৰ ৰূমটোতে বিচনা যোগাৰ কৰি দিব৷ গেলা এসোপামান ডিঙিলৈকে খাই আহিলেও যাতে আজিৰ দৰে আৰু অঘটন নহওক৷ সেইখন বিছনাৰ পৰা বাহিৰৰ টয়লেটলৈ যাবলৈও একো অসুবিধা নহব৷” দুয়োজনী ৰূমটো চিজিল কৰাত লাগিল৷ জীয়েকে মাকক দহাই দহাই কৈ খাতিছে -ঘটনাটো যাতে কাৰোৰে কাণত নপৰাকৈ থাকে৷ মাকক সাৱধান কৰি দিছে ক’লনীটোৰ একেবাৰে শেষৰ সোণোৱালনী এতিয়াও অহা নাই আৰু আহিলেও যাতে ফেঁৰিয়াই ফেঁৰিয়াই উৰহি গছৰ ওৰ যাতে উলিয়াব নোৱাৰে৷

ৰূম চিজিল কৰা, কাপোৰবোৰৰ কথা আৰু মানুহজনৰ স্বভাৱটোৰ কথা আদি নানান ভাৱনাৰ মাজত ডুবি থাকোঁতে কেতিয়ানো আবেলি তিনি বাজি গ’ল – শইকীয়ানীয়ে তলকিবয়ে নোৱাৰিলে৷ লোৰ গেটখন খেৎলেঙকৈ কৰা শব্দটোৱেহে শইকীয়ানীৰ সম্বিত ঘূৰিল৷ বতাহত হেন্দোলনী দি থকা পৰ্দাৰ ফাঁকেৰে বাহিৰলৈ চাওঁতে ঘৰৰ গৃহস্থক দেখা পালে৷ গৃহস্থইও একো মাত-বোল নকৰাকৈয়ে ভিতৰ সোমালগৈ৷ চাহৰ কাপটো গৃহস্থলৈ আগবঢ়াই দিওঁতেই গৃহস্থই দুখ দুখ ভাবেৰে কৈ গ’ল-

:: আজিৰ পৰা লগৰ কেইটাৰ লগত নবহো আৰু! কালি ইমানেই অভাৰ হ’ল যে নিজকে চম্ভালিবলৈকে অসুবিধা হৈছিল৷ তোমাৰ শপত, আজিৰ পৰা যি অলপ-অচপৰ খাম, তোমালোকৰ আগতেই খাম৷

শইকীয়ানীৰ খং উঠিছিল যদিও মান-সম্ভ্ৰমৰ কথা ভাবিয়েই গৃহস্থক ক’লে

:: আপোনালৈ পিছফালৰ ৰূমটোতে বিচনা ঠিক কৰি দিছোঁ৷

:: নহয় অ’ আইজনীৰ মাক, কালি সঁচাকৈয়ে ইমানেই ক’ব নোৱাৰা হৈ আছিলোঁ, ইমান জোৰেৰে প্ৰস্ৰাৱ লাগিল যে টোপনিৰ চকা-মকাত মই টয়লেটৰ দুৱাৰ খুলিয়েই প্ৰস্ৰাৱ কৰিছিলোঁ বুলি ভাৱিছিলোঁ৷

:: এহ! হ’ব হ’ব আৰু! আপোনাৰ এই দুৱাৰ খুলিয়েই প্ৰস্ৰাৱ কৰা অভ্যাসটো সলাওক৷ অলপ ভিতৰলৈ গৈ কৰিবলৈ শিকক৷ তেনে কৰা হ’লেতো – মোৰ আৰু আইজনীৰ কাপোৰ কেইযোৰে অন্ততঃ  ৰেহাই পালেহেঁতেন!

(বন্ধুসকল আপোনালোকে বুজিলে নহয় গোলাপী নিচাৰ প্ৰলয়ত গৃহস্থই সৰুপানী চোৱা কামফেৰা ক’ত কৰিলে?)

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.