ফটাঢোল

জীৱিকা – মণিকুন্তলা ভট্টাচাৰ্য

মানুহ মাত্ৰেই জীৱিকা থাকে; জীয়াই থাকিবৰ বাবে যদিও জীৱিকাৰ প্ৰসংগ আহে, পৰনিৰ্ভৰশীলতাৰেও জী থাকে মানুহ। বেছ দুদিনমানৰ কাৰণে দাক্ষিণাত্যত আছোহি। আমি থকা অতিথিশালাৰ প্ৰৱেশ পথৰ মুখতে এখন আৰামী বেঞ্চ। সন্ধিয়া গছৰ তলত সেই বেঞ্চত গ্ৰীষ্মৰ বতাহ বিচাৰি মানুহ বহে। মই কোঠাৰ বাহিৰৰ পৰা চাই ৰওঁ। স্বামী সান্ধ্যভ্ৰমণৰ পৰা ঘূৰি আহে, বেঞ্চখনত বহিবলৈ ভাল লগাৰ সম্ভাৱনা দেখুৱাই মোক। এদিন গ’লো। তেওঁৰ খোজ খৰ। আগবাঢ়িবলৈ দি মই বেঞ্চখনত বহিলোঁ‌। আগৰ পৰাই দুগৰাকী মহিলা বহি আছিল। মই মাজত। বহাৰ লগে লগেই সুধিলে-

“নতুন নেকি?”

মই মূৰ দুপিয়ালোঁ‌। আকৌ সুধিলে,

“ক’ত থাকা?”

মই অতিথিশালাৰ ফালে ইংগিত কৰিলোঁ‌। এনেতে সালংকৃতা এগৰাকীয়ে মাত লগাই এওঁ‌লোকক মাত লগাই থৈ গ’ল। গুচি যোৱাৰ লগে লগেই এওঁ‌লোকে মোক সুধিলে,

“চিনি পোৱানে? তোমাৰ তাতে থাকে, গিৰীয়েকে গেটত ডিউটি কৰে, তাই মানুহৰ ঘৰত খানা বনায়। এতিয়া ডিনাৰ বনাবলৈ গৈছে।”

মই অতিথিশালালৈ ঘূৰি নোচোৱাকৈ গম পালোঁ‌। তেওঁলোকে পিছফালৰ কোঠাবোৰৰ কথা কৈছে, য’ত চতুৰ্থবৰ্গৰ কৰ্মচাৰী বাস কৰে।

এগৰাকীয়ে তেওঁৰ ব্যক্তিগত কথা কৈ দুখ কৰিবলৈ ধৰিলে। পাঁচজনী জীয়েকৰ এজনীয়েও নাচায়। সিহঁতক বিয়া দিবলৈকে ঘৰ-মাটি, গহনা -গাঁঠৰি সকলো বেচিলে। এতিয়া তেওঁ ভনীয়েকৰ লগত আছেহি। ভনীয়েকে অফিচ কিছুমানলৈ টিফিন ৰান্ধি পঠিয়ায়। দুয়ো বাই-ভনী একেলগে থাকে। দাইলৰ খৰচ তেওঁৰ, আটাৰ খৰচ ভনীয়েকৰ। বাকী ঘৰভাড়া ভনীয়েকৰ ল’ৰাই পঠিয়ায়, ল’ৰা-ছোৱালীহাল দূৰৈৰ ক’ৰবাত থাকে। ”দুখৰ মাজতো সুখ দিয়কচোন।” মই ক’লো-”এইখিনি সুখকে লৈ ভালদৰে থাকক আৰু।”

সিগৰাকীয়ে ক’লে-

“এই মানুহ পালেই এইবোৰ গায়। কি লাভ?”

মই বোলো ”লাভ-লোকচানৰ কথা নাহে, কৈ শান্তি পায়, দুখ পাতলে। আপোনাৰ কথা কওক।”

“হেঃ হেঃ হেঃ মোৰ কথা কি ক’ম! ছোৱালীৰ লগত থাকোঁ‌। গাঁ‌ৱৰ ঘৰত ল’ৰা-বোৱাৰী সৱ আছে। ইয়ালৈ জোঁৱায়ে লৈ আহিলে; সিহতৰ ল’ৰা-ছোৱালীবোৰৰ বিয়া হৈ গৈছে, দূৰত চাকৰি কৰে। জোঁৱায়েও কাম কৰে। ছোৱালীৰ লগত থাকিবলৈ লৈ আহিলে আৰু। হেঃ হেঃ হেঃ, মই ক’তো কাম নকৰো, এইজনীক দুঘৰত ময়ে কাম দিছিলোঁ‌। মোৰ ভৰিৰ বিষ আছে। আঁঠুৰ। সেই কাৰণে লোকৰ ওপৰত খাওঁ।”

সিগৰাকীয়ে শুনি আছিল। টপৰাই ক’লে,

“লোকৰ ওপৰত খাব নাপায়, ঈশ্বৰে হাত দুখন কেলেই দিছে?”

এইগৰাকীয়ে কথাষাৰত গুৰুত্ব নিদি মোক সুধিলে,

“তুমি ভাত ৰান্ধা নে ৰুটি?”

“একো নাৰান্ধো।”

“তেন্তে?”

“মানুহ এজনীয়ে দিনত ৰান্ধে, ৰাতি ল’ৰা এটাই ৰান্ধে।”

“তুমি তেন্তে কি কৰা?”

“একো নকৰো।”

“চাকৰি?”

পেটে পেটে আমোদ পাই আহি আছিলোঁ‌। ষাঠি-সত্তৰ বছৰীয়া মহিলা দুগৰাকীৰ সৰলতা গমিব পাৰি গৈছোঁ‌। আকৌ সুধিছে,-কি কৰোঁ‌ চাকৰি -বাকৰি? মই কাতৰকণ্ঠে ক’লো,

“কাম ক’ত পাম?”

“ইছ ইছ, একদম চিন্তা নকৰিবা—(জীয়েকৰ লগত থকা ক’তো কাম নকৰা বিষালীগৰাকীয়ে ক’লে) একদম চিন্তা নকৰিবা। মই ঘৰত পাপৰ বনাওঁ‌ নহয়, মোৰ ছোৱালীৰ লিংক আছে দোকান কিছুমানত। সেই বিল্ডিংটো দেখিছা? সেইটোৰ সিপাৰে বিন টকা অটো ভাড়া দিলেই নীলকমল ছ’চাইটি পাবা। মোৰ ছোৱালীয়ে তাতে কৰেতো।”

“কি কৰে ?”

“কি কৰিব আকৌ? খানা বনায়। বিল্ডিংবোৰত ভাল (এইখিনি প্ৰায় গোপন কথাৰ দৰে ফুচফুচাই) এবাৰ গ’লা আৰু এবাৰ আহিলা। চল্লিশ টকা অটোভাড়াতে তোমাৰ বহুত লাভ। এখন দৰ্জাৰ পৰা সিখন দৰ্জা। আগতে মোৰ ছোৱালীয়ে দুঘৰত ৰান্ধিছিল। এতিয়া কেইঘৰত জানানে?”

“কেইঘৰত?”

“পাঁচ ঘৰত।”

তেওঁ হাতৰ পাঁচটা আঙুলি মোৰ সমুখত মেলি ধৰি লৈ আকৌ ক’লে,

“বহুত লাভ হয়। বিল্ডিংটো নতুন যে। মানুহ আহিয়েই আছে। তোমাৰ ফোন নম্বৰটো দিবাচোন।”

(মই সাধাৰণভাৱে গৈ বহিছিলোঁ‌, হাতত বেগ-ফোন একো নাছিল)

লাহেকৈ সুধিলোঁ‌,

“কেলেই?”

“মোৰ ছোৱালীক দিম। তাই ফোন কৰি তোমাক খবৰ দিব। নাই বুলিও দুঘৰত কাম পাই যাবা। নম্বৰটো দিয়া।”

“মোৰ ফোন নাই।”

“ফোন নাই?”

দুয়োগৰাকী যেন আকাশৰ পৰাহে পৰিল। আকৌ ক’লে,

“হব বাৰু, তোমাক মই ইয়াতে লগ ধৰিম কাইলৈ-পৰহিলৈ। খবৰ দিমহি। এবাৰ কামত সোমালে ভাল ম’বাইল এটা ল’ব পাৰিবা।”

মই মূৰ দুপিয়ালোঁ‌। এনেতে এওঁ ক’ৰবাৰ পৰা ওলালহি। মোক সুধিলেহি -চাহ-কফি কিবা খাম নেকি? বাটে বাটে এনেই কেনিবাদি যাম নেকি? মই নালাগে বোলাত এওঁ গ’লগৈ। বেঞ্চত বহি কিমান মজা পাই আছোঁ, তুমি কি বুজিবা? মই ভাবিলোঁ‌ আৰু পিছফালৰ পৰা তেওঁ গৈ থকা চাই ৰ’লোঁ। এগৰাকীয়ে সুধিলে মোক-

“মানুহটোক চিনি পোৱা নেকি?”

“ভালকৈ নাপাওঁ। এনেই দেখিছোঁ।”

“কি সুধিছিল তোমাক?”

“মই কাম-চাম পালোনে নাই তাকে সুধিলে।”

“অঁ।”

.দুয়োগৰাকীয়ে একেলগে উচ্চাৰিলে আৰু ক’লে,

“বেচেৰাটোলৈ বেয়াও লাগে। নতুনকৈ আহিছে হবলা, কতো কাম-চাম পোৱা নাই হবলা। সদায় ইয়াতে ঘূৰাপকা কৰি থকা দেখোঁ।”

দুখীগৰাকীয়ে বিষালীগৰাকীক কৈ উঠিল-

“তুমি তোমাৰ জোঁ‌ৱাইক সুধিবাচোন নতুন মানুহ এটা আহিছে, কাম হব নেকি?”

“সুধিম, সুধিম বাৰু।”

মোলৈ চাই সুধিলে,

“মানুহটো তোমাৰ জেগাতে থাকে নেকি?”

মুহূৰ্ততে মোৰ মূৰত কেইবাটাও উত্তৰে খেলা কৰি উঠিল। একেটা কোঠাতে থাকোঁ‌ বুলিও ক’ব পাৰোঁ‌, অলপ অচৰপ প্ৰেম চলি আছে বুলিও ক’ব পাৰোঁ‌, আমি একে গাঁ‌ৱৰে বুলিবও পাৰোঁ‌, নহ’লে প্ৰেম কৰি পলাই আহি ইয়াত কাম বিচাৰি অনাই-বনাই ফুৰিছোঁ‌হি বুলিবও পাৰোঁ‌।

কিন্তু দুগৰাকী বয়সস্থ মহিলাৰ সৰল মুখ দুখনলৈ চাই নিজকে সম্বৰণ কৰি মাথোন ক’লো,

“হ’ব দিয়ক, বেলেগৰ কামৰ কথা চিন্তা কৰিব নালাগে। হাৱা খাওক। কি বঢ়িয়া বতাহ বলিছে, ৰাতিলৈ বৰষুণো হ’ব পাৰে কিজানি।”

দুখীগৰাকীয়ে কেনকেনাবলৈ ধৰিলে,

“মোক মানুহে চাহ খুৱায়, পইচা দিয়ে, কি হ’ব? বৰষুণত ল’বলৈ ছাতি এটাও নাই।”

বিষালীগৰাকীয়ে ক’লে,

“মোৰো ছাতি নাই। কিন্তু বৰষুণ দিয়াৰ আগতে ঘৰ সোমাওঁগৈ। কাইলৈ বৰষুণ নিদিলে আকৌ আহিম ইয়ালৈ, যাওঁ দিয়া। তোমাৰ কামৰ খবৰ লৈ আহিম।

ময়ো বহাৰ পৰা উঠিলোঁ‌। সুধিলোঁ‌,

“ক’ত থাকে আপুনি?”

“সেই ফালে। বেছি দূৰ নহয়। কাইলৈ লগ পাম দিয়া।”

“শুনকচোন।”

“কোৱা।”

“আপুনি যে চবৰে কাৰণে কাম বিচাৰে, কিবা লাভ হয়নে?”

তেওঁ বহি থকা ইগৰাকীলৈ চাই ক’লে,

“দুখ কৰি বহি থাকিলে ভাল নাপাওঁ। কাম কৰি খাব লাগে চবেই। ইৰুমোৰ কি লাভ হয়? ঈশ্বৰৰ কৰুণা।”

তেওঁ গ’লগৈ। তাৰ পাছৰ দিনবোৰত মই আৰু বেঞ্চত বহিবলৈ যোৱা নাই। নিজকে পৰনিৰ্ভৰশীল যেন লাগিবলৈ ধৰিছে—। যদিও জানো ভাৰতবৰ্ষৰ প্ৰতিগৰাকী গৃহিণীৰে প্ৰতিটো দিন উপচি থাকে অন্তহীন কামেৰে। যি কামক জীৱিকা বোলা নহয়।

☆★☆★☆

8 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি। এইখন প্লেটফৰ্মত বাইদেউৰ গল্পৰ সোৱাদ ল’বলৈ সুযোগ দিয়াৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ।

    লগতে সম্পাদকলৈ অভিনন্দন

    Reply
  • জাহ্নৱী

    ভাল লাগিল পঢ়ি

    Reply
  • Indra Mohan Borah

    আপোনাৰ গল্প পঢ়িবলৈ পোৱাৰ বাবে বৰ ভাল লাগিল।

    Reply
  • Indra Mohan Borah

    আপোনাৰ লিখনি পঢ়িবলৈ পোৱাৰ বাবে বৰ ভাল লাগিল।

    Reply
  • Bitupansaikia

    সুন্দৰ বৰ্ণনা। পঢ়ি ভাল লাগিল।।

    Reply
  • গীতিকা শইকীয়া

    বৰ ভাল লাগিল পঢ়ি বাইদেউ। সৰল মানুহৰ সহজ কথাবোৰ!

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল

    Reply
    • কুাৰিকা ত

      মোৰ এগৰাকী প্ৰিয় লেখিকা বাইদেউ । ইমান সুন্দৰ বৰ্ণনা , মন ভৰি গ’ল । আগলৈে এনেদৰে বাইদেউৰ অনুভৱৰ সোৱাদ পাম বুলি আশাৰে বাট চালোঁ !

      Reply

Leave a Reply

Your email address will not be published.