ফটাঢোল

খুড়ীৰ হাতত কৰ’ণাৰ বিলৈ- ৰাস্না বৰা চতিয়া

কৰ’ণা লকডাউনৰ সময়ৰ কাহিনী মানে একেবাৰে মহাভাৰতেই হ’ব আৰু এইখন।

আমাৰ দুই খুড়ী অকণি আৰু মনেশ্বৰীৰ বৰ মিল। কোনেও কাকো একো এৰি নাখায়ো, ক’লৈকো নাযায়ো। দিনটোত দুইজনী, ইজনী সিজনীৰ ঘৰলৈ আহি তামোল-পাণৰ শ্ৰাদ্ধ পাতি কথাৰ মহলা নামাৰিলে পেটলৈ ভাতেই নাযায়। পিচে পুতেকহঁতৰ কাঢ়া নিৰ্দেশ এই লকডাউনত কোনো ঘৰৰ পৰা এখোজো বাহিৰ নহ’বি, পুলিচে কোবাই হাত-ভৰি ভাঙিলে কিন্তু চোৱাত নাই। দুদিনমান দুইজনীয়ে পকী ৱালৰ কাষতে ৰৈ কথা পাতিলে কিন্তু মুখা-মুখিকৈ তামোলৰ বঁটা লৈ বহাৰ নিচিনা সুখ ক’ত পাব। গতিকে নাতিনীয়েকক খাটনি ধৰে বোলে তহঁতে যে দূৰৰ মানুহৰ লগত ভিদৈ কল(ভিডিঅ’ কল)নে কি কৰি ফটো চাই যে কথা পাত তেনেকৈ মোক মনেশ্বৰী আইতাৰক ফোন লগাই দে নহ’লে মই ভাত নাখাওঁ। উপায় নাপাই দুদিনমান লগাই দিলে। দুই বুঢ়ীয়ে কথা পাতি ঠিক কৰিলে তৰকাৰী ভাজি ডাংবাৰী এডালৰে দিয়া-অনা কৰিব। কাজেই ডাং এডালৰ মূৰত বাচনটোত তৰকাৰী ভৰাই কাপোৰৰে টোপোলা বান্ধি ৱালৰ ওপৰেৰে পাৰ কৰি দিয়ে আকৌ সিফালে গৰম পানী টোপোলাৰ ওপৰত ঢালি খাই বৈ ঘূৰাই দিলেও দুইজনীয়ে একেই গৰম পানীত নিমখ দি টিফিন বাতি ধোৱে। আখিৰ ‘কৰ’ণা কা মামলা হ্যেয়’। সজাগতো হ’বই লাগিব। এইদৰেই কচু টেঙাৰ পৰা মাছ কাছলৈ যি পালে ভগাই খালে। সিমানলৈ ঠিকেই আছিল, পিচে তিনিদিন বোৱাৰীয়েক পাগঘৰৰ বাহিৰ হওঁতেই মনেশ্বৰী খুড়ীৰ লাগিল লেঠা।   পুতেকে কোনোমতে লুকাই চুৰকৈ গৈ বজাৰ কৰি আটা, চেনী, দালি, আলু, পিয়াঁজ, তেল আৰু শাক-পাচলি আনিলেগৈ। বোৱাৰীয়েকে বোলে মা আপুনি বস্তুবোৰ নিমখ গৰম পানীৰে নোধোৱাকৈ ভিতৰ নুসুমুৱাব দেই। কথা মতেই কাম। আলু, পিয়াঁজ, আদা, নহৰু, দালিলৈকে ঠিকেই আছিল। সকলো নি ধুই ছাঁদৰ ওপৰত ৰ’দত মেলি দিলে। চেনীখিনিও ধুই পিঠাগুৰি চলা ছালনিত মেলি দিলে। পিচে আটাখিনিলৈহে সমস্যা হ’ল।   ডাঙৰ ডলাখনতে পেলপেলীয়া আটাখিনি ঢালি শুকাবলৈ দিলে কিন্তু সন্ধিয়ালৈ সৱ শুকাল, আটাৰহে অৱস্থা নাই, সেইখিনি তাতে এৰি বাকীবোৰ চুপ-চাপ পাকঘৰ সুমুৱালেহি।

ইপিনে শুদ্ধ হৈ বোৱাৰী পাকঘৰ সোমাই ৰুটি বনাবলৈ আটা নাপাই গিৰিয়েকক যেনে-তেনে আটা অলপ আনি দিবলৈ ক’লে কিন্তু সি আচৰিত বোলে চাৰিদিন আগতে দুই কেজি আনিছোঁ কোনোমতে, ৰুটি খোৱাই নাই !

: মা ঐ ক’ত গ’ল আটা?

খুৰীয়ে বোলে জানো, আটাসোপা ধুলোঁ নুশুকুৱাই হ’ল, ওপৰতে আছে।  পুতেকে নমাই আনি দেখে ডলাত এডলা জোখৰ শুকান পাপৰ এখন হৈ আছে। ইপিনে দুই কেজি চেনী গলি গৈ এক কেজি হে ৰৈছেগৈ। পুতেক-বোৱাৰীয়েক কোনোমতেহে নপৰাকৈ ৰ’ল খুটাত ভেঁজা দি।

অকণি খুড়ী আকৌ আৰু একাঠী চৰা। কৰ’ণাৰ নামত কৃষ্ণ কৃষ্ণ কৈ থাকে। ‘কৃষ্ণ গোপাল কৰুণাময়’ থকা ঘোষাও বাদ দিলে গাবলৈ। মুঠতে ৰাতি ভুলতো নামেই নলয় ভয়তে। গাঁৱৰ কৰুণা বৰদেউতাৰ ঘৰত মতা নাম কণল’ৰা গতিকে টি ভিত শুনি আনক ক’লেও কয় বোলে  ‘যোহাটত আৰু গুহাটিত কণল’ৰা ঢেৰ ওলাইছে’। নাতিয়েকক কয়, মাছ-মঙহ খাওঁ খাওঁ যে কৰ তুলসী চাহ খাচোন কণল’ৰাৰ কাৰণে ভাল ঔ বোপাই।

আজিলৈ ইমানেই আৰু কৰুণাৰ লটিঘটি। আগলৈ সময় পালে ক’ম দেই ৰাইজ।

কৃষ্ণ কনল’ৰাময়(কৰুণাময়)।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    কনল’ৰাই ভাল লটিঘটি খুৱালে দুয়ো খুৰীকে

    Reply
  • জিতু

    কিচ্নঅ।

    Reply

Leave a Reply

Your email address will not be published.