ফটাঢোল

কেতিয়া আছিল অ’ সেই সুসময় – ভাস্কৰজ্যোতি বৰুৱা

পাভ মাছ ভিত্তিক উপমাবোৰ মোৰ ভাল-বেয়া দুয়োটাই লাগে। ভাল এইবাবেই লাগে – গৌৰৱবোধ হয়। জনজীৱনত বহুলভাৱে ব্যৱহাৰ হ’বলৈ হ’লে একোটা উপমা প্ৰায় সকলোৱে সহজেই বুজি পোৱা হ’ব লাগিব। অৰ্থাৎ তেনে মাছ খোৱাৰ শকতি এদিন সাধাৰণ অসমীয়াৰ আছিল। বেয়া লাগে এইবাবেই যে পাভ মাছৰ  লোকেলকেইটা খাব পৰাকৈ সেই সক্ষম অসমীয়াসকলৰ মই যোগ্য উত্তৰাধিকাৰী হ’ব নোৱাৰিলোঁ। ধিক্ জীৱন।

মোৰ আটাইতকৈ ভাল লগা উপমাটো হ’ল -‘পাভচোঁচা’। কিন্তু মই নিশ্চিত হ’ব পৰা নাই সেই চোঁচাটো হাতৰ আঙুলিৰে কাঁহীৰ কাষত নে মুখৰ ভিতৰত। মুখৰ ভিতৰত হ’লে কোৱাৰি নাফালিবনে মূল কাঁইটডালে?  পৰীক্ষা কৰাৰ সামৰ্থ নাই। কেতিয়াবা ভাবোঁ বৰালিৰ পোৱালীকেইটামানকে আনি ট্ৰাই কৰি চাওঁ নেকি।

আক্ষৰিক অৰ্থত ‘পাভলুটি’  দেখাৰো সৌভাগ্য নাই হোৱা আজিলৈকে। জীয়া পাভ মাছ বিক্ৰী কৰিব পৰা বেপাৰীৰ ওচৰত মোৰ গুৰুত্ব নাই। অনুৰোধ কৰিবলৈও লাজ লাগে। অৱশ্যে চিনাকি বেপাৰীৰ ড্ৰামত থকা জীয়া কান্ধুলি মাছ চায়েই ধাৰণা এটা কৰি নোলোৱা নহয়।

 ‘পাভযোৰা’  ধাৰণাটো বুজাত অসুবিধা পাওঁ। সেইটো আকৃতিত নে প্ৰকৃতিত? বিজ্ঞজনক এতিয়াও সোধা হৈ উঠা নাই। আন মাছৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয়, তাৰো সদুত্তৰ বিচাৰিব লাগিব।

এতিয়া মোৰ মূল প্ৰশ্নটো হ’ল – সেই সুদিন কেতিয়ালৈকে আছিল,  যেতিয়া মোৰ দৰে অসমীয়াৰ বাবে পাভ মাছ ঢুকি পাব পৰা হৈ আছিল?  সেই উত্তৰটো ইমান চিধা-চিধি বিচাৰিলে যে পোৱা নাযাব তাক মই জানো। সেয়ে মই এটা বেলেগ তথ্যৰ কাষ চাপিলোঁ। তলৰ অতি গুৰুত্বপূৰ্ণ তথ্যটিলৈ মন কৰক –

“নাৰ বাত পাভ মাছ আৰু এটা কাছ

বাৰ টকাত কিনি আনি কিয় বাৰু নাচ’?”

এতিয়া আমি যদি সেই ভোজন বিলাসী ব্যক্তিজনে কোন চনত ৰাস্তাত সেই অবিস্মৰণীয় নাচটোৰ বাবে উদ্বুদ্ধ হৈছিল তাক নিৰ্ণয় কৰিব পাৰো,  তেনেহ’লে সেই সুদিনৰ চনটো আমি পাই যাম। সম্পূৰ্ণ ১০০ শতাংশ শুদ্ধ নহ’লেও আমি যে আশে পাশে ৰ’মগৈ,  এই অভাজনৰ ওপৰত সেই বিশ্বাস ৰাখক।

এই মুহূৰ্তত সেই মাছ তিনিবিধ আৰু কাছটোৰ বৰ্তমান বজাৰ মূল্য কিমান তাক জনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ। নাৰ মাছৰ দাম মই কাক সুধিম ধৰিবই পৰা নাই। মাছটোনো দেখাত কেনেকুৱা মোৰ কোনো ধাৰণা নাই। বাত মাছৰো সমস্যাটো হ’ল, ইয়াৰ সমন্ধে মোৰ ওচৰত আছে মিশ্ৰিত তথ্য। কোনোৱে কয় কুঢ়ি মাছৰ পোৱালীকে বাত বুলি কয়। কোনোবাই কয় ই এটা কুঢ়ি সদৃশ সৰু মাছ। যেনে চিতলৰ ভায়েক কান্ধুলি। হেমকোষে বাৰু দ্বিতীয়টোক সমৰ্থন কৰিছে। পাভক লৈ অৱশ্যে তেনে কোনো সমস্যা নাই।

ধৰি ল’লো কুঢ়িৰ ভায়েক বাত। দাম ভাঙনৰ সমান। কিলো – ৩০০ টকা (বিলৰ ভাঙন আকৌ!)। নাৰৰো একেই ৩০০ টকা কেজি (সমগোত্ৰীয়ই হ’ব কিজানি)। লোকেল পাভৰ দাম এদিন ভিৰৰ মাজত এজনৰ পাছফালে লুকাই সোধোঁতে ১২০০ টকা কিলো বুলি বেপাৰীয়ে মোক কোৱা মনত আছে। কিন্তু কাছ?  সেই বিলুপ্তপ্ৰায় প্ৰাণীবিধৰটো আজিকালি বজাৰত বিক্ৰী নহয়। কেনেকৈ জানিম?  ৭০০ ধৰোঁ আৰু! এতিয়া কথা হ’ল ওজন কিমান কিমান আছিল প্ৰত্যেক বিধৰে?  ওজনটো এনে হ’ব লাগিব যাতে গোটেইখিনি হাতত লৈ নাচিব পৰা বিধৰ হয়। এয়া নিশ্চয় ঘৰত খাবলৈ লোৱাই হ’ব। কাৰণ কিবা সকাম –তকামত লাগিলে নাচিব পৰাকৈ মন কেনেকৈ মুকলি হৈ থাকিব?

তিনিজোটা মাছ। কমেও এজোটাত এক কিলোকৈ আৰু কাছটোৰ ওজন ৪ কিলো ধৰিলোঁ। তেতিয়া হ’লে আজিৰ তাৰিখত মাছত ৩০০ X ২ +১,২০০ = ১,৮০০ টকা আৰু কাছত ৭০০ X ৪ = ২৮০০ টকা। মুঠ ৪,৬০০ টকা।

এতিয়া কথা হ’ল মুদ্ৰাস্ফীতিৰ প্ৰভাৱত ২০১৮ চনৰ ৪,৬০০ টকা কোন চনৰ ১২ টকাৰ সমান?  এইটোৱেই আমাৰ অংক। তাৰ আগতে মুদ্ৰাস্ফীতিৰ কথাটো আমি ধৰিব লাগিব। কিমান ধৰোঁ?  মোৰ মতে অতি কমেও ৮ শতাংশ ধৰা উচিত। নাঃ, ইয়াতকৈ কমাবলৈ মোক নক’ব। অকল চৰকাৰী ৰেকৰ্ডত থকা তথ্যখিনিৰ ওপৰত কৰা গণনাত ওলোৱা সংখ্যা ধৰিলেই নহ’বতো! ছিণ্ডিকেট-টিণ্ডিকেটৰ বাবে হোৱা মুদ্ৰাস্ফীটি ক’ত যাব?

এতিয়া অংকটো হ’ব এনেকুৱা – যদি আমি বিগত দিনবোৰত অসমত গড়ে ৮ শতাংশ হাৰত মুদ্ৰাস্ফীতি হৈছিল বুলি ধৰোঁ তেন্তে আজিৰ ৪,৬০০ টকাৰ মূল্য কোন চনৰ ১২ টকাৰ সমান আছিল?

উত্তৰ : ১৯৪১ চনত। তাৰ মানে বৃটিছৰ দিনতহে দেখোন! স্বাধীন ভাৰতত নহয়!!!

উত্তৰটো ভুল বুলি ক’বলৈ আপোনাৰ হাত দুটাৰ যুক্তি এতিয়াও মজুত আছে। তাৰিখটো আৰু অধিক আগলৈ যাব যদিহে আপোনাৰ যুক্তি হয় –

কোন সুস্থ মানুহক বজাৰৰ পৰা নাচি নাচি ঘৰলৈ ঘূৰা দেখিছা তুমি?  ঘুটং পানী নোখোৱাকৈ এয়া কি সম্ভৱ?  আৰু তেনে অৱস্থাত কি দাম দি দিছে কি ঠিক? ছাগলীক টকা খাবলৈ দিয়া অসমীয়াৰ পূৰ্বপূৰুষহে! জিন একেবোৰেইতো! প্ৰকৃত মূল্যতকৈ অন্ততঃ দুগুণ দাম দিছে বপুৰাই। প্ৰকৃত দাম ৬ টকাতকৈ বেছি হ’বই নোৱাৰে। তেনেহ’লে উত্তৰ ১৯৩২।

আনহাতে যদিহে আপুনি ক’ব খোজে যে নহয়,  বেপাৰীয়েহে মদ খাই আছিল। বাপুৱে মিঠা-মিঠা কথা কৈ আধা দামতেই উঠালে মাছ আৰু কাছ। সেই আনন্দতেই সি নাচিছিল। তেন্তে প্ৰকৃত দাম হ’ব ২৪ টকা। ক্ৰয়-বিক্ৰয়ৰ চনটো হ’ব ১৯৫০। যেনেতেনে স্বাধীন ভাৰতৰ ভিতৰত সোমাল।

আপোনাৰ মতে কোনটো চন হোৱা উচিত বাৰু?  মন্তব্যত জনাবচোন।

☆★☆★☆

 

6 Comments

  • Manash saikia

    সুন্দৰ৷

    Reply
  • ৰিণ্টু

    কি অংক অ’, বাপৰে বাপ।

    ভাস্কৰদা, খুব ভাল লাগিল। ইউনিক কণ্টেণ্ট

    Reply
  • ভাল লাগিল।

    Reply
  • Manisha Kakati
  • Anuradha Devi

    কম মগজু খটোৱা নাই দেই৷ ভাল লাগিল৷ নাৰ মাছটো দেখাত ভাঙোন মাছটোৰ দৰেই৷ ভাজি খাই ভাল লাগে৷

    Reply
  • বৰ্ণালী ফুকন

    হিচাব কৰি ভাগৰি গলো পাই

    Reply

Leave a Reply

Your email address will not be published.