ফটাঢোল

চেন্নাইলৈ আৰু কেতিয়াও নাযায় হেনো – প্ৰদীপ বৰা

চেনাই মানে আমাৰ এওঁ মোৰ চেনাইধন৷ আমাৰ এওঁ তিনি কুৰিৰ জপনাখন চুবলৈ আৰু বেছি বাকী নাই৷ তথাপিতো সেই উতলা যৌৱনৰ চিঠিৰ আদান-প্ৰদানত থকা হৃদয় কপোঁৱা সম্বোধনবোৰ উলঙ্ঘণ কৰিব নোৱাৰিচোন৷ সেয়ে আমাৰ এৱেঁই চেনাই৷
জুন মাহৰ আগমনতে এওঁক ক’লো, বোলো চেন্নাইলৈ যাওঁ ব’লা জুলাই মাহৰ গৰম বন্ধতে৷ তোমাৰ আৰু মোাৰ বেমাৰ দেখুৱাও হ’ব জনমত প্ৰথম সাগৰ আৰু পণ্ডিচেৰী ও চোৱা হ’ব; আৰু উৰাজাহাজত উঠাও হ’ব৷ এওঁৰ অনুমতি সাপেক্ষে এমাহৰ আগতে ফ্লাইট বুকিং কৰা হ’ল৷ এমাহ আগত টিকট কৰিলে ৫০% মূল্য হ্ৰাস পোৱা যায়৷ যথাসময়ত জুলাইৰ ২ তাৰিখটো গাতে উঠিলহি ৷ আমাৰ এওঁ দুই কেজি কোমল চাউল অলপ গুৰ আৰু কেইটামান ভীম কল ট্ৰলি বেগৰ ভিতৰত ভৰাই ল’লে৷ আমাৰ জকাইচুকৰ পৰা নিজৰ গাড়ীৰে গৈ ৰঙাজানত নমা হ’ল৷ গম পোৱা গ’ল যে, গাড়ী আধা ঘণ্টামান পিছতহে পাবহি। এওঁ বোলে শৰ্মা ষ্ট’ৰচতে বস্তু কেইপদমান কিনি লোৱা হওক৷ তথাস্তু বুলি শৰ্মাৰ দোকানত সোমালোঁ৷ এওঁৰ মুখত ঘঁহা, গালত ঘঁহা, চুলিত ঘঁহা, দাড়িত ঘঁহা, ঘামচিত ঘঁহা, দাঁতত ঘঁহা, হেৰিত ঘঁহা, আৰু ব্লেড চাৰিখন হাতত লোৱা বেগত ভৰাই ল’লে৷ নাইট চুপাৰে আমাক পল্টনবজাৰৰ এটা গলিত নমাই দিলে। বোলো কেইখোজমানহে ব’লা এ.এচ.টি.চি অফিছলৈ খোজ কাঢ়িয়েই যাওঁ।
বাটত খোজ দিব পৰা নাই কোনোৱে টানিছে শ্বিলঙলৈ, কোনোৱে টানিছে এয়াৰ পৰ্টলৈ, কোনোৱে টানিছে তেজপুৰলৈ৷ আমাৰ এৱোঁ কমজনী নহয়, এওঁ কৈ দিলে– এইমাত্ৰ তেজপুৰৰ পৰা আহছোঁ, আকৌ লগে লগে নুঘূৰোঁ বোপাই। কৰোবাক কয়, শ্বিলঙলৈ পৰহিলৈ যাম আৰু কাৰোবাক কয় জকাইচুকলৈহে যাম৷ তেতিয়া নিমন্ত্ৰণকাৰীসকল মনে মনে থাকে। ইফালে ৰাষ্টাত খোজ কাঢ়িবই নোৱাৰি গৰম গৰম ৰুটি চাহ খাবলৈ নিমন্ত্ৰণ। এওঁক কেটলিৰ মুখত দিয়া পিঠা দিব লাগিব তেতিয়াহে চাহ খাব। এইবাৰ মোক টানিলে ব’লকচোন কেটলি মুখত দি বনোৱা পিঠা বিচাৰি যাওঁ৷ মই বোলো এইবিধ পল্টন বজাৰত উপলব্ধ নহয়৷ এই বিধৰ বাবে তুমি ভঙ্গাগড় নাইবা গণেশগুৰি যাব লাগিব৷ তেওঁ বোলে ব’লক গণেশগুৰিলৈ যাওঁ। মই বোলো এয়াৰপৰ্টৰ বাচ সাৰি যাব। শেষত দুটা শুকান ৰুটিৰেই সেইকাৰ্যৰ সমাধান কৰিলে।
চেন্নাইত গৈ এওঁ বৰ অসুবিধাত পৰিল ক’তো তামোলৰ পিক পেলাবলৈ ঠাই অকন নাই৷ এওঁ তামোলৰ পিকখিনি পলিথিনৰ বেগ এটাত ভৰাই থ’লে, দুদিনৰ পিছত দাষ্টবিন এটাত পেলাই দিলে৷ তৃতীয় দিনাৰ পৰা বজাৰত এওঁ তামোল এখন বিচাৰি হাহাকাৰ কৰিছে, ক’তো তামোল এটা বা তামোল এখন বিচাৰি পাবলৈ নাই৷ ইফালে লেট্ৰিন বিলাক হ’ল ইংলিছ পেটাৰ্ণৰ৷ সেইটো এটা বৰ অসুবিধা জনক কথা৷
এওঁ পণ্ডিছেৰী যাওঁতে ক’তো এজোপা তামোল গছ বা এজোপা পান গছ দেখিবলৈ নাপালে৷ বেৰে-ঘৰে ৰাস্তাই ক’তো এটোপাল তামোলৰ পিক দেখিবলৈ নাপালে ৷
চেন্নাইত শাৰী এখন কিনিবলৈও দুশ টকাৰ অটো ভাড়া কৰি বিল্ডিংৰ লিফ্টত বগাব লাগে৷
উৰাজাহাজখন বায়ুৰ মাজে মাজে আহোঁতেও ইমান থেকেচিব লাগে নে বাৰু! এসময়ত ডাঠ কুঁৱলীৰ মাজত প্লেনখন আন্ধাৰৰ মাজত সোমাই পৰাৰ পিছতো পাইলটে আন্ধাৰৰ মাজতে প্লেনখন চলাই লৈ গৈছে৷ মই বোলা পাইলটে আন্ধাৰত দেখা কিবা যন্ত্ৰ আছে৷
গুৱাহাটী পাই পল্টন বজাৰত কেইটামান ডালিম আৰু কেইটামান মধুৰী কিনিলে। ঘৰলৈ আহি খাই চাই মধুৰীবোৰত একো সোৱাদ নাপালে আৰু ডালিমবোৰৰ ভিতৰ ভাগো গেলা। বাৰুকৈ জখলাবন্ধাৰ পৰা পেৰা, ভুজিয়া আৰু চিপচৰ পেকেট কেইটামান আনিছিল বুলিহে ৰক্ষা৷

☆★☆★☆

Leave a Reply

Your email address will not be published.