ফটাঢোল

চিপেশ্বৰ – মাতু কুকুৰাছোৱা

চিপেশ্বৰ নামটো শুনি চাগৈ আপোনালোকে ভাবিছে আগে পিছে নুশুনা কেনেধৰণৰ অদ্ভুত নাম এইটো! পিছে এই নামটো কেনেকৈ আৱিষ্কাৰ হ’ল জানানে, শুনো আহক।

আমাৰ গাঁৱৰে বৰ খঙাল মানুহ এজন আছিল। ঘৰৰ গিৰিহঁতনীৰ সৈতে নাইবা আন কাৰোবাৰ সৈতে এখুন্দা লাগিলেই হ’ল। ঠেন ঠেন, মেন মেনকৈ হাউচ্ হাউচ্ উশাহ দুটানমান টানি শোৱনি কোঠাৰপৰা কপাহী চাদৰ এখন লৈ ফু- ফুৱাই ওলাই যায় চিপ ল’বলৈ আৰু সকলো নিশা শুৱাৰ পাছত ঘৰলৈ থেৰো গেৰোকৈ উভতি আহি মনে মনে শুই থাকে।

এতিয়া আপুনি চাগে ভাবিছে, চিপ লোৱা মানুহজন পুনৰ কিয় আহিল আৰু তেনেকৈ ওলাই যোৱাৰ বাবেও কোনেও কিয় গুৰুত্ব নিদিলে।

হেৰৌ, তেখেতে এদিন দুদিন এনেদৰে চিপ ল’বলৈ যোৱা বুলি ভাবিছে নেকি? নাভাবিব। এই কাণ্ড প্ৰায়ে ঘটাই তেৰাই৷

হাতত চাদৰ নাইবা ৰচী এডাল লৈ উফাইদাং মাৰি যাওঁতে যায়, চিপ গাঁঠিও দিয়ে হেনো, কিন্তু বেছি জোৰে টানি ধৰিলে লগা লগ লগত লৈ যোৱা কটাৰীখনেৰে কাটি দি নিজেই নিজৰ প্ৰাণ ৰক্ষা কৰে৷ কেতিয়াবা চাপৰ গছত চিপ লয়, যাতে ভৰি দুটা মাটিত লাগি থাকে, কেতিয়াবা আকৌ পচা ডালত লয়, তাৰ ফলত কিমান দিন হেনো গছৰ ডালৰ সৈতে পৰি চিৎভলঙা খাই আঁঠুৰ ছাল, হাতৰ কিলাকুটিৰ ছাল চিঙি কেকাই গেঠাই আহি ঘৰ পাইছেহি হিচাপ নাই৷

সেয়ে গাঁৱৰ মানুহে চিপ লোৱা মানুহজনৰ নাম চিপেশ্বৰ ৰাখিলে৷ এতিয়াও মানুহজনক সকলোৱে চিপেশ্বৰ বুলিয়েই মাতে৷

বোলে “হৌৰা দাইটি, কেনি যায়?

এ কিনো ক’বি! গৰুজনী হেৰাল অ’। চিপেশ্বৰৰ ঘৰৰ ফালৰ পথাৰৰ ফালে চাই আহোঁ বুলি আহিছোঁ, বৰ তেলেখাটি গৰু এইজনী৷ চিপেশ্বৰৰ কঠীয়া খালে সি তাইৰ দাৰে ঘপিয়াই টিকা এচলকা যে নিনিব, মানে নাই অ’ বোপাই৷”

“অ’ ল’ৰাহঁত, তহঁতে বিহু কাৰ কাৰ ঘৰত মাৰিলি?

সবৰে ঘৰতে মাৰিলো, চিপেশ্বৰৰ ঘৰৰ বাহিৰে৷”

“সৌটো কোন গ’ল অ’ পদুম, ইমান বতাহৰ দৰে?

চিপেশ্বৰ গৈছে ককা, হাতত ৰচী এডাল লৈ গৈছে, আজি আকৌ চিপ ল’বলৈ গৈছে চাগে৷ কাইলৈ দিনত লগ পালে সুধিব লাগিব৷”

এতিয়া ৰাইজ, আপোনালোকেই কওকচোন, গাঁৱৰ ৰাইজে চিপেশ্বৰ নাম দিয়াটো উচিত হৈছেনে নাই?
☆★☆★☆

3 Comments

  • হিৰণ্যজ্যোতি দাস

    বঢ়িয়া

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ জমনি কেচ চোন!

    Reply
  • ৰাজীৱ শৰ্মা

    চিপ লোৱাৰ ঈশ্বৰ চিপেশ্বৰ, ঠিক হৈছে নামটৌ

    Reply

Leave a Reply

Your email address will not be published.