ফটাঢোল

গীতৰ বিলৈ – সদানন্দ ভূঞা 

হে মহান অৱতাৰী বিবাহিত স্বামীসকল, আপোনালোকৰ চলন্ত দিনবোৰত বাৰু কেতিয়াবা কেতিয়াবা গীতৰ বিলৈ হৈ পাইছেনে? গীতৰ ধামখুমীয়াত আপোনাসৱৰ বাৰু কেতিয়াবা কেতিয়াবা গৃহিণী হোৱাৰ সৌভাগ্যকণ ঘটিছেনে? সংসাৰৰ মায়াজালত বন্দী হৈ কেতিয়াবা কেতিয়াবা আপোনাসৱৰ দুটি ওঁঠেৰে গীত এটি নিগৰি তাৰপিছত হোৱা পৰিস্থিতিত পৰি অন্নমুঠি সিজোৱা-পকোৱাকে আৰম্ভ কৰি কাপোৰ-কানি ধোৱা, সৰা-মোচা কৰা, বাচন-বৰ্তন ধোৱা আদি কামবোৰ কৰি পত্নীব্ৰত হৈ কেতিয়াবা সোৱাদভাগি লোৱাৰ সুযোগকণ পাইছেনে? ইমানখিনি বকলা মেলাৰ পিছত মোৰ কপালত সেইকণ সুখ নাই পোৱা বুলি ক’লে জানো ভুল কোৱা নহ’ব? গতিকে আহকচোন মোৰ জীৱনতে ঘটি যোৱা গীতৰ বিলৈ কেনেকৈ হয় তাৰেই কিছু উমান লওঁ।

আজি কিছুদিনৰ আগৰ ঘটনা। বজাৰৰপৰা সৰু সৰু ৰঙালাও পাঁচটা আৰু নোদোকা পাতিহাঁহ এটা আৰু দোকানৰপৰা কিছু খোৱা বস্তু কিনি আনিছিলোঁ। ঘৰ আহি পোৱাৰ পিছত পাঁচটাকৈ ৰঙালাও দেখি এওঁ গৰজি উঠিল। মই বোলো ৰঙালাওকেইটা অলপ সস্তাত পাই লৈ আনিলোঁ। তাতে তুমি দেখোন ৰঙালাও খাই বহুত ভাল পোৱা। এওঁ বোলে, “কাম নাই আপোনাৰ? হ’ল বুলি পাঁচটাকৈ ৰঙালাও আনিব লাগে নেকি? আনিলে যেতিয়া উপায়তো নাই আৰু। আপুনি দ্ৰয়িং ৰুমতে বহকগৈ। মই চাহ বাকি দি আহিম। ফেনখন নিজে চলাই ল’ব। ময়ো গীত এটি গুণগুণাই দ্ৰয়িং ৰুমলৈ বুলি আহিলোঁ।”

“তুমি আহিবা বুলি বাৰে বাৰে মই
পদুলি মুখলৈ চাওঁ……”

বাকীখিনি গাবই নাপালোঁ, আহিল নহয় মেখেলা কোচায়। আহিয়েই একেবাৰে ৰণচণ্ডী মূৰ্তি।

“কি ক’লে, কি ক’লে, আকৌ এবাৰ কওকচোন।”

মই বোলো, “হেৰা, মই একো কোৱা নাই হে। গান এটাহে গাইছোঁ।” এওঁ বোলে, “হুহ, গান গাইছে। কথা ক’বলৈ আহিছে। কোন আহিব বুলি আপুনি পদুলিমুখলৈ চাই কওকচোন কওক। মোৰ হাতত থকা এই মেচি দাখন দেখিছে নহয়। যিজনীয়েই আহিব সেইজনীকেই এই মেচি দাখনৰে বধিম।” মই বোলো, “আৰু মোক?” এওঁ বোলে, “আপোনাক? আপোনাক কি কৰিম এতিয়াই একো নকওঁ। আও, মানুহজনৰ কাণ্ড দেখিছা। মোক লুকুৱাই লুকুৱাই সেইখনহে কৰি ফুৰে। এই বান্দীয়ে গোটেইমখাৰে লেদেনা উকটি ফুৰিম আৰু এইজনাই কোনোবা আহিব বুলি পদুলিমুখ চাই থাকে। নবনাওঁ মই একো, আজিৰপৰা ঘৰৰ একো কামেই নকৰোঁ। যি কৰে নিজে নিজে কৰিব।” মইনো আৰু কি ক’ম। মুখ মেলিলেই বিপদ। গতিকে মনে মনে থকাই ভাল বুলি সহি মেলি হৈ গ’লোঁ ঘৰৰ গৃহিণীজনী।

ইয়াৰ তিনি/চাৰিদিন পিছৰ ঘটনা। মই গাই এজনী দেলিভাৰি কৰি আহি ঘৰ সোমাইছোঁ। এওঁ বাৰাণ্ডাতে বহি আছিল। মই বোলো, “হেৰা, মই গাটো ভালদৰে ধুই লওঁ। তুমি চাহ একাপ বনোৱাচোন।” এওঁ বোলে, হ’ব । মই গাটো ধুই লওঁ বুলি বাথৰুমত সোমালোঁ। ক’ব নোৱাৰাকৈয়ে গীত এটি ওলাই গ’ল। “হম তুম এক কমৰে মে বন্ধ হে, ঔৰ চাবি খো যায়ে…” তাৰপিছত দেখোন বাথৰুমত ধক ধক শব্দ। মই মগটোৰে পানী ঢালিবলৈ লৈছিলোঁহে, শব্দ শুনি তাতেই তাপ মাৰিলোঁ। বাথৰুমৰ দুৱাৰখন খুলি দেখো এওঁ গোটেইজনী দুৰ্গা গোঁসানীজনী হৈ ৰণচণ্ডী ৰূপ ধৰি দুৱাৰমুখত থিয় হৈ আছে। মই যিমানেই বুজাবলৈ চেষ্টা কৰিছোঁ তাতকৈ বেছিকৈহে এওঁ উগ্ৰৰূপ ধাৰণ কৰিছে। মুঠতে মই কাৰ লগত ‘এক কমৰে মে’ত বন্দী হৈ আছিলোঁ ক’ব লাগে। মই হেন নিৰ্দোষী মানুহটোৱে বাৰু কি উত্তৰ দিম কওকচোন। যেতিয়ালৈকে মোৰপৰা উত্তৰ নাপাই তেতিয়ালৈকে মাতবোল নকৰে বোলে। খা বাপ্পেকে, এতিয়াহে ক’ত মৰ মৰ। উপায়বিহীন অমুকাই ঘৰৰ সকলো লেদেনা উকটি মৰাৰ বাহিৰেতো একো উপায়েই নাই।

আজি দুপৰীয়া দাড়িকেইদাল কাটি লওঁ বুলি সকলো সৰঞ্জাম বাৰাণ্ডাত গোটাই লৈ ভাবিছোঁ গীত এটিকেই গুণগুণাওঁ। “নাহৰৰে কলি দেখিছা নে নাই, তোমাৰ চকুযুৰি দেখো তেনেকুৱাই” বুলি গাবলৈ লৈয়েই থমকি ৰ’লোঁ। এইটো গাই আকৌ বিপদ চপাই ল’ব নোৱাৰি বুলি ভাবি নিজে নিজৰ মনটোক দমন কৰি ৰাখিলোঁ। “নাহৰৰে” বুলি মুখৰপৰা ওলাওঁতেই দাতে-ওঁঠে বৰ বেয়াকৈ কামোৰ এটাও খালোঁ। কাণ উনাই চালোঁ, নাই এওঁ শুনা নাই। সেয়েহে এওঁ ভাল পোৱা গীতটোকে ৰাউচি জুৰি গাবলৈ ল’লোঁ-

“চম্পাৱতী তোমাৰ ঘাটে
চপাই দিয়া নাও,
সোণৰ পাহাৰ, ৰূপৰ খণি
কিজানিবা পাওঁ।”

এওঁ ভিতৰৰ পৰাই চিঞৰিলে, “হেৰি, বাহিৰত টেটু ফালি ছাগলীৰ দৰে বেবাই থাকিব নালাগে। ভিতৰলৈ আহি কিমান বেবাই, বেবাই থাকক। উঃ একেবাৰে গায়কটো ওলাইছে চোৱা। একেবাৰে নিজকে কিশোৰ কুমাৰ, মহম্মদ ৰফি, ভূপেন হাজৰিকা বুলি ভাবে। একদম মনে মনে ঘৰৰ ভিতৰত সোমাই থাকক।”

চেঃ, মোৰনো বাৰু এনেকুৱা পোৰা কপাল হ’ব লাগে নে? গীত এটাও গাব নোৱাৰোঁ। দেহি ঐ, গীতৰ বিলৈত মোৰ দৰে এনেহেন লটিঘটি আন কাৰোবাৰো হয় নেকি বাৰু? পিছে যিয়েই নহওক, এইবোৰতেই দেখোন সংসাৰৰ মায়া-মোহ সোমাই আছে। তিতা-কেঁহা যিমান আছে তাতোতকৈও অধিক সুখৰ অনুভূতি য’ত লুকাই আছে সেয়াই হৈছে মান-অভিমান, হাঁহি-কান্দোনৰ সংসাৰ। চিৰদিন নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, জনমে জনমে এওঁৱেই যেন মোৰ জীৱন সংগিনী হওক।

☆ ★ ☆ ★ ☆

5 Comments

  • দীক্ষিতা

    আপোনাৰ লিখনিবোৰত হাঁহিৰ মাজত লুকাই থকা দুখবোৰ কলমেৰে নিগৰি আহে দেই। 🤣

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ভূঞা দেউ৷

    Reply
  • লীলা কান্ত শইকীয়া

    ভাল লাগিল,

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.