ফটাঢোল

কূউল মানুহ – বাসৱদত্ত দাস

মেণ্টোছৰ চল্‌তি হোৱাৰো বহু আগৰে পৰা সমাজত প্ৰজন্মই প্ৰজন্মই এমুঠিমান এনে অৱতাৰী পুৰুষৰ আৱিৰ্ভাৱ হৈ আহিছে, যিসকলে নৌজন্মোতেই কমনচেঞ্চৰ বিশাৰদ হৈ আহে। তেওঁলোকৰ কমনচেঞ্চ ইমান গভীৰ, ইমান ব্যাপক যে সৃষ্টিকৰ্তাই আনৰ ভাগৰো কমনচেঞ্চখিনি তেওঁলোকৰ মগজুতেই বাকি দি পঠিয়াই দিয়া যেন লাগে। কমনচেঞ্চৰ খোৰাকেৰে অতিপুষ্ট এইসকল লোককে আখ্যা দিব পাৰি “কূউল মানুহ (c’ooo’l man)” হিচাপে।

কূউল মানুহবোৰে সেইসকল লোককহে গণ্য কৰে, যিসকল ইতিমধ্যেই গণ্য-মান্য; নাইবা যিসকলৰ আগত তেওঁলোক গণ্য আৰু মান্য। তাত বাদে যদি কোনোবা ৰাম, যদু, মধুৱে “গণ্য-মানোচিত” কাম কৰিবলৈ প্ৰয়াসো কৰা দেখিবলৈ পায়, তেওঁলোকৰ কমনচেঞ্চ ডিষ্টাৰ্ব্দ্ হৈ পৰে। পৃথিৱীত কেৱল এই দুটা মানৱ উপ-প্ৰজাতিয়েইহে ৰাম-যদু-মধুহঁতক উচিত মৰ্য্যাদা প্ৰদান কৰি আহিছে: এক হʼল, গণিতৰ কিতাপ ৰচোঁতাসকল আৰু দুই, ব্যাকৰণ প্ৰণেতাসকল। ৰামে যিয়ে নাখাওক, যদুৱে যিয়ে নিকিনক, এওঁলোক মহানুভৱী ব্যক্তিৰ চকুত সেইবিলাক একো একোটা মহাকাব্যিক কৰ্ম।

হিন্দু ধৰ্মত যে চতুবৰ্ণ প্ৰথা আছে, “কূউল মানুহ”বোৰে সেইবোৰক এনেদৰেহে ভাগ কৰি চায়: গণ্য-মান্য, গুণমুগ্ধ, নগণ্য আৰু নিকৃষ্ট। নিজকে এওঁলোকে প্ৰথমটো জাতত ৰাখে আৰু নিজৰ কমনচেঞ্চৰ প্ৰচাৰৰ জৰিয়তে এজাত গুণমুগ্ধৰ সৃষ্টি কৰি লয়। এই দুয়োটা উচ্চবৰ্ণজাত। এওঁলোকে যি কৰে আনে তেনে কৰিব নোৱাৰে, নিষেধ। তথাপি, নগণ্যসকলে কৰিলে তাক বাৰু গণ্য নকৰি অলপ তাৰ আমোদ লয়; কিন্তু তেওঁলোকে নিকৃষ্ট বুলি জ্ঞান কৰা কোনোবাই যদি তেওঁলোকৰ একচেটিয়া কামবোৰত হাত দিয়ে, তেওঁলোকৰ কমনচেঞ্চে জঁকি উঠে।

তেওঁলোকে যʼতেই পদাৰ্পণ কৰে তাৰে স্বত্ব কিনি লোৱা যেন আচৰণ কৰে। উদাহৰণস্বৰূপে, ফেʼচবুকত তেওঁলোকৰ কমনচেঞ্চৰ প্ৰদৰ্শন তেনেকুৱা এটা “কপিৰাইটেদ” বিষয়। অস্পৃশ্য, অপাংক্তেয় নিকৃষ্টসকলক পাৰিলে তেওঁলোকে টাইমলাইন নিয়ন্ত্ৰণ কৰি হʼলেও আঁতৰ কৰিব খোজে।

“কূউল মানুহ”বোৰৰ এটা প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য হৈছে এই যে তেওঁলোকে নিজকে নিজে সৰ্বজ্ঞ বুলি স্বীকৃতি দিয়ে। তেওঁলোকৰ গুণমুগ্ধসকলেও ইয়াক “স্বতঃসিদ্ধ (axiomatic)” বুলি মানি চলে। “কূউল মানুহ”বোৰে আনৰ প্ৰতিটো পদক্ষেপকে সুকীয়া দৃষ্টিৰে বিচাৰ কৰে। লোকক দেখুৱাই তেওঁলোকে বিচাৰে ঠিকেই যে পৃথিৱীৰ সকলো মানুহেই তেওঁলোকৰ দৰেই কমনচেঞ্চপুষ্ট হওক; কিন্তু তেওঁলোকে নগন্য-নিকৃষ্ট বুলি ভবা কোনোৱে যদি তেওঁলোকৰ এই বাঞ্ছাটো পূৰণ কৰিবলৈ এখোজো আগবাঢ়ি আহে, তেন্তে কমনচেঞ্চৰ মনʼপʼলীটোত আউল লাগি যায়।

“কূউল মানুহ”বোৰৰ আদৰ্শবোধ অতি উচ্চস্তৰৰ হয় বুলি তেওঁলোকে নিজেই কথাই-কামে জাহিৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰে (স্ত্ৰীসকলে অৱশ্যে “অহোমহিলাৰ্থ” কৰে)। ৰাস্তাত পৰি থকা কলৰ বাকলিটো কাৰো অলক্ষিতেই হয়তো আপুনি বা মই সমীপৰ জাবৰদানিটোত পেলাই দি আগবাঢ়ি যাম। হয়তো সেইটো এটা সাধাৰণ দায়িত্ব বুলিয়েই ভাবি থৈ দিম। “নৰ্মেল মানুহৰ এয়া স্বতঃস্ফূৰ্ত ৰিয়েক্সন”– আপোনাৰ বা মোৰ হয়তো এইটোৱে ধাৰণা। কিন্তু কমনচেনঞ্চ-বিশাৰদসকলৰ বাবে এইটো নিজৰ “এভাৰেষ্টোপম” আদৰ্শ প্ৰদৰ্শন কৰাৰ এক সুৱৰ্ণ সুযোগ। তেওঁলোকে প্ৰথমতে ৰাস্তাত পৰি থকা অৱস্থাতে কলৰ বাকলিটোৰ এটা স্নেপ লʼব, তাৰ পিছত বাকলিটো তুলি জাবৰদানিত পেলাই থকা অৱস্থাৰ ছেল্ফি এটা তুলিব। পিছত ফেʼচবুক যোগে গুণমুগ্ধসকলক আৰু অধিক মুগ্ধ কৰাৰ মানসেৰে ফটো দুখন “ৱাল”ত পোষ্ট কৰি লগতে ‘কল খাই যʼতে-তʼতে বাকলি পেলাই গুচি যোৱা কাণ্ডজ্ঞানহীন’ অজ্ঞাতজনক পাৰেমানে গুৱাল-গালি.. মানে sensible সমালোচনা আগবঢ়াব।

“কূউল মানুহ”বোৰৰ চৰিত্ৰগত আন এটা বৈশিষ্ট্য হৈছে যে “খেয়ালী” হোৱাটো ধীমানসকলৰ(genius) লক্ষণ বুলি তেওঁলোক আত্মপ্ৰত্যয়ী। এবাৰ তেনে এজন “কূউল মানুহে” গুণমুগ্ধসকলক ফেʼচবুকযোগে আহ্বান জনালে, নিজৰ নিজৰ “ৱাল”ত পাতলস্তৰৰ যি-টি পোষ্ট কৰি কমনচেন্সপুষ্টসকলক বিৰক্ত কৰাৰ সলনি তেওঁলোকে যাতে ভাল ভাল,পঠনযোগ্য পোষ্ট দিয়ে; গঠনমূলক আলোচনাৰ সুযোগ উলিয়াই দিব পৰা ধৰণৰ লেখা পোষ্ট কৰে। সুপ্ত কমনচেঞ্চৰ চক্ষু মোকলাই দিব পৰা পোষ্টটো পঢ়ি গুণমুগ্ধসকল এন্‌লাইটেন্দ্ হʼল। অপাৰ কমনচেঞ্চময়, তেওঁলোকৰ গণ্য-মান্য-আৰাধ্যজনৰ অভিমতক শিৰোগত কৰি তেওঁলোকেও ন-কৈ জগা কমনচেঞ্চ “কূউল মানুহ”জনৰ ফীডবেকত চাচনিৰ ৰাইজে জাতীয় অস্তিত্ব ৰক্ষাৰ সেনানীসকলক বস্তাই বস্তাই দান কৰা ধানৰ দৰেই ঢালি-বাকি যাচিবলৈ ধৰিলে। ফলত সিবোৰৰ আতিশয্যত বিৰক্ত হৈ “কূউল মানুহ”জনে এইবাৰ কমনচেঞ্চৰ কপিৰাইট উলংঘনৰহে অভিযোগ তুলিবলগীয়া হʼল। মানে, এইবাৰ তেওঁ নৱাংকুৰিত কমনচেঞ্চক পেংলাই কৰি গণ্য-মান্য শ্ৰেণীটোত বাহিৰে আন শ্ৰেণীৰ তাত অধিকাৰ নাই বুলি আওপকীয়াকৈ ঘোষণা কৰি নিজৰ “ৱাল”ত নতুন‌কৈ এটা পোষ্ট তুলি দিলে। “অমুকটো ডিচিপ্লিনৰ বিষয়ে ইমানকৈ যে আলোচনা চলিছে, সকলোৱে ডিচিপ্লিনটোৰ বিশেষজ্ঞ বুলিয়েই ভাবিবলৈ লʼলে নেকি? অমুকটোৰ দৰে যদি তমুকটোৰো একেধৰণে আলোচনা চলিলেহেঁতেন” — মুঠতে এইবাৰ ডিচিপ্লিনক লৈ বিতুষ্টি। গুণমুগ্ধসকলেও নিলাজৰ দৰেই পোষ্টটোক শলাগিবলৈ ওপৰা-উপৰি লগালে; পৰিণতিত পুনৰ এবাৰৰ বাবে “কূউল মানুহ”জনে তেওঁ কি বিচাৰে তাক থিৰ কৰিব নোৱৰাকৈয়ে কমনচেঞ্চৰ এপিটোম হৈ পৰিল।

উপৰ্যুক্ত চিউদʼ-জিনিয়াচ “কূউল মানুহ”ৰ শ্ৰেণীটো খুবেই খটৰনাক বিধৰ হয়। এফালে তেৰাসৱে ঠিকেই বিচাৰে যে সকলোৱেই তেৰাসৱৰ দখলীকৃত কমনচেঞ্চৰ এপালি-এপালিকৈ লাভ কৰক; কিন্তু যেয়ে কোনোবাই উৎসাহী হৈ প্ৰদত্তপালিক প্ৰয়োগ কৰিবলৈ ওলাই আহে, কমনচেঞ্চৰ সান্দহ খোৱা বালি তল পৰিব বুলি চিন্তিত হৈ তেৰাসৱে আক্ৰমণাত্মক হৈ পৰে। তেৰাসৱৰ আচৰণে তেতিয়া ঠিক গʼৰমিণ্টৰ চৰিত্ৰ ধাৰণ কৰে। আমাৰ গʼৰমিণ্টে যেনেদৰে ঢোল পিটি, ডবা কোবাই, বৰকাঁহ বজাই সমাজৰ সকলো স্তৰৰ নাগৰিককে আত্মনিৰ্ভৰশীল হʼবৰ সুযোগ দিয়া বুলি প্ৰচাৰ কৰে; কিন্তু তাৰ মেকানিজ্‌ম্‌টোলৈ চালে প্ৰকৃততে সি গʼৰমিণ্টৰ অনুগ্ৰহ-নিৰ্ভৰশীল এজাত হিতাধিকাৰী সৃষ্টিৰহে যে মাথোঁ এক প্ৰয়াস সেয়া বুজিব পাৰি, তেনেদৰে তেৰাসৱেও কমনচেঞ্চৰ প্ৰয়োগকাৰী নহয়, বৰং কমনচেঞ্চ-বেনিফিচিয়েৰী এজাতহে সৃষ্টিত বিশ্বাসী বুলি তেৰাসৱৰ আচৰণৰ পৰাই তাক বুজিব পাৰি।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.