ফটাঢোল

জয় ক’ৰোনা মাই কি জয়- দীপাঙ্কৰ মল্ল বৰুৱা

ৰমাকান্তই চাহৰ দোকানৰপৰা সোনকালে ঘৰলৈ উভতি আহি পিৰালিতে আমন জিমনকৈ বহি থাকিল। ওপৰলৈ চাই কৰযোৰে সি সেৱা জনালে, “হে প্ৰভু, জীৱটো বচাই ৰাখিবা আৰু”।

ঘৈণীয়েক মালতীয়ে তাক আমন জিমনকৈ বহি থকা দেখি ওচৰলৈ আহি ক’লে, “এনেদৰে ভৰি হাত নোধোৱাকৈ বহি আছে যে, কিনো হ’ল?”

“বুইছনে, ক’ৰোনা আহি আছে। আমি সকলোৱে দুৱাৰ মাৰি ভিতৰত সোমাই থাকিব লাগিব বুজিছ।” – ৰমাকান্তই ভয়ে ভয়ে ক’লে।

“কোন ক’ৰোনা? আমাৰ ঘৰলৈ কিয় আহিব? আলহী খাবলৈ আহিব নেকি?” – মালতীয়ে আগ্ৰহেৰে সুধিলে।

“মই আমাৰ চাহ দোকানত থাকোঁতেই যোগেনে কৈ গ’ল বুজিছনে? গাওঁবুঢ়াই হেনো সকলোকে খবৰ দিবলৈ দিছে কিবা হেনো ক’ৰোনা আহি আছে। সেইকাৰণে বোলে আমি সকলো ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে। ক’ৰোনা ঘৰলৈ আহিব লাগিলে হেনো আমাক নিগমে মাৰিব।”

ৰমাকান্তৰ কথা শুনি মালতীয়ে ভয় খালে। “হে ভগৱান, ক’ৰোনাই মানুহক মাৰি পেলাই নেকি? মানুহৰ ঘৰত সোমাই গৃহস্থকে মাৰি পেলায়? ক’ৰোনা কোনোবা অসুৰ নে দস্যু ডকাইত?”

“সিমান ময়ো নাজানো। মুঠতে চৰকাৰে হেনো নিৰ্দেশ দিছে, সকলোৱে কিছুদিন ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব হেনো। ঘৰ দুৱাৰ, কাপোৰ কানি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ঘনে ঘনে হাত ধুব লাগিব। নহ’লে ক’ৰোনাই সকলোকে মাৰি পেলাব।” ৰমাকান্তই সেপ গিলি ক’লে।

“আমাৰ ল’ৰা বাপুৱে দেখোন ইফালে সিফালে ঘূৰিয়েই ফুৰে। সিচোন ঘৰত নাথাকেই। তাক যদি ক’ৰোনাই ধৰি মাৰি পেলায়?”

“তাকো ঘৰতে ৰাখিব লাগিব বুজিছ। যোগেনে কৈছে নহয়, ক’ৰোনাই সৰু ডাঙৰ, ধনী দুখীয়া নাচায়। যাকে তাকে আক্ৰমণ কৰিব পাৰে। কাক কেতিয়া ঘাইল কৰে ঠিকনা নাই।”

মালতীয়ে ওপৰলৈ মূৰ তুলি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে, “হে কৃষ্ণ গোঁসাই, চকু মেলি চাবা আৰু। এইবোৰ কি ক’ৰোনা আহিছে, তাৰপৰা আমাৰ পৰিয়ালটোক ৰক্ষা কৰিবা প্ৰভু।”

অলপ পাছতে বাপু চাইকেলখন লৈ সোমাই আহিল। ৰমাকান্তই তাক বাটতে ভেটিলে। “আজিৰপৰা ক’লৈকো ওলাই নাযাবি বাপু। ক’ৰোনা নে কি বৰ ভয়লগা কোনোবা আহি আছে। বাটে ঘাটে যাকে পায় তাকেই ধৰিব। কৰোনাই ধৰিলে হেনো জীৱটোও লৈ যাব পাৰে।  তই এই কেইদিন ঘৰতে থাকিবি।”

বাপুৱে একো নামাতি চাইকেলখন ষ্টেণ্ড কৰি তলা লগাই থ’লে। সি পিৰালিত উঠি ভোৰভোৰাই ক’লে, “কিনো তহঁতে ইমান ভয় খাইছ। গাওঁবুঢ়াই ক’লে বুলিয়েই তহঁতে কথাবোৰ মানি ল’বি নেকি? ক’ৰোনা নে কি সেইটো আহিলে আমি গাঁৱৰ ল’ৰাবোৰ এনেয়ে বহি থাকিম নেকি? আমি গাঁৱতে সোমাবলৈ নিদিওঁ বুজিছ।”

“নহয় অ’ বাপু। কথাটো শুনচোন। দেউতাৰে এনেয়ে কোৱা নাই নহয়। কিবা এটা বিপদ আহিছে কাৰণেহে গাওঁবুঢ়াই গোটেই গাঁৱৰ মানুহক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ কৈছে। তই জেদ নকৰিবি। ঘৰৰ ভিতৰতে সোমাই থাক বুজিছ।”

দেউতাকৰ কথা নামানি বাপুৱে আবেলি চাইকেলখন লৈ আকৌ ওলাই গ’ল। অলপ পাছতে খৰধৰকৈ উভতি আহিল। মাকে সুধিলে, “কি হ’ল। সোনকালে উভতি আহিলি যে। “সি মুখেৰে নামাতিলে। চাইকেলখন লৈ তলমূৰকৈ পিৰালিত উঠিল। এইবাৰ দেউতাকে টানকৈ সুধিলে, “কি হৈছে নকৱ কিয়?”  সি ভোৰভোৰালে, “চাইকেল চলালেও পুলিছে পিটিব লাগে নেকি?”

মালতীয়ে তাৰ গাত হাত ফুৰাই মৰমেৰে ক’লে, “সেইকাৰণে মাক দেউতাকৰ  কথা শুনিব লাগে বাপু।”

সন্ধিয়া সময়ত ৰমাকান্তই ঘৈণীয়েকক কাষত বহুৱাই ক’লে, “আজিৰ পৰা সকলোকে ঘৰৰপৰা ওলাবলৈ মানা কৰিছে বুজিছ। ওলালে হেনো পুলিছে ধৰিব। বাপু বেচেৰাটোকো আজি পুলিছে পিটিলে। সন্ধিয়া অলপ ওলাই যাব নোৱাৰিলে গাটো বেয়া লাগে অ’।”

“গাটো বেয়া লাগিবতো। সন্ধিয়া ওলাই গৈ দোকান সামৰি সদায় চুলাই এসোপা গিলি নাহিলে গাটো যে শাত নপৰে। ওলাই যাবলৈ মানা কৰিছে, ভালেই কৰিছে। ঘৰতে কাম-বন কৰক । নহ’লে ক’ৰোনা ঘৰত সোমাবহি।” মালতীয়ে ডাঙৰকৈ ক’লে।

ৰাতি সকলোৱে একেলগে বহি সোনকালে ভাত খালে। আনদিনা বাপুৱে ওচৰৰে ৰতনহঁতৰ ঘৰত কেৰম খেলিবলৈ যায় আৰু দেৰিকৈ ঘৰ সোমায়। কিন্তু সন্ধিয়াতে ৰতনৰ দেউতাকে কৈ থৈ গৈছে, ক’ৰোনাৰ কাৰণে কেৰম খেল এইকেইদিন বন্ধ। ৰাতি বহুপৰলৈ টেলিভিছনত ছিৰিয়েল চাই থকা মইনায়ো সদায় মাকক ৰন্ধা বঢ়াত সহায় কৰি দিলে।

এদিন দুদিনলৈ সময় পাৰ হ’ল। ৰমাকান্তই ঘৰতে থাকি ঘৰৰ কাম বনত মালতীক সহায় কৰিলে। সন্ধিয়া চুলাই নাখালে তাৰ গা বেয়া নলগা হ’ল। বাপুৱে ঘৰতে বহি ছবি আঁকি পেইণ্টিং কৰিলে। মইনাই মাকক ৰন্ধা বঢ়াত সহায় কৰিলে। ঘৰৰ মানুহবোৰ সকলো সময়তে ঘৰত থকাৰ কাৰণে মালতীৰ মনটো বৰ ভাল লগা হ’ল।

কিছুদিন যোৱাৰ পাছত মালতীয়ে এদিন ৰমাকান্তক সুধিলে, “সেইযে ক’ৰোনা অহাৰ কথা আছিল, আহি পালেনে নাই বাৰু? আমাৰ গাঁৱৰ কাৰোবাৰ ঘৰত সোমাইছে নেকি”?

“ক’ব নোৱাৰিছোঁ নহয়। পিছে এইদৰে ক’ৰোনাৰ ভয়ত দোকান বন্ধ কৰি ঘৰত সোমাই থাকিলে কোনে খুৱাব ক’চোন? আমিচোন ভোকতে মৰিব লাগিব।” ৰমাকান্তই বেজাৰ কৰি ক’লে।

“ৰতনৰ মাকে কৈছে নহয়,  চৰকাৰে হেনো ঘৰে ঘৰে চাউল, দাইল, আলু, নিমখ বিলাইছে। আমাৰ ঘৰতো দি যাবহি। মইনায়ো কৈছে, টিভিত হেনো চৰকাৰে কৈছে কোনেও ভোকত মৰিব নালাগে”। মালতীয়ে ক’লে।

“হয়নে? বৰ ভাল কথা দেখোন। ঘৰত বহিয়েই চাউল, দাইল পাই থাকিলে মোৰ চাহ দোকান নোখোলোৱেই আৰু”। ৰমাকান্তই মিচিকিয়াই হাঁহিলে।

“ক’ৰোনা আমাৰ গাঁওত নোসোমাবও পাৰে হেনো। তেতিয়া চৰকাৰে সোনকালেই ঘৰৰ বাহিৰলৈ ওলাবলৈ দিব। আপোনাৰ চাহ দোকান আকৌ খুলিব পাৰিব”। মালতীয়ে ক’লে।

“হয় নেকি? পিছে ক’ৰোনাটো আহিব আহিব বুলিয়েই ঘৰতে সোমাই থাকি বেয়া নালাগিল দেচোন”।

“কিয় বেয়া হ’ব? ভালহে হৈছে। আটাইকেইজনে ঘনে ঘনে চাবোনেনে হাত ধুইছে, নিজকে পৰিষ্কাৰ কৰি ৰাখিছে। ঘৰ দুৱাৰ সকলো চফা হৈছে। আপোনাৰ চুলাই খোৱাৰ অভ্যাস নোহোৱা হৈছে। বাপুৰ কেৰম খেলাৰ নিচা আঁতৰিছে, সি এতিয়া আকৌ পেইণ্টিং কৰিবলৈ লৈছে। মইনাই ঘৰৰ সকলো কাম কৰিব পৰা হৈছে”। মালতীয়ে মৰম লগাকৈ ক’লে।

ৰমাকান্তই হা হা কৈ হাঁহি মাৰিলে। “ঘৰৰ ভিতৰত সোমাই থকাৰ কাৰণে ক’ৰোনাই আমাক মাৰিব নোৱাৰিলে। কিন্তু আমাৰ বহুত উপকাৰ কৰি থৈ গ’ল। আজি এখন শৰাই দিবি বুজিছ । এই ক’ৰোনা স্বয়ং ভগৱানৰ অৱতাৰ। ক’ৰোনা মাইক আমি সেৱা এভাগ জনাবহে লাগিল। জয়, ক’ৰোনা মা কি জয়।”

☆ ★ ☆ ★ ☆

One comment

  • rintumoni dutta

    খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.