ফটাঢোল

‘চাবধান’-বিশ্ৰাম! – জ্যোতিৰূপম দত্ত

মোৰ এটা প্ৰিয় কাম হ’ল ‘ঘুমটি মাৰা’! মানে শোৱা! সাধাৰণভাৱে শোৱা নহয়, ফষ্টি মাৰি শোৱা৷ মানে আমাৰ বৰপেটীয়া দোৱানত ‘ধিচমল্লা দি ঘুমো’! মই একেবাৰে কুম্ভকৰ্ণৰ দৰে শুই থাকি বৰ ভাল পাওঁ৷ শোৱা সময়ত নাকৰ শব্দও বাৰুকৈয়ে হয়৷ যতে ততে শুব পাৰো৷ শুবলৈ বিছনাও নালাগে, চকী-চোফা কিবা এখন হলেই হৈ যায়৷ সময়-অসময় নাই, বিছনাত পৰিলেই চকুৰ পতা জাপ খাই শৰীৰটো আঠুভঙা ‘দ’টোৰ দৰে হৈ যায়৷ বাৰু যি নহওক, মোৰ বাবে টোপনিৰ সমান একোৱেই নাই!

বহুদিন আগৰ কথা৷

মই মোৰ বৰ্তমানৰ সহধৰ্মিনী দীপজ্যোতিক প্ৰেমৰ প্ৰস্তাব দি কোনোমতে ‘হা’ কৰাইছিলোহে৷ সেইখনো এখন মহাভাৰত, সময় সুবিধা পালে কেতিয়াবা কম৷ তাইৰ ঘৰ শিৱসাগৰত, মই গুৱাহাটীৰ৷ তায়ো সেই সময়ত গুৱাহাটীতে চাকৰি কৰি আছিল৷ কিছুদিন পাৰ্ক, ৰেষ্টোৰাঁ, চানমাৰিৰ ফ্লাইঅ’ভাৰত দুৰ্দান্ত প্ৰেম কৰাৰ পাছত এদিন ভাবিলো যে ভাবী শহুৰৰ ঘৰখন চাই অহাটো দৰকাৰ৷ দীপজ্যোতিৰ জীৱনত মোৰ অৱস্থিতি আৰু উপস্থিতিৰ কথা একেবাৰে সমুখা-সমুখিকৈ জনাই অহাটো ভাল হ’ব৷ মনত অলপ দোধোৰ-মোধোৰ (ভয়!) থাকিলেও মুখত একো ফুটাই কোৱা নাছিলো৷ ফোনত তাইৰ ঘৰৰ মানুহৰ সৈতে কথা পতা হলেও, কাকো লগ পোৱা নাছিলো৷ এদিন দীপজ্যোতিক জনাই দিলো, “তহঁতৰ ঘৰলৈ গৈ মই কথা পাতি আহিম!”

কথা মতেই কাম৷ দীপজ্যোতিয়ে ঘৰৰ সৈতে কথা পাতিলে৷ অফিচৰ পৰা ছুটী আদি লোৱাও হ’ল৷ যাত্ৰাৰ দিন-বাৰ ঠিক হ’ল৷ কথা হ’ল যে দিনত অফিছ কৰি মই আৰু দীপজ্যোতি নাইট ছুপাৰত যাম৷ দিনটো থাকি মই আকৌ নাইট ছুপাৰতে ঘুৰি আহিম৷ দীপজ্যোতি ঘৰতেই থাকি যাব৷ তাই কেইদিনমান পিছত ঘুৰি অহা কথা৷ বাছৰ টিকেট আদিও কৰা হ’ল৷

যাত্ৰাৰ দিনা মই অফিচৰ কামত ব্যস্ত৷ দিনটো তেনেকৈয়ে গ’ল৷ অফিচৰ পৰা বাহিৰে বাহিৰে নিশাই দৌৰা দৌৰিকৈ পল্টন বজাৰ পালো৷ দুয়ো বাছত উঠিলো৷ বাছত উঠাৰ পৰাই মোৰ চিন্তা আৰম্ভ হ’ল৷ কি হ’ব এতিয়া? মোৰ বাবে তেতিয়া শিৱসাগৰ হ’ল নজনা নুশুনা দিকচৌ ঠাই!

– ‘আমাৰ ছোৱালীহে ফচাবলৈ (পটাবলৈ!) পালি নেকি?’

এইবুলি আটাইমখাই ধৰি বান্ধি কিলায় যদি! মইহে বেছি হিৰ’গিৰি দেখুৱাবলৈ গ’লো নেকি? অক্ষয় কুমাৰ, ছানি দেউলৰ চিনেমা চাই চাই নিজকে তেনে বুলি ভাবি ভুলেই কৰিলো নেকি?

বাছত মুঠেও টোপনি নাহিল৷ দীপজ্যোতিয়ে মাজে মাজে দুই এটা কথা কৈ গৈছে৷ মই ‘হা, হুম, অ’ বুলি শলাগি গৈছো৷ এনেতে নগাওঁৰ আমনিত গাড়ীখন ৰখালে৷ দুয়ো নামিলো৷ ভোক লাগিছিল৷ আমিষ ভাত দুই থালি অৰ্ডাৰ দিলো৷

আইঔ! গৰুৱেও লাজ পাবলগীয়া ভাতৰ থালি! চিকেনৰ বাটিত ডুব মাৰি খেপিয়াই খেপিয়াই কোনোমতে ব্লেডৰ দৰে চিকেন দুটুকুৰা উদ্ধাৰ কৰি আখৈৰ দৰে মোটা মোটা ভাত দুগৰাহ খালো৷ ইফালে সিফালে ঘুৰি চাই দেখো যে ভাতৰ সলনি ৰুটী অৰ্ডাৰ দিয়া কেইজনমানে ডবহা ৰুটী কেইখন থপৰিয়াই এবস্তামান পাউদাৰসদৃশ বস্তুৰে গোটেইখন ধোঁৱা-কোৱা কৰিছে! তাৰ পাছত সেই ৰুটী কেইখন দাঁতেৰে চিঙিবলৈ বৃথা চেষ্টা কৰিছে৷ ৰুটীকেইখন তেনেদৰে কোনোমতেই চিঙিব নোৱাৰি অৱশেষত টেবুলত থকা ডাইলৰঙী জুলীয়া দ্ৰব্যবিধত তিয়াই লৈ কোমলাবলৈ চেষ্টা কৰিছে৷ উফ! কি যে দৃশ্য!

যি নহওক, খোৱা-বোৱাৰ নামত বাটিত ডুব মৰা, ৰুটী চিঙিবলৈ টনা-আজোৰা আদি কাৰ্য্য সমাপন কৰি আকৌ বাছত বহিলো৷ বাছখন অলপ দূৰ যোৱাৰ লাইটবোৰ নুমুৱাই দিলে৷ সিদিনা জোনাক নিশা আছিল৷ বাছৰ খিৰিকীৰে এজোলোকা জোনাক আহি আমাৰ গায়ে-মুৰে পৰিল৷ দীপজ্যোতিৰ টোপনি আহিল৷ তাই খিৰিকিৰ কাষৰ ছিটটোত পৰম নিৰ্ভয়ে শুই গৈছিল৷ মই লাহেকৈ মোৰ ছিটটোত হেলান দি পিছদিনাৰ পৰিস্থিতিৰ কথা ভাবিবলৈ ধৰিলো৷

: ঘৰৰৰ!! খকককক! পুউউউট!!

চিলমিলকৈ হয়তো টোপনি আহিছিল৷ এনেতে অলপ দুৰ যোৱাৰ পাছতেই কেইটামান অদ্ভুত শব্দত সাৰ পাই গলো৷ সাৰ পাই গম পালো, ইতিমধ্যে বাছৰ কেইজনমানে নিজা নিজা শব্দ কৰিবলৈ আৰম্ভ কৰিছে৷ কোনোবাই নাকেৰে, কোনোবাই মুখেৰে, কোনোবাই আকৌ গুৰিলৈকে এপেট খাই লৈ দেহৰ পৃষ্ঠদেশৰ ৰন্ধ্ৰৰ পৰাও বিকট শব্দেৰে বায়ু প্ৰক্ষেপণ কৰিবলৈ আৰম্ভ কৰিলে!

মোৰ টোপনি সেইফালেই শেষ হ’ল৷ দীপজ্যোতিক আমনি নকৰাকৈ কোনোমতে কাষৰ খিৰিকীৰ আইনাখন অলপ বহলকৈ মেলি মানৱসৃষ্ট ‘মিথেন গেছ’ৰ সলনি অম্লজান ললো৷

বাছখন চলি গৈ থাকিল৷ মাজে মাজে কোনোবা এখন চাহবাগিছা, সৰু চহৰ, গাওঁ, পথাৰ, নৈ, দলং আদি পাৰি হৈ গৈ থাকিলো৷ জোনটোও আমাৰ সৈতে গৈ থাকিল৷ মোৰ তন্দ্ৰামগ্ন চকুত মাজে মাজে ভাঁহি আহে, “আমাৰ ছোৱালী নিবলৈ আহিছ’ কটা নিধক!! ৰহ আজি তোক!!” খকমককৈ সাৰ পাই যাওঁ৷ উপায় নাই৷

জুবিনৰ ‘মিশ্যন চাইনা’ৰ ডায়লগ এটা সিদিনা মোৰ অৱস্থাৰ সৈতে একেবাৰে মিলি গৈছিল, “মোৰ এই যাত্ৰাৰ শেষ ক’ত মই নাজানো!”

অৱশেষত পুৱতিনিশালৈ চকুদুটা জাপ খালে৷ এনেতে কোনোবাই বাছৰ বডীত ঢকিয়াই চিঞৰিলে,

-“এই যুহাট! যুহাট! উঠক উঠক! যুহাট!”

খকমককৈ সাৰ পালো৷ দুজনমানে আন্ধাৰতে খেপিয়াবলৈ ধৰি মোৰ গালে-মুখে হাত দিলে! ওপৰৰ পৰা বেগ এটা ধৰমকৈ মোৰ কান্ধতে পৰিল৷

: অ’! চয়ি দেই!

গম পালো৷ মই ইতিমধ্যে উজনি অসমত পবেশ (প্ৰবেশ!) কৰিলো!!

দীপজ্যোতিয়েও ইতিমধ্যে সাৰ পালে৷
: আৰু বেছি দূৰ নাই!

মোৰ বুকুৰ ধপধপনি বাঢ়ি আহিল!

: এএএএইই গৌউইসাগঅ’! গৌউইসাগঅ’ গৌউইসাগঅ’!! কোনোবা আছে নি বাউ? গৌউইসাগঅ’ আছে নি?
আকৌ বাছৰ হেন্দিমেনটোৰ মাতষাৰ শুনা পালো৷

: ব’লা, আমি পাবৰ হৈছে৷ – দীপজ্যোতিয়ে কলে৷

মই ইষ্ট-কুটুম্ব, নাৰায়ণৰ নাম লৈ সাজু হ’লো৷ বাহিৰলৈ চালো৷ প্ৰায় আন্ধাৰ৷ দিগন্তত সামান্য পোহৰৰ ৰেশ দেখা গৈছে৷

দীপজ্যোতিয়ে খিৰিকীৰে বাহিৰলৈ চাই একেৰাহে কৈ গ’ল – “বাইপাছ হৈ যোৱা নাই, ভালেই৷ মোক কণ্ডাক্টৰজনে আগতেই কৈছিলে অৱশ্যে৷ ঘৰৰ আগতেই নামিব পাৰিম৷ অলপ খোজকাঢ়িব লাগিব৷ এয়া মেডিকেল পালোহি৷ এয়া ন-পখুঈ, পুঅনী-পুখুঈ! পামেই আউ!!

ঘৰৰ ওচৰ পোৱাৰ লগে লগে তাইৰ মুখৰ কিছুমান শব্দ লাহে লাহে মোৰ বাবে অচিনাকি হৈ আহিল!

বাছখনে এইবাৰ লাহেকৈ টাৰ্ণিং এটা ললে৷

-অখোৱা! অখোৱা!! এই টেনফঅমাআটোৰ কিনাঅতে অখোৱা!! – দীপজ্যোতিৰ মুখত কাহানিও নুশুনা কেইটামান শব্দ!

মোৰ বাবে শব্দকেইটা অদ্ভুত হলেও সেই শব্দকেইটাৰ জোৰতেই বাছখন ৰৈ গ’ল! মই দুয়োৰে বেগদুটা লৈ বাছৰ পৰা নামি আহিলো৷

পূৱফালে সামান্য পোহৰৰ ৰেশ দেখা গৈছে৷ মূল পথটো প্ৰায় অন্ধকাৰ৷ সমুখত এটা তিমিৰাছন্ন গলি৷ সামান্য পোহৰতে মই গলিটোৰ কাষত থকা ছাইনবৰ্ডখন ঠিকেই পঢ়িবলৈ পাৰিলো – ‘পহৰাদাৰ আলি’!

দীপজ্যোতিয়ে ইতিমধ্যে ৰাস্তাটো পাৰ হৈ গলিটোৰে খোজ লৈছিল৷ তাইৰ কথাত উচ্ছাসৰ সুৰ!

– এইটো অমুকৰ ঘৰ, এয়া অমুকৰ ঘৰ! উৱা! ইহঁতে নতুনকৈ ঘৰ বনালে!!

ঘৰ দুটামানৰ বাৰাণ্ডাত দুই এজন মানুহৰ অৱয়ব দেখাও পালো৷ হয়তো প্ৰাতঃভ্ৰমণলৈ সাজু হৈছে৷ মই ভাবিলো, টালি-টোপোলা বান্ধি ছোৱালী এজনীৰে মোক এনে অৱস্থাত দেখা পাই কি ভাবিছে বাৰু? ছোৱালী পলুৱাই নিবলৈ অহা বুলি ভাবিলে শেষেই! কিহে পাইছিল বাৰু মোক!

এনেতে তাই সোফালে ঘুৰি আন এটা পথ ললে৷ ময়ো বিনাবাক্যব্যয়ে দীপজ্যোতিক অনুসৰণ কৰিলো৷ মন কৰিলো, তাইৰ খোজবোৰ ক্ৰমে খৰ হৈছে৷ হবই, নিজৰ ঘৰখনলৈ বহুদিন অহা নাই যে! পিছে মোৰ ভৰিদুখন লাহে লাহে গধূৰ হৈ অহা যেন লাগিল!

এনেতে আছাম টাইপ ঘৰ এটাৰ কাষত তাই ৰৈ গ’ল৷
– পাই গলো! এইটোৱেই আমাৰ ঘৰ!

কথাষাৰ কৈয়েই তাই চিঞৰিবলৈ লাগি গ’ল-
– মাআআমন! ভণ্টীইইইইই!! গেটখন খোল! আমি আহি পালো!! ঐঐঐ! মাআআমন! ভণ্টীইইইইই!!

মোৰ ভৰিৰ তলৰ পৰা যেন মাটিখিনি খহিহে পৰিব এতিয়া! পুৱতি নিশাখন, ডেকা ল’ৰা এটা কাষত থিয় দি থকা অৱস্থাত চিঞৰিব লাগিছে!

মই মনে মনে ভাবি আছো৷ যদি চিঞৰ শুনি আটাইবোৰ লাঠি-টাঙোন লৈ খেদি আহে! এনেয়ো আহিবই পায়, নুশুনা নেদেখা ঠাই, তাতে প্ৰেম সংক্ৰান্তীয় ব্যাপাৰ!

এনেতে কাষৰ গছ এডালৰ পৰা ধপধপাই কিবা এটা উৰি গ’ল! দীপজ্যোতিৰ চিঞৰ শুনি কুকুৰ দুটামানেও ৰাউচি জুৰিলে৷ মই ইষ্টদেৱতাক সুৱৰি কোনোমতে ৰ’লো৷

এনেতে ঘৰৰ ভিতৰত দুটামান লাইট জ্বলি উঠিল৷ মই একেথৰে চাই ৰ’লো৷ অলপ পৰ পাছতেই কোনোবা এজনী ওলাই অহা দেখিলো৷

: মামন! – দীপজ্যোতিয়ে চিঞৰিলে!

সিফালৰ পৰা কোনো উত্তৰ পোৱা নগ’ল৷ সেয়া দীপজ্যোতিৰ সৰু ভনীয়েক৷ মই হাতলৈ চালো৷ দীঘল… মানে লাঠি চাঠি কিবা আছে নেকি? … নাই!! উফ ৰক্ষা! গেটখনৰ কাষলৈ আহি মামনে হাতখন খেপিয়াই ছাবি এপাট উলিয়ালে৷ অলপ যুঁজি গেটখন খুলিলে৷

: আহিলি? – সামান্য মিহি মাত এটা শুনা গ’ল৷ মোৰ ফালে কেৰাহিকৈ এটা চাৱনি দি একো নকৈ তাই আকৌ অহা বাটে গুচি গ’ল৷

মই উশাহটো সামান্যকৈ টানি ললো৷ তাৰ পাছত মুল দুৱাৰখনেৰে দীপজ্যোতিৰ মাক আৰু দেউতাক ওলাই আহিল৷ মই লাহেকৈ ভাবী শাহুআইৰ হাতলৈ চালো, লাঠি-চাঠি কিবা লৈ আহিছে নেকি? ঘৰৰ বাৰাণ্ডাতে যদি বোৱাৰীপুৱাতেই মোৰ পিঠি বহল কৰি দিয়ে!!

ৰক্ষা! একো নাই৷ মই ভিতৰলৈ সোমাই গলো৷ ড্ৰয়িংৰূমতেই বহিলো৷ দীপজ্যোতিয়ে ইতিমধ্যে মোক তেনেকৈয়ে এৰি থৈ একেবাৰে শোৱনীকোঠা পাইছিলগৈ৷ তাই ইতিমধ্যে ভায়েক-ভনীয়েকহঁতৰ সৈতে কথাৰ মহলা মাৰিবলৈ আৰম্ভ কৰি দিছিল৷

মই ভাবী শাহু-শহুৰৰ সৈতে দুই এটা সাধাৰণ কথা পাতিলো৷ এনেতে মোলৈ মনত পৰি দীপজ্যোতি ড্ৰয়িংৰূমলৈ আহি গা-ধুবলৈ পানী আদি যতনাই দিয়াৰ কথা ক’লে৷ মই ৰক্ষা পৰিলো৷ গা-পা ধুই আহি চাহৰ টেবুলত বহি বৰ ধুনীয়াকৈ চাহ একাপ খালো৷ সকলোৰে কথাবতৰাত আশ্বস্ত হৈ মই নিশ্চিত হলো যে এইখন ঘৰত মোক এতিয়া অন্ততঃ কোনেও গুৰুলা-গুৰুলকৈ নিপিটে৷ এটা নিৰ্ভয় মনৰ বাতাবৰণ পাই ইতিমধ্যে মোক টোপনিয়ে লাহে লাহে জোকাবলৈ আৰম্ভ কৰিছিল৷

মোৰ অৱস্থাটো গম পাই শাহুআয়ে মোক অলপ শুই লবলৈ ক’লে৷ মই অলপ লোকক দেখুৱাই হেঁহো-নেহো কৰি মান্তি হ’লো৷ দীপজ্যোতিৰ ভনীয়েকহঁতে ইতিমধ্যে মোৰ বাবে বিছনা ঠিক কৰিছিলেই৷ মই উঠি গলো৷ ডাইনিং ৰুমৰ কাষৰ ৰুমটোৰ প্ৰথম বিছনাখন মোৰ বাবে সাজু কৰা হৈছিল৷ ইফালে সিদিনাৰ মুখ্য আকৰ্ষণ দীপজ্যোতি আইদেৱে ইতিমধ্যে কাষৰ শোৱনী কোঠাটোত গুৱাহাটীত ইমান দিনে মুকলিকৈ কবলৈ নোৱাৰা নিজৰ ‘ৰ’ বৰ্জিত সংলাপসমুহ একেধাৰে প্ৰক্ষেপ কৰি গৈছিল৷ তাৰ লগতে ‘অথনি, ছি কটা, হয় নি, আও, হৈছেগে আউ!’ৰ দৰে শব্দসম্ভাৰৰ নিৰ্মোহ প্ৰক্ষেপন!

পিছে বিছনাখন আৰু ৰুমটোৰ পজিশ্যন দেখি মোৰ টোপনি ক্ষন্তেকতে কৰবালৈ উৰি গ’ল৷ বিছনাখন ৰুমটোৰ দৰজাখনৰ সমুখতে, দুৱাৰখন বন্ধ কৰিবলৈও ভাল নালাগিল৷ পাতল পৰ্দাখন ফেনৰ বতাহত মাজে মাজে চিলাৰ দৰে ওপৰলৈ উৰি থকাও দেখিলো৷ ৰুমটোৰ আগেৰে সকলোৱে অহাযোৱা কৰি থকাও দেখিলো৷ তেনে অৱস্থাত মই কেনেকৈ ফষ্টিৰে শুব পাৰো বাৰু? আঠুভঙা দ’ৰ কথা বাদেই দিলো, প্ৰথম দিনাই নাসিকাগৰ্জন শুনিলে ভাবী শহুৰৰ ঘৰখনে কি ভাবিব বাৰু?

এইবোৰ বহু কথা ভাবি মই সিদিনা ‘চাবধান’ হৈয়ে ‘বিশ্ৰাম’ লোৱাৰ কথাই ঠিৰাং কৰিছিলো৷ মানে হাত দুখন শৰীৰৰ কাষত, ভৰি দুখন একেবাৰে পোন, ওপৰলৈ মুখ কৰি কোনোমতে চকু কেইটা মুদি দিছিলো৷ পিছে অনবৰতে সাবধান হৈ আছিলো যে দেহাটো কোনোপধ্যেই ‘চাবধান’ পজিশ্যনৰ পৰা সলনি নহয় যেন!

সেই দিনটোৱেই মোৰ শহুৰৰ ঘৰত ‘চাবধান’ – ‘বিশ্ৰাম’ৰ দিন আছিল!
~~~~~~~~~~~~~~~~~~~~~~~~

বিঃদ্ৰঃ- সিদিনা সেই ‘চাবধান’-‘বিশ্ৰাম’ৰ পাছত সতেজ হৈ মই ঘৰৰ সকলোৰে আগত বুকু ফিন্দাই দমত কৈছিলো যে এইজনীক ময়েই নিম, আনলৈ দিয়াৰ কথা ভুলতো চিন্তা নকৰিব! কোনেও একো আপত্তি কৰা নাছিল৷ তাৰ পাছত দূপৰীয়া একাঁহী ভাত, গধূলিৰ জলপান কৰি বীৰদৰ্পে নিশাৰ বাছত পুনৰ গুৱাহাটীলৈ উভটি আহিছিলো! প্ৰায় চাৰিবছৰ মানৰ পাছত আমাৰ বিয়া হৈছিল৷
☆ ★ ☆ ★ ☆

10 Comments

  • Anonymous

    বাৰু আনিহে এৰিলে…
    সুন্দৰ।

    Reply
  • Mridula

    খুব ভাল লাগিল । বেছিকৈ ভাল লাগিল । মোৰ ৰাস্তা তে নামিল গৈ দেখোন ” পহৰা দাৰ আলি ” । চিনি পাম ছা ৈগ বৌৰ ঘৰখন ।
    ব ৰস পালো দেই …

    Reply
  • Rintumoni Dutta

    বঢ়িয়া লাগিল জ্যোতিদা

    Reply
  • সুকুমাৰ গোস্বামী ।

    “ঘৰৰ ওচৰ পোৱাৰ লগে লগে তাইৰ মুখৰ কিছুমান শব্দ লাহে লাহে মোৰ বাবে অচিনাকি হৈ আহিল!”
    এইটো মেইন কথা । মোৰো একেই কাহিনী ডিব্ৰুগড় পালে মানুহজনীৰ ভাষাই সলনি হৈ যায় ।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Anonymous

    শশুৰবাৰীখন চিনি পালো ভিনদেউ।

    Reply
  • Anonymous

    মামনক হে পালে, মন্দিআ ক নাপালে নেকি? 😂😂😂

    Reply
  • Kumkum D.Borah

    হাঁহিলো দেই….ময়ো শিৱসাগৰৰ বোৱাৰী😀😀😀
    তেজপুৰৰ ছোৱালী কাৰণে মোৰ “ৰ” থাকে।

    Reply
  • Kumkum D.Borah

    হাঁহিলো দেই….ময়ো শিৱসাগৰৰ বোৱাৰী😀😀😀
    তেজপুৰৰ ছোৱালী কাৰণে অৱশ্যে মোৰ “ৰ” থাকে।

    Reply
  • সুভাষ হাজৰিকা

    ৰসৰচনাখনত হাস্যৰস সৃষ্টি কৰিবলৈ যথাস্থানত প্ৰকৃত শব্দৰ প্ৰয়োগ আৰু সুন্দৰ পৰিবেশ বণ’নে অতি মনোগ্ৰাহী আৰু সুখ পাঠ্য কৰি তোলাৰ উপৰি পাঠকক আনন্দ দিয়াত সফল কাম হৈছে ৷শুভকামনা থাকিল ভাষাজননীক সেৱা কৰিবলৈ আৰু এই সুৱদী ভাষাটোৰ প্ৰতি নিজৰ পো নাতি পুতি যাতে শ্ৰদ্ধাশীল হয় তাৰ বাবে কৰনীয় খিনি কৰিবলৈ ৷

    Reply

Leave a Reply

Your email address will not be published.