ফটাঢোল

কৌতুক-ডাঃ পার্থসাৰথি ভূঞা

(১)

অসমৰ এজন বয়সস্থ মানুহ কিবা এটা কামত গেংটকলৈ গৈছিল। আহিবৰ দিনা তেওঁ থকা হোটেলখনৰ ৰূমতে তেওঁৰ ছাতিটো এৰি আহিল। বাছ আস্থানত কথাটো মনত পৰি তেওঁ লৰালৰিকৈ হোটেলখনলৈ ঘূৰি গৈ ৰূমটোত সোমাবলৈ খোজোঁতেই ভিতৰত কাৰোবাৰ কথোপকথন শুনিলে। আচলতে নতুনকৈ বিয়া হৈ হনিমুনলৈ যোৱা নিলাক্ষী আৰু মৃণালে ইতিমধ্যে সেই ৰূমটো লৈছিল। তেওঁ শুনিলে মৃণালে নীলাক্ষীক কৈছে,

: এই ধুনীয়া চকুযুৰি কাৰ?

নীলাক্ষীয়ে উত্তৰ দিলে,

: তোমাৰ তোমাৰ

: এই ধুনীয়া চুলিখিনি কাৰ ?

: তোমাৰ তোমাৰ

: এই ধুনীয়া মুখখন কাৰ?

: তোমাৰ মৃণাল, সকলো কেৱল তোমাৰ!

মানুহজনৰ আৰু সহ্য নহ’ল, বাহিৰৰ পৰাই চিঞৰি ক’লে, 

“সকলো তেওঁৰ হ’লেও ৰূমটোত থকা ছাতিটো কিন্তু মোৰহে দেই !”

(২)

 

হেমন্ত দাক মন মাৰি থকা দেখি সঞ্জীবে সুধিলে,

: কি হ’ল দাদা, মনটো মাৰি থকা যেন লাগিছে?

: নক’বা হে , কালি মানুহজনীৰ লগত বৰ ডাঙৰ কাজিয়া লাগিল!

: অহ্, হয় নেকি, ঠিক হ’ল নে নাই পিচে এতিয়ালৈ ?

: হ’ল, কালি ৰাতিয়েই ঠিক হ’ল, তেওঁ আঁঠু ল’লে আৰু তাৰ পিছতেই ঠিক হ’ল!

: বৌয়ে আঁঠু ল’লে? কি ক’লে আঁঠু লৈ?

: কি ক’ব আৰু! আঁঠু লৈ মোৰ ফালে চাই ক’লে  যে হ’ব দিয়া  আৰু ওলাই আহা এতিয়া বিছনাৰ তলৰ পৰা, বেলনা মাৰিডাল থৈ আহিলোঁ!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.