ফটাঢোল

খেতিয়ক মানুহটো-নীতাশ্ৰী নেওগ

আমাৰ এওঁ এইকেইদিন খুব ব্যস্ত। পুৱাই উঠি বাৰীলৈ যায়। কোৰেৰে মাটি চহাই হাতেৰে ভুকুৱাই, ভৰিৰে লথিয়াই মিহি কৰে। পিছবেলা ৰাস্তাত সাৰ বিচাৰি ওলাই যায়।

এওঁ আকৌ সহজ সৰল মাটি হেন মানুহ দেই। সাধি সাধিহে পাইছোঁ বুজিছে। পিচে ইমান সাধনা কৰাও ভাল নাছিল। কিছুমান কাণ্ড দেখি মূৰত তিল পিহি ভৰণ ল’ব লগা হয়। এটা কথা পিচে ক’বই লাগিব। তেওঁ মোৰ কথা কেতিয়াও নেপেলায়। যিহকে কওঁ বৰ চিৰিয়াছলি লয়। শ্ৰুতি বা, দীক্ষিতাহঁতৰ তাতেই হিংসা। বোলে, “আমাৰ মানুহকেইটাই আমি যিহকে কওঁ কমেডী কৰা বুলি ভাৱে। তোৰ এইটো দেৱতা নে কি?”

এতিয়া চাওক। সিদিনা ক’লোঁ বোলো, “ঘৰত থকা সময়খিনি শাক পাতকেইডালমানকে নকৰে কিয়? ঘৰৰে এডাল খাবলৈ হ’ব।” সেইদিনাৰপৰাই মিছন আৰম্ভ। গোটেই বাৰী চহাই পেলালে। খেতি কৰিলে বহলকৈ ব্যৱসায়িক ভিত্তিত কৰিব বোলে। শুনাই দিছে মোকো, “খেতিয়কৰ পুতেক। সৰু সুৰা খেতি নকৰোঁ”। ময়ো বাৰীৰে শাক পাত খাবলৈ পাম বুলি ভালেই পালোঁ মনে মনে।

বিহুৰ উৰুকাৰ দিনা আকৌ  ভূঞাদা ওলালেহি। এওঁ ৰাস্তাৰপৰা শুকান গোবৰ এপাচি বুটলি আনি বাৰীৰ ফালে যাবলৈ ওলাইছিল।

 ভূঞাদাই  সুধিলে,

: কি হে, গোবৰৰ পাচি লৈ যে।  খেতি কৰিছা নেকি?

সুধিবলৈহে পালে, এওঁ অসমীয়া ল’ৰাৰ কৰ্মবিমুখৰ ওপৰত ভাষণ এটাই দি দিলে, বোলে,

: পথাৰ, বজাৰ আমাৰ বুলি চিঞৰি থাকিলে কেনেকৈ হ’ব? যদি হাতে কামে নালাগো। সেয়ে এইবাৰ মই বহল পৰিসৰত খেতি কৰিম বুলি লাগিছোঁ। আজৰি সময়খিনি খেতিতে দিম।

ভূঞাদাই শুনি আচৰিত হোৱাৰ লগতে এওঁৰ খেতিৰ প্ৰতি আগ্ৰহ দেখি সন্তুষ্টও হ’ল।

: বৰ ভাল কথা। বহলকৈ কৰিলে মানুহ লগাবও লাগিব নহয়। আৰু দুজনে সংস্থাপন পাব। বৰ ভাল কাম দেই।

ভূঞাদাই ক’লে।

: ভূঞা দা। মই একদম প্লেনিঙত কৰিম কামটো। একেবাৰে হাৰভেষ্ট কৰাৰ সময়তহে মানুহ দুজন ল’ম।অকলে ইমানবোৰ নোৱাৰিম যে। হাজাৰ হাজাৰ গছ হ’বতো। গছবোৰৰ বেমাৰ আজাৰ হ’লে কিন্তু আপুনি চাব লাগিব৷

: এহ মই গছৰ বেমাৰ চোৱা ডাক্টৰ নহয় নহয়। গৰুৰ….

ভূঞাদাই কোৱালৈ নৰ’লেই। এওঁ গৈ পিছফাল পালেগৈ। মইহে তিলপিঠা দুটাৰে চাহ এবাটি দি ভূঞাদাক বোলো,

: এওঁৰ কথাত নধৰিব। হাজাৰ বিজাৰ গছৰ কি খেতি বা কৰিব, মোকো কোৱা নাই। সুধিলত ক’লে চাৰপ্ৰাইজ হেনো সেইটো। এইকেইদিন খেতি কৰিবলৈ শক্তি বাঢ়িবলৈয়ে নেকি পুৱা গধূলি দহোটাকৈ ভীমকল খাইছে। অফিচৰপৰা আহোঁতে সদায় ভীমকল এআশী লৈহে ঘৰ সোমায়। মই কৈছোঁ, “কেঁচুৱা ল’ৰাৰ দৰে কিনো ভাত পানী এৰি ভীমকল চালি চালি খাই আছে!”

কেলেইনো ক’লোঁ জানো। এওঁৰ কথা ক’লে ভাষণ দিবই যেনিবা। আৰম্ভ কৰিলেই। বোলে, “ভীমকলৰ সমান শক্তি কোনে দিব পাৰে। সৰুতে পঢ়া নাছিলানে,

কল কল কল

কল এবিধ ফল

কল খালে গাত হয়…”

মোৰ সেইখন ফটা লেকচাৰ শুনি থাকিবলৈ সময় নাই আই। ছেগ বুজি আগচোতাল পালোঁগৈ। ক’ব নোৱাৰোঁ আৰু কিখন কৰি থাকে মানুহটোৱে। বিহুৰকেইদিনো দিনৰ দিনটো বাৰীতে লাগি আছে। খেতিৰ কোবত ঘৰলৈ যাবলৈও নাপালোঁ এইবাৰ।

ইফালে বিহু যোৱাৰ পাছতো আলহী নুগুচেই আমাৰ। সাঁজ থ’বলৈ  মাটিৰ কলহ দুটা আনি থোৱা আছিল। পুৱাই বোলো সাঁজখিনি থৈ লওঁ। আহি দেখিছোঁ কলহ দুটা ভীমকলৰ গুটিৰে ভৰ্তি। টিঙিছকৈ খংটো উঠি আহিল। কলবোৰ খাইছে খাওক। এই গুটি সোপা কি কৰিবলৈ গোটাইছে। ভিতৰত মোৰ চিঞৰ বাখৰ শুনি এওঁ ক’ৰবাৰপৰা উধাতু খাই আহিল।

: ভালে ভালে এইসোপা নি পেলাওকগৈ। নহ’লে কথা বেয়া হ’ব।

মই হুমকি দিলোঁ। এওঁৰ মনটো বেয়া হৈ গ’ল। দেখি বেয়াও লাগিল। কিবা দৰকাৰতে থৈছিল কিজানি।

: কি কৰিবলৈ থৈছিলেনো?

হাতত তুলি লোৱা বেলনা মাৰিডাল কাষলৈ থেলি থৈ এইবাৰ অলপ কোমলকৈয়ে সুধিলোঁ।

এওঁ তলমূৰ ওপৰ নকৰাকৈয়ে উত্তৰ দিলে,

: তোমাক গছবোৰ গজিলেই চাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। পণ্ড কৰি দিলা তুমি। এইবোৰ গুটি বাৰীত সিঁচিবলৈ গোটাই গৈছোঁ আকৌ। মই ভীমকলৰ খেতি কৰি ভীমভিটা বনোৱা কাৰখানাটোত চাপ্লাই দিয়াৰ কথা আছে। সিদিনা কথা পাতিও আহিছোঁ।

মৰ ক’ত মৰ এতিয়া। এইজনে বিজয়দাকো চেৰ পেলাব মানে। থেকেঁচা মাৰি কলহ দুটাকে ভাঙি পেলালোঁ। অহা জন্মত এনে অদ্ভুত মানুহ নালাগে আৰু। সঁচাকৈ বেছিকৈ সাধনা কৰাটোও ভাল নাছিল।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.