ফটাঢোল

টাইম মেচিন -যোগেশ ভট্টাচাৰ্য

“পাঁচবছৰ আগলৈ…”

এইবুলি কৈ অভিজিতে আঙুঠিটো পকাই দিলে, আৰু মুহূৰ্ততে অন্তৰ্ধান হৈ গ’ল।

অভিজিতে প্ৰায়েই কেমেৰা লৈ পাহাৰ বগাই বগাই বনৰীয়া ফুলৰ ফটো তুলি ফুৰিছিল। তেনেদৰে ঘূৰি ফুৰোঁতে এদিন অকস্মাৎ অভিজিতে সেই অদ্ভুত আঙুঠিটো গুহা এটাৰ শিলৰ মাজত বিচাৰি পাইছিল, আৰু কৌতূহলবশতঃ নিজৰ আঙুলিত পিন্ধি পকাই দিওঁতে আৱিষ্কাৰ কৰি পেলাইছিল আঙুঠিটোৰ সময়ৰ লগত খেলিব পৰা শক্তি। তিনি চাৰিবাৰমান আঙুঠি পকাই অতীতলৈ গৈ আকৌ উভতি অহাৰ পিছত অভিজিতে আঙুঠিটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি মনে বিচৰা সময়লৈ গুচি যাব পৰা হৈ গৈছিল। হয়তো আঙুঠিটো প্ৰাক ঐতিহাসিক যুগৰ কোনোবা ঋষিৰ তপস্যাৰ ফল আছিল, নতুবা ভৱিষ্যতৰ টেকন’লজীৰে কোনোবাই সাজি উলিয়াই অতীতলৈ আহি এৰি গৈছিল। পিচে অভিজিতে সেইবোৰ মাথা নামাৰি আঙুঠিটো কি কামত লগাব পাৰি তাকেহে ভাবিবলৈ লাগি গৈছিল।

: হেৰা, অনবৰত টিভিত খেল চাই থকাই কাম নেকি তোমাৰ?

ঘৈণীয়েক জুৰিয়ে পাকঘৰৰ পৰাই চিঞৰিলে।

: তেনেহ’লে কি কৰোঁ মই? এদিন মাত্ৰ বন্ধ পাওঁ, সেইদিনাও শান্তি নাই। 

অভিজিতে ক্ৰিকেট মেচ চাই থকাৰ পৰাই উত্তৰ দিলে।

অভিজিতৰ কথা শুনি ঘৈণীয়েকে চোঁচা মাৰি আহিল। 

: কি ক’লা? এদিনেই ৰেষ্ট পোৱা তুমি? আৰু মই কিমান দিন ৰেষ্ট পাওঁ? গেছ চিলিণ্ডাৰ বুক কৰাৰ পৰা বজাৰ কৰা, ৰন্ধা-বঢ়া সৱ ময়েই কৰোঁ দেখোন! তুমি চাই থকা টিভিটোৰ ৰিচাৰ্জো ময়েই কৰি দিওঁ। তোমাৰ সময়বোৰ মাত্ৰ অফিচৰ বাবে আৰু বন্ধুবোৰৰ বাবে। আমাৰ বাবে কিন্তু..! 

ঠেং ঠুং ঠিলিং… পাকঘৰৰ পৰা বাচন-বৰ্তন থেকেচা খোৱাৰ শব্দৰ পিছমুহূৰ্ততে জুৰিয়ে চিঞৰ-বাখৰ কৰি পাকঘৰৰ পৰা ওলাই অহা দেখি টিভিৰ ভলিউমটো বঢ়াই দিলে অভিজিতে। চোফা এখনত বহি আলোচনী এখন পঢ়ি থকা অভিজিতৰ মাকে উঠি গৈ বাৰান্দাত বহিল। তেওঁৰ লগত জুৰিয়ে মিলা-মিছাকৈ চলে বাবে মাকেও প্ৰায়েই জুৰিকেই চাপোৰ্ট কৰে। কেতিয়াবা একো নামাতি মনে মনে থাকে। বলাৰে যিমান জোৰে বল দিয়ে বেটচমেনে সিমান জোৰেৰে বাউণ্ডেৰী পাৰ কৰাই দিব পাৰে বুলি অভিজিতে খেল চাই চাই জনা হৈছে আৰু বাউণ্ডেৰী পাৰ কৰিলে আম্পায়াৰে নিজৰ দেশৰ বলাৰৰ বিৰূদ্ধেও ছয় ৰাণ ঘোষণা কৰিবলৈ বাধ্য। সেইবাবে ওলোটাই উত্তৰ নিদি সি খেল চাই চাই ভাবিবলৈ ধৰিলে যে এনেকুৱা এটেকিং বেটচমেনৰ দৰে এজনী  বিয়া পাতি অনাতকৈ লাষ্ট উকেটৰ বেটচমেনৰ দৰে এজনী অনাহেঁতেন এই খেদি অহা পৰিস্থিতিৰ সন্মুখীন নহ’লোঁহেঁতেন। ঠিক সেই মুহূৰ্ততেই হঠাৎ তাৰ মনলৈ আইডিয়া এটা আহিল। পৰিস্থিতি সলাব পৰা ব্যৱস্থা দেখোন তাৰ হাততে আছে। আঙুঠিটো পকাই বিয়াৰ আগলৈ গৈ এই উগ্ৰ ঘৈণীয়েকজনী সলাই অলপ নৰম এজনী বিয়া পাতি আহিলেই লেঠা শেষচোন।

কথা মতেই কাম। বাথৰূমত সোমাই আঙুঠিটো পকাই পাঁচবছৰ আগলৈ গুচি গ’ল সি। মানে বিয়াৰ তিনিবছৰ আগলৈ, যিদিনা জুৰিক বাছত লগ পাইছিল সি। তাইৰ বেগটো পকেটমাৰ এজনে কাঢ়ি বাছৰপৰা নামি দৌৰিছিল। সিয়ো তাৰ পিছে পিছে দৌৰি পকেটমাৰক ধৰিছিল যদিও তাৰ ঘোঁচাত অভিজিত ছিটিকি পৰিছিল। কিন্তু জোঁটা-পোটা লগাত পকেটমাৰটো অলপ ৰ’ব লগা হোৱা বাবে তায়ো দৌৰি দৌৰি আহি পাইছিল। একে টানে বেগটো কাঢ়ি লৈ জুৰিয়ে পকেটমাৰটোক বেগটোৰেই যি কোবাইছিল, ওচৰত থকা পুলিচ কনিষ্টবলজনেও তাইক কাকুতি-মিনতি কৰিবলগীয়া হৈছিল আৰু নিপিটিবলৈ। সিদিনাই দুয়ো প্ৰেমত পৰি গৈছিল, কিন্তু সি ভবা নাছিল যে পকেটমাৰ এটাৰ পিঠি বখলিয়াব পৰা ছোৱালীজনীক বিয়া পতা গিৰিয়েকজনৰ ভাগ্য কিমান ভয়ানক হ’ব পাৰে। কিন্তু এতিয়া তাৰ ভাগ্য নিজৰ হাতৰ মুঠিত।

আঙুঠিটো পকোৱাৰ তিনি চাৰি ছেকেণ্ডমানৰ ভিতৰত সি আকৌ এবাৰ নিজকে বাছখনত বহি থকা অৱস্থাত আৱিষ্কাৰ কৰিলে, পাঁচবছৰ অতীতত। তাৰপৰা তিনিটা চিটৰ আগত বহি থকা তেতিয়ালৈ অচিনাকী তাৰ ঘৈণীয়েকজনীক পিছফালৰ পৰা চিনাত ভুল নহ’ল তাৰ। জিন্স আৰু চাৰ্ট পিন্ধি আছিল তাই, ঠিক প্ৰথম বাৰৰ দৰেই। অলপ সময় পিছতেই হাতৰ পৰা বেগটো কাঢ়ি লৈ পকেটমাৰটো পলাল। হুবহু আগৰবাৰৰ দৰে। মাত্ৰ এইবাৰ সি খেদি নগৈ নিৰ্লিপ্ত ভাবে বাছত বহি থাকিল। অলপ সময় যোৱাৰ পিছত সি বাছৰ পৰা নামি অফিচলৈ খোজ দিলে। ৰেখা নামৰ কাৰো চকুলৈ মূৰ তুলি নোচোৱা, কেতিয়াও জিন্স, টি চাৰ্ট পিন্ধি নোপোৱা অফিচৰ লাজকুৰীয়া ৰিচিপশ্যনিষ্টজনীয়ে চাৰিদিনমানৰ পৰা তাক মূৰৰ পৰা ভৰিলৈ চোৱা কৰিছিল। এতিয়া তাৰ এটাই কাম আছিল, চিধাই কেবিনলৈ সোমাই নগৈ ৰিচিপশ্যনত অলপ সময় কটাই তাইৰ আগত নিজকে পৰিবেশন কৰাটো।

মাত্ৰ এসপ্তাহৰ ভিতৰত ৰেখাক বিয়াৰ প্ৰস্তাৱ দি, সঁহাৰি পাই বাকীখিনি চিষ্টেমত চলি যাব বুলি আশা কৰি আঙুঠি পকাই আকৌ বৰ্তমানলৈ আহি পালেহি, ঠিক যি সময়ত বাথৰূমত সোমাইছিল, সেই সময়লৈ। অতীতত কটোৱা এসপ্তাহে তাৰ বৰ্তমানত সময়ৰ একো প্ৰভাৱ নেপেলালে যদিও পৰিস্থিতিৰ তাৰতম্য ঘটিল। সি বাথৰূমৰ দুৱাৰখন খুলি পাকঘৰলৈ গৈ আশা কৰা ধৰণেই দেখিলে যে জুৰিৰ সলনি ৰেখাই পাকঘৰত কিবা বনাই আছে। মাকেও তৰকাৰী কাটি তাইক সহায় কৰি দি আছে। সি উৎফুল্লিত হৈ টিভিটো লগাই দিলে। খেল চলি আছিল। লাষ্ট ইউকেটৰ বেটচমেন দুটাই তীব্ৰবেগী বলাৰৰ বলবোৰ অসহায় ভাবে ৰখাই কিবাকৈ উইকেটটো বচাই আছিল।

এঘণ্টামান যোৱাৰ পিছতো যেতিয়া পাকঘৰৰ পৰা একো গালি-গালাজ ঠাট্টা-মস্কৰা নাহিল, সি নিশ্চিত হ’ল যে এইবাৰ তাৰ পচন্দত ভুল হোৱা নাই। দুপৰীয়া ভাত খাবলৈ লওঁতে ৰেখাই ক’লে,

: আপুনি সপ্তাহটো কষ্ট কৰি থাকে বাবে আজি মই দিগদাৰ দিবলৈ খোজা নাই। কিন্তু আজি গেছ চিলিণ্ডাৰ নানিলে কাইলৈ লঘোণ দিব লাগিব।

: তুমি বুক নকৰিলা নেকি?

: আপুনিয়েই কৰে দেখোন? মই আজিলৈকে কৰি পোৱাই নাই। অনলাইন বুকিং-চুকিং কৰিবলৈ গ’লে সদায় খেলি-মেলি হয় মোৰ।

অভিজিতে বুজিলে, জুৰিৰ দৰে ইমান স্মাৰ্ট নহয় এই ৰেখাজনী। তথাপি চলি যাব।

: আৰু হেৰি হ’ল নহয়, বজাৰো নাই সন্ধিয়ালৈ।

: তুমি বজাৰ নকৰিলা যোৱাকালি?

: মই কোনদিনা বজাৰ কৰিছোঁনো? বেগখন লৈ অকলে অকলে বজাৰ কৰিবলৈ লাজ লাগে মোৰ।

: স্কুটিখন লৈ নগ’লা কিয়?

: স্কুটিখন চলাবলৈ ভয় লাগে মোৰ। দুদিনমান চেষ্টা কৰি পৰাৰ পিছত দেখোন বাদেই দিছিলোঁ শিকিবলৈ। পাহৰিলে নেকি?

অভিজিতে বুজিলে যে কিবা জোঁট মাৰিবলৈ যাওঁতে বেলেগ কিবা জোঁট লাগি আহিল। তথাপি শান্তিত ঘৰত বাস কৰিবলৈ বাহিৰৰ কামখিনি নিজেই কৰিবলৈ নিজকে প্ৰস্তুত কৰি ল’লে সি।

: আৎচ্ছা, ৰাতিলৈ যদি গেছ চিলিণ্ডাৰৰ টনাটনি হয় আৰু চব্জিও নাই তেনেহ’লে বিয়া এখন খাই আহোঁ ব’লা। দূৰ সম্পৰ্কীয় এজনৰ বিয়া। নাযাওঁ বুলিয়েই ভাবিছিলোঁ। পিচে এতিয়া বজাৰ কৰিবলৈ যোৱাতকৈ বিয়াখনেই খাই আহোঁগৈ। মা, দেউতাকো ওলাবলৈ কোৱা, যায় যদি।

: ইচ, লাজ লাগে মোৰ। কাকো চিনি-জানি নোপোৱা বিয়ালৈ যাব নোৱাৰি।

: তেনেহ’লে জমেটোতে অৰ্ডাৰ দিওঁ চিকেন বিৰিয়ানী।

: মই চিকেন নাখাৱেইচোন। আপুনি কাইলৈ কিনি আনি বনাই খাব দিয়ক। মোৰ বাবে পনীৰ আনিব। আজি ৰাতি নিমখ তেল ভাত খাই দিওঁ। 

অভিজিতে গম পালে যে লৰালৰিত চিলেকশ্যন ভুল হৈ গ’ল তাৰ। লগে লগে তাৰ মনত পৰিল শিখা নামৰ তাৰ কলেজত পঢ়া ছোৱালীজনীলৈ। তাই তাৰ প্ৰতি অলপ অাকৰ্ষিত হোৱা যেন দেখুৱাইছিল যদিও সি আসৈ দিয়া নাছিল। ধনী ঘৰৰ একমাত্ৰ ছোৱালী হ’লেও টানিটুনি কিবাকৈ পৰীক্ষাত পাছ কৰি থকা ছোৱালীজনীৰ প্ৰতি তাৰ দৰে চোকা ল’ৰা এজনে আকৰ্ষিত নোহোৱাতো অস্বাভাৱিক বুলিব নোৱাৰি। কিন্তু এতিয়া সি বুজিলে যে সুখৰ সংসাৰ পাতিবলৈ পঢ়াত চোকা ছোৱালীৰ প্ৰয়োজন নাই। ভাত খাই উঠি মুখ হাত ধুই আকৌ বাথৰূমত সোমাই আঙুঠিটো পকাই দিলে সি- “আঠ বছৰ আগলৈ”।

আঠবছৰ আগুৱাই গৈ শিখাৰ লগত চেটিং মিলাই আকৌ বৰ্তমানৰ বাথৰূমটোলৈ ঘূৰি আহিল সি। পাকঘৰত চাই দেখিলে শিখা নাই। ডাইনিং ৰূমলৈ গৈ দেখিলে তাৰ মাকে ভাতৰ কাঁহী-বাতি সামৰি মুখেৰে কিবা ভোৰভোৰাই আছে। 

: মা, কাক কি কৈ আছা?

: কাকো কোৱা নাই একো। ক’লেও মোৰ কথা শুনা মানুহ আছে নেকি কোনোবা এইখন ঘৰত? দেউতাৰে অনবৰত মেলে মিটিঙে ঘূৰি ফুৰে। বজাৰ কৰি আনি দিবলৈ সময় নাই। বোৱাৰীজনীয়ে মাহেকত এবাৰ শহুৰেকৰ ঘৰলৈ আলহী খাবলৈ আহে আৰু তয়ো সপ্তাহটো শহুৰৰ ঘৰত থাকিবি, ৰবিবাৰে দুপৰীয়া এসাঁজ খাবলৈ ঘৰলৈ আহিবি। তোক কৈ কিবা লাভ আছে জানো? কি কৰিবলৈ বিয়া পাতি আনিছিলি সেইজনীক?

অভিজিতে গম পালে যে, এইবাৰ সৰ্বনাশ হৈছে। একেদৌৰে বাথৰূমলৈ গৈ আঙুঠি পকাই আকৌ কেইবছৰমান আগলৈ গুচি গ’ল। এইবাৰ সি নিজে ৰিস্ক নল’লে। যি হয় হ’ব বুলি ভাবি মাক-দেউতাকক ছোৱালী চাই বিয়া ঠিক কৰিবলৈ কৈ গুচি আহি আকৌ আগৰদৰে বাথৰূম আহি পালেহি। ওলাই আহি দেখে মাক আৰু তিৰোতা এগৰাকীৰ মাজৰ প্ৰচণ্ড কাজিয়া এখন কাঁহী-বাতি দলিওৱা পৰ্যায়লৈ গৈ পাইছে। তিৰোতাগৰাকী তাৰ মাক দেউতাকে চাই বিয়া পতাই অনা তাৰ ঘৈণীয়েকজনী বুলি বুজি পাই তাৰ পেটত হাত-ভৰি লুকাল। সি ভাবিলে যে ঘৈণী সলাই থাকি লাভ নাই। একেবাৰে বিয়া পতা কাৰবাৰটোৱেই নাইকিয়া কৰি থৈ দিয়া ভাল হ’ব। একেদৌৰে বাথৰূমলৈ গৈ আঙুঠিটো পকাই দিলে সি। বিয়া বিষয়ক সকলো আলোচনা কেঞ্চেল কৰি কেইমিনিটমানৰ পিছত যেতিয়া সি বৰ্তমানলৈ ঘূৰি আহি পালেহি, তেতিয়া সি অনুমান কৰিলে ঘৰখনত এটা নিৰিবিলি পৰিবেশ বিৰাজ কৰিছে।

সেইদিনাৰ পিছত অভিজিতৰ জীৱনটো প্ৰায় সলনিয়েই হৈ গ’ল। তিনিটা প্ৰাণী ঘৰত। সি আৰু মাক দেউতাক। ভাত খোৱাৰ সময়খিনিৰ বাহিৰে বেলেগ সময়ত মাকে তাক নামাতেই। মাত্ৰ মানুহজনীৰ এটাই দুখ যে একমাত্ৰ ল’ৰাটোৰ বিয়াখন পাতি দিব নোৱাৰিলে। 

এদিন পুৱা শুই উঠি সি দেখিলে যে, টেবুলত থৈ দিয়া আঙুঠিটো তাৰ দেউতাকে লিৰিকি বিদাৰি চাই আছে। দেউতাকে তাক সুধিলে, 

: এইটো আঙুঠি ক’ত পালি অ’ বাবা? অদ্ভুত ডিজাইনৰচোন?

: নাই দেউতা এনেই এইটো। লগৰ ল’ৰা এটাই গিফ্ট দিছে?

: লগৰ ল’ৰাই দিছে নে ছোৱালীয়ে দিছে? কোনোবা ছোৱালী ঠিক কৰি থৈছ যদি ক। লাহেকৈ বিয়াৰ বয়স পাৰেই হ’ব তোৰ।

: দেউতা বিয়াৰ কথা নক’বা মোক। মই গৃহস্থালি চম্ভালিব নোৱাৰিম। 

: কথাটো বাৰু ঠিকেই চিন্তা কৰিছ।‌ আমাৰ সময়ত দেউতাহঁতৰ কথাৰ ওপৰত কথা ক’বই নোৱাৰিছিলোঁ নহয়। আঙুঠিটো ক’ত পালি ক’চোন।

দেউতাকৰ লগত অভিজিত ভালেখিনি ফ্ৰী আছিল। সি ভাবিলে দেউতাকক আঙুঠিটোৰ কথা কৈ দিয়াত একো অসুবিধা নাই। সি আদ্যোপান্ত বিৱৰি কোৱাৰ পিছত দেউতাকে আচৰিত হৈ আঙুঠিটো এবাৰ আঙুলিত পিন্ধি ক’লে, 

: ময়ো আঙুঠিটো পকাই অতীতলৈ এবাৰ গৈ আহিব পাৰিমনে?

: পাৰিবা দেউতা। যিয়ে পিন্ধে সিয়েই অতীতলৈ যাব পাৰিব আৰু ঘূৰি আহিবও পাৰিব। কিমান বছৰ আগলৈ যাব খোজা সেইটো কৈ পকাই দিয়া। ঘূৰি অহাৰ সময়ত এনেই পকাই দিলেই নিজে নিজে বৰ্তমানলৈ আহি যাবা। এইটো আচলতে ৰিৱাইণ্ড মেচিনহে। 

: অঁ, হ’ব দে। এপাক গৈ আহোঁ ৰহ।  

এইবুলি দেউতাকে আঙুঠিটো পকাই ক’লে, “সাতত্ৰিশ বছৰ আগলৈ।”

দেউতাক যোৱাৰ লগে লগে অভিজিতে ভাবিলে যে সাতত্ৰিশ বছৰ আগলৈ গৈ দেউতাকে কি কৰিব খুজিছে। সেই সময়ত মাকে তাৰ বাবে চাহ একাপ লৈ ৰূমলৈ সোমাই আহিল। আৰু ঠিক সেইসময়ত যিটো কথা তাৰ মগজুৱে ঢুকি পালে সেইটো ভাবি তাৰ কলিজা কঁপি উঠিল। তাৰ বয়স এতিয়া পয়ত্ৰিশ বছৰ। গতিকে সাতত্ৰিশ বছৰমান আগত  মাক দেউতাকে বিয়া পাতিছিল। তাৰমানে দেউতাকেও নিজৰ বিয়া…

সি হঠাৎ গাটো পাতল পাতল অনুভৱ কৰিবলৈ ধৰিলে। মাকক সি ক্ৰমাৎ পাতল হৈ অহা ছাঁয়া এটা যেন দেখিলে আৰু এটা সময়ত ছাঁয়াটো নাইকিয়া হৈ গ’ল। তেওঁৰ হাতত থকা কাপ-প্লেটযোৰ মজিয়াত পৰি ভাঙি থাকিল। অভিজিতে অনুভৱ কৰিলে তাৰ শৰীৰটোও ভৰিৰ পৰা ওপৰলৈ ক্ৰমাৎ নাইকিয়া হৈ আহিবলৈ ধৰিছে।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published.