ফটাঢোল

কৃপণ-হেমন্ত কাকতি

চহৰৰ সম্ভ্ৰান্ত ব্যৱসায়ী প্ৰদীপ বৰুৱা৷ বয়স প্ৰায় ষাঠীৰ উৰ্ধত যদিও যথেষ্ঠ কৰ্মঠ৷ পিচে আজিকালি তেওঁ সমস্ত দায়িত্বভাৰ তেওঁৰ একমাত্ৰ পুতেক দিগন্তৰ ওপৰতে এৰি সামাজিক কাম আৰু মেলে মিটিঙে ঘূৰি ফুৰে৷ পয়ত্ৰিচ বছৰীয়া দিগন্ত বৰুৱাও বাপেকৰ দৰেই কৰ্মপিপাশু, পিচে তেওঁৰ পত্নী বৰ্ণালীৰ মতে দিগন্তৰ ভীষণ সমস্যা এটা আছে৷ মানুহজন প্ৰয়োজনতকৈ বেছি কৃপণ৷ নিজৰ ঘৈণীয়েকজনীক চলাফিৰাৰ ক্ষেত্ৰত টকা পইচা দিয়াৰ পৰা সময় দিয়ালৈকে সকলো হিচাব মতেহে চলে৷ সেইটো কথাতে বৰ্ণালীৰ মনত অলপ দুখ যদিও বিয়াৰ তিনিবছৰ পিছত আজিকালি দিগন্তৰ লগত ‘এডজাষ্ট’ কৰিবলৈ শিকি গৈছে৷

কোভিদ বিয়পাৰ পিছৰ পৰাই দিগন্তই অফিচৰ বেছিভাগ কাম ঘৰৰ পৰাই কৰে, কেৱল ইমাৰ্জেন্সি হ’লেহে অফিচ যায়৷ সিদিনা আবেলি দিগন্তই বেডৰূমতে লেপটপটো লৈ কিবা হিচাবত ব্যস্ত হৈ আছিল৷ দিগন্তই চাহ একাপৰ বাবে বৰ্ণালীক মাতি পঠালে৷

বৰ্ণালীয়েও সময়টো বুজি চাহ কাপ হাতত লৈ বেডৰূম পাইছিলেই৷ চাহ কাপ  দিগন্তৰ হাতত দি বৰ্ণালীয়ে তেওঁৰ মুডটো অনুধাৱন কৰিবলৈ চেষ্টা কৰিলে৷ কিছুমান কামৰ পৰা বৰ্ণালীয়ে দিগন্তক মৰমীয়াল স্বামী বুলি জানে যদিও তেওঁৰ পৰা টকা পইচা উলিওৱা যে সাংঘাতিক কঠিন সেয়া তাই ভালকৈয়ে জানে৷ সেয়ে অলপ অনুনয়ৰ সুৰত তেওঁলৈ চাই সুধিলে,

: টকা দুহেজাৰ দিয়াচোন৷ অলপ পাৰ্লাৰলৈ যাম৷ কালি সৌৰভৰ বিয়া মনত আছেনে? অলপ ফেচিয়েল কৰিম আৰু চুলিৰো কাম আছে৷ আৰু অলপ এক্সট্ৰাও দিবা, কাপোৰ এযোৰ ল’ম৷ কিমান দিন হ’ল কাপোৰ নোলোৱা…

পইচা বিচৰা কথাটো শুনিয়েই লেপটপৰ পৰা মূৰটো উঠাই দিগন্তই বৰ্ণালীৰ ফালে চালে৷ মুখমণ্ডলত বিৰক্তিৰ চাপ স্পষ্ট৷ প্ৰায় ত্ৰিশ বছৰ পাৰ হৈ যোৱাৰ পিছতো বৰ্ণালী এতিয়াও যথেষ্ট আবেদনময়ী হৈ আছে৷ শৰীৰত চৰ্বিৰ মিহি প্ৰলেপ এটাই সামান্য গা দাঙি উঠিলেও কমনীয়তা অলপো কমা নাই৷ নতুন বোৱাৰীৰ দৰে চুম্বকীয় আকৰ্ষণ অনুভৱ নকৰিলেও বেয়াও নেপায় বৰ্ণালীক৷ তথাপি সুদীৰ্ঘ তিনি বছৰৰ বৈবাহিক জীৱনৰ পিছত দিগন্ত অলপ বিৰক্ত হৈছে, বিশেষকৈ বৰ্ণালীৰ প্ৰসাধনৰ প্ৰতি থকা অত্যাধিক আসক্তিৰ বাবে৷

: শুনা, তোমাৰ ফেচিয়েল টেচিয়েল এইবোৰৰ একো দৰকাৰেই নাই, তুমি এনেই ইমান ধুনীয়া হৈ আছা৷ আৰু ঘৰখনৰ প্ৰতিও অলপ যত্ন ল’ব লাগে নে নাই? এনেকৈ ওলাই যাবা তাৰ পিছত কেতিয়া আহিবা ঠিক নাই, বিয়া বুলিনো কিডাল আছে? লোকৰহে বিয়া,  কোনে তোমাক চাব? দেউতাও ঘৰত নাই, সন্ধিয়া মাকো অলপ চাব লাগে, মায়ো অকলে থাকি ভাল নেপায় ন’?

দিগন্তই যিমান পাৰি সিমান মোলায়েম কিন্তু কিছু দমনমূলক সুৰেৰে বৰ্ণালীলৈ চাই কথাখিনি এৰি দিলে৷

বিয়াৰ আগতে মাক দেউতাকে পচন্দ কৰি বিয়া পাতি দিয়া বৰ্ণালীক বিয়াৰ প্ৰথম মাহৰ পৰাই দিগন্তই অলপ দমন কৰি ৰাখিবলৈ চেষ্টা কৰি আছে৷ বন্ধুবৰ্গই দিয়া জ্ঞান মতে ঘৈণীয়েকক প্ৰথমৰ পৰা কণ্ট্ৰোলত নেৰাখিলে পিছলৈ হেনো মূৰত উঠিব পাৰে৷ দিনে ৰাতিয়ে কেৱল ব্যৱসায়ৰ চিন্তাত মগ্ন দিগন্তৰ মাজত ৰোমান্স, প্ৰেম এইবোৰে সিমান প্ৰাধান্য নেপায় যিমান টকা পইচাক প্ৰাধান্য দিয়ে৷

: কিয়? নিজৰ বাবে অলপ যত্নও ল’ব নোৱাৰিম নেকি?

এইবাৰ সদ্যস্নাতা দীঘল চুলিখিনি পিঠিৰ ওপৰলৈ আনি ড্ৰেচিং টেবুলৰ সন্মুখতে বহি বৰ্ণালীয়ে কৈ উঠিল৷

দিগন্তও নাচোৰবান্দা৷ বৰ্ণালীক পাৰ্লাৰ নপঠিওৱাৰ সিদ্ধান্তত অটল হৈ পুনৰ চেষ্টা কৰিলে,

: যিমান যত্ন ল’ব লগা আছে, ঘৰতে কৰি থাকা না৷ এনেই এনেই ইমানবোৰ টকা পানীত পেলাবলৈ কিয় যাব লগা হ’ল? বিয়াঘৰত অলপ সাজি-কাচি গ’লেই হ’ল! আৰু বিয়াখন ইমান ইমপৰটেণ্ট বিয়াও নহয়৷ ফাল্টু টকাবোৰ গিফ্ট কিনোতেও বৰবাদ হয়!

: শুনা, তোমাৰ দৰে নামজ্বলা ব্যৱসায়ীৰ পত্নী হিচাবে মোৰ ষ্টেটাচটো মেইনটেইন কৰিব লাগিব নে আমাৰ ড্ৰাইভাৰৰ পত্নীৰ দৰে জধলী হৈ যাব লাগে? ইমান চিনাকি মানুহ আহিব, তোমাৰ সন্মান নেযাব পাৰে, মোৰতো যাব না৷ মোৰ ষ্টকত থকা কাপোৰবোৰ সৱেই দেখিছে৷ একে কিযোৰ কাপোৰ পিন্ধি কিমান ওলাম আৰু? ইমান যদি তোমাৰ পইচাৰ অভাৱ হৈছে তেনেহ’লে বিয়ালৈয়ে নেযাওঁ বাৰু৷ পিছত যেতিয়া মানুহে বদনাম উলিয়াব যে পইচা খৰচ হোৱাৰ ভয়তে দিগন্ত বৰুৱাৰ ফেমিলি বিয়াত নাহিল, তেতিয়া তোমাৰ লাজ নেলাগিলেও আমাৰতো লাগে না!

কথাখিনি একে উশাহে এৰি দি বৰ্ণালীয়ে দুচকু চলচলীয়া কৰি দিগন্তৰ ফালে চাই ৰ’ল৷

: শুনা, মই নেযাবলৈ কোৱা নাই, মই কেৱল কৈছোঁ যে তুমি নেচাৰেলি বিউটিফুল৷ যি পিন্ধা তাতেই ভাল লাগে৷ গতিকে ইমান বেছি ষ্টাইল কৰি চুলিবোৰ আৰু মুখখনত একো এক্সট্ৰা ৰং ঢং নকৰিলেও চলি যায়৷ তাতেই এই আৰ্টিফিচিয়েল বস্তুবোৰে চুলি আৰু ছালৰ কিমান অপকাৰ কৰে তুমি জানানে? মানুহৰ স্কিন কেন্সাৰ পৰ্য্যন্ত হ’ব পাৰে!

: বুজিলোঁ, এতিয়া মোক মাথো কোৱা পইচা দিবা নে নিদিয়া?

দিগন্তই এটা চান্স লওঁ বুলি বহুত কষ্টেৰে এটাই শব্দ উচ্চাৰণ কৰিলে- “ন’!”

: তুমি এসোপা টকা আৰ্জিলে কি হ’ব, ভোগ কৰিব নেজানা! তোমাৰ দৰে কৃপণৰ পইচা এনেই বেকাৰ বেংকতে পচি যাব৷ লাভৰ মূৰত একোডাল নেপাবা৷ ইস! বৰ নেচাৰেল বিউটিডাল চাবলৈ আহিছে! এনে কৃপণ মানুহ এটালৈ দিলে অ’ মোক!

আৰু কিছু কথা ভোৰভোৰাই চকুদুটা চলচলীয়া কৰি বৰ্ণালী বেডৰূমৰ পৰা ড্ৰয়িংৰূমৰ ফালে গ’ল৷

দিগন্তৰ খংটো অলপ উজাই আহিছিল যদিও আগলৈ আৰু বিপদ চপাই নলওঁ বুলি কিছু দেৰি মনে মনে থাকিল৷ সন্মুখৰ লেপটপটোত দৃষ্টি নিবদ্ধ কৰি থাকিলেও কামত অলপো মনযোগ দিব পৰা নাই৷ লেপটপটো চাট-ডাউন কৰি দিগন্তই চিগাৰেট এটা হুপিবলৈ বুলি পিছফালৰ বাৰান্দালৈ গ’ল৷ বৰ্ণালী আৰু মাকৰ আগত চিগাৰেট নেখাই যদিও বৰ্ণালীয়ে ভালকৈয়ে জানে যে দিগন্তৰ অলপ টেনচন হ’লেই চিগাৰেট খায় বুলি৷

বৰ্ণালীৰ কথাখিনি পাগুলি পাগুলি চিগাৰেটটো জ্বলাই ঠিক দীঘলকৈ টান এটা দি ধোঁৱাখিনি এৰি দিলে৷ সি ভাবি থাকিল- বৰ্ণালীক অলপ বেছি টানকৈয়ে ক’লে নেকি বাৰু?

—-++

: বাবা! ক’ত আছ? শুন চোন!

ড্ৰয়িং ৰূমৰ পৰা মাকৰ মাত শুনি দিগন্তই সম্বিত ঘূৰাই পালে৷ আধাখোৱা চিগাৰেটটো ততাতৈয়াকৈ ভৰিৰে মোহাৰি দিগন্ত ড্ৰয়িং ৰূমলৈ পোনালে৷ মাকৰ পৰম ভক্ত বুলি দিগন্তক বৰ্ণালীয়ে জানে৷

: কি হ’ল মা? কিয় মাতিছা?

: দহ হেজাৰ মান টকা দেচোন!

মাকৰ পৰা হঠাৎ ওফৰি অহা অনাকাংক্ষিত প্ৰস্তাৱটো শুনি দিগন্তই থতমত খালে৷ তথাপি মাকৰ কিবা জৰুৰী কথা বুলি ভাবি অলপ অনিসন্ধিৎসু মনেৰে দিগন্তই সুধিলে,

: কিন্তু ইমান টকা কি কৰা মা?

: কালি সৌৰভৰ বিয়ালৈ যাব লাগে৷ তাৰ আগতে বোৱাৰী আৰু মই অলপ পেডিকিউৰ, মেনিকিউৰ, ফেচিয়েল আদি কৰাবলগীয়া আছে মই বহুদিন পাৰ্লাৰ যোৱা নাই৷ হেয়াৰ স্পাও কৰাই আহিম একেলগে৷

মাকৰ কঢ়া উত্তৰ৷

দিগন্তৰ চকুকেইটা অলপ বহল হৈ পৰিল৷ তেতিয়াহে দিগন্তই লক্ষ্য কৰিলে যে মাকৰ ওচৰতে বৰ্ণালীও দুটা অভিমানী চকুৰে ঠিয় হৈ আছে৷ শক্তিশালী প্ৰতিদ্বন্দ্বীৰ ওচৰত দুৰ্বল হৈ পৰা দিগন্তই শেষ বাৰৰ বাবে এবাৰ চেষ্টা কৰিলে,

: মা, এই বয়সতো এইবোৰ কৰিব আছে? টকা সোপা উৰুৱাই এইবোৰ কৰাৰ কি দৰকাৰ পৰিছে?

: শুন, এইবোৰ তই বকিব নেলাগে, পইচাখিনি তই দিবি নে মই তোৰ আলমাৰীৰ পৰা ল’ম?

আলমাৰীৰ চাবিপাত দেখুৱাই মাকে এইবাৰ অলপ হুমকি দিয়ে ক’লে৷

কথা বিষম দেখি দিগন্তই পকেটৰ পৰা খমখমিয়া দহ হেজাৰৰ বাণ্ডিলটো বাহিৰ কৰি মাকৰ হাতত দি ক’লে,

: এইটো লোৱা, সব খৰচ নকৰিবা, যি বাচি থাকে ঘুৰাই দিবা৷ আৰু শুনা, সন্ধিয়া অলপ সোনকালে ঘূৰি আহিবা, মোৰ বন্ধু দুজন আহিব লগা আছে, ইয়াতে ভাত খাম বুলি কৈছে৷

: ওহো! আমাৰ ঘূৰি আহোঁতে দেৰি হ’ব৷ এইবোৰ দুই মিনিটৰ কামতো নহয় যে পটকৈ হৈ যাব? থ্ৰেডিং, ফেচিয়েল, স্পা এইবোৰত সময় লাগে৷ তাতে পাৰ্লাৰবোৰে আমি যোৱাৰ লগে লগে কৰি নিদিয়েতো, ৰ’ব লাগে, কিমান ভীৰ থাকে তহঁতে নুবুজিবি৷ আৰু শুন, ৰাতি ঘূৰি আহি বোৱাৰীৰ ভাত বনোৱাৰ টাইম নহ’ব৷ ৰাতিৰ খানাটো বাহিৰতে অৰ্ডাৰ দিবি৷ পাকঘৰটো লেতেৰা নকৰিবি আকৌ!

দিগন্তই উদাসীনভাবে মাথো চাই ৰ’ল৷

: ব’লা বোৱাৰী, সোনকালে ৰেডী হোৱা৷

বৰ্ণালীয়ে দিগন্তৰ ফালে কটাক্ষ চাৱনি এটা দি দিগন্তক ক’লে,

: চাওঁ, বেডৰূমৰ পৰা ওলোৱা৷ মোৰ ড্ৰেচ চেঞ্জ কৰিবলৈ আছে৷

কিছু সময়ৰ পিছত শাহু বোৱাৰী দুয়ো গাড়ী উলিয়াই ওলাই গ’ল৷ দিগন্তই বাৰাণ্ডাৰ পৰা গাড়ীখনৰ পৰা ওলোৱা বগা ধোঁৱাখিনি উদাসীনভাবে চাই ৰ’ল৷

☆ ★ ☆ ★ ☆

5 Comments

  • দিম্পল

    মজা লাগিল দাদা

    Reply
  • Troilukya Hazarika

    অপূর্ব সুন্দৰ। ভাল লাগিল পঢ়ি।

    Reply
  • বন্দনা হাজৰিকা

    সুন্দৰ

    Reply
  • বন্দিতা জৈন

    সঁচাকৈয়ে দমন কৰিলে। কিন্তু কোনে,,,,কাক,,,,

    স্মাৰ্ট ৱাইফ,,,,🙂🙃

    Reply
  • ডলী

    হাঃ হাঃ। দুহেজাৰৰ ঠাইত দহ হেজাৰ উলিয়ালে কৃপণ গিৰীয়েকৰ পৰা ঘৈণীয়ে। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.