ফটাঢোল

কেমেৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

– আহাচোন আইতাৰ লগত আটায়ে ফ’টো এখন উঠোঁ –

গাঁৱৰ ঘৰৰপৰা উভতি আহিবৰ পৰত সি কোৱাৰ লগে লগে খুৰীয়েক, বৰমাকহঁতে খৰ-ধৰ লগালে৷ সি দেখে –

আইতাজনীয়ে চোতালৰ সোঁমাজতে থকা চকীখনত বহি শেঁতা দুচকু যিমান পাৰি সিমান উজ্জ্বল কৰি এটা হাঁহি মুখত বিৰিঙাবলৈ চেষ্টা কৰে৷

খুৰীগৰাকীয়ে ৰাতিপুৱা ফোঁট লওতে নাকৰ ওপৰতে পৰি ৰোৱা সেন্দূৰ গুৰিখিনি কিহেৰে মচো ভাবি ভাবিয়েই চাদৰৰ আঁচলটোৰ ৰঙা ফুল থকা অংশটোৰে ‘এইখিনিত ৰঙা লাগিলেও গম নাপায়’ বুলি মচিবলৈ আৰম্ভ কৰে৷

বৰমাকে হাতৰ তলুৱাৰেই কপাল, মুখৰ ঘামখিনি মচি, পাকঘৰৰ ধোঁৱাই তেলেতীয়া কৰা দুচকু মোহাৰি দৌৰাদৌৰিকৈ আহে৷

সি ‘ৰেডী হা’ বুলি কৈ ক্লিক কৰিবলৈ লওতেই পেহীয়েকে দূৰৈত চোতাল সাৰি থকা বন কৰা জয়ন্তী বাইক ‘বাই এ, তুমিও আহা হে ফ’টো মাৰিব’ বুলি চিঞৰে৷

ক্লিক কৰা ফ’টোকেইখন চাই সি ‘বাহ: বঢ়িয়া’ কৈ আটাইলৈকে চালে৷

আইতাকে একো ধৰিব নোৱাৰি কষ্টেৰে হাঁহিটো তেতিয়াও মুখত ধৰি ৰাখিব চেষ্টা কৰি থাকে৷

খুৰীয়েকে নাকটো মোহাৰি আঙুলিত সেন্দূৰৰ ৰং লাগে নেকি তেতিয়াও আকৌ এবাৰ পৰীক্ষা কৰে৷

বৰমাকে ‘মই কিজানি জয়ন্তীক চাই থাকোঁতেই ফ’টো মাৰিলে’ বুলি খং কৰে৷

পেহীয়ে ‘মোৰ হাতদুখন কিবা বিহু নচা ভংগীত থাকিল যেন পাওঁ ও’ বুলি লাজ কৰে৷

জয়ন্তী বায়ে ‘মোৰ ছলিটো বাহিৰত খেলে আছে, আগতে গম পালি সিয়ো উইঠবা পাইল্লাক হৈ ফ’টো’ বুলি দুখ কৰে৷

তেতিয়াই সি ক্লিক কৰা ফ’টো কেইখন ম’বাইলত চাই চাই ভাবে, এওঁলোকক মোবাইলটোৰে যে মিনিটত খৰচ নোহোৱাকৈ হাজাৰখন ফ’টো তুলিব পাৰি, নকওঁ সেয়া৷ এই দুখ, লাজ, খং -এইবোৰেই হ’ল সৰলতা৷ জটিল আধুনিক জীৱনে আঁচুৰিব নোৱৰা অকৃত্ৰিম সৰলতা!

সি হিচাপ কৰে৷ কিমান বছৰৰ আগৰ কথা সেয়া? সাত-আঠবছৰ হ’ব চাগে৷ সেই সৰলতাবোৰ খুৰীয়েক, বৰমাকহঁতৰ মনত আছে নে নাই বা!

সি আৰু পিছুৱাই যায় অলপ, ক’লেজৰ সময়লৈ৷

কলেজৰপৰা পিকনিকলৈ ওলাল৷ কি খাম, কি নাখামৰ লগত আন এটা মুখ্য আকৰ্ষণ আছিল ‘কেমেৰা’৷

– কেমেৰা কাৰ আছে?

– মোৰ বৌৰ দাদাৰ খুলশালীজনৰ লগৰ এজনৰ এটা আছে কেমেৰা৷ আনিব পাৰিম

– ৰীল এটা হ’লে হ’ব নে?

– নাই নহ’ব৷ কমেও দুটা লাগিব৷ মাধুৰীহঁতৰ গ্ৰুপৰ পাঁচজনীক দুখনকৈতো ছিংগল উঠাবই লাগিব৷ যোৱাবাৰ বেয়াই পাইছে৷

তাৰ মনত পৰে মাধুৰীৰ ডিপাৰ্টমেণ্টৰ সেই অৰুণাচলী ছোৱালীজনীলৈ৷ আস: এসাগৰ সৰলতাই তাইৰ দুচকু ডুবাই ৰাখিছিল সদায়েই! কি নাম আছিল! ষ্টেলা, ষ্টেলিনা – না, নহয়৷ কিন্তু তেনেকুৱাই কিবা আছিল৷ মুখখন কেনেকুৱা আছিল, সম্পূৰ্ণকৈ মনত পেলাব নোৱাৰে সি৷ ইছ, ফ’টো এখন থকা হ’লে!

আগৰ সেই দিনবোৰ নাই৷

অকল দুচকুক বুকুত লৈ ফুৰাসকলে কাৰোবাক চাবলৈ মন কৰিলে অশান্তিত চটফটাব নালাগে৷ হাজাৰখন ফ’টোৱে ভিৰ কৰিব আঙুলিৰ টিপতে৷

এতিয়া ফ’টো এখন তুলিবলৈ বা উঠিবলৈ কেমেৰা বিচাৰি হাবাথুৰি খাব নালাগে৷ ৰীল শেষ হ’ব পাৰে বুলি ভয়ে ভয়ে হিচাপ কৰি ক্লিক নকৰিলেওঁ হয়৷ এতিয়া প্ৰায় সকলোৰে হাতে হাতে ডিজিকেম, ম’বাইল কেমেৰা৷ বাৰ্থ ডে’, বিয়া – তোলনী বিয়া, পিকনিক অথবা মৃতকৰ আদ্যশ্ৰাদ্ধই হওক, যেতিয়াই মন যায় ক্লিক কৰি গ’লে হ’ল৷ তাৰ পিছত ক্ষন্তেকতে সেই সুখ-দুখবোৰ দেশ-বিদেশৰ বন্ধু-বান্ধৱৰ লগত বিতৰণ কৰিবলৈ আমাৰ জুকাৰবাৰ্গ ডাঙৰীয়াৰ সৃষ্ট ফে’চবুক আছেই নহয়! ফ’টো উঠিবলৈ এতিয়া আৰু কাৰণ নালাগে, আনে মতামত দি নিজেই কাৰণবোৰ আপোনাৰ আগত ডাঙি ধৰিব৷

এনেই চেনি হাঁহি এটা মাৰিছে…ক্লিক…“হেপ্পী হেপ্পী! ৷”

প্ৰেয়সীৰ লগত কাজিয়া, মুখখনত চিআইডি ছিৰিয়েলৰ এচিপি প্ৰদুম্ন্যৰ দৰে বহু দিন ধৰি কোষ্ঠ্যকাঠিন্যত ভুগি থকা টাইপ এক্সপ্ৰেছন এটা আনি চকুলো নিগৰাইছে…ক্লিক…- “ছ’ চেড!”

মস্ত তন্দুৰী চিকেন এটাৰ আধা খাই পেটটো গেৰেলা কৰি বহি আছে…ক্লিক…..“য়াম্মি য়াম্মি!”

নাখাই শুকাইছে বা খাবলৈ নাপাই শুকাইছে…ক্লিক…“শ্লিম, ট্ৰিম…ডায়েটিং?”

মুঠতে চাৰিওফালে ক্লিক আৰু ক্লিক, লগতে সেই ফ’টো দৰ্শন কৰি অভিজ্ঞসকলৰ এক্সপাৰ্ট ক’মেণ্ট!

কেতিয়াবা সি ভাবে এই ফে’চবুক যদি পোন্ধৰ বছৰমান আগতে ডিজিকেম বা ম’বাইল কেমেৰা সুলভ নৌহওঁতে জনপ্ৰিয় হ’লহেঁতেন, ফে’চবুকৰ ৱাল, পৃষ্ঠা চাগে উকা উকা লাগিলহেঁতেন৷ ফ’টো এলবাম এটা ‘বনাবলৈ’ কম কষ্ট হ’লহেঁতেনে নে! আৰু প্ৰ’ফাইল ফ’টো এখন সলনি কৰিবলৈ কম চিন্তা কৰিব লাগিলহেঁতেন নে? নিজৰ কেমেৰাৰে ফ’টো এখন উঠিলে বিভিন্ন প’জ দি প্ৰ’ফাইল ফ’টো কৰোঁ বুলি, এতিয়া ৰখি থাকক আৰু গোটেই ৰীলটো শেষ হোৱালৈ৷ তাৰ পিছত ৰীলটো ধুৱা(ডেভেলপ কৰা), ফ’টো স্কেন কৰা, স্কেন কৰা ফ’টো আপলোড কৰা..উস: কিমান যে দীঘলীয়া প্ৰ’চেছ! ষ্টুডিঅ’বোৰে “প্ৰ’ফাইল ফ’টো” বুলি বিভিন্ন অ’ফাৰেৰে এটা নতুন পেকেজ আগবঢ়ালেহেঁতেন গ্ৰাহকলৈ৷ ফ’টো উঠোওৱাৰ পৰা আৰম্ভ কৰি আপলোড কৰালৈকে সকলো ষ্টুডিঅ’তে কৰাৰ সুবিধা থাকিব৷ ফে’চবুকৰ প্ৰফাইল পিকচাৰ ভাই, নৰ্মেল ফ’টো নহয়৷ গতিকে ষ্টুডিঅ’বোৰে চান্স বুজি গোটেই পেকেজটোৰ দাম কমেও ডেৰশ/দুশতো কৰিলেইহেঁতেন৷

প্ৰায় প্ৰতিদিনেই হ’ব ষ্টুডিঅ’ৰ সন্মুখত স্কুল-কলেজৰ ল’ৰা-ছোৱালী, যুৱক-যুৱতীৰ ভিৰ! গুৱাহাটীত থাকি পঢ়া-শুনা কৰা ছোৱালীজনীলৈ মাকে চিঠি লিখিব, ‘আইজনী অ’, এইবাৰ দেউতাৰাই দৰমহা পোৱা নাই৷ পইচা অলপ কমকৈ পঠাইছোঁ৷ তই এইবাৰ এখনতকৈ বেছি প্ৰ’ফাইল ফ’টো নুঠিবি দেই৷ ৰত্নে ঠিকাদাৰৰ জীয়েকে কৈছে তই হেনো যোৱামাহত পাঁচবাৰ ফ’টো সলনি কৰিছিলি৷ ..এনেকুৱা নকৰিবি অ’৷” ছোৱালীয়ে উত্তৰ দিব, ’লাগিলে দুপৰীয়াৰ সাঁজ নাখাওঁৱেই..মাহত এবাৰ-দুবাৰ নতুন প্ৰ’ফাইল পিক্ চেঞ্জ নকৰিলে লগৰবোৰে চিকটা বুলি হাঁহে…মইহে জানো কিমান লাজ পাওঁ৷” বিয়া ঠিক হোৱাৰ পিছত কইনাৰ মাকক ওচৰ-চুবুৰীয়াই ক’ব -“অ’ ৰুমাৰ মাক, শুনিছো হ’ব লগা জোঁৱাই বোলে বেচ পঢ়া-শুনা কৰা! অৱস্থাও হেনো খুব ভাল…ফে’চবুকৰ প্ৰ’ফাইল ফ’টোৰ এলবামটোত অকল নিজৰেই বোলে এশখন মান ফ’টো আছে!”

যিসকলে আকৌ পোক-পৰুৱা, চৰাই-চিৰিকতি, মহ-মাখিৰ ফ’টো তুলি এলবাম সাজি আপলোড কৰে, সেইসকলক সকলোৱে সমীহ কৰিলেহেঁতেন আৰু পেটে পেটে অলপ হিংসা -“ইস, এওঁলোকক নোচোৱা কিয়! আমি এখন ফ’টো আপলোড কৰিবলৈ মৰিছোঁ, এওঁলোকে শই শই মহ-মাখিৰ ফ’টো তুলি আপলোড কৰে হে৷ দুজনমানৰতো প্ৰ’ফাইল ফ’টোও চৰাই-পৰুৱাৰ৷ কিছু খৰচ কৰিব পাৰে দেই ভাই!”

আগতে বিয়াৰ দিনা কান্ধত কেমেৰাৰ বেগটো ওলোমাই ফ’টোগ্ৰাফাৰজন আছিল আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু৷ তেওঁক দেখিলেই কাপোৰ-চুলি ঠিক কৰি কেনেকৈ নিজকে ধুনীয়াকৈ প্ৰদৰ্শন কৰি ফ’টোত ওলাব পাৰি তাৰ প্ৰচেষ্টা আৰম্ভ হৈ যায়৷ ফ’টোগ্ৰাফাৰে ফ’টো উঠোৱাৰ প’জ ল’লে খোৱা-লোৱা কামটোও সাময়িকভাবে স্থগিত ৰাখি মুখত এটি মিচিকিয়া হাঁহি অনাৰ চেষ্টা কৰে, নহ’লে পিছত মেল খাই থকা মুখখন দেখিলে কম বেয়া লাগিবনে? এতিয়া সেইবোৰ চিন্তা নাই৷ ক্লিক কৰাৰ পিছতে চাই লওক ফ’টোখন৷ মুখ মেল খাইছে, চকু এটা জাপ খাইছে বা হাঁহি মাৰোতে দাঁতৰ ফাঁকত ডাইলৰ বুটৰ টুকুৰা এটা স্পষ্টকৈ দেখা গৈছে – কোনো কথা নাই, লগে লগে ডিলিট কৰিলে হ’ল৷ আগতে বিয়াৰ পিছত বিয়াৰ ফ’টোবোৰ চোৱাটোও আন এটা উৎসৱ যেন আছিল, কম উৎকণ্ঠা আছিল নে! এতিয়া সেই দিন নাই৷ হোমত জুই লগাৰ পিছত কইনাৰ ভায়েকে আখৈ তুলিব নৌপাওঁতেই বিয়াৰ ফ’টো ফে’চবুকত আপলোড হৈ যায়৷

ফাঁচীবজাৰৰ ষ্টুডিঅ’ এটাৰপৰা ওলাই খোজ কাঢ়ি আহি থাকোঁতে কথাবোৰে মনত ভিৰ কৰিলেহি তাৰ৷ তাৰ মনত আছে, এই ষ্টুডিঅ’টোতে এদিন ক’লেজত পঢ়ি থাকোঁতে ফ’টোৰ ৰীল এটা ধুবলৈ দিছিল৷ সিদিনা মালিকজনে গ্ৰাহকৰ ভিৰ দেখুৱাই এসপ্তাহৰ আগত দিব নোৱাৰে বুলি চিঞৰিছিল৷ আজি খালী ষ্টুডিঅ’টো৷ পাছপ’ৰ্ট উঠিবলৈ দুই-এজন ৰৈ আছে৷ সময়!

“..আংকল, আংকল”

কাৰোবাৰ মাতত মূৰ তুলি চালে সি৷ সৰু ল’ৰা এটা৷ ছয়-সাত বছৰ মান বয়সৰ৷ তাৰ চকুলৈ চাই সি শিহৰিত হ’ল৷ একেই চকু৷ সেই পঁচিশবছৰ আগতে ক’লেজত এৰি অহা অৰুণাচলী ষ্টেলাৰ দৰে৷

“আংকল ওৱান ফ’টো প্লিজ…” – সি তাৰ মাকৰ ম’বাইলটো আগবঢ়াই দিলে৷ সি কঁপা কঁপা উঠা হাতদুখনেৰে ম’বাইলটো তুলি ল’লে৷ সি ইংৰাজীতে বুজাই গৈছিল যে পিছফালে থকা গিৰ্জাঘৰটোৰো কিছু অংশ যাতে ফ’টোত উঠে৷ মনত পৰিছিল ষ্টেলাও খ্ৰীষ্টিয়ান আছিল৷

লাহে লাহে সি কেমেৰা ষ্ক্ৰীণখন ‘ঝুম’ কৰি আনিলে…………..!

☆ ★ ☆ ★ ☆

21 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলোঁ৷ কেমেৰাত ৰীল ভৰোৱা স্মৃতি সজীৱ হ’ল৷ ভাল লাগিল৷

    Reply
  • HEMANTA KAKATI

    সঁচাকে কেমেৰাৰ ৰীলত কিমান টকা পানী কৰিলো হিচাব নাই৷
    ভাল লাগিল দিগন্ত

    Reply
  • কেমেৰা পঢ়ি ভাল লাগিল দাদা৷

    Reply
  • ৰূপাঙ্কৰ চৌধুৰী

    অন্য এক অনবদ্য সৃষ্টি দিগন্ত দা!

    Reply
  • ভাল লাগিল দাদা।

    Reply
  • ৰিণ্টু

    কেমেৰা আৰু ৰীল আমাৰ বাবে এক মিঠা নষ্টালজিয়া এতিয়া। ভাল লাগিল দিগন্ত

    Reply
  • সুকুমাৰ গোস্বামী

    বৰ পুৰণি কথা মনত পেলাই দিলে । একেদিনাই ফটো ধুই দিয়া জূম,ফটোভিজুৱেল ইত্যাদিৰ ৰিচিপচনিষ্ট কেইজনীৰ কেনেকুৱা অভিব্যক্তি আছিল ,বাপৰে বাপ ।

    Reply
  • Nabajit Baishya

    সুন্দৰ গল্প৷ ‘ডিটেইলচ্‌’ সাংঘাতিক৷

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • deepjyoti handique

    বৰ ধুনীয়া লিখনি । অতিতলৈ ঘূৰি গলো ।বহু কথা মনলৈ আহিল । বৰ সুখৰ সময় আছিল সেইবোৰ ।

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    Click lll black&white কেমেৰাৰ পৰা Dslr লৈ বহুত ফটো তুলিলো সৰুৰে পৰা , সেই দিনবোৰ মনত পৰি গল পঢ়ি। বঢ়িয়া লাগিল।

    Reply
  • Mridula

    বৰ ভাল লাগিল

    Reply
  • Anonymous

    একে উশাহতে পঢ়ি শেষ কৰিলোঁ। বহুত ভাল লাগিল দাদা

    Reply
  • সমুজ্জ্বল কাশ্যপ

    চুপাৰ ক্লিক 👌

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    ভাল লাগিল।

    Reply
  • Dwijen Tamuli

    সাৱলীল বৰ্ণনা

    Reply
  • Utpala Bhuyan

    পুৰণা ফটো এলবাম কেইটা আকৌ এবাৰ খুলি চাব মন গৈছে, আপোনাৰ লিখনি পঢ়ি।স্মৃতিৰে সজীৱ হৈ আছে। পঢ়ি ভাল পালো।

    Reply
  • কিছু সময়ৰ বাবে নষ্টালজিক হৈ পৰিলোঁ ৷শব্দৰে তুমি সদায়েই অন্য এখন পৃথিৱী সৃষ্টি কৰিব পাৰা দিগন্ত ৷

    Reply
  • পাৰ্থপ্ৰতিম

    য়াচিকা এম এফ টু সেই সময়ৰ আটাইতকৈ ইৰ্ষনীয় সম্পত্তি আছিল৷ ভাল লাগিল

    Reply
  • Jayashree Sharma

    👌👌👌👌

    Reply
  • কাবেৰী মহন্ত

    তোমাৰ লেখাত কমেণ্ট কৰিবলৈ শব্দৰ অভাৱ হয়৷
    শেষ কেতিয়া হয় গমেই নাপাঁও

    Reply

Leave a Reply

Your email address will not be published.