ফটাঢোল

চোৰ- কমলেশ দাস

দত্তই আত্মীয় এজনৰ শ দাহন কাৰ্য সামৰি তেওঁৰ স্কুটিখনেৰে শ্মশানৰ পৰা উভতিছে। গাত মেৰিয়াই থোৱা আছে এখন চাদৰ।  বতাহ লাগি চাদৰখনৰ এটা ফাল উৰি আছে৷ ঠাণ্ডা বতাহে তেওঁৰ মুখমণ্ডলো কোবাই গৈছে।

বজাৰত সোমাই দত্তই দেখিলে, দুই-এখন নাম থকা পাণ দোকানৰ বাহিৰে বাকীবোৰ বন্ধ। এইবোৰ পাণদোকানতে মদপীয়ে মুখশুদ্ধি কৰে। তাতেই নিচাসক্ত দুজনমানে উষ্ণ দেহেৰে  শীতক চেলেঞ্জ দিছে।

চাৰিআলিৰ বিখ্যাত মিঠাইৰ দোকানখনৰ কাষৰপৰাই  ল’ৰা এজনে দৌৰিছে। ল’ৰাজন বাৰ-তেৰ বছৰ বয়সৰ যেন লাগিছে। ইমান ঠাণ্ডাতো দেহত মাত্ৰ ছাৰ্ট এটা৷ ছাৰ্টৰ ক’লাৰ পিছফাললৈ ওলমি গৈছে। হয়তো টনা-আঁজোৰাত বুটামো ছিঙি গৈছে। পিছে পিছে এজাক লোকে তাক খেদিছে। ভয়াৰ্ত ল’ৰাজনে প্ৰাণপণে দৌৰিছে। পেটুৱা দোকানী এজনে ফোঁপাই-জোঁপাই দৌৰি মাজে মাজে মাথো চিঞৰিছে, ‘চোৰ, চোৰ..’

বজাৰত এনে ঘটনা প্ৰায়েই ঘটে। ফুলকুমলীয়া ল’ৰাজনে মূল পথ সামৰি সৰু গলি এটাত সোমাই গ’ল। দত্তই আন এটা চুটি উপপথেৰে স্কুটি পোনাই দিলে ল’ৰাজনৰ সম্ভাব্য গন্তব্যস্থান অনুমান কৰি। এঠাইত ৰৈ দত্তই ল’ৰাজনৰ অপেক্ষাত থাকিল। সি অহামাত্ৰকে দত্তই তাক থাপ মাৰি ধৰি স্কুটিৰ সন্মুখত বহুৱাই উৰা কাপোৰেৰে মেৰিয়াই লৈ ৰৈ থাকিল। খেদি অহাবোৰৰ দুজন মান কেলঢেপ কেলঢেপকৈ আহি ওলাল। দত্তই কি হৈছে বুলি সোধোঁতে এজনে ক’লে,

: চোৰ, চো… ৰ৷

ঠাণ্ডা আৰু ভয়ত ল’ৰাজনৰ অকমানি কলিজাটোৰ  ঢপঢপনিয়ে  দত্তৰ বুকু ভেদি  মানৱতাৰ স্পন্দন হৈ বিয়পিল। দত্তই বিদ্যুতৰ খুঁটি এটাৰ তলত স্কুটিখন ৰখাই চাদৰ গুচাই ল’ৰাটোৰ মুখখন চাই ল’লে। থাউকতে ধৰিব নোৱাৰা এখন যেন চিনাকি মুখ।

মিঠাইৰ দোকান এখনৰ সন্মুখত ফুটপাথ আৰু দোকানৰ বাৰান্দাৰ মাজতে এচুকত বাছুৱা মুচিৰ দোকান। পুৱাই বাৰান্দাত এখন টেণ্ট মেলি সৰঞ্জামৰ বাকচ মেলিলেই বাছুৱাৰ দোকান আৰম্ভ। তাতেই ল’ৰাজন প্ৰায়েই বহে। কেতিয়াবা কিবাকিবি কাম কৰে, পঢ়িও থাকে। ল’ৰাজনে স্কুলীয়া পোছাকেৰে দোকানৰ পিছফালে বহি পঢ়ি থকা বহুতৰ নজৰত পৰে। মিঠাই কিনি থাকোঁতে  এজনে এদিন ল’ৰাটোলৈ আঙুলিয়াই কৈছিল,

: ফুটপাথতে পঢ়ি ডাঙৰ হোৱা বাছুৱাৰ মেধাৱী ল’ৰা আৰু এ চি ৰূমত পঢ়িও গাধসম আমাৰ মখা।

বহুতে তাক বাছুৱাৰ পুতেক বুলিয়েই ভাৱে।

দত্তই তাক ভয় খুৱাবলৈ ক’লে,

: তোক চিনি পাইছোঁ, বাছুৱাৰ পুতেক,  পুলিচৰ তালৈকে ব’ল এতিয়া৷

সি উচুপি উচুপি ক’লে,

: মই বাছুৱাৰ পুতেক নহওঁ। বাছুৱাকা মোৰ নিজা একো নহয়। ঘৰত পঢ়াৰ পৰিৱেশ নাই বাবে তাতে বহি পঢ়োঁ। বাছুৱাকাই ভাত খাবলৈ যোৱাৰ সময়ত মোক দোকানখন ৰখিবলৈ দিয়ে। দোকান ৰখি থকা বাবদ মোক খাবলৈ দিয়ে। কেতিয়াবা এটা চিংৰা, কেতিয়াবা গজা৷ মুঠতে পাঁচটকীয়া, মোৰ পেট ভৰে।

দত্তই তাক ঘৰ ক’ত বুলি সুধিলে। সি উত্তৰ দিলে,

: ইটা ভাটাৰ কোৱাৰ্টাৰত। বাবা  ইটাৰ ভাটাত কাম কৰে।

সৰু ল’ৰাজনে তাৰ মুখত নুফুটিবলগীয়া কথা কিছুমান আওৰাই গ’ল-

: বাবাই কোৱা মতে মোৰ ‘নানা’ৰ জন্ম  ইয়াতে হোৱা স্বত্বেও মোৰ বাবা হ’ল ডি ভোটাৰ। উকীল চাচাক বহু টকা দিবলগীয়া হোৱা বাবে দুমাহমান আগতে আমাৰ ঘৰ-মাটি সকলো বিক্ৰী কৰি দিবলগীয়া হ’ল।

ইটাৰ ভাটাৰ মালিকে দিয়া জে’লৰ কুঠৰীৰ দৰে সৰু কোঠাত পৰিয়ালটো থাকিবলগীয়া হৈছে।

সি কি চুৰি কৰিছে নজনাকৈ দত্তই ৰাতিখন ল’ৰাটোক এৰি থৈ যাব নিবিচাৰিলে। তাতে আকৌ সৰু ল’ৰা৷

দত্তই তাক এনেয়ে ভয় খুৱাবলৈ থানাৰ সন্মুখলৈ আহি স্কুটি ৰখাই ক’লে,

: চিংৰা খোৱাতকৈ ব’ল, ৰঙা ঘৰৰ ভাত খাবি৷

সি কান্দি কান্দি ক’লে,

: পুলিচক নিদিব, মই চোৰ নহয়।

তাৰ কৰুণ মুখলৈ চাই দত্তই ভাবিলে, “চোৰেই হওক বা বাংলাদেশীয়ে হওক, তাক ঘৰত চমজাই দি সকীয়নি দিয়াই সঠিক হ’ব৷”

দত্তই  ল’ৰাটোৰ ঘৰ অভিমুখে স্কুটি ঘূৰালে৷ গৈ থাকোঁতে ল’ৰাটোৱে সকলো বিবৰি ক’লে৷ উকীল চাচাক ঘৰ-বাৰী বিক্ৰী কৰা সম্পূৰ্ণ টকা দিয়াৰ পাছতো ভোটাৰ তালিকাত বাপেকৰ নামৰ সৈতে লাগি থকা Dটো নুগুছিল। তাৰিখে তাৰিখে উকীলক টকা দিব লগা হোৱা বাবে ঘৰত চৰু কেৰাহীৰ বাহিৰে একো নোহোৱা হৈ পৰিল। পুৰণি বাসিন্দা হৈয়ো পৰিয়ালটোৱে বিদেশীৰ দৰে বিদেশী ন্যায়াধীকৰণৰ কাৰ্যালয়লৈ গৈ থাকিব লাগে। অথচ সৌ সিদিনা ক’ৰবাৰপৰা অহা আৰু অসমীয়া ভাষা ক’ব নোৱৰাবোৰৰো ভোটাৰ তালিকাত নাম সোমোৱাৰ উপৰি এন আৰ চিতো নাম সোমাল। সি কৈ গ’ল৷ বাপেকে হীনমন্যতাত ভূগিছে। আনক মুখ দেখুৱাবলৈ লাজ কৰে৷ দুখে বেজাৰে বাপেক ৰুগীয়া হৈ পৰিছে৷ কেইদিনমান আগতে ডাক্তৰক দেখুৱাই গম পাইছে যে বাপেকৰ চুগাৰ কমি গৈছে৷ সেয়েহে প্ৰতিদিনে বাপেকক মিঠাই খুওৱাৰ দায়িত্ব সিয়ে মূৰপাতি লৈছে। কিন্তু কাম কৰি দিয়া স্বত্বেও বাছুকাইয়ে তাক পাঁচ টকাতকৈ বেছি নিদিয়ে। সেয়ে সি আজি চোৰ বদনাম ল’ব লগা হ’ল।

বাপেকক জীয়াই ৰাখিবলৈ সি মিঠাইৰ দোকানখনৰ পৰা মিঠাই তৈয়াৰ কৰাৰ সময়ত সুযোগ-সুবিধা পালে দুটাকৈ মিঠাই সৰকায়৷ আজিও দুটা মিঠাই লৈছিল৷ কিন্তু আজি তাৰ কঁপাল বেয়া আছিল, ধৰা পৰিল৷

সি দত্তক ক’লে যে, সি চোৰ নহয় বুলি নকয়, কিন্তু পাপী নহয়৷ তাৰ বিশ্বাস, আল্লাই তাক মাফ কৰি দিব। তথাপি সি সিদ্ধান্ত লৈছে, ডাঙৰ হৈ দোকানী চাচাক সকলো কৈ মিঠাইৰ মূল্য আদায় দিব৷

ল’ৰাজনে কোৱাৰ দৰে গৈ গৈ দত্তৰ স্কুটি ইটাৰ ভাটাটোৰ কলনীত প্ৰৱেশ কৰিলে৷ ল’ৰাজনে থকা ঘৰৰ প্ৰায় সন্মুখত দত্তৰ স্কুটিখন ৰ’ল।

ল’ৰাজনৰ পকেটত থকা পলিথিনৰ সৰু মোনাটোত চেপেটা হৈ যোৱা মিঠাইদুটাই হয়তো কিবাকিবি আকৃতি লৈছে। সি টোপোলাটো পকেটৰপৰা উলিয়াই আনিলে। তাৰ পিছত সি দত্তৰ ভৰি চুই সেৱা কৰি মাফ খুজিলে। দত্তৰ অন্তৰ উথলি উঠিল। দত্তই তাক সাৱটি ধৰোঁতে তাৰ চুলিৰ গোন্ধত শৈশৱ নামৰ পাৰফিউমে দ্ত্তক আৱেগিক কৰি তুলিলে। ল’ৰাটোৰ বাসস্থানলৈ পঞ্চাছ মিটাৰমান ওখোৰা মোখোৰা ভঙা ইটাৰ ৰাস্তা। ৰাতি বাবে দত্তইও স্কুটি ৰখাই তাৰ সৈতে খোজ ল’লে।

বাৰান্দাত দুই-চাৰিজন মানুহ থিয় হৈ আছিল৷ দত্তই ভাবিলে, দেৰিলৈকে ল’ৰাজন আহি নোপোৱা বাবে  হয়তো বস্তিত হাহাকাৰ লাগিছে। কিন্তু ঘৰৰ দুৱাৰৰ পৰ্দাখন দাঙি দিওঁতে ঘৰৰ ভিতৰতো মানুহৰ জুম দেখা গ’ল। কিবা অঘটনৰ আশংকাত ল’ৰাজনে জুম ফালি ভিতৰলৈ সোমাই গ’ল৷ তাৰ হাতত মিঠাই দুটা।

সৰু তেনেই সাধাৰণ কোঠাটোত থকা চাটাৰিঙৰ তক্তাৰ ওপৰত নিঠৰ হৈ দেউতাক পৰি আছে। মুখেৰে অলপ ফেন ওলাইছিল। হয়তো চুগাৰ ‘নিল’ হৈ পৰি আছিল বহু সময়।

সেই দিনাই ‘D’ মুক্ত হৈছিল পৰিয়ালটো। উকীলজনে দিছিল সেই বহু প্ৰত্যাশিত খবৰটো৷ কিন্তু সেই ভাল খবৰ শুনিবলৈ মানুহজন জীয়াই নাথাকিল৷ তেওঁ মৃত্যুৰ সৈতে যুঁজি থকা সময়তে হয়তো মিঠাই লৈ দৌৰি আছিল পুত্ৰ৷ পিছে পিছে ‘চোৰ’ ধৰিবলৈ দৌৰিছিল এজাক ‘মানুহ’৷

☆ ★ ☆ ★ ☆

2 Comments

  • পাপৰি গোস্বামী

    বাস্তবিক সমাজখনৰ এক কৰুণ পৰিস্থিতিৰ ছবি।

    Reply
  • জিতু

    দুখ লাগিল।

    Reply

Leave a Reply

Your email address will not be published.