ফটাঢোল

গ্ৰন্থ উকমুকনি সভা – ঈশান জ্যোতি বৰা

ভাগ্য লাগিব বুজিছে, ভাগ্য লাগিব৷ মোৰ নিচিনা লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ দ্বাৰা ৰচিত গ্ৰন্থৰ ৰসাস্বাদন কৰিবলৈ পাঠক ৰাইজৰ ভাগ্য লাগিব৷ যিটো সময়ত এচাম ছেল্ফ-প্ৰক্লেইমড্ পণ্ডিত-সৰ্বজান্তাই ৰাতিটোৰ ভিতৰতে খিচিৰি পকাই সাহিত্যৰ নামত “মোৰ প্ৰিয় প্ৰাণী গৰু, মুৰ্গীৰকণীঘূৰণীয়া, হেই হুৰ-হুৰ-যাহ্-যাহ্” আদি শতাব্দী-পুৰণি বাক্য-বচনৰে ত্ৰিভুৱন কঁপাব লাগিছে, তেনে এক গুৰুত্বপূৰ্ণ ক্ষণতে মোৰ দৰে জেনুইন কুহুৰ-কুহুৰ..মন কৰিব দেই-‘জে-নু-ই-ন’মানে ‘খাঁটি’ লেখকৰ এখন কালজয়ী গ্ৰন্থই অসমীয়া সাহিত্যৰ নিশকটীয়া ভঁৰালটোলৈ কিমান বৰঙনি আগবঢ়াব পাৰে-সেই কথা অসম মুলুকৰ বাঘা-বাঘা চিন্তাবিদে নাজানিব পাৰে, কিন্তু মোৰ ফ্ৰান্সত থকা একান্ত শুভাকাংক্ষী তথা বন্ধু-সাহিত্যিক এলফেন্স’ কোৱাদ্ৰিমূলে ঠিকমতেই জানে৷ সেইকাৰণে মোৰ গ্ৰন্থ ‘চিন্তাৰ দুশ্চিন্তা’ৰ আৰম্ভণিতে‘লেখক চলিহাক মই কিদৰে জানো’ শীৰ্ষক মুখবন্ধটি তেখেতেই আগ্ৰেহৰে লিখি দিলে৷ এইয়া কি বাৰু! এইয়া হৈছে প্ৰকৃত সাহিত্যৰ সোৱাদ ল’ব জনা হাইলি ইনটেলেকচুৱেল আৰু খোজৰ লগত খোজ মিলাই চলিব জনা মৰ্ডাণ মানুহৰ ভাৱধাৰা৷ আমাৰ বীৰবলৰ সাধু পঢ়ি খিকখিককৈ হঁহা বিৰল প্ৰজাতিৰ সাহিত্যিকেসেইবোৰ ধাৰণাৰ ভূ-ভা নাপায়৷ আমি কেতিয়াকৈ আধুনিক হ’ম অ’ গোঁসাই? কেতিয়া? কেতিয়া? উত্তৰতমাথোঁঁ নীৰৱতাৰ কোলাহল৷

মনৰ দুখ মনতে সামৰি ভাবিলোঁ-নাই৷ গ্ৰন্থ এখন লিখিছোঁ যেতিয়া গ্ৰন্থ উন্মোচনী সভাখনত ওচৰ-পাজৰৰ দুই-এজন মানুহ নাথাকিলে কেনেবা-কেনেবা লাগিব৷ আহক, আহি অলপ তেওঁলোকেও বুজ লওক-প্ৰকৃত সাহিত্য আচলতে কি বস্তু! অথবা সাহিত্য মানেনো কি! জানক আধুনিক সাহিত্যৰ ৰস কিদৰে গিলিব লাগে! আমাৰ সেই ক্ৰিয়া বিভক্তি, কাৰক কিম্বা সমাসৰ পেনপেনীয়া মেলবোৰক লৈ ব্যস্ত হৈ থকা মানুহবোৰেও জানক অধিবাস্তৱবাদ কি, পলিটিকেল ছেটায়াৰ কি, বুজক কাল্পনিক ৰিয়েলজিমৰ মহত্ত্ব৷ সেয়েহে একে উদাৰনৈতিক চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈ মই আমাৰ অঞ্চলৰ ঘাঁই-ঘাঁই, পণ্ডিতহেন চেহেৰাৰ কুৰিজন মানুহক সভালৈ আমন্ত্ৰণ দিলোঁ৷ নিমন্ত্ৰণটো দিওঁতেই তেওঁলোকক দঢ়াই দঢ়াই কৈ দিলোঁ “বোলোঁ, বিলাভেদ ছাৰ আৰু মেডাম৷ ডু নট মাইণ্ড বাট, খালী হাতেৰে যেন অনুষ্ঠানলৈ নাহে৷ মোৰ কিতাপখনত উপস্থাপিত বিষয়বস্তুৰ বিষয়ে অলপ খৰচী মাৰি অধ্যয়ন কৰি আহিব৷ আমি উন্মোচনী অনুষ্ঠানৰ পাছত এটা ‘কিউ এণ্ড এ’ৰ আয়োজন কৰিছোঁ৷ ”

“বাপ্পাহাৰে! কিউ এণ্ড এ? সেইফেৰা কি জিনিছহে চলিহা? ”-বেজবৰুৱাৰ সৰল প্ৰশ্ন৷

“বেজবৰুৱা! আপুনি কিউ এণ্ড এ মানে বুজি নাপায়৷ ” মই নাক-মুখ কোঁচাই হৰিধ্বনি দিলোঁ৷ তাৰপিছত ক’লোঁ-“অসমীয়াত অ’হ ছ’ৰি এছামিজ লেংগুৱেজত আপুনি মাষ্টাৰ্ছ ডিগ্ৰীডাল কেলেনো ল’লেহে! কিউ এণ্ড এ মানে কুৱেছন এণ্ড এনছাৰ! মানে বাৰ্তালাপ৷ মানে সাহিত্যিকৰ লগত আন্তৰিক কথোপকথন৷ ”

“অ’হ বুজিলোঁ৷ ”

দেখিলে ৰাইজ, সেইয়া হৈছে আমাৰ মানুহ৷ ‘কিউ এণ্ড এ’ মানে কি বুজি নেপায়৷ এইসকল প্ৰতিভাধৰে অসমীয়া সাহিত্যৰ কি উন্নতি সাধিব-মোক কাইণ্ডলি আপুনি কওক৷ কিবা ক’ব!  উত্তৰ আছে? মোৰ হাতততো ভাই নাই৷

সিপিনে আকৌ আমাৰ স্বনামধন্য গৱেষক কুশীলৱ কৌশিকে সুধিছে-“গ্ৰন্থ উন্মোচনী সভাত কি খোৱাব? চিঙৰাৰ লগত টমেট’ ছ’ছ থাকিবনে নেথাকে? যদি নাথাকে, চিঙৰাৰ লগত সানি খাবলৈ ৰসগোলাৰ ৰস থাকিবনে নাথাকে? ”

সেপটো সাৱধানেৰে গিলি মই জৱাব দিলোঁ-“থাকিব বোপাই৷ ৰসগোল্লাও থাকিব৷ তাৰ ৰসো থাকিব৷ আপুনি দেখা দিলেই হ’ল৷ পিছে অমূল্য বৰুৱা আজি জীয়াই থকাহেঁতেন বৰ লাজ পালেহেঁতেন৷ ”

“কোন অমূল্য বৰুৱা? মোৰ বংশত অমূল্য বৰুৱা বুলিকোনো নাই৷ ”

“সেই যে সুধিছিল-আমি খাবৰ বাবে জীয়াই আছোঁনে জীয়াই থাকিবৰ বাবে খাইছোঁ? ”

“মই খাই ভাল পাওঁ৷ ”-কৌশিকৰ অকপট স্বীকাৰোক্তি৷

“বুজিলোঁ৷ হ’ব৷ চিন্তা নাই৷ আপোনালোকৰ দৰে খাই ভাল পোৱা গ্ৰন্থপ্ৰেমীৰ বাবে চিকেন চাউমিন আৰু গৰমা-গৰম জিলাপিৰো দিহা কৰিছোঁ৷ আহি পেটডাল ফিল আপ কৰি যাব৷ ”

দেখিলে কাণ্ড! এইসকলেই আমাৰ ভৱিষ্যত৷ কেৱল খাওঁ-খাওঁ-খাওঁ-খাওঁ৷ এনেকৈ আমি হ’বলা অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম! মোৰতো মনে নকয়৷ আপোনাৰ একা?

যি কি নহওক, টকা এহাজাৰ হাতত দি নিউজ চেনেলৰ ল’ৰা দুটামানক যথাসময়ত অনুষ্ঠানত আৰ্ৱিভাৱ হ’বলৈ ক’লোঁ৷ বোলোঁ-“অকণমান পাৰিলে মোৰ নিউজটো হাইলাইট কৰিবি৷ পাৰিলে দুই-চাৰিজন অতিথিৰ ‘বাইট’ ল’বি৷ ওভতগোৰে নচা মানুহৰ কথাবোৰ ডিলিট কৰি দিবি৷ কাৰণ মোৰ গ্ৰন্থখন অলপ উচ্চখাপৰ৷ গভীৰ তত্ত্বৰ ভূ বুজা মানুহ খুব বেছি দুজন বা তিনিজনহে ওলাব৷ বুজিলিতো? ”

“একদম দাদা৷ আপুনি বিন্দাছ থাকক৷ ”

“থাকিম বাৰু বিন্দাছ৷ সময়ত মাথোঁঁ আহি যাবি৷ ”

আহিল৷ সাংবাদিক, কেমেৰামেন, গৱেষক, সমালোচক আৰু সভাশুৱনি পাঠকসমাজ সময়তেই আহিল৷ মেইন ডিছ উদৰস্থ কৰাৰ আগতে ৰাইজে ষ্টাৰ্টাৰত থকা প্লেইন ছিপছ্ আৰু ছিকেন পকোৰাৰ সোৱাদো লৈ ল’লে৷ দুজনমানে থাওকতে গৈ চাধা দুপালিও ওঁঠৰ তলত ভৰাই মুহুদী কৰি আহিলে৷ সিপিনে মুখ্য অতিথি বৰবৰুৱাৰ পিছে পিছে খোজকাঢ়ি মই ৰঙা ফিতা কাটি কিতাপ উন্মোচন কৰিবলৈ আগবাঢ়িলোঁ৷ মোৰ জীৱনৰ এক গৌৰৱোজ্জ্বল মুহূৰ্ত৷ সাধাৰণতে মোৰ চকুপানী নোলায়৷ কিন্তু আজি ৰ’ব নোৱাৰিলোঁ৷ চকুৰ পৰা নাতিশীতোষ্ণ পানীৰ টোপাল কেইটামান সৰসৰকৈ বাগৰি আহিল৷

“হেৰা চলিহা, তুমি বাৰু কি ভাবিছা! গ্ৰন্থখনৰ ছেল কেনেকুৱা হ’ব? ”

হঠাতে মুখ্য অতিথি বৰবৰুৱাই পিছফালে ঘূৰি মোলৈ প্ৰশ্ন টোঁৱালে৷ চকুত তেওঁ সন্দেহ আৰু অসন্তুষ্টিৰ ভাৱ৷

“হ’ব চাগে দুশ-তিনিশখনমান৷ ”-চকুৰ পানী পটাপট মচি মই তেওঁক এটা সম্ভাৱনাৰ কথা উনুকিয়ালোঁ৷

“কিবা এটা কৰোঁ আহা৷ ”-বৰবৰুৱাই প্ৰস্তাৱ দিলে৷ মই ধৰিব নোৱাৰিলোঁ-তেওঁ কি ‘কিবা’ কৰিবলৈ ওলাইছে৷

“কি কৰিবনো এই মূৰামূৰি সময়ত? ”

“আৰে ভাই, এই মানুহখিনিয়ে চিকেন পকোৰা খাব, আৰামত তোমাৰ ভাষণ শুনিব, মজা মাৰি এচিৰ হাৱা ল’ব আৰু শেষত একো একোখন কিতাপ বিনামূলীয়াকৈ সৰকাই তোমাৰ পৰা বিদায় ল’ব৷ তুমি কিডাল পাবা? একোডাল নোপোৱা৷ ”

“আপোনাৰ মাঠাত কিহে উক্মুকাইছে চিধাচিধি কওক৷ ”

“সেইটোৱেই৷ ”

“মানে? ”

“মানে গ্ৰন্থ উন্মোচনী সভাত যদি কিবা এটা উক্মুকনি নুঠে, তেতিয়া সেই সভাৰ পৰা একোডাল লাভ-চাভ নহয়৷ ক’ৰ লেখক, কি কথা, কি লিখিছে-এইবোৰ মানুহে একো ভূ-ভা নাপায়৷ পাবা৷ তোমাৰ ফেইচবুকত থকা পাঁচহাজাৰ মানুহৰ পৰা তুমি আদৰ-সাদৰ নিশ্চয় পাবা৷ কিন্তু অসমত তিনি কোটি মানুহ৷ তাৰে ধৰি লোৱা কিতাপ পঢ়া মানুহ এক লাখ৷ সেই এক লাখ মানুহক তুমি তোমাৰ কিতাপখনৰ কথা কেনেকৈ ক’বা? কেনেকৈ? কিবা এটা উক্মুকনি লাগিব৷ আৰু সেই উক্মুকনিৰ নাম কি জানানে? ”

“বিতৰ্ক? ”

“একজেকলি৷ তুমি জেগাত ধৰিছা৷ আচ্ছা, তোমাৰ কিতাপত “লাচিত বৰ দুষ্ট মানুহ” নামৰ বাক্যটি পাইছোঁ৷ ”

“অঁ, মোৰ লাচিত নামৰ বন্ধু এটা আছিল৷ ”

“সেইটো তুমিহে জানা৷ ”

“মানে? ”

আশ্চৰ্যকৰ কথা, মোৰ ‘মানে’টোৰ উত্তৰ বৰবৰুৱাই নিদিলে৷ তাৰ পৰিৱৰ্তে তেওঁ ৰঙা ফিতা খুলি, কিতাপ উলিয়াই, সমুখত বহি থকা ল’ৰাটোক ম’বাইলৰে ভিডিঅ’ কৰিবলৈ দি মুখখন মোকলাই ল’লে৷ তাৰপিছত নিজৰ তেজ আৰু দেহা গৰমাই ক’লে-“মই বৰ দুখেৰে ক’বলগীয়া হৈছে যে-মোৰ ভ্ৰাতৃপ্ৰতীম লেখক সদানন্দ চলিহাই তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘চিন্তাৰ দুশ্চিন্তা’ত লাচিত বৰফুকনক বৰ বেয়াকৈ অপমান কৰি কথা কৈছে৷ তেওঁ চিধাচিধি ভাষাৰে “লাচিত বৰ দুষ্ট মানুহ” বুলি মন্তব্য দিছে৷ এনে মন্তব্য বৰ্জনীয়, লজ্জাজনক আৰু গ্ৰহণ-অযোগ্য৷ মোৰ কথা বিশ্বাস হোৱা নাই যদি আপোনালোকে কিতাপখন পঢ়ি চাওক আৰু তেওঁৰ বিপক্ষে চোকা সমালোচনা লিখক৷ ধন্যবাদ৷ ”

“এইয়া আপুনি কি কৰিলে বৰবৰুৱা? ”-মোৰ থৰকাছুটি হেৰাল৷

“তুমি খেলখন চাই থাকা৷ এইখন খেলৰ নাম হৈছে ‘অশ্বত্থামা হত, কিন্তু ইতি গজ’৷ মানুহে লাচিত শব্দটোহে শুনিলে, কিন্তু লাচিতৰ উপাধিটো নুশুনিলে৷ মানে মই নক’লোঁৱেই যে! হেহেহেঃবাৰু৷ সন্ধিয়া মোক ফোন কৰিবা৷ ”

বিশ্বাস কৰিবনে নকৰে নাজানো, যিখন কিতাপৰ দুশটা কপিও বিক্ৰী নহ’ব বুলি ভাবিছিলোঁ, সেইখন কিতাপৰ প্ৰথমটো সংস্কৰণ পাঁচ ঘণ্টাতে শেষ৷ মই ধৰিব পৰা নাই, হাহোঁৱেই নে কান্দোঁৱেই! সিফালে ছ’ছিয়েল মিডিয়াত জাতীয়তাবাদীসকলে বিৰামহীন গতিৰে গালিবৰ্ষণ চলাই আছে৷ এঠাইৰ পৰা পুত্তলিকা দাহ আৰু জংগী আন্দোলনৰো ধমকি আহিছে৷ ছাত্ৰ সন্থাও গৰজি উঠা খবৰ পাইছোঁ৷ কৃষক নেতাও ফায়াৰ৷ তাৰমাজতে আহক বৰবৰুৱাৰ ফোন৷ বৰবৰুৱাৰ মাতটো বৰ দূৰণিৰ পৰা অহা যেন লাগিল৷

“কি কৈছিলোঁ মই! দেখিলা? ”-বৰবৰুৱা আনন্দত উত্ৰাৱল৷

“ক’ত আছে আপুনি? ”

“আবেলিৰ ফ্লাইটেৰে তামিলনাডুৰ থকা ভনীজনীৰ তালৈ আহিছোঁ৷ নেক্সট উইকত সাতদিনীয়া যোগাসনৰ কেম্প এটা আছে৷ পাহাৰৰ মাজত থাকিমগৈ৷ ” –বৰবৰুৱাই হাঁহি হাঁহি ক’লে৷

“নৌ কমেণ্টছ্! ”

“বাদ দিয়া৷ তুমি এনজয় কৰা৷ ছেকেণ্ড এডিছনত কিতাপ সৰহকৈ উলিয়াবা৷ ইন ডা মিনটাইম থানাত তোমাৰ নামত দুই-এটা কেছো পৰি যাব৷ ভিজা মেকুৰী হৈ নাথাকিবা৷ কৈ দিবা যে এইজন লাচিত-লাচিত কলিতাহে৷ বৰফুকন নহয়৷ মানুহে মোক ভুলকৈ বুজিলে৷ বছ, খেল খটম৷ বুজিলানে? ”

“মানুহে মোক ধুই আছে৷ ”

“একো নাই৷ গ্ৰন্থ উক্মুকনি সভাবোৰ এনেকুৱাই৷ সৰু-সুৰা বিতৰ্ক থাকেই আৰু৷ দুদিন পাছতে সব ঠাণ্ডা হৈ যাব৷ ”

বৰবৰুৱাই ফোন ৰাখিলে৷ মই ইহকাল-পৰকাল চিন্তি অলপ মৌন হৈ থাকিলোঁ৷

তাৰ দুদিন পাছত আকাশখন ফৰকাল হ’ল৷ মানে অসমৰ বৌদ্ধিক আকাশখনৰ পৰা ডাৱৰ আঁতৰিল৷ মোক গালি পাৰি পাৰি গালিপ্ৰিয় ৰাইজৰ ভাগৰ লাগিল৷ ঠিকে আছে৷ কনচেপ্টটো বেয়া নহয়৷  ভাবিছোঁ, আকৌ নতুন এখন গ্ৰন্থ লিখোঁ৷ এইবাৰ ‘শংকৰ’ নামৰ মানুহ এজনৰ বিষয়ে লিখিম বুলি ভাবিছোঁ৷ বৰবৰুৱাই কৃপা কৰিলে এই ‘শংকৰ’ক লৈয়েই অহা বছৰত মোৰ গ্ৰন্থ উক্মুকনি সভাখন পাতিম৷ আপোনালোকে আশীৰ্বাদ কৰিব৷

☆ ★ ☆ ★ ☆

6 Comments

  • ৰিণ্টু

    বাপ ৰে, তামাম লিখিছা দেই

    Reply
    • ঈশান

      অশেষ ধন্যবাদ ৰিণ্টু দা ।

      Reply
  • HEMANTA KAKATI

    বিতৰ্ক নহলে সকলো মিছা৷ তামাম ঈশান৷

    Reply
    • ঈশান

      হেহেহেঃ । ধন্যবাদ হেমন্ত দা ।

      Reply
  • কাবেৰী মহন্ত

    একদম এইবোৰেই হয়৷ বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published.