ফটাঢোল

চিনি পোৱা নাই নেকি মোক?- নীতাশ্ৰী নেওগ

: উৱা,ঐ ঐ,  চিনি পোৱা নে কি মোক! অ’ই।

মোক উদ্দেশ্য কৰিয়েই কথাষাৰ কোৱা যেন লগাত স্কুটিখন ৰাখি ঘূৰি চালোঁ। মিঠাবৰণৰ, কেঁকোৰা চুলিৰে মধ্যমীয়া ওখ ল’ৰা এটা। মোলৈকে চাই হাঁহি আছে। চিনাকি যেন লগা নাই একেবাৰে। অৱশ্যে এইটো একেবাৰে সাধাৰণ কথা মোৰ বাবে। প্ৰায় প্ৰতিদিনেই এনেকুৱা ঘটনা মোৰ লগত ঘটে। বজাৰৰ ভিৰৰ মাজত হঠাতে কোনোবাই মাতি দিয়ে,

: অই ভালনে তোৰ?

মই কোন আছিল, ক’ৰ আছিল মনত পেলাব নোৱাৰি তই ক’ম নে, তুমি ক’ম চিন্তা কৰি, ভেবা লাগি চাই থাকোঁ।

 এদিন আকৌ এজনৰ লগত তই তইকে খুব কথা পাতি আছোঁ। শেষত তেঁৱেই ক’লে,

: মোক চিনি নাই পোৱা নহয়নে?

মই বোলো, : দস্তুৰমত পাইছোঁ। অমুকৰ মাহীয়েকৰ পুতেক নহয় জানো!

তেখেতৰ চকু টেলেকা হ’ল, মুখৰ হাঁহি মাৰ গ’ল আৰু বেঁকা হৈ পৰা মুখখনৰপৰা এপাত কৰ্ণভেদী বাণ মানে কথা এষাৰ ওলালে,

: গম পালোঁ দে কিমান চিনি পাইছ। আগতে আপুনি বুলি কৈছিলি। আজি তই কওঁতেই বুজি পাই গ’লোঁ কথাটো।

তাৰমানে ৰাইজে বুজিছেই নহয় কেনেকৈ ধৰাশায়ী হ’লোঁ। আজিও সেই তেনে হোৱাৰে লক্ষণ দেখিছোঁ। নাই, নাই দেই, আজি ৰিস্ক ল’ব নোৱাৰি।

ল’ৰাজনক কোনোপধ্যেই চিনাকিৰ শাৰীত থিয় কৰাব নোৱাৰি মগজুৰ দুৱাৰখন লাহেকৈ জপাই থৈ মুখখন খুলিলোঁ।

: মোক কৈছে নেকি?

: তই সঁচাকৈ মোক ধৰিব নাই পৰা মানে। ঘৰত গৈ লগাম ৰ মাৰক।

মাতটোত পাৰে মানে আত্মীয়তা সানি সি কৈ উঠিলে।

ঘৰুৱা ভাবটোৰ মিঠাখিনিতকৈয়ো মাক লগাম বোলা কথাষাৰৰ কেঁহাখিনিয়ে ডেৰডেৰাই গ’ল। নালাগে বোপাই, মোক কেঁচা গালিসোপা খুৱাব। চিনি পাইছোঁ দে তোক। পাবই লাগিব। ৰিস্ক নহ’লে কিহৰ জীৱন।

এবাৰ মামীৰ ভায়েক এজনে ৰাস্তাত পাই মাতিছিল। মই চিনি নাপাই, জোকোৱা বুলি ভাবি ভালকৈ এজাউৰি দি থৈ আহিছিলোঁ। পিছত মামীৰপৰা গম পাই মায়ে যিখন বকিছে পাহৰা নাই দেই। সেইবোৰ কথা নাপাহৰোঁ।

এবাৰ দুবাৰ দেখিলে মানুহৰ চেহেৰা মনত নৰয় মোৰ। এইজনক বা কেতিয়াই দেখা! ভাবি থাকোঁতেই সি আকৌ মাত লগালে,

: পেহীয়ে মোক কৈছিল তই নিবলৈ আহিবি বুলি। হোঁ ল বেগ। চাবি দে মই চলাম‌।

বেগটো হাত  মেলি ল’লোঁ।  মনতে ভাবিলোঁ, মায়ে মোকচোন কোৱাই নাছিলে কোনোবা দূৰ সম্পৰ্কীয় মামাৰ ল’ৰা যে আহিব। ময়েই পাহৰিলোঁ নে মায়েহে পাহৰিলে ক’বলৈ। ৰাতিপুৱাই ওলাই আহিছিলোঁ বিশেষ কাম এটাত। মাৰ তিনিটা মিছকল দেখা মনত পৰিল। ইছ্, এইটো কাৰণেই চাগে ফোন কৰিছিলে। ভাগ্য ভাল সি মোক চিনি পালে। এতিয়া ভতিজাকক চিনি নাপাই ইয়াত এৰি গ’লে ৰাতিলৈ মায়ে ভাত খুৱাব মোক।

মনে মনে ভাবিলোঁ, এতিয়া মানে এওঁক চিনি পাবই লাগিব। চাবিপাত আগবঢ়াই দি হাঁহি এটা মাৰি ক’লোঁ,

: এতিয়াহে ধৰিব পাৰিছোঁ পাই। বহুত সলনি হ’লা দেই। মামাহঁতৰ ভালনে?

: তই বুলি ক’লেই হ’ব আগৰ দৰে। ভালেই আমাৰ চবৰে।

কৈ কৈ সি স্কুটিখন ঘৰৰ দিশে ঘূৰালে। মই উঠি বহি ল’লোঁ। স্পীডটো সামান্য বঢ়াই দি আকৌ ক’লে,

: ৰাস্তা দেখুৱাই যাবি। একো মনত নাই। পাহৰিছোঁ।

মই আকৌ ভাৱনাত বিভোৰ হ’লোঁ। মায়ে অৱশ্যে অৰুণাচলত থকা মামা এজনৰ ল’ৰাটো যোৰহাটলৈ অহাৰ কথা কৈছিল। সময় পালে আমাৰ ঘৰতো সোমোৱাৰ কথা আছিল। তাক মই সৰুতেই লগ পোৱা। সিয়েই কিজানি। মনলৈ বহুতৰে কথা আহিলে। পিছে কোন হ’ব পাৰে ঠিৰাং কৰিবহে নাই পৰা। কথানো কি পাতোঁ। ঘৰলৈ গৈ আগতে মাক সুধি ল’ৰাটো কোন কনফাৰ্ম হৈ ল’ব লাগিব। সি অৱশ্যে কিবাকিবি কৈ আছে।

ঘৰ পোৱালৈ অলপমান বাকী থাকোঁতে তাৰ ফোনটো বাজিলে। এই প্ৰথমবাৰৰ বাবে তাৰ মুখখন জাপ খালে। লগ পোৱাৰে পৰা মুখখনেৰে টেপটেপাই আহিছে।

: তহঁতৰ মাৰ চাগৈ। ৰিচিভ নকৰোঁ এতিয়া। গৈ পামগৈয়ে। সি ক’লে।

বাজি বাজি শেষ হৈ যোৱা ফোনটো আকৌ বাজিলে। সি পাত্তাই নিদিলে এইবাৰো। আকৌ এবাৰ বাজিলে। এইবাৰ সি অলপ বিৰক্ত হ’ল। ৰাস্তাৰ কাষতে স্কুটিখন ৰখাই সি পকেটৰ পৰা ফোনটো উলিয়ালে।

: অঁ পেহী

: —

: কি! তাই ৰৈ আছে! পালোঁ নহয়।

: —

: হা। অঁ, অঁ। ফোন কৰিছে, কৰিছে। পাইছোঁ মিছকল। আপুনি বুলি ভাবিলোঁ মানে।

: —

: মানে বাছত আহি আছোঁ কাৰণে ৰিচিভ কৰা নাই মানে।

: —

: মই কৰিবলৈ মানে মোৰ ৰিচাৰ্জ নাই মানে।

: —

: কি ক’লে? ৰঙা স্কুটি লৈ আহিছে? অঁ। নাইন থ্ৰী টু…চিনি পাম। কিয় নাপাম। হ’ব হ’ব।

মই ৰঙা স্কুটি অনা নাই। মায়ে কাৰ কথা কৈছে বা।

: চাওঁ, মোক দেচোন ফোনটো।

 মই হাতখন পাতিলোঁ।

সি ফোনটো কাটি লৰালৰিকৈ জেপত ভৰালে।

: কাট খালেই অ’।নামচোন তই অকণমান।

মই নামিলোঁ। স্কুটিখন ষ্টেণ্ড কৰি সিয়ো নামিলে।

বেগটো হাতলৈ তুলি লৈ সি মোৰ ফালে এবাৰ  চালে আৰু হাতত লৈ থকা চাবিপাত মোৰ হাতলৈ দিলে। বিপৰীত দিশৰ পৰা টেম্পু এখন আহি আছিল। সেইখন সি হাত মেলি ৰখাব খুজিলে।

: আৰে, ঘূৰি যাবলৈ কি হ’ল আকৌ? মই টেম্পুখনৰ ওচৰলৈ দৌৰি গ’লোঁ। মোৰ ফালে এবাৰো ঘূৰি নোচোৱাকৈ সি চলন্ত টেম্পুখনত জঁপিয়াই উঠি দিলে।

কি হ’ল বুজিব নোৱাৰি মই টেম্পুখন কেঁকুৰীটোত নেদেখা হোৱালৈকে ভেবা লাগি চাই থাকিলোঁ।

“টিং টং ক্ৰীৰিৰিং” ফোনটো বাজি উঠাত চকু ঘূৰালোঁ। মাৰ মেছেজ।

“তিনিবাৰ ফোন কৰিলোঁ। নধৰিলি। এনেই সেইডালতে আঠা লগাদি লাগি থাকিবি। সময়ত নাপাওঁ। মামাৰ ল’ৰাটো দুপৰীয়া পালেহি। আজি ৰাখিছোঁ তাক। মাংস অলপ লৈ আনিবি”।

☆ ★ ☆ ★ ☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    সেইটোৱেও লাজ পালে মানে।

    Reply
  • দিব্যজ্যোতি

    আঔ জিন জিন🤣🤣

    Reply
  • নীতাশ্ৰী

    বেলেগ বুলি ভাবিছিলে মানে।😝
    ৰাজশ্ৰী বা।

    Reply
  • Pranita Goswami

    মানে ওফৰাজেং এজন পাইছিলা। বেচেৰাই এনেই ইমান দূৰ আহিল। হাঃ হাঃ।

    Reply
  • বন্দিতা জৈন

    মানে সেই জনৰো একেই বেমাৰ হৈ 😁😁

    Reply
  • Bandana Hazarika

    মজ্জা লাগিল দেই … কোনো কম নহয়

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    দুয়ো একেই মানে? বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.