ফটাঢোল

জীৱন এনেকৈয়ে-অগ্নিভ দত্ত

কলেজত পঢ়ি থকা দিনৰে ঘটনা৷ সৰু ঘটনা এটাক লৈ কলেজৰ শিক্ষাৰ্থী আৰু কলেজ কৰ্তৃপক্ষৰ মাজত এখন যুঁজ চলিল৷ যুঁজে এনেকুৱা পৰ্য্যায় পালেগৈ যে চৰকাৰে কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ বুলি ঘোষণা কৰি দিলে৷ কলেজ বন্ধ, হোষ্টেলৰপৰা সকলোকে ওলাই যোৱাৰ নিৰ্দেশ দিয়া হ’ল৷ সকলো ঘৰা ঘৰি গ’লগৈ৷ দুমাহ কলেজ বন্ধ থকাৰ পাছত চৰকাৰে জাননী দিলে এটা নিৰ্দিষ্ট দিনৰপৰা ক্লাছসমূহ নিয়মিয়াকৈ হ’ব৷ জাননীৰ দিন মতেই আমি আকৌ ঘূৰি আহি হোষ্টেল পালোঁহি৷ আকৌ আৰম্ভ হ’ল ক্লাছ, প্ৰেক্টিকেল আদিৰ দৰে আমনিদায়ক কামবোৰ৷ অৱশ্যে ঘূৰি অহাৰ পাছতো আমাৰ কিছুমানৰ জীৱনশৈলী সলনি নহ’ল, বৰং তাক আৰু সুন্দৰ কৰাৰহে চেষ্টা কৰা হ’ল৷

ক্লাছৰ সলনি কেণ্টিনত বেছি সময় যোৱা হ’ল৷ চেং, বগা, নেমু, গহীন, চিয়ানা আৰু স্বয়ং এইকেইটা মানুহক ক’তো নাপালেও কেণ্টিনত ক্লাছৰ সময়ত পোৱাটো খাটাং৷ এটা চিগাৰেট জ্বলাওঁতেই দহখন হাত আগবাঢ়ি আহে সেইবোৰ সময়ত৷ আব্বে লাষ্ট পাফটো দিবি বুলি চিয়ানাই টানি নিয়ে কোনোবা এটা সময়ত৷ চাহ, চিঙৰা, চিগাৰেটৰ ধোঁৱা আৰু তাৰ লগতে সীমা সংখ্যা নোহোৱা আদ্দা সেইয়াই যেন জীৱন আমাৰ৷

আমাৰ হোষ্টেলত সেই সময়ত এটা ডাঙৰ সংখ্যা আছিল আমাৰ বেটচটোৰ ল’ৰা৷ তাৰো আকৌ মেকানিকেল ব্ৰান্সৰ ষাঠিটা ল’ৰা ছোৱালীৰ (ছোৱালী  এজনীয়েই আছিল) উনৈছ নে বিছটা আছিল আমাৰ হোষ্টেলৰ মানে ছয় নম্বৰ হোষ্টেলৰ৷ ইতিমধ্যে জীৱনৰ বহুকেইটা অভিজ্ঞতা হৈ গৈছে৷ বাবীৰপৰা শিকিছোঁ ক্লাছ নকৰিলেও ক্লাছত উপস্থিত থকাটো কিমান জৰুৰী, নহ’লে ক্লীয়েৰেন্সৰ কাৰণে দৌৰি দৌৰি তত নোপোৱা হ’ব লগা হোৱাৰ চান্সেই সকলোতকৈ বেছি৷

ক্লাছ নকৰাকৈ ক্লাছত উপস্থিত কেনেকৈ থাকিব পাৰে নিশ্চয় বুজিছেই নহয় জানো? সেইটোকেই প্ৰক্সি প্ৰেজেন্স বুলি কোৱা হয়৷ আৰু উনৈছ বিছটাকৈ ল’ৰা একেটা হোষ্টেলত থকাৰ পাছত কথাবোৰ আৰু সহজ হৈ পৰে৷ ৰাতিপুৱা আঠ বজাৰপৰা ক্লাছ থাকে৷ কিন্তু ৰাতি বিভিন্ন ব্যস্ততাৰ পাছত ৰুমত সোমাওঁতে সোমাওঁতে যেতিয়া দুই তিনি বাজেগৈ তেতিয়া আৰু ৰাতিপুৱা চাৰি বজাৰ ক্লাছটো কৰিবলৈ কলেজলৈ যাবলৈ মন নাযায়গৈ বা যোৱাও উচিত নহয়, কাৰণ সেইটো স্বাস্থ্যৰ কাৰণেও ভাল নহয়৷ ৭:৪৫ ত ৰুমৰপৰা এবাৰ ওলাই উনৈছটাৰ কোনোবা এটাক মনত পেলাই দিব লাগে – “আব্বে গজেনেই হওক বা নেমুকেই হওক, মাৰি দিবি দেই আজি৷” বচ সিমানতেই হৈ যায়৷ এদিন গজেন, কোনোবা এদিন নেমুৱে, কোনোবা এদিন বগাই এটাৰ পাছত এটা ক্লাছত প্ৰক্সি মাৰি যায়৷

কেতিয়াবা এটেডেন্স ৰেজিষ্টাৰত চহী মাৰিব লাগে৷ প্ৰায় সকলোৱে সকলোৰে চহী মাৰিব পাৰে, চহী মানে কাৰোবাৰ নাম গজেন কলিতা হ’লে কেপিটেলত জি কে লিখি থয়৷ গতিকে কাম সহজ৷ মোৰ প্ৰক্সি আনে মাৰোঁতে মাৰোঁতে যিদিনা নিজে কলেজলৈ যাওঁ সেইদিনা ভাগত সকলোতকৈ বেছি পৰেগৈ প্ৰক্সি মাৰিবলৈ৷ কেতিয়াবা দহটালৈকে মাৰিব লগা অৱস্থা হয়৷

ইতিমধ্যে ক্লাছবোৰ পুৰা আৰম্ভ হৈছে৷ চাহা চাৰ নতুনকৈ আহিছে আমাৰ কলেজলৈ৷ খুব ভাল মানুহ৷ গ্ৰাফিক্সৰ ক্লাছ লয়৷ এদিন ফটককে আমাৰ দুটামানক লিষ্ট চাই সুধি দিলে, গ্ৰাফিক্সৰ চিট কিয় জমা দিয়া নাই? আমিও পণ্ডিত মানুহ, মুখৰ আগত যেন সৰস্বতীহে বিৰাজমান, তৎক্ষণাত উত্তৰ দিলোঁ – চাৰ,  আমিতো গ্ৰাফিক্স চিট কৰি ৰেডি ৰাখিছিলোঁৱেই, কিন্তু আন্দোলন চলি থাকোতে (সেই যে কলেজ বন্ধ, সেই আন্দোলন) কোনোবাই আমাৰ চিটবিলাক নি তাৰে প্ৰিন্সিপাল চাৰৰ বিৰুদ্ধে পোষ্টাৰ বনাই দিলে৷

আমাৰ উত্তৰত আমি যিমান দুখ প্ৰকাশ কৰিছিলোঁ আমাৰ এইহেন কথা শুনি চাৰে যেন তাতোকৈ বহুত বেছি দুখ পালে৷ “হ’ব হ’ব দিয়া, পাছে পৰে দিলেও হ’ব দিয়া” – চাৰে তেনেকৈয়ে সামৰিলে কথাটো আৰু আমি নিশ্চিত যে আমাৰ সেইবোৰ কেতিয়াও জমা দিয়া নহ’ব বুলি৷ ক্লাছ, প্ৰক্সি, কেণ্টিন সকলো সমান্তৰালকৈ চলি আছিল, কিন্তু তাৰ মাজতেই হঠাৎ এদিন যেন কিবা দিন কাল বেয়া হৈ গ’ল৷

সেইদিনা প্ৰথম দুটামান ক্লাছ কৰাৰ পাছত সাহা চাৰৰ ক্লাছ, লগতে চক্ৰৱৰ্তী চাৰো আহিছে গ্ৰাফিক্স পঢ়াবলৈ৷ ইমান ভাল মানুহজনৰ ক্লাছ, গতিকে বহুতেই ঠিক কৰিলে ক্লাছ নকৰে বুলি৷ প্ৰক্সিৰ দায়িত্ব পৰিল অভাজনৰ ওপৰত, এটা দুটা নহয় বহুতকেইটা৷ ক্লাছত সদায় বহা হয় একেবাৰে শেষৰ বেঞ্চকেইখনৰ এখনত৷ গ্ৰাফিক্সৰ ক্লাছত বেঞ্চ নহয়, টেবুল থাকে, শেষৰ টেবুলত বহি এটেনডেন্স চীটত চহী মাৰিবলৈ ৰৈ আছোঁ৷ চীটখন মোৰ ওচৰ পাওঁতে ইতিমধ্যে কিছু চহী কৰা হৈছেই৷

ফটাফট যিমানকেইটাৰ ৰোল নম্বৰৰ বিপৰীতে চহী মাৰিব লগা আছিল মাৰি চীটখন আগুৱাই দিলো৷ চীটখন ঘূৰি ঘূৰি চাৰৰ ওচৰ পালেগৈ৷ আনদিনা চীটখন পোৱাৰ পাছত ক্লাছ শেষ হোৱাৰ লগে লগে সেইখন লৈ ওলাই যায়৷ সেইদিনাও সেইটোৱেই হ’ব বুলি নিশ্চিন্ত হৈ আছোঁ৷ কিন্তু কি হ’ব, বিধিয়ে দিলেও বিধাতাই নিদিয়ে কেতিয়াবা৷ চাৰৰ কিবা এটা সন্দেহ হ’ল৷ চীটখনত ইমানবোৰ মানুহৰ প্ৰেজেন্স, কিন্তু ৰুমটোৰ ভিতৰততো দেখাত সিমান মানুহ নাই৷

চাৰৰ সন্দেহ ইমান বাঢ়ি গ’ল যে চাৰে তৎক্ষণাত ৰোল কল কৰি দিলে চীটখন চাই চাই৷ ৰোল কল কৰাৰ লগে লগে তাতো চাৰক আকৌ এবাৰ চকমা দি ইয়েচ চাৰ প্ৰেজেণ্ট চাৰ বুলি কোৱা হ’ল৷ এইবাৰ চাৰৰ ভীষণ খং উঠিবলৈ ধৰিলে, চাৰে ল’ৰা গণ্টি কৰি দেখে দেখ দেখকৈ গোটেই হিচাব গৰবৰ, গতিকে চাৰে এটা এটাকৈ মানুহৰ নাম মাতিবলৈ ধৰিলে৷ নাম মতাৰ লগে লগে উঠি যাব লাগে৷ এটা সময়ত মোৰ নাম মতাত উঠি গ’লো৷ চাৰক মাত লগাই বাহিৰলৈ ওলাই আহিলোঁ৷ অভাজনৰ পাছতেই ক্ৰাইম পাৰ্টনাৰ বগাও ওলাই আহিল৷

ওলাই আহিলোঁ হয়, কিন্তু মনটো ঠিক লগা নাই৷ কি হয় চাবলৈ ৰুমৰ আঁৰৰপৰা চাই ৰ’লো৷ সকলো ওলাই আহিল, কেৱল থাকি গ’ল দীপু আৰু পি কে আৰ মানে পংকজ কুমাৰ ৰয়৷ চাৰে সিহঁতকেই সন্দেহ কৰিলে, কিন্তু সিহঁত দুটা আছিল অতি ভদ্ৰ আৰু ভাল ল’ৰা৷ চাৰে সিহঁতক গালি পাৰি আছে, কিন্তু আচৰিত কথাটো হ’ল সিহঁতে কিন্তু এবাৰলৈও আমাৰ নাম লোৱা নাই, কিন্তু আমাৰ প্ৰক্সিৰ খেলটোৰ কথা প্ৰায় সকলোৱেই জানে৷ শান্তি লগা নাই, মোৰ বা আমাৰ কাৰণে কোনোবা নিৰ্দোষীয়ে শাস্তি পাওক সেইয়া হ’বলৈ দিব নোৱাৰোঁ৷ আমি হ’লো এথিকেল মানুহ এইবোৰত, দোষ কৰিছোঁ যদি দোষ গাত পাতি ল’বলৈও সাজু সদায়৷

বাহিৰত ৰৈ থাকিব নোৱাৰিলোঁ, আকৌ ৰুমটোলৈ সোমাই আহিলোঁ৷ “চাৰ, মইহে প্ৰক্সি মাৰিছিলোঁ, ইহঁতৰ গাত দোষ নাই” – কথাষাৰ সম্পূৰ্ণ হ’বই নাপালে, সিংহই সন্মুখত হৰিণা পালে যি দৰে জপিয়াই পৰে ঠিক তেনেদৰেই চাৰে দপদপাই উঠিলে – “অঃ মেইন কালপ্ৰিট তাৰমানে তুমি!” তললৈ মূৰটো কৰি হয় বুলি কোৱাৰ বাহিৰে বেলেগ কি ক’ম নক’মকৈ লাহেকৈ ক’লোঁ – “চাৰ আজি প্ৰথম প্ৰক্সি মাৰিছিলোঁ সেইকাৰণে এই অৱস্থা৷” চাৰে মোৰ কথা শুনি আৰু গালি দিয়াত লাগিছে৷ তল মূৰকৈ শুনি আছোঁ৷ গালিৰ মাজতে, গ্ৰাফিক্সৰ চীটখন জমা নিদিয়া কথালৈও গালি দিলে৷ গালি দি দি চাৰৰো বেয়া লাগিলগৈ নেকি জানো, চাৰে শেষত ক’লেগৈ – “এটা কথা, বাকী যি কৰিলা কৰিলা, কিন্তু সঁচা কথাটো যে ক’লা সেইটোত ভাল লাগিছে৷”

উস্ ৰাম! গালি বন্ধ হ’ল, সেইবুলি চাৰৰ ফালে চাওঁতেই ক’লে, “হ’ব যোৱা এতিয়া৷” ৰুমৰপৰা মই ওলোৱাৰ লগে লগে চাৰো ওলাই আহিল৷ এইবাৰ অকণমান সাহস গোটাই চাৰক আকৌ মাত দিলো – “চাৰ, সঁচাই বৰ দুঃখিত আজিৰ ঘটনাটোৰ কাৰণে৷” চাৰে কিবা কিবি বুজাই লগে লগে খোজ কাঢ়ি আহি আছে, এপাকত অলপ সাহস গোটাই সুধিয়েই পেলালোঁ – “চাৰ আজিৰ এই ঘটনাটোৰ কাৰণে চেচনেল, পৰীক্ষা এইবোৰত কেনেবাকৈ কম নম্বৰ বা ফেইল চেইল কৰোৱাই দিব পাৰে নেকি?” এইবাৰ চাৰে হাঁহি ৰখাব নোৱাৰি ক’লে – “ধেই এইবোৰ চিন্তা কৰিব নালাগে দিয়া, কেৱল এইবাৰৰপৰা সদায় ফাৰ্ষ্ট বেন্সত বহিবা৷”

হে ভগৱান! এয়া কি কৰিলা? তাতকৈ নম্বৰ কম দিম বুলি ক’লেই বেয়া নাপালোহেঁতেন, কিন্তু ফাৰ্ষ্ট বেঞ্চত বহাৰ সমান কষ্ট কিয় দিলা বুলি মনতে ভাবি, চাৰৰ মতত হয়ভৰ দি চিধা কেণ্টিনৰ ফালে গতি কৰিলোঁ৷ কেণ্টিনৰ ভিতৰত ইতিমধ্যে চেঁপা উত্তেজনা, কি হ’ল নহ’ল তাক লৈ৷ গোটেইখিনি ভাঙি পাতি কোৱাৰ পাছত যেনিবা সকলো কেণ্টিনৰ মুডত আহি গ’ল৷ চাহ চিঙৰা আহি গ’ল, চিগাৰেট জ্বলিল, আদ্দা বহিল৷ আকৌ নতুন প্ৰভাত হোৱাৰ আশাত জীৱন চলি গ’ল৷

পিছদিনা আকৌ প্ৰভাত হোৱাৰ লগে লগে ভাল ল’ৰাটো হৈ ক্লাছ পালোঁগৈ৷ গ্ৰাফিক্স ক্লাছত চাৰক দেখা গ’ল মোৰ বহা চীটটোক লৈ সঁচাই চিৰিয়াচ হোৱা৷ মই বোলো চাৰে ক’লে কিন্তু ক’ত মনত ৰাখিব, এইবুলি পাছফালে বহি আছিলোঁ৷ চাৰে আহিয়েই মোক বিচাৰি মাত লগোৱাতহে বুজিলোঁ কথা যে বিষম৷ কিয় প্ৰথম বেঞ্চত বহা নাই সুধিব পালে কি নাপালে, দৌৰ মাৰি আহি খালি থকা টেবুল এখন ধৰি এনেকুৱাকৈ জোকাৰি দি চাৰক ক’লোঁ – “চাৰ টেবুলখন লৰি থকাৰ কাৰণেহে তাত বহিব নোৱাৰিলোঁ৷” চাৰেও কিবা এটা ভাবি আদেশ দিলে – “হ’ব বাৰু, কিন্তু কাইলৈৰপৰা প্ৰথম বেঞ্চত বহিবা৷” উস ৰক্ষা সেইদিনালৈ!

তাৰপাছত কিছুদিন প্ৰথম বেঞ্চত বহাৰ পাছত যেনিবা ইটো সিটো বাহানা উলিয়াই আকৌ আমাৰ আচল স্থান বেক বেঞ্চত সগৌৰৱেৰে নিজকে অধিস্থিত কৰোৱালোঁগৈ আৰু জীৱন এনেকৈয়ে উদযাপিত হৈ ৰ’ল কলেজৰ শেষ দিনটোলৈকে৷

☆ ★ ☆ ★ ☆

4 Comments

  • abhijit goswami

    বঢ়িয়া লাগিল দাদা 👍 👍

    Reply
  • হেমন্ত কাকতি

    তামাম অগ্নিভ! স্মৃতিৰ সফুৰাটো জগাই তুলিলা৷ প্ৰতিটো বাক্য মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ৷ সেই দিনবোৰ সচাঁই মধুৰ আছিল৷

    Reply
  • জিতু

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.