ফটাঢোল

ক্ৰীড়াসন – বিশ্বজ্যোতি দেৱ মহন্ত

— ইচ ৰাম! তুমি ইমান সময়ে ইয়াতে সোমাই আছা, ইপিনে মই চাহকাপ দি ৰৈ আছোঁ..

:– …..

:– কি হ’ল আজি? আনদিনা দেখোন পাঁচ মিনিট পলম হ’লেই মুখখন টেমীটো যেন হয়..

:– ….

:– চাহকাপ দেখোন ঠাণ্ডাই হ’ল। খোৱাই নাই। গৰম কৰি আনি দিওঁ নেকি?

:– নালাগে দিয়া। আজি এনেকৈয়ে হৈ যাব।

:– উৱা.. মাতষাৰ দিলা যে!

:– নহয় হে। মই অলপ বিজি হৈ আছোঁ।

:– তুমি দেখোন বহিহে আছা। কিহত নো বিজি?

:– নহয়, মানে মই আসন কৰি আছোঁ।

:– আসন? চোফাত থমথমকে বহি থকাতোকো আসন বোলে নেকি?

:– আসন সদায় দৌৰি দৌৰি মুকলি ঠাইত কৰিব লাগিব বুলি কিবা হাৰ্ড এণ্ড ফাষ্ট ৰুল আছে নেকি?

:– তেনেকুৱা ৰুল আছে বুলিনো কোনে ক’লে? পিছে কলেজৰ পৰা আহিয়েই হাত-ভৰি নোধোৱাকৈ কোনেও আসন নকৰে দিয়া, সেই কথাটোও জানো।

:– ধুই ল’ম নহয়। প্ৰতিটো কামৰে একোটা সময় থাকে। যেনে ধৰা তুমি কেই বজাত শুই উঠিবা, টিফিন বনাবা, মই ক্লাছলৈ যাম, তুমি চিৰিয়েল চাবা… সকলোৰে

:– হ’ব হ’ব। লেকচাৰ মাৰি থাকিব নালাগে।

:– মইতো মনে মনেই থাকিব বিচাৰোঁ। তুমিহে কথা বঢ়াই আছা।

:– তুমি চোফাত বহিলৈ খেলহে চাই আছা। কিনো এনে ডাঙৰ কামডাল কৰি আছা?

:– এইবোৰ তুমি নুবুজিবা। এইটোও এটা আসন।

:– আসন?

:– অঁতো আকৌ। এই যে ছঘন্টা, সাতঘন্টা টি. ভি.ৰ ওচৰৰ পৰা আঁ‌তৰি নগৈ অপলকে চাই থাকিব পাৰি, এইটো কি সাধনা নহ’লে সম্ভৱ হ’ব? তুমি পাৰা জানো?

:– তাকেইতো ময়ো ভাবিছোঁ। আনদিনা দেখোন তুমি একে ঠাইতে এঘন্টা বহি থাকিলেই কঁকালৰ বিষ উঠে। পিছে ইণ্ডিয়াৰ খেলৰ দিনা কেনেকৈ পাৰা?

:– এয়াই আসন বুজিছা।

:– এইটো কি আসন?

:– শুনিবাতো?

:– কোৱাচোন। সজাই পৰাই মিছাকে নক’বা কিন্তু।

:– এই আসনটোক ‘ক্ৰীড়াসন’ বুলি কয়?

:– কি ক’লা? ‘পীড়াসন’? পীড়া মানে বিষ, যাতনা নহয় জানো?

:– ‘পীড়াসন’ নহয় হে। ‘ক্ৰীড়াসন’। মানে খেল চোৱাৰ আসন।

:– এইটো নাম দেখোন মই কেতিয়াও শুনাই নাই।

:– কেনেকৈ শুনিবা? তুমি আকৌ অনুলোম বিলোম, কপাল ভাত্তি এইবোৰহে কৰা।

:– কিয় নকৰিম? এইবোৰ বাবা ৰামদেৱে উলিয়াইছে। সেইবুলিয়েই তুমি কিবা এটা শব্দৰ পিছত ‘আসন’ লগাই দিলেই মই মানিম নেকি?

:– কি ক’লা? বাবাই উলিয়াইছে!

:– অঁতো, সকলোৱে কয়।

:– এই আসনবোৰ আগৰে পৰাই আছিল।

:– আৰু তোমাৰ এই ‘ক্ৰীড়াসন’টো? সেইটোৱো আগৰ মানুহবোৰে কৰিছিল নেকি?

:– নাজানো, পিছে এই আসনটো সকলোৱে কৰিব নোৱাৰে বুজিছা। ইয়াৰ বাবে দেদিকেশন লাগিব, ফ’কাছ লাগিব, মেডিটেশন লাগিব। বহাৰো নিয়ম আছে। ৰাজহাড় পোনকৈ বহিব লাগিব।

:– হ’ব দিয়া। তুমি কৈ গৈছা আৰু মই শুনি গৈছোঁ।

:– বিশ্বাস হোৱা নাই?

:– কিয় বিশ্বাস কৰিম? তোমাৰ কিবা এস্কপাৰ্টাইজ আছে জানো? তুমিও কিবা ‘বাবা’ৰ দৰে আৱিষ্কাৰ কৰিছা নেকি ‘আসন’ নামটো দিবলৈ? মই ইমানো বুৰ্বক নহয় দিয়া।

:– তোমাক কিয় বুৰ্বক বুলি ভাবিম? পিছে মই কওঁতে এনেকৈ জাঙুৰ খাই উঠিছা কে’লৈ? মাৰ্কেটত তুমি-মই কি বিচাৰোঁ? ব্ৰেণ্ড নহয় জানো? আমি জানো ল’ৰা ছোৱালীক এডমিছন দিওতে স্কুলৰ ব্ৰেণ্ড নেম চাই নিদিও? লাগিলে আগনিশাৰ পৰাই লাইন লগাম। তুমি দেখোন মিঠাতেল, নিমখৰ পৰা চাহপাতলৈকে সকলো পাৰ্টিকুলাৰ ব্ৰেণ্ডৰে কিনা। আনবোৰৰ সৈতে কিবা তফাৎ ধৰিব পাৰা জানো? মোবাইল, টি ভি, ৰেফ্ৰিজাৰেটৰ সকলো, … নহয়নে? আমি কি চাও? এটা কোম্পানীৰ নাম আৰু তাৰ ওপৰত থকা বিশ্বাস। আজিকালি আচল কথা পেকেজিং আৰু ব্ৰেণ্ড নেম, বুজিছা। লাগিলে ভিতৰখন যিমানেই ফোপোলা নহওক কিয়। আৰু, ময়ো যদি বহি খেল চাই আছোঁ বুলি তোমাক কওঁ তুমি কাম এটা উলিয়াই নিদিবা জানো? কিন্তু যদি ‘ক্ৰীড়াসন’ কৰি আছোঁ বুলি কওঁ… ক’বলৈয়ো ভাল,– নামটো শুনিবলৈয়ো ভাল,– মানে,–একেবাৰে ন্যু ট্ৰেণ্ডৰ সৈতে খাপ খাই যোৱা…

:– থোৱা তোমাৰ লেকচাৰ। মই সুধিলোঁ‌ ৰামচন্দ্ৰৰ কথা, এওঁ‌ ক’লেগৈ যুধিষ্ঠিৰৰ।

:– আৰু একাপ চাহ ভালকৈ বনাই আনিবা নেকি? এইবাৰ তপতে তপতে খাম।

☆★☆★☆

One comment

  • বঢ়িয়া। এইটো আসন কেৱল পুৰুষসকলেহে কৰিব পাৰেনে– মহিলায়ো পাৰে—? হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published.