ফটাঢোল

জীৱৰ বিলৈ-দেবজিত শৰ্মা

: দেবজিতৰ CIBIL টো কেনেকুৱা?

ধোঁৱাই থকা চাহৰ কাপটো মুখৰ ওচৰত লৈ চুমুক এটা দিয়াৰ আগতে আদিত্য বৰঠাকুৰে প্ৰশ্ন কৰিলে৷ লক ডাউন, কভিড আদিৰ মাজত বছৰটোৰ আধা সময় কেনেদৰে পাৰ হৈ গ’ল ধৰিবই নোৱাৰিলোঁ৷ ফটাঢোলৰ মিট পতা দূৰৈৰে কথা, মানুহবোৰক লগ পাবলৈকো বৰ দুৰূহ হৈ পৰিল৷ তাৰ মাজতে বিজয় মহন্তৰ বুলেটখন বুকিং, চাবলৈ মোক নিমন্ত্ৰণ, হঠাতে যোৰহাট আহি ওলোৱা আদিত্য বৰঠাকুৰ আৰু ফলশ্ৰুতিত এয়া বুলেটৰ শ্ব’ৰূমৰ ৰিচেপচনৰ কাষৰ চোফাত মেচিনত তৈয়াৰ কৰা চাহ আগত লৈ মই, বিজয় আৰু আদিত্য বৰঠাকুৰ৷

: কিয়, ভালেই মোৰ CIBIL!  ঋণৰ বাবে আবেদন কৰিলে পাই যাম৷ কিবা নতুন বিজনেছ প্লেন আছে নেকি?

উদগ্ৰীব হৈ আদিত্যক প্ৰশ্ন কৰিলোঁ৷

: ধেই আপোনাৰ খালি বিজনেছৰ ধান্দা! নিজৰ লাইফৰ কথাও চিন্তা কৰিব লাগে নহয়! ৰিণ্টুদাই বিজয়ক কোনোবা ছোৱালী এজনীৰ খবৰ দিছে, আপোনাৰ বাবে৷ বেংকত কৰে৷ ঘৰলৈ যোৱাৰ আগতে বেংকত গৈ এবাৰ চাই আহক৷ এনেই যোৱাতকৈ লোনৰ কথাও পাতি আহিব৷ যদি পচন্দ হয়, ঘৰত গৈ কথা পাতিব পৰা যাব৷ আৰু বিয়া বাৰুত খৰচো বহুত হয়৷ গতিকে লোন ল’ব লগা হ’লে সেইটোও ফাইনেল কৰিব পাৰিব৷

বিস্কুট এখন চোবাই চোবাই বৰঠাকুৰে উত্তৰ দিলে৷ বিজয়লৈ চালোঁ, সি মূৰ দুপিয়াই সমৰ্থন জনালে৷

: কোন ব্ৰান্স, ক’ত ঘৰ?

বিজয়লৈ চাই প্ৰশ্ন কৰিলোঁ৷ সঁচা কথা ক’বলৈ গ’লে এই দুইটাক পোনপটীয়াকৈ না ক’লে নিজৰহে বিপদ বাঢ়ে৷ গালিৰ ওপৰিও ফেচবুক, হোৱাটচ এপ গ্ৰুপতো ধিক্কাৰ এক মাহমানলৈ খাব লাগিব৷

: তুমি সেইবোৰৰ টেনশ্যন ল’ব নালাগে৷ আমি সকলো খবৰ খাতি কৰিছোঁ৷ বৰুৱা হলত কিবা স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান এটাত কাইলৈ সিহঁতৰো ষ্টল দিব৷ মোৰ কাইলৈ গুডামত বহুত ট্ৰাক আহিব৷ মই নোৱাৰিম৷ গতিকে তুমি আৰু চবিনা বা গৈ চাই আহিবা৷ তোমাৰ ওপৰত বিশ্বাস নাই, গতিকে প্ৰথম চবিনা বা গৈ কথা পাতিব৷ তাৰ পাছত তুমি গৈ লোনৰ কথা পতাৰ চলেৰে সকলো খা-খবৰ কৰি আহিবা৷

প্ৰায় আদেশ দিয়াৰ দৰেই বিজয় মহন্তই কৈ উঠিল৷

পাছদিনা পুৱাতেই চবিনা বাৰ ফোন৷

: দেৱ, তুমি ৯:৩০ ত পোৱাকৈ আহি যাবা দেই৷ আজি মুঠতে তোমাৰ বিয়া ঠিক কৰিহে এৰিম৷ দেৰি নকৰিবা৷ মোৰ মেগাজিনৰ বানান চাবলৈ আছে৷ চন্দ্ৰবিন্দুবোৰ সঠিক ঠাইত নবহিলে মই ভাত খাবই নোৱাৰোঁঁ৷

হ’ব বুলি শলাগি থৈ গা পা ধুই ৰেডি হ’বলৈ গ’লোঁ৷ ড্ৰেচ পাটি পিন্ধি সাজু হওঁ মানে কিনকিনিয়া বৰষুণ এজাক নামি আহিল৷ লগত বতাহ৷

: আজি চুনামী আহিলেও যাম বুলি গাড়ী ষ্টাৰ্ট কৰি পাঁচ মিনিটত চবিনা বাৰ ঘৰৰ তল পালোঁগৈ৷ বা সাজু হৈয়ে আছিল৷ গাড়ী ঘূৰাই আমাৰ গন্তব্যস্থান পাওঁ মানে বতাহজাক অলপ বেছিকৈয়ে আহিবলৈ ধৰিছিল৷ গাড়ীৰপৰা নামি চকু ফুৰালোঁ, বেংকৰ ষ্টলটো ক’ত আছে৷ অলপ দূৰৈত চকু পৰিল, এখন বতাহত আধা ভাঁজখোৱা বেনাৰত৷ কোন বেংক ধৰিব নোৱাৰিলেও, শেষৰ বেংক শব্দটো জিলিকি আছে৷ চবিনা বাক প্ৰেৰণ কৰিলোঁ, বুকুৰ ঢপঢপনি নিজেই যেন শুনিবলৈ পালোঁ৷

পাঁচ মিনিটমান পাছত যি গতিত গৈছিল সেই গতিতে ঘূৰি অহা চবিনা বাক দেখি আচৰিতেই হ’লোঁ৷

: কি হ’ল, কিবা কথা পাতিব পাৰিলেনে? ছোৱালীজনী কেনেকুৱা?

একেলগে এসোপামান প্ৰশ্নৰ মিচাইল এৰি দিলোঁ৷

: এই বিজয়ক মই ভালকৈ গালি দিম আজি৷ তাৰ বাবেই লাজত পৰিলোঁ৷

প্ৰচণ্ড উষ্মাৰে চবিনা বায়ে কৈ উঠিল৷

: কি হ’ল নো?

মোৰ প্ৰশ্ন

: কি হ’ব আৰু! বিজয়ে ভালকৈ একো নুশুনাকৈয়ে আমাক খবৰ দিছে৷ ছোৱালীজনীয়ে ব্লাড বেংকতহে কৰে৷ আৰু আজি সিহঁতৰ ব্লাড ডনেশ্যন কেম্প চলি আছিল৷ মই যাওঁতে ক’লে বোলে আজি আমি ব্লাড লৈহে আছোঁ, ব্লাড দিয়াৰ কাৰ্য্যসূচী হৈ থকা নাই!

বায়ে আৰু কিবাকিবি কৈ আছিল যদিও কাণত একো নোসোমাল৷ বিজয়ৰ কুটিল হাঁহিটো আৰু এইটো ঘটনাৰ ওপৰত সি মোক টেগ কৰি দিব লগা সম্ভাব্য আপডেটটোৰ কথাহে মনলৈ আহিল৷ লাহেকৈ মবাইল খুলি ফেচবুকটো ডি-এক্টিভ কৰি দিলোঁ৷

☆ ★ ☆ ★ ☆

2 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম দেবজিত৷ ভাল লাগিল লেখাটো

    Reply
  • ডলী

    হাঃ হাঃ! ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.