ফটাঢোল

খতিয়ান – জ্যোতিৰূপম দত্ত

: হেৰা! শুনাচোন!

সেলেঙি লগাই তামোলখন পাগুলি থাকোতেই পিছৰ পৰা চিনাকি মাত এটা শুনিলো৷

ৰত্ন খুড়া!

হে প্ৰভু! আজি কাৰ মুখ চাই বাহিৰ ওলাইছিলো বাৰু? তথাপিও উপাই নাই, মাতষাৰ দিবই লাগিব৷

: অ’ অ’, খুড়াদেউ! ক’ৰ পৰা? বজাৰ কৰিলে নেকি?

ৰত্ন খুড়াৰ হাতত প্ৰকাণ্ড বেগ এটা৷

: এইটো ধৰাচোন৷ মোক আজি ঘৰলৈ অলপ আগবঢ়াই দিব লাগিব৷ সিদিনালৈ মোৰ চাইকেলৰ কেৰিয়াৰত উঠি ফুৰা পেন্দুকণাটো আজি এশ চাব্বিছজনীয়া সভাখনৰ বিয়াগোম সদস্য হ’লগৈ৷ এয়াও মোৰ বাবে কম আনন্দৰ কথা নহয়৷

খুড়াই মৰাপাটৰ বজাৰ কৰা বেগটো মোৰ হাতত তুলি দিবই খুজিছিল৷ এনেতে কাষতে ৰৈ থকা মোৰ ‘ধেমাধৰা’ এটাই মোৰ ইংগিত পাই আথেবেথে মোনাখন মোৰ গাড়ীতেই তুলি দিলে৷ মোৰ লগত আজিকালি অনবৰতে দুটামান থাকেই৷ দুই এটা কামৰ আশা দি ঘৰুৱা কামৰ পৰা ব্যক্তিগত কামলৈকে সকলোখিনিয়েই ইহঁতৰ হতুৱাই কৰোৱাও৷ কেতিয়াবা সিহঁতেও উচ্ছিষ্টৰ ভাগ পায়৷ মোৰ আশে-পাশে থকা চৰকাৰী মানুহকেইটাৰ বাহিৰেও দুই এটাই এনেকৈয়ে পৰি থাকে৷ কেতিয়াবা ইহঁতেই মোৰ হৈ অলপ ঘটংমটং থকা কামবোৰো নিয়াৰিকৈ সমাধা কৰে৷

: বলক খুড়া৷ এইকেইদিন অৱশ্যে অলপ ব্যস্ত আছো৷ চেণ্টাৰৰ তিনিবছৰীয়া আৰু আমাৰ এবছৰীয়া খতিয়ানবোৰ দি থাকিব লগা হৈছে৷ পিছে একো কথা নাই৷ আপোনাক ঘৰতেই নমাই দিম৷

ৰত্ন খুড়াই আৰামত গাড়ীত বহি ল’লে৷ মই মনতে ভাবিলো যে খুড়াই এইখিনি ঠাই মনে মনে যোৱা ভকত নহয়৷ কিবা এসোপা বাৰেবিংকৰা গাই যাবই৷ কাজেই মই গাড়ীখন নিজেই চলাম বুলি কৈ ড্ৰাইভাৰকে ধৰি আনসকলক পিছৰ গাড়ীখনলৈ যাবলৈ ক’লো৷
গাড়ীত বহিয়েই ৰত্ন খুড়াই বকলা মেলিলে৷

: হেৰা! তিনিবছৰীয়াই হওক বা এবছৰীয়াই হওক, বেচ কিছু ভাল কাম হৈছে দেই! কেন্দ্ৰীয়ভাৱে কৰা কামৰ ভিতৰত সকলোৰে বাবে জন-ধন বেংক একাউণ্ট, কন্যা-সন্তানৰ বাবে শিক্ষা-দীক্ষাৰ বিশেষ আচনি, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, আন্তঃগাথনি উন্নয়ন, উন্নত বৈদেশিক সম্পৰ্ক আদিৰ দৰে বহু ভাল হৈছে৷ আমাৰ এই মুলুকতো এই এবছৰতে বহু কাম হোৱাও দেখা পাইছো৷ দুৰ্নীতি নিৰ্মুলকৰণ অভিযানকে ধৰি কিছুমান চকুতলগা কাম আমি নেদেখা নহয় অৱশ্যে৷ কিছুমান ক্ষেত্ৰত আগতকৈ কিছু ভাল কাম হৈছে৷ নে কি কোৱা?

ইতিমধ্যে পাগুলি থকা তামোলখনৰ পাগটো উঠি আহিছিল৷ চলি থকা গাড়ীখনৰ আইনাখন অলপ নমাই পিৰিককৈ এসোপা পিক পেলাই ল’লো৷ এনেতে খুড়াই আকৌ মাত দিলে –

: ৰ’বা পাহৰিছিলোৱেই৷ স্বচ্ছ ভাৰত অভিযান৷ বুইছা, এইখন বৰ ভাল আচনি!

চোক থকা বুঢ়া তামোল খাই সেলেঙি লগা মুখখন হাতৰ পিৰঠিৰে মোহাৰি ক’লো-

: অ’ অ’৷ খুড়া, বৰ ভাল আচনি৷ এইখন আচনিৰে এসময়ত বহু এক্সপ’জাৰ পাইছিলো৷ ময়ো ‘স্বচ্ছ অভিযান’ৰ প্ৰমাণ হিচাপে হাতত ঝাড়ু লৈ বহুকেইখন ‘চেলফি’ তুলি লৈ ভালকৈ থৈ দিছো৷ বজাৰৰ মাজত এবাৰ, তিনিআলিত এবাৰ আৰু স্কুলৰ খেলপথাৰখনত এবাৰ ‘স্বচ্ছ অভিযান’ কৰিছিলো৷ টিভি-পেপাৰ সকলো মিডিয়াকে মাতি চাহ মিঠাই খুৱাই প্ৰায় আধাঘণ্টামান ঝাড়ু মৰা ‘এক্টিং’ কৰিছিলো৷ তাৰ পিছত সময়েই পোৱা নাই৷

: পিছে এতিয়া বজাৰখনৰ মাজত সোমাবই নোৱাৰি, গেলা-পঁচা বস্তুৰ দম, তিনিআলিৰ জাবৰৰ দমটো এসপ্তাহলৈ পাহাৰ যেন হৈ থাকে৷ খেলপথাৰখনত খেলা-ধুলাতকৈ মীনা-বজাৰ, থিয়েটাৰ, চ’ত মহীয়া বিহু, জেঠ মহীয়া বিহুৰ পৰা মেল-মিটিংহে বেছিকৈ হোৱা দেখো৷ সবাহবোৰ ভঙাৰ পাছতেই খেলপথাৰখন প্লাষ্টিকৰ বটল, পলিথিন, পেলনীয়া খোৱা-বস্তু, কাঠ-বাহ, গজাল, টিনপাত আৰু য’তমান লাংখা-লিংখি বস্তুৰে একেবাৰে গেৰেকণিহেন হৈ থাকে৷

ৰত্ন খুড়াই একে উশাহতে কথাকেইষাৰ কৈ সামৰিলে৷ ময়ো অ’ বুলি শলাগি থলো৷ কেইমুহূৰ্তমান মনে মনে থকাৰ পাছতে খুড়াই কিবা এটা মনত পৰাৰ দৰে আকৌ সুধিলে –

: এই যে খতিয়ান দিবলৈ বুলি ইমানদিনে ইমানগাল যো-জা চলাইছা, তোমাৰ এবছৰীয়া খতিয়ানৰ কথাকেই অলপ কোৱাচোন?
এইপাট অস্ত্ৰ মোলৈ আহিব বুলি মনে মনে ভাবিয়েই আছিলো৷ উপায় নাই, গল হেকাৰি এটা মাৰি লাহে লাহে কৈ গ’লো –

: খুড়া, আপুনি জানেই দেখোন৷ এই এবছৰ কেনেকৈ গ’ল গমেই নাপালো৷ ঢৌতে খৰ মাৰি কেনেবাকৈ বৈতৰণী পাৰ হ’লো৷ আমাৰ হোজা মানুহবোৰে পুৰণি কথাবোৰত সিমান ধৰি নাথাকে৷ দল-বাগৰা, ৰাজহুৱা পইছা-পাতি ইফাল-সিফাল কৰা এইবোৰ কথালৈ বেছি মুৰ নঘমাই ৰাইজে নখ জোকাৰি ফলাফল মোৰ ফলীয়া কৰি পেলালে৷ সাঁচতীয়া দুই এক ট্ৰাংক মানে হেৰি কি বোলেনে দুই-এপইচা খৰচ কৰিবলগীয়া হ’ল অৱশ্যে৷ আন কেইজনমানৰ দৰে ময়ো কৃতজ্ঞতাৰ চিনস্বৰূপে পথাৰ এখনত সৰু-সুৰাকৈ ৰভা এখন দি দুই-এজনক সামান্য ভোজ-ভাত এটাও খুৱাই দিলো৷

: সৰু সুৰা ৰভা? পিছে চল্লিছ-পঞ্চাশ কুইণ্টলকৈ মাছ-মাংস দুই এজনেহে খালে নেকি?

: হেঃ হেঃ৷ খুড়া আপুনি সকলো জানেই৷ তাৰ পাছত দুমাহমানলৈ চুবুৰীয়ে চুবুৰীয়ে পতা সম্বৰ্ধনা সভাবোৰত ডিঙিত মাদ্ৰাজী গামোছা ওলোমাই, মোৰাদাবাদী শৰাই হাতত লৈ একেবোৰ আশ্বাসকে চৰ্বিত-চৰ্বণ কৰি গাই ফুৰিলো৷ কেইদিনমান সাজি-কাচি টিভি-কেমেৰাক আগতীয়াকৈ খবৰ দি কেইটামান কাৰ্য্যালয়ত ‘ছাডেন ভিজিটো’ দিলো নহয়৷ ইয়াৰ মাজতেই গুৱাহাটীৰ মাজমজিয়াত বিনামুলীয়া আবাসো পালো৷ তাৰ পাছত দিন বাৰ চাই পূজা-পাতল, যাগ-যজ্ঞ কৰি আমাৰ বহুতৰে ব্যক্তিগত আবাসসমূহৰ উপৰিও কাৰ্য্যালয়সমূহো শুদ্ধি কৰি প্ৰবেশ কৰিলো৷

: হেৰা নিজৰ ব্যক্তিগত আবাসবোৰত পূজা-পাতল, যাগ-যজ্ঞ যি কৰা কৰি থাকা, কবলৈ একো নাই৷ চৰকাৰী কাৰ্য্যালয়বোৰত আকৌ এইবোৰ কেলেই?

: হেঃ হেঃ! আপুনি জানেই দেখোন, দলং মুকলি কৰোতেও পুহ-মাঘ, চ’ত-বহাগ, একাদশী অমাৱস্যা চাব লগা হৈছে৷ বৈজ্ঞানিক যন্ত্ৰ-পাতিৰে সমৃদ্ধ হবলগীয়া আধুনিক চিকিৎসা মহাবিদ্যালয়ৰ আৰম্ভণিৰ বাবে পূজা-সেৱা কৰা হয়৷ আনকি বৰমূৰীয়াসকলে হেলিকপ্টাৰেৰে পূজা খাবলৈ যোৱা কথাও আপুনি জানে দেখোন!

: বুজিলো৷ কিছুমান কথা নোকোৱাই ভাল৷ পিছে এনেকৈয়ে কিমান দিন থাকিবা?

: দিছপুৰত থিতাপি লৈয়েই কিছুদিন মন্ত্ৰিত্বৰ বাবে খেপ দি থাকোতেই গ’ল৷ পিছে আমি সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতিৰ দৰেই যোৱা এবছৰে আমাকো ফুচুলাই মেলি ৰাখি থৈছে৷ এতিয়াও অৱশ্যে আশা এৰি দিয়া নাই৷ কেইজনমানে মাজতে ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰৰ দৰে নিগম-নিকায় কেইটামানতো থিতাপি ল’লে৷

: পিছে যোৱা বছৰটোত কাম কাজ কি কৰিলা? – ৰত্ন খুড়াই আকৌ এবাৰ পেচ মাৰি ধৰিলে৷

: মানে, কাম কাজৰ ভু-ভা তেনেকৈ নাপাও নহয়৷ আজিকালি সকলোতে কিবা টেকন’লজীৰ কাৰবাৰ৷ হওতে মোৰ ফেচবুক, টুইটাৰ, ৱেবছাইট সকলো আছে৷ পিছে এইবোৰ আনেহে চলায়৷ মই অকণো ভুকে নাপাও৷ আগৰ চান্দা তোলা সময়ৰ দৰে এতিয়া দম-চম দিবলৈকো টান পোৱা হ’লো৷ দুটামান ঠিকাদাৰ, চিনাকি আমোলাৰ সহায়ত দুই এটা সৰু সুৰা কাম কৰি আছো৷ আচলতে চৰকাৰী বা বিভাগীয় আলোচনাবোৰ প্ৰকাণ্ড বাতানুকুল সভাগৃহত অনুষ্ঠিত হয়৷ ফিৰফিৰীয়া ঠাণ্ডা বতাহ বলি থকা কোঠাৰ আৰামীচকীত অলপ পৰ বহিলেই মোৰ টোপনি ধৰে৷ মাজতে বিধানসভা চলি থাকোতে মোৰ সৈতে আন বহুকেইজনে একেলগে নাক ঘোৰঘোৰাই টোপনিওৱা দৃশ্যই টিভিৰ পৰ্দা ৰজনজনাই গৈছিল বুলিও আপুনি জানেই৷ পিছে এনেবোৰ বিভাগীয় মিটিংবোৰ পঞ্চতাৰকা হোটেলত হ’লে বৰ ভাল পাওঁ৷ কি যে ইলাহী খানা! মিটিংখন কোনোমতে কলমটিয়াই পাৰ কৰি ধুনীয়াকৈ চৰকাৰী খৰচেৰে এপেটকৈ মাৰি দিব পৰা হয়৷ অৱশ্যে অকল আমিয়েই ইলাহী খানা খাওঁ যে সেয়া নহয়, চৰকাৰী খৰচত বহুতকে খুৱাইছো৷ , সাংবাদিক, প্ৰফেচাৰ, সাহিত্যিক কাকো নিৰাশ কৰা নাই৷

: তথাপিও পৰিকল্পনাবোৰৰ কিবা আওভাও লৈছানে? কৃষি, স্বাস্থ্য, চিকিৎসা, শিক্ষা, যোগাযোগ, পৰিবহণ আদি বহু ক্ষেত্ৰত বহু কাম কৰিবলগীয়া হৈ আছে৷

: কিনো কম খুড়া৷ আপোনাক লুকুৱাই লাভ নাই৷ কামৰ ভিতৰত এই এবছৰতে খুব আধাৰশিলা পুতিলো৷ দিনে দহ-বিশটাকৈ আধাৰশিলা অনুষ্ঠান কৰিও ৰেকৰ্ড কৰিছো৷ আমাৰ লগৰে কেইজনমানে কিছুমান কাম নকৰা নহয়৷ পিছে আমি বহুতে কামৰ অগ্ৰগতিৰ খতিয়ান লবলৈ সময়েই পোৱা নাই৷ মানে নিজলৈ লাভ নথকা সৰু-সুৰা কামবোৰ কৰিবলৈ মনেই নাযায়৷
এনেতে পথৰ বেয়া অংশ এটাত গাড়ীখন ঘটংকৈ জপিয়াই উঠিল৷ জোকাৰণি খাই পিছৰ ছিটত থৈ দিয়া খুড়াৰ মোনাখনৰ পৰা পাচলিখিনি গাড়ীৰ সিচৰতি হৈ পৰিল৷

: একো নাই খুড়া৷ ইহঁতে বস্তুকেইটা তুলি দিব৷ আপুনি একো চিন্তা নকৰিব৷

: এঃ! নকবা আৰু! বৰ বেয়া ৰাস্তা! এইবোৰ কথাৰ বিষয়ে তোমালোকে কিবা চিন্তা চৰ্চা কৰিছানে? নে ৰাস্তা-পদূলিবোৰ সদায় এনেকৈয়ে থাকিব? আমাৰ দৰে বুঢ়া-মেথাবোৰৰ ককালৰ সাঁফি লৰি যোৱা অৱস্থা, পোৱাঁতী তিৰোতাসকলৰ অৱস্থাৰ কথা কবই নালাগে৷ কাকতত বিজ্ঞাপন দি অমুক কৰিম, তমুক কৰিম বুলি থকাতকৈ সোনকালে এইবোৰ কাম আগেভাগে কৰাহে যুগুত৷ পিছে ৰাজ্যৰ বাহিৰৰ পৰা এঘণ্টা সময়ৰ বাবে অহা বৰমূৰীয়া এজনাক দেখুৱাবলৈ কিছু বাট-পথ ফু মাৰি ভাত খাব পৰাকৈ চূণ-তেল দি ৰঙচঙীয়াকৈ সজোৱা হোৱা কথাটোৱে আমাৰ দৰে জৰাজীৰ্ণ পথেৰে নিয়মীয়াকৈ অহা-যোৱা কৰিবলগীয়া হোৱা দুৰ্ভগীয়া সকলৰ মনত দুখ দিয়ে, বুজিছা৷ এইবোৰ কথালৈ চকু-কাণ দিবৰ হ’ল৷

: নহয়, মানে … এইবোৰ কামত অলপ অচৰপ দেৰী হয়েই৷ লাহে লাহে সকলোবোৰ হৈ থাকিব৷ ধন-বিতৰো বহু কথা থাকে নহয়৷

: এহ৷ নকবাহে! সৌ সিদিনা দেখোন চৰকাৰী আমোলা-বিষয়া, মন্ত্ৰী-বিধায়ক, পুলিচ-প্ৰশাসন সকলোৱে লগ লাগি নদী-পূজা-উৎসৱৰ নামত একেনিশাই গড় বন্ধা উদ্যমেৰে লাগি গৈছিলা৷ নৈৰ বালিচৰত ৰ’লাৰ চলাই, কাৰ্পেট পাৰি, মঞ্চ সাজি উলিয়াইছিলা৷ সোৱে-বাৱে হোৰা-হোৰে চৰকাৰী তহবিলৰ টকা খৰচ কৰাৰ উপৰিও আনকি বেপাৰী-ব্যৱসায়ীৰ পৰাও তোমালোকৰ চৰকাৰী মানুহেই চান্দা তুলি উৎসৱ পাতিছিলা দেখোন? সেই উদ্যমৰ যদি কিছুভাগো এই পথ-দলং-মথাউৰি আদিৰ মেৰামতি কৰাৰ নামত দেখিলোহেঁতেন৷ বুইছা, এই কথাবোৰ পিছে বাহিৰত বৰ চুৰীয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰৰ লেখিয়াহে হৈছেগৈ৷ পিছে এইকেইদিন বৰ ব্যস্ত হৈ থকা কথা ক’লা যে? কিহৰ ব্যস্ততা?

ৰত্ন খুড়াই আকৌ এপাট মোলৈ টোৱালে৷

: মানে, এইকেইদিন মিটিংখনৰ বাবে ব্যস্ত হৈ আছো৷ এই ধৰক মিটিংখনৰ বাবে ইটো সিটো জা-যোগাৰ কৰা, পেণ্ডেলৰ কাম-কাজ চাই চিতি দিয়া, ৰে’ল-বাছ-গাড়ীৰে মানুহ অনোৱাৰ বন্দৱস্ত কৰা আদি নানান কাম৷ বহু ডাঙৰ কাৰবাৰ৷

: বুজিলো, সাধাৰণ জনতাৰ কামলৈ পিঠি দি চৰকাৰী প্ৰশাসনৰ বেছিভাগ মানুহ এইবোৰ কামতেই আজি বহুদিন ধৰি ব্যস্ত হৈ থকাও দেখিছো৷ এই এদিনীয়া মিটিঙকেইখনৰ বাবেই বহু টকা খৰচ হ’ব৷ এইবোৰত খৰচ কৰিবলৈ পিছে হোৰা-হোৰে টকা বাহিৰলৈ ওলায়৷ উৎসৱ-পাৰ্বন, মেল-মিটিঙৰ দৰে এদিনীয়া কামবোৰত খৰচ কৰিবলৈ অনায়াসে টকা জোগাৰ হয়৷ পিছে আন দৰকাৰী কামবোৰ কেবল বিবৃতি-বিজ্ঞাপন দিয়েই সামৰি থয় কিয়?

মই একো নকৈ সমুখৰ পথৰ গাঁতবোৰত যথাসম্ভৱ নপৰাকৈ গাড়ীখন লাহে লাহে পাৰ কৰি নিলো৷ ধুনীয়া গোন্ধ এটা নাকত লাগিল৷

: জহা চাউলৰ গোন্ধ পাইছো হে! ক’ৰ পৰা আহিছে?

: হেঃ হেঃ খুড়া৷ আজি এফালে ৰাইজৰ সমস্যাৰ বুজ লবলৈ বুলি গৈছিলো৷ মাজে মাজে বজাৰৰ সেৰেকা বস্তু খাই আমনি পালে সমস্যাৰ বুজ লবলৈ ওলাই যাওঁ৷ সকলোৰে সমস্যাবোৰ একেই৷ কৈ থাকোতে মুৰ দুপিয়াই হ’ব হ’ব, চাম বাৰু বুলি কৈ থৈ দিও৷ সকলোতে পিছে বৰ আগ্ৰহেৰে দুপৰীয়াৰ সাজটো ভালকৈ খুৱায়৷ আহিবৰ সময়তো গাড়ী ভৰাই সতেজ শাক-পাচলি-মাছ-হাঁহ দি পঠিয়ায়৷ আজিও পানীলাও এটা, প্ৰকাণ্ড বৰালি মাছ এটা আৰু অলপ জহা চাউল দি পঠিয়াইছে৷ আপুনি অলপ লৈ যাওক নহলে, বৰ বঢ়িয়া চাউল৷

: নাই নালাগে দিয়া৷ নিজৰ ল’-ছালিক নুখুৱাই কষ্ট কৰি অৰ্জা কোনোবা এজনে বহু আশাৰে এইবোৰ বস্তু তোমালোকলৈ বুলি দি পঠিয়াইছে৷ এনেবোৰ ৰাজভোগ তোমালোকৰ দৰে ৰাজপাটত বহাসকলৰ বাবেহে৷ আমি শাকে-শোকোতাৰে হলেও দুবেলা-দুমুঠি খায়েই আছো৷ ৰ’বা৷ এইখিনিতে অলপ আগলৈ ৰখালেই হ’ব৷ মই নামিবৰ হ’লেই৷ ৰাইজৰ সেৱক মানে ৰজাৰ দৰে হৈয়ো মোৰ দৰে কেলেহুৱা এটাক ইমানখিনি সহায় কৰি দিলা বাবে ধন্যবাদ দিলো দেই৷

: নাই নাই, খুড়া৷ তেনেকৈ কিয় কৈছে বাৰু? পিছে আপুনি মোক অলপ সহায় কৰিলে ভাল আছিল৷ মোৰ টাৰ্গেট পুৰ হবলৈ আৰু অলপহে বাকী আছে৷

: কিহৰ টাৰ্গেট? মই জনাত তুমি সেই টুথপেষ্ট, চাবোন বেচা কাম-কাজবোৰ কাহানিবাই এৰি দিলা দেখোন?

: নহয় মানে, আমাক সকলোকে মিটিঙলৈ মানুহ যোগাৰ কৰাৰ টাৰ্গেট বান্ধি দিছে৷ মোৰ নিজৰো সন্মান বুলি কথা এটা আছে নহয়, কেনেবাকৈ চকুত পৰিলে মন্ত্ৰী-চন্ত্ৰীৰো বাব পাই যাব পাৰো৷ হেৰি নহয় খুড়া, মিটিঙলৈ আপুনিও ওলাওক, চুবুৰীৰো কেইজনমানক লৈ লওক৷ মই গাড়ী পঠিয়াই দিম৷ খা-খৰচ সকলো মোৰ৷ আৰামত যাব, আৰামত আহিব৷

: হেৰা! এইবোৰ আৰকাটিৰ দৰে ভাওঁ লোৱা বাদ দিয়া৷ আৰকাটি মানে জানা নে নাজানা? শুনা, আৰকাটি হ’ল বৃটিছৰ দিনত অসমৰ চাহ-বাগানসমূহত বনুৱাৰ কাম কৰিবলৈ মানুহ গোটোৱাৰ কাম কৰা এক শ্ৰেণীৰ লোক৷ আৰকাটিবোৰে নানা চলাহী কথা কৈ বা ভয়-ভাবুকি-প্ৰলোভন দেখুৱাই বাগানৰ বাবে শ্ৰমিক যোগাৰ কৰিছিল৷ এতিয়া দেখিছো তোমালোকৰ দৰে ৰাইজৰ একনিষ্ঠ সেৱকবোৰেই এইবোৰ কাম কৰা হৈছা৷ হেৰা, ৰাইজৰ কাম কাজলৈ মন দিয়া৷ নিজৰ দায়িত্বখিনি নিয়াৰিকৈ সম্পন্ন কৰিলে আৰকাটিৰ দৰে এনেবোৰ ভাওঁ নিদিলেও হ’ব৷ সভা-সমিতিবোৰলৈও ৰাইজে নিজেই বাট বুলিব৷

অ’ বুলি মুৰ দুপিয়ালো৷ ইতিমধ্যে ৰত্ন খুড়াৰ ঘৰৰ পদূলিত উপস্থিত হ’লো৷

: বাৰু৷ মই ঘৰ পালো৷ এইকণ সহায়ৰ বাবে ধন্যবাদ দেই৷ আৰু এটা কথা শুনা, আমাক তোমালোকে খতিয়ান দিয়াৰ দৰকাৰ নাই৷ ৰাইজে নিজেই বিচাৰ বুদ্ধি লগাই তোমালোকৰ কাম-কাজৰ বিচাৰ কৰি আছেই নহয়৷ ৰাইজেই ৰজা বোলা কথাষাৰ মনত ৰাখিবা৷

ৰত্ন খুড়াই গাড়ীৰ পৰা নামি মোনাটো হাতত লৈ গজং গজংকৈ ঘৰৰ ফালে খোজ দিলে৷

মই জেপৰ পৰা কাগজ এখন উলিয়ালো৷ মানুহ যোগাৰ কৰিবলৈ আন কেইটামান চুবুৰীলৈ যাবলগীয়া আছে৷ যেনেতেনে টাৰ্গেট পুৰা কৰিবই লাগিব৷ ঢাক-ঢোল বজাই হলেও সাধাৰণ ৰাইজৰ অভাৱ-অভিযোগবোৰ তল পেলাবই লাগিব৷ খতিয়ানৰ কথা আছে৷■■

6 Comments

  • বঢ়িয়াকৈ উপস্থাপন কৰিছে জ্যোতিৰূপম দা ৷ ভাল পালোঁ ৷

    Reply
    • Jyotirupam Dutta

      আন্তৰিক ধন্যবাদ জনালো ৷

      Reply
  • গীতালি

    ৰত্ন খুড়া নামটোত কিবা আপোন আপোন ভাব এটা আছে। খুব সুন্দৰকৈ লিখিছে, সমাজ-ব্যবস্থাৰ ওপৰত এক সুন্দৰ চেটায়াৰ

    Reply
    • Jyotirupam Dutta

      অশেষ ধন্যবাদ ৷ ৰত্ন খুড়াক লৈ বহুকেইটা লেখা লিখিছো ইতিমধ্যে ৷ সামাজিকভাৱে সচেতন চৰিত্ৰ এটা ৷

      Reply
  • RD

    অনুভৱৰ আলাপ পঢ়িয়েই আপোনাৰ সুক্ষ্ম পাঞ্চবোৰৰ ফেন হৈছিলো। এইটো পঢ়িও খুব ভাল লাগিল, স্পিচিয়েল জ্যোতিৰূপম দত্ত ষ্টাইল

    Reply
    • Jyotirupam Dutta

      অশেষ ধন্যবাদ জনালো ৷

      Reply

Leave a Reply

Your email address will not be published.