ফটাঢোল

জয় শ্বেৰাৱালী মা বৈষ্ণোদেৱী – ধ্ৰুৱজ্যোতি বৰা

এই পৃথিৱীত কিছুমান কথা বিশ্বাস নকৰিলেও, পিছত নিজৰ অভিজ্ঞতাৰপৰা বিশ্বাস কৰিবলৈ বাধ্য হোৱা যায়। আগতে বহুতৰ মুখত শুনিছিলো যে যেতিয়ালৈকে মা বৈষ্ণোদেৱীয়ে ভক্তগৰাকীক নিজে আহ্বান নকৰে, সেই ভক্তৰ কোটি টকা থাকিলেও মাৰ দৰ্শন নাপায়। মই কিন্তু কথাষাৰ ইমান বিশ্বাসত লোৱা নাছিলো, যদিও পাছত নিজৰে এটা অভিজ্ঞতাৰপৰা বিশ্বাস হ’ল। সেই অভিজ্ঞতাখিনি আপোনালোক সকলোকে জনাব বিচাৰিছোঁ।

আজিৰপৰা প্ৰায় চাৰি বছৰৰ আগৰ কথা। মই মোৰ পৰিবাৰ আৰু পুত্ৰক লৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণলৈ গৈছিলো। আমাৰ ইচ্ছা আছিল যে জম্মুত এদিন থাকি কাশ্মীৰত বাকী তিনি দিন কটাম। সেইমতে জম্মুত এদিন থাকি পিছদিনা পুৱা কাশ্মীৰলৈ যাত্ৰা কৰিলো। সুন্দৰ বৰফাবৃত পাহাৰৰ মাজে মাজে গৈ সন্ধিয়া শ্ৰীনগৰ পালোগৈ। বন্ধু ৰায়ান চাবিৰৰ অনুৰোধত তেওঁৰ খুলশালীয়েকে (দুয়োজনলৈ অশেষ ধন্যবাদ) আমাৰ থকা মেলাৰ ব্যৱস্থা সুন্দৰভাৱে ডাল লেকৰ মাজৰ শ্বিকাৰা নাওঁ এখনত কৰি দিলে। তেনেদৰে তাৰ পিছৰ দুদিন আমি এদিন গুলমাৰ্গ আৰু এদিন পেহেলগাম পৰিদৰ্শন কৰিলো। তৃতীয় দিনা আমি লোকেল শ্ৰীনগৰখন চাম বুলি ভাবি থৈছিলো। কিন্তু পেহেলগামৰপৰা উভতি আহি থকাৰ সময়ত প্ৰখৰ তুষাৰপাত আৰম্ভ হ’ল। বন্ধু চাবিৰে মোক আগতেই সাৱধান কৰি দিছিল যে কাশ্মীৰত বেছি তুষাৰপাত হ’লে জম্মু আৰু কাশ্মীৰৰ সংলগ্ন টানেলটোৰ মুখখন বৰফে বন্ধ কৰি দিয়ে আৰু তাৰ ফলত দুখন ঠাইৰ মাজৰ যাতায়াত চাৰি পাঁচ দিনলৈ বন্ধ হৈ যায়।

শ্ৰীমতীয়ে ভয় খাব বুলি সেইটো কথা নকৈ তেওঁক ক’লো যে আমাৰতো প্ৰায় গোটেইবোৰ চোৱা হ’লেই, তাতকৈ কাইলৈ আমি ইয়াৰপৰা ওলাই কাট্ৰালৈ গুছি যাওঁ আৰু তাৰপৰা মা বৈষ্ণোদেৱীৰ দৰ্শন কৰি আহিব পাৰিম। শ্ৰীমতীয়েও কথাটোত সন্মতি জনোৱাত পিছদিনা পুৱাই বন্ধু চাবিৰৰ পত্নীক (তেওঁ আমাক লগ ধৰিবলৈ আহিছিল) বিদায় জনাই কাশ্মীৰ এৰিলো। গোটেই ৰাস্তা প্ৰচণ্ড তুষাৰপাত। পৰিবাৰৰ ওচৰত ভয় ভাব দেখোৱা নাছিলো যদিও, মাৰ ওচৰত এটাই অনুৰোধ জনাই আছিলো যে কোনোমতে এইখিনি ভালে ভালে পাৰ কৰাই তোমাক দৰ্শন কৰিবলৈ লৈ যোৱা। ঠিক একমান বজাত আমি ভালে কুশলে সেই টানেলটো পাৰ হৈ এঠাইত দুপৰীয়াৰ আহাৰ খাবলৈ ৰ’লো। ঠিক সেই সময়তে বন্ধু পত্নীৰ ফোনকলৰদ্বাৰা গম পালো যে আমি পাৰ হোৱাৰ আধা ঘণ্টাৰ পিছত টানেলৰ মুখখন বন্ধ হৈ গ’ল। অনাগত বিপদৰপৰা আমাক ৰক্ষা কৰাৰ বাবে মা বৈষ্ণোদেৱীলৈ অশেষ ধন্যবাদ আগবঢ়াই পুনৰ যাত্ৰা আৰম্ভ কৰি সন্ধিয়া কাট্ৰা পালোহি। ৰাতি কাট্ৰাত কটাই পিছদিনা পুৱা মাতাৰ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰি আবেলি তিনি বজাত মাৰ দৰ্শন পালো।

সেইদিনা ৰাতি কাট্ৰাৰ হোটেলৰ বিচনাখনত বাগৰ দি কথাষাৰ চিন্তা কৰিলো, আমাৰ দেখোন মাতাক দৰ্শন কৰাৰ কোনো আগতীয়া পৰিকল্পনা নাছিল। কিন্তু কেনেকৈ কি পৰিস্থিতিত পৰি আমাৰ মাতাৰ দৰ্শন হৈ গ’ল! এয়াই চাগে মাৰ আহ্বান আছিল আৰু আমাৰো চাগে মাক দেখা পোৱাৰ ভাগ্য এইদৰেই আছিল। সেইদিনাখনৰপৰাই এই কথাষাৰ যে মাৰ দৰ্শন পাবলৈ মাৰ আহ্বান আৰু ভাগ্য লাগিব, মোৰ বিশ্বাস হোৱা হ’ল।

“জয় শ্বেৰাৱালী মা বৈষ্ণোদেৱী।”

☆★☆★☆

Leave a Reply

Your email address will not be published.