ফটাঢোল

গুৱাহাটীৰ পৰঠা – সুকুমাৰ গোস্বামী

আজিকালিৰ ল’ৰা ছোৱালীক মাক দেউতাকে হৰেক ৰকমৰ খাদ্য সম্ভাৰেৰে টিফিন বনাই স্কুললৈ পঠিওৱা দেখিলে মনত পৰে আমাৰ দুৰ্দশাগ্ৰস্ত শৈশৱৰ কথা। ৫ম শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীলৈ আমাৰ দৈনিক ভাট্টা আছিল ১ টকা, অষ্টম নৱমত ২ টকা আৰু দশম শ্ৰেণীত ৩ টকা। ভাট্টাৰ পৰিমাণ নিৰ্ধাৰণ হৈছিল জিণ্টু হোটেলৰ পৰঠাৰ দামৰ লগত। লেইজাৰ মানেই জিণ্টু হোটেলৰ পৰঠা অথবা কেতিয়াবা কেতিয়াবা ৰমেনৰ দোকানত পোৱা ত্ৰিভুজ আকৃতিৰ মাজত ক্ৰিম থকা এবিধ পাওৰুটি, যাৰ নাম ৰমেন দোকানীয়ে কোৱা মতে হংকং আছিল। প্ৰৱেশিকা পাছ কৰিলো কিন্তু ভাট্টাৰ পৰিমাণ আনুপাতিকভাৱে নাবাঢ়িল। ৩ টকাৰপৰা ১০ টকা হ’ল, কিন্তু কলেজলৈ অহা যোৱা কৰিবৰ বাবে ভাড়া বোলা বস্তু এবিধ লাগে যে সেইটো কিজানি মা- দেউতাই পাহৰিয়েই থাকিল। নতুনকৈ ডেকা হোৱা পুতেককেইটাই যে মাজে মাজে অনুপমা বা প্ৰাগজ্যোতিত চিনেমা চাবলৈও বিচাৰিব পাৰে সেইটোও পাহৰিয়েই থাকিল কিজানি! জিণ্টুদাৰ পৰঠাত সোৱাদতকৈ বেছি মৰম থাকে, ছবজী ভাল হোৱা বুলি ক’লে মৰমতে দুটুকুৰামান ছয়াবিন বেছিকৈ দি থৈ যায় আৰু বেয়া বুলি ক’লে মোৰ হোটেলত আজিৰপৰা অহাৰ দৰকাৰ নাই বুলি টিঙিৰিতুলা হৈ পৰে। “অই মাধৱ আজিৰপৰা ইহঁতক মোৰ দোকানত সোমাবলৈ নিদিবি” বুলি চিঞৰটো মাৰে যদিও ছবজীৰ ক্ষতিপুৰণ হিচাবে ৰসগোল্লাৰ ৰস অকণমান চটিয়াই থৈ যায়। পৰঠা বুলি ক’লে আমি জিণ্টুদাৰ সেই বিশেষ সোৱাদযুক্ত পৰঠাকে বুজো আৰু ছবজী বুলিলে ৰঙা ৰঙা পানীৰ মাজত ওপঙি থকা দুটুকুৰামান ছয়াবিনৰ মিশ্ৰণটোকে বুজো। ঘৰত দেউতাই আলহী অতিথিৰ আগত ৰগৰ কৰি প্ৰায়েই কয়, “আমাৰ ল’ৰাই ঘৰত তৰকাৰী নাখায় জিণ্টুৰ হোটেলৰ ছবজী খায়। পুৰা ইংলিছমেন।”

যা নহওক, একাদশ শ্ৰেণীত গুৱাহাটীৰ কলেজত নাম লগালো। গুৱাহাটী বুলিলে তেতিয়ালৈকে মালীগাঁৱৰপৰা আগলৈ অকলে গৈ পোৱাৰ অভিজ্ঞতা নাছিল। গুৱাহাটীৰ নতুন নতুন স্থানবোৰৰ লগত পৰিচয় হ’বলৈ মাজে মাজে এনেই কেণ্টাৰত উঠি দিওঁ। এইবোৰ অভিযানৰ সংগী দোস্ত ৰাজীৱ পুলিচ। তেনেকৈয়ে এদিন ভৰ দুপৰীয়া উপস্থিত হ’লোগৈ পল্টন বজাৰত। বাচ আস্থানৰপৰা এপাক মাৰি পল্টন বজাৰখন ভালকৈ চাই লওঁ বুলি নেপালী মন্দিৰ হৈ মেঘদুত হলৰ আগেৰে আহি সেই সময়ত নব নিৰ্মিত SAI SPORTS COMPLEX পালোহি। ইফালে পেটত ভোকৰ উকমুকনি। হঠাতে চকুত পৰিল এখন চাইনবৰ্ড, য’ত লিখা আছিল পৰঠা মাত্র ১০ টকা। কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে ইটোৱে সেইটোৰ মুখলৈ চাই দুয়োটাই সেই বিশেষ হোটেল অভিমুখে আগবাঢ়িলো। দোকানৰ মালিক বঙালী ভদ্ৰলোকজনে দুয়োজনকে আথেবেথে যথাস্থানত বহুৱালে। হোটেলত ইমান আদৰ সাদৰ তথা সন্মান পোৱাৰ সেইয়া আছিল আমাৰ প্ৰথম অভিজ্ঞতা। হোটেলৰ অভিজ্ঞতা বুলিলে ইমানদিনে আমি পাইছিলো জিণ্টুদাৰ চিঞৰ বাখৰ, “অই খোৱা হ’ল যদি কিয় ঠাই বন্দী কৰি আছ? খালী কৰ, খালী কৰ, খালী কৰ”, “ঐ মাধৱ ইহঁতক মোৰ হোটেলত কোনে সোমাবলৈ দিছে” ইত্যাদি ইত্যাদি।

ভদ্ৰলোকে নিজেই অৰ্ডাৰ ল’বলৈ আহিল, “ছাৰ কি খাব?” কৃষ্ণ কৃষ্ণ ছাৰ বুলি আমাকেই মাতিছেনে! ১০ টকাৰ পৰঠা খাবলৈ অহা গ্ৰাহককে ইমান সন্মান! আমিও সময় অপব্যয় নকৰি সম্ভ্ৰমেৰে উত্তৰ দিলো, “দুখন পৰঠা”, ভদ্ৰলোকে পুনৰ প্ৰশ্ন কৰিলে “আৰু ছাৰ চবজী কি দিম”? আমাৰ অৱস্থা মুছকছ যাবলগীয়া। ইমান মৰম ইমান সন্মান! আমাৰ পছন্দ অনুযায়ী চবজী! কিবাকৈ নিজকে সংযত কৰি ভদ্ৰলোকে আওঁৰাই যোৱা তালিকাখনৰপৰা আলু মটৰকেই খোৱা যাওক বুলি সিদ্ধান্ত ল’লোঁ। খাদ্যলৈ অপেক্ষা কৰাৰ সময়খিনিত জিণ্টুদা আৰু বঙালী ব্যৱসায়ীজনৰ ব্যৱসায়ীক দৃষ্টিভংগীৰে এক তুলনামূলক বিশ্লেষণ কৰি সময়ৰ সদব্যৱহাৰ কৰাটো সঠিক হ’ব বুলি ভাবি কথোপকথন আৰম্ভ কৰিলো। ইতিমধ্যে আলোচনাৰ আৰম্ভণিতে সম্বোধন জিণ্টুদাৰপৰা জিণ্টুু অসুৰলৈ নামিল, কম সময়ৰ ভিতৰতে অসুৰৰ ১৪ গোষ্ঠী উভালিলো। এজনে যদি কওঁ “পইচাই মেইন বস্তু নহয় দোস্ত, মেনাৰ বুলিও বস্তু এটা আছে”। কথা বতৰাৰ মাজতে গৰম গৰম পৰঠা আৰু আলু মটৰ পৰিবেশন কৰা হ’ল। পৰঠাত দিয়া প্ৰতিটো কামোৰ আৰু পেটলৈ যোৱা প্ৰতি চামুচ আলু মটৰে মনত পেলাই দি গৈ থাকিল ইমান দিনে অসুৰে কৰি অহা প্ৰতাৰণাৰ দস্তাবেজ। যিমানেই খাদ্যৰ জুতি লাগি আহিল সিমানেই অসুৰৰ প্ৰতি খং বাঢ়ি থাকিল। অত বছৰে ইমান প্ৰতাৰণা! পুলিচে ইতিমধ্যে আৰু ১০ টকা বাজেট বঢ়াই দিলে। “অসুৰ, ল ২০ টকা আপত্তি নাই। কিন্তু আমাক এইটো কোৱালিটি লাগে, এইটো।” মইও একেআষাৰে হয়ভৰ দিলো, “কোনো দ্বিমত নাই ভাই, পইচাই সকলো নহয়, আচৰণ আৰু কোৱালিটি মেইন।” মাজতে বঙালী ভদ্ৰলোকে আহি আৰু কিবা লাগিব নেকি সুধিলে আৰু আমিও চুচুক চামাক কৈ ডবোল চবজী বিচাৰিলো। ডাঙৰীয়াই হাস্যবদনে আকৌ এবাৰ গৰমে গৰমে আলু মটৰ পৰিবেশন কৰিলে। মানুহজনৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিত আমি গদগদ হৈ পৰিলো আৰু অসুৰলৈ শব্দৰে বুজাব নোৱাৰা খং। যথা সময়ত তৃপ্তিৰে এসাজ খাই বিল দিয়াৰ সময় আহিল। ভদ্ৰলোকে শ্ৰদ্ধা সহকাৰে বিলখন আগবঢ়ালে আৰু আমিও নিজৰ পকেটৰপৰা খমখমীয়া ১০ টকীয়া নোট দুখন বাহিৰ কৰি সমান সন্মানেৰে আগবঢ়াই দিলো। ভদ্ৰলোকে এক অদ্ভুত দৃষ্টিৰে আমাৰ ফালে চালে আৰু “এইটো, এইটো আপোনালোকে কি দিলে” বুলি খেংখেঙাই উঠিল। আচৰণৰ এই তাৎক্ষণিক পৰিৱৰ্তনৰ কাৰণ বুজিব নোৱাৰি এজনে আনজনৰ মুখলৈ চালো, বোলো কিবা জালি টকা চকা দিলো নেকি! ভগৱানৰ নাম ললো আমি। বিলখনলৈ চাই আমাৰ চকু কপালত উঠিল। বিলৰ মতে আমি দিব লাগিব ১২০ টকা। মালিক নাছোৰবান্দা বিল সম্পূৰ্ণ দিব লাগিবই, তাত হাত উজান দিলে আন কেইজনমান বঙালী ভাই বন্ধুৱে। মুঠতে কাউৰী বাহত জুই লগা সদৃশ পৰিবেশ। আমাৰ মনলৈ মলিয়ন গামোচা পিন্ধা জিণ্টুদাৰ মুখখন ঘনে ঘনে আহিবলৈ ধৰিলে। সকলোবোৰ জাৰি জোকাৰি ১২০ টকা যোগাৰ হ’ল। অনেক অনুনয় বিনয়ৰ মূৰত অৱশেষত বঙালী বাবু মান্তি হ’ল যদিও তাৰ বিনিময়ত শুনিব লগাত পৰিল বহুতো কেটেৰা জেঙেৰা। সেই সময়ত নিজকে চতুৰ্থ বিশ্বৰ দশম শ্ৰেণীৰ নাগৰিক যেন বোধ হৈছিল যদিও আন এখন অনাগত সংগ্ৰামৰ চিন্তাই ইতিমধ্যে পুনৰ মন মগজু ভাৰক্ৰান্ত কৰি ৰাখিছিল। ৫ পইচা এটা পকেটত নোহোৱাকৈ পল্টন বজাৰৰপৰা চাংসাৰী অভিমুখী যাত্ৰা কিদৰে সম্ভৱ হ’ব তাকে লৈ চিন্তাত পাৰ নোপোৱা অৱস্থা। কেনেকৈ জানো হঠাৎ বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিনামুলীয়া বাছ সেৱাৰ কথা মনলৈ আহিল! সময়ৰ অপব্যয় নকৰি পল্টন বজাৰৰপৰা পাণবজাৰ পানী টেংকী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰিলোঁ। পাণবজাৰৰপৰা জালুকবাৰী আৰু জালুকবাৰীৰপৰা চাংসাৰী পালোহি আকৌ গোৰেশ্বৰ অভিমুখী বাছৰ কণ্ডাক্টৰক নমাৰ সময়ত ভাৰাতো দিম বুলি কাকুতি মিনতি কৰি। সেইসময়ত ৰাজীৱ পুলিচহঁতৰ ডাঙৰ গেলামালৰ দোকানখন বাছ আস্থানৰ গাতে লাগি আছিল, গতিকে চাংসাৰী পাই দৌৰা দৌৰিকৈ মোক গাড়ীৰ ভিতৰত বন্ধকত থৈ ভাৰাৰ টকা চাৰিটা আদায় দি কণ্ডাক্টৰৰ কবলৰপৰা এই অধমক বন্ধনমুক্ত কৰিলে আৰু এইদৰেই এটা ঘটনাবহুল দিনৰ সামৰণি পৰিল।
☆★☆★☆

2 Comments

  • Supratim

    Excellent story telling. Loved it.

    Reply
  • Abhijit Goswami

    বেলেগ জমনি কাহিনী চোন দাদা 😜😜😜

    Reply

Leave a Reply

Your email address will not be published.